চ'তৰ বিহুত বৰদৈচিলা মাকৰ ঘৰলৈ যায়।
গছ- গছনি ঘৰ - দুৱাৰ নিয়ে উৰুৱাই।
হিল - দোল ভাঙি - ছিঙি মেলিছা ঢাপলি
লগত নিছা লগৰীয়া যত বা মাৰলি।
হেমচন্দ্ৰ গোস্বামী ডাঙৰীয়াই কবিতাৰ জৰিয়তে অতি সুন্দৰকৈ বৰদৈচিলাৰ বিষয়ে বৰ্ণনা কৰিছে । ইয়াৰ বাহিৰেও বিভিন্নজনে অনেক কবিতা, গীত আদি বৰদৈচিলাৰ ওপৰত লিখি থৈ গৈছে। আমাৰ অতিকৈ মৰমৰ ৰঙালী বিহুৰ সৈতে বৰদৈচিলা জড়িত হৈ আছে বাবে অসমীয়াৰ লগত বৰদৈচিলাৰ সম্বন্ধ গুৰুত্বপূৰ্ন ।
বৰদৈচিলা বা বাৰদৈচিখলা( বড়ো: बारदैसिखला)বৰ্ষাকালত অসমত মৌচুমী বতাহ অহাৰ সময়ত অহা এক ধুমুহা তথা অসমীয়া আৰু বড়ো লোককথাৰ এগৰাকী অপেশ্বৰী। অসমীয়া লোককথা অনুসৰি ' বৰদৈচিলা ' নামৰ অপেশ্বৰীজনীয়ে বিহুৰ আগেয়ে নিজৰ মাকৰ ঘৰলৈ খৰখেদাকৈ যাওঁতে বাটত পোৱা সকলোবোৰ বস্তু নষ্ট কৰি যায় যিয়ে এই বতাহজাকক বুজাই। আকৌ বড়ো লোককথা অনুসৰি বাৰদৈচিখলা বতাহ আৰু পানী নিয়ন্ত্ৰণ কৰি বৰষুণ, শিলাবৃষ্টি আৰু বজ্ৰপাত সৃষ্টি কৰাৰ ক্ষমতা থকা অপেশ্বৰী।
https://images.app.goo.gl/f8KTqCGruxVPsRsf7 |
লোকবিশ্বাস অনুসৰি বৰদৈচিলা বিবাহিত মহিলা । প্ৰতি বছৰে যেতিয়া বহাগ মাহত নিজৰ মাকৰ ঘৰলৈ প্রবল বেগত উৰি আহে বাবে ধুমুহাৰ সৃষ্টি হয় আৰু বাটত পোৱা খেতি - পথাৰ নষ্ট কৰি দিয়ে। বৰদৈচিলা এই ধুমুহাৰ সৃষ্টিকৰ্তা সেয়েহে এই ধুমুহাজাককো বৰদৈচিলা বুলি কোৱা হয়। ইয়াক শান্ত কৰিবলৈ চোতালত দাপোন , ফণি আৰু বৰপীৰা দিয়া হয়। জেঠ মাহত বৰদৈচিলা মাকৰ পৰা বিদায় লৈ স্বামীগৃহ যাবলৈ সাজু হয়। বিদায়ৰ বেদনাত বৰদৈচিলাই কান্দি উঠে আৰু তেওঁৰ চকুৰ পানী বৰষুণ হৈ পৃথিৱীত পৰে।বৰদৈচিলা বিহুৰ সময়ত আহে বাবে ইয়াক বিহুৰ বতৰা আনে বুলি কোৱা হয়।
বতৰ বিজ্ঞানৰ দৃষ্টিভংগীৰে চাব গ'লে বৰদৈচিলাক ইংৰাজীত Norwester বা Kalbaisakhi বুলি কোৱা হয় যাক বতৰ বিজ্ঞানত এক প্ৰকাৰৰ চৰম পৰিঘটনা হিচাবে ধৰা হয়। কিয়নো এই পৰিঘটনাৰ ফলতেই অসমকে ধৰি উত্তৰ - পূৱ ভাৰতৰ ৰাজ্যসমূহত প্রচণ্ড ধুমুহা আৰু বৰষুণ হয়। ইংৰাজী মাৰ্চ মাহৰ পৰা মে মাহলৈ এই সময়ছোয়াক ভাৰতৰ বতৰ বিজ্ঞানৰ ভাষাত প্ৰাক - বৰ্ষা ঋতু হিচাপে জনা যায়। এই ঋতু আৰম্ভ হোৱাৰ লগে লগে আৰম্ভ হয় ধুমহা - বৰষুণৰ ঋতু। দেশৰ বিভিন্ন অঞ্চলসমূহত এই ঋতুত হোৱা চৰম বতৰৰ তাৎপৰ্য বেলেগ বেলেগ। উদাহৰণস্বৰূপে, উত্তৰ ভাৰতত এই সময়খিনিত ধূলিৰ ধুমুহা হোৱা দেখা যায়, আনহাতে আমাৰ উত্তৰ - পূৱ ভাৰতত বেছিকৈ এই ঋতুত বিজুলী - ধেৰেকনীৰ উপৰিও তীব্ৰ বেগৰ ধুমুহা বতাহ , শিল বৰষুণৰ সৃষ্টি হয় যাৰ বাবে এই অঞ্চলত প্ৰচুৰ ক্ষতি সাধন হোৱা পৰিলক্ষিত হয়। তীব্ৰ বতাহৰ ফলত গছ- গছনি, কেঁচা ঘৰ , বৈদ্যুতিক খুঁটা আদি ভাঙি পৰি বিস্তৰ ক্ষয়- ক্ষতি কৰে। কেতিয়াবা আকৌ তাৰ লগতে শিল বৰষুণে খেতি পথাৰ সমূহো নষ্ট কৰা দেখা যায়। বজ্ৰপাতৰ ফলত মানুহ, জীৱ-জন্তুৰ প্ৰাণ হানি হোৱাও পৰিলক্ষিত হয়। এইদৰে প্ৰাক বৰ্ষা কালৰ ধুমুহাই প্ৰতি বছৰে অসমৰ লগতে সমগ্ৰ উত্তৰ- পূৱ ভাৰততে বিস্তৰ ক্ষতি সাধন কৰে।
দৰ্শনা নাথ
তৃতীয় ষান্মাসিক
No comments:
Post a Comment