ডিঙিত গাঁঠি লগাই মূৰটো মাটিত পুতি মৰিবলৈ থৈ দিয়া হাঁহ এটাই সিমান পৰ ছটফটাই থাকে, সিমান পৰত এটা কাহিনী শেষ হওঁ হওঁ কৰোতেই আন এটাই উক্ দিয়ে-ঠিক হঠাৎ পাখিৰে মাটিত আচাৰ মাৰি দিয়া হাঁহজনীৰ দৰেই।' কথানদী' শীর্ষক ২০১৬ চনত মুক্তিপ্রাপ্ত অসমীয়া চিনেমাখনৰ ৰেহৰুপো তেনেকুৱাই যন্ত্রণাগধূৰ। পৰিচালক ভাস্কৰ হাজৰিকাৰ পাকৈত হাতত প্রাপ পাই উঠা 'কথানদী' ছবিখনে ইতিমধ্যেই চলচ্চিত্র প্রেমী তথা সচেতন মহলৰ দৃষ্টি আকর্ষণ কৰিছে। 'এবস্ট্রাক্ট' অথবা ভাৱগধূৰ চিনেমাৰে মুষ্টিমেয় দুই একক বাদ দি সাধাৰণ দর্শকক বিৰক্ত কৰাৰ ঢৌ উঠি থকাৰ এনেহেন দিনত কথানদীৰ দৰে গভীৰ বিষয়ক চিনেমাৰ গুৰুত্ব কিন্তু কমি যোৱা নাই, বৰঞ্চ ন-চামক আকর্ষিত কৰিবলৈহে সক্ষম হৈছে।
ৰসৰাজ বেজবৰুৱাৰ অমৰ সৃষ্টি বুঢ়ী আইৰ সাধুৰ চাৰিটি সাধু, ঘাইকৈ চম্পাৱতী,ঔ-কুঁৱৰী, তেজীমলা আৰু
তাৱৈৰ সাধুৰ সাংঘাটিক শিল্পীসুলভ সংযোগত ঠেকা খাই সৃষ্ট এইখন চিনেমা প্রকৃততে চাৰিটা সমান্তৰাল কাহিনীৰ গতিশীল ৰথ, যি শেষত গৈ একেটা ঘোঁৰাকে কাষ বিচাৰি লয়। গোটেই চিনেমাখনৰ আটাইতকৈ বেছি আকৰ্ণীয় দুই মূল উপাদান হ'ল শব্দ আৰু পোহক। অমৰনাথ হাজৰিকাৰ সংগীত আৰু বিজয় কাট্টীৰ দৃশ্যগ্রহণৰ ৰসায়নটো অসমীয়া চলচ্চিত্রৰ উত্তৰণৰ ইতিহাসত এক মাইলৰ খুটি হোৱাৰ সম্ভাবনা আছে। জংঘলে- খালে, ৰাতিয়ে- পুৱতিয়ে অবিকল পৰিৱেশ এটা ধৰি ৰাখিব পৰাটো পৰিচালকৰ সফলতাৰ ভিতৰত পৰে। তদুপৰি থলুৱা অসমীয়া নিচুকনি গীত, খোল-তালৰ শব্দ, দহিকতৰা-জিলিৰ মাত, হৰিবোল তাঁতশালৰ মাত আদিক যি ৰূপত চিনেমাখনত ব্যৱহাৰ কৰা হৈছে, সেয়া প্রশংসনীয়। অৱশ্যেই, কথানদীৰ সফলতাৰ ঘাইভাগ কৃতিত্ব অভিনয়ে কাঢ়ি নিলেও ভালেপৰ সময়তত সেয়া অতিপ্রাকৃতিকযেন লাগিল। সীমা বিশ্বাস, জেৰিফা ৱাহিদৰ অভিনয় ভাল হৈছে। পিছেআদিল হচেইনৰ অভিনয়ত নিৰাশ হলোঁ। বিশেষকৈ সংলাপ প্রক্ষেপণ মনঃপূত নহ'ল। কপিল বৰাৰ ক্ষেততো বৰ এটা মনে বিচৰা অভিনয় দেখা নাপালোঁ। নাৰী প্রধান চিনেমাখনৰ অভিনয়ৰ দিশতোও কিন্তু নাৰীসকলেই দখল কৰা দেখা গ'ল।
কথানদীৰ চিনেমেট'গ্রাফী সুন্দৰ হৈছে। যি কায়দাৰে দৃশ্য এটাত ঔটেঙাটোক চোঁচৰাই চোঁচৰাই লৈ যোৱা হৈছে, তাতেই অসমীয়া চিনেমালৈ ভাল দিন অহাৰ গোন্ধ পাওঁ। সম্পাদনাত থকা সুৰেশ পাইৰো হাত ভাল। তথাপি, কিছুমান দৃশ্য অতি বেছি ভৌতিক কৰি তোলাতো ভাল নাপালোঁ। তদুপৰি তেজীমলাৰ মাকে যিজন কাল্পনিক পুৰুষৰ ওচৰ চাপি মাজৰাতি প্রেমৰ বাহাৰ পাতে, সেইখিনি অতিৰঞ্জিত হোৱা যেন লাগিল। এইক্ষেতত ভাল লগা দিশটো হ'ল অজগৰডাল। পৰিচালকে কেমেৰা তথা সম্পাদনাৰ মায়াজালত অজগৰে চম্পাবতীক বিয়া কৰোৱাৰ পৰা গিলি পেলোৱালৈকে যি ধৰণে দেখাইছে, সেয়া বাৰুকৈয়ে ভাল লাগিল।
বাকী কাহিনীৰ কথা কবলৈ বিচৰাতো কথানদীৰ বাবে অন্যায় কৰা যেন হ'ব। বুটী আইৰ সাধু লক্ষ্মীনাথ বেজবৰুৱাৰ অমৰ সৃষ্টি। পৰিচালক ভাষ্কৰ হাজৰিকাৰ তত্ত্বাবধানত অৰূপা পতংগীয়া কলিতাই শেহত যিদৰে চাৰিওটা সাধুৰ মাজত যোগসূত্র বিচাৰি পাইছে সেয়া নিতান্তই ধন্যবাদ দিবলগীয়া কথা।অভিনয় আৰু সম্পাদনাজনিত দুই এটা সৰু সুৰা ভুল বাদ দিলে মোৰ ভাষাত কথানদী এখন 'পার্ফেক্ট' চিনেমা। পৰিচালক হাজৰিকাৰ পৰা আমি ইয়াততকৈ অধিক আশা নিশ্চয়কৈ কৰিব পাৰোঁ। অসমীয়া চলচ্চিত্রৰ জয়ধাৰা অব্যাহত থাকক।
বিতোপন ৰাজবংশী
স্নাতকোত্তৰ প্ৰথম ষাণ্মাসিক
No comments:
Post a Comment