Showing posts with label Travel. Show all posts
Showing posts with label Travel. Show all posts

Sunday, 30 January 2022

হাজোৰ মণিকূট উৎসৱ

হীৰকজ্যোতি ডাউকা ,  প্ৰথম  ষান্মাষিক, যোগাযোগ আৰু সাংবাদিকতা   বিভাগ 



ভাৰতবৰ্ষৰ দৰে গণতান্ত্ৰিক দেশত বিভিন্ন সময়ত সংঘটিত সাম্প্ৰদায়িক সংঘৰ্ষই অশান্তিময় পৰিৱেশৰ সৃষ্টি কৰা দেখা যায়।সাম্প্ৰদায়িক সংঘৰ্ষই সামাজিক,সাংস্কৃতিক,ৰাজনৈতিক পৰিৱেশ বিনষ্ট কৰে ।  কিন্তু আমাৰ সমাজৰ কিছুমান অনুষ্ঠানে বিভিন্ন সম্প্ৰদায়ৰ মাজত মিলা-প্ৰীতি,সহযোগিতা আৰু সমন্বয়ৰ ক্ষেত্ৰত এক উজ্বল নিদৰ্শন দাঙি ধৰিছে । এইক্ষেত্ৰত হাজোৰ মণিকূট উৎসৱৰ ভূমিকা উল্লেখযোগ্য ।
 

     মণিকূট উৎসৱ প্ৰতি বছৰে মাঘ মাহৰ প্ৰথম দিনটোত ধৰ্মীয়-সাংস্কৃতিক শোভাযাত্ৰাৰে অনুষ্ঠিত কৰা হয় ।শোভাযাত্ৰাৰ আৰম্ভণিতে পোৱামক্কা দৰগাহৰ খাদিম আৰু পঞ্চতীৰ্থৰ (হয়গ্ৰীৱ মাধৱ,কেদাৰ,গণেশ,কামেশ্বৰ,কমলেশ্বৰ) দলৈ পৰস্পৰে-পৰস্পৰক সাবটি ধৰি ভাতৃত্ববোধৰ এক উৎকৃষ্ট নিদৰ্শন দাঙি ধৰে ।এই শোভাযাত্ৰাটি গৰুড়াচল পাহাৰৰ পোৱামক্কাৰ দুৱাৰৰ পৰা হয়গ্ৰীৱ-মাধৱ মন্দিৰলৈ হয় । 
     মণিকূট উৎসৱত অসংখ্য মানুহে নাম- প্ৰসংগ,বিহুগীত,জিকিৰ,জনগোষ্ঠীয় গীত গাই উৎসাহেৰে অংশগ্ৰহণ কৰে ।তীৰ্থনগৰী হাজোৰ হিন্দু-মুছলমানৰ যি সমন্বয় সেয়া গোটেই ভাৰতবৰ্ষই অনুকৰণ কৰা উচিত।
       মণিকূট উৎসৱ পোনপ্ৰথমবাৰ ১৯৯৩ চনত অনুষ্ঠিত হৈছিল । ১৯৯২ চনৰ ৬ ডিচেম্বৰত পাঁচশ বছৰ পুৰণি বাবৰি মছজিদ ধ্বংসস্তূপত পৰিণত হৈছিল ।এই ঘটনাৰ পিছত দেশৰ বিভিন্ন প্ৰান্তত হিন্দু-মুছলমানৰ সংঘাত তীব্ৰতৰ হৈছিল । অসমৰো কিছু কিছু অঞ্চলত সাম্প্ৰদায়িক সংঘৰ্ষই গা কৰি উঠিছিল ।তেনে পৰিস্থিতিত সমাজত সমন্বয় আৰু ভাতৃত্ববোধৰ এনাজৰী মজবুত কৰিবলৈ দল-সংগঠন,চিন্তাশীল ব্যক্তিৰ উদ্যোগত ১৯৯৩ চনত হাজোত মণিকূট উৎসৱৰ আয়োজন কৰা হৈছিল ।তদুপৰি হাজোত স্থিত ৫খন পীঠে এই দুুই ধৰ্মাৱলম্বী লোকসকলৰ একতাৰ ডোলেৰে বান্ধি হাজো অঞ্চলটিক    শান্তি-সম্প্ৰীতিৰ প্ৰাণকেন্দ্ৰ স্বৰূপে গঢ় দিছে ।
         হাজোৰ     মণিকূট উৎসৱৰ এই ঐতিহ্য সদায় অটুুট থাকক ।                                                                                

                    

Wednesday, 26 January 2022

Nakkati Hill : amidst the clouds

 Nibedita Das, First semester


Bongaigaon district of Assam is famous for its natural scenic beauty. This region is very rich with rivers, adventurous hills, waterfalls and for many other natural resources. Nakkati hill, a lesser known trek of this area is located on the bank of river Tuniya in the village Dewangaon. This is approx 15 km away from the main city of Bongaigaon and almost 6 km from Boitamari(NH17). According to a famous story among the locals, there was a fight between Nakkati and Bhairav Pahar. In that fierce fighting Nakkati's nose was cut and fell in the village Shilgara(Amguri). Nakkati means a nose which is cut as the shape of the peak is similar to a cutting nose.


Situated at a height of about 600 meters from ground level, peak of Nakkati hill gives delightful view to enjoy the surroundings and beauty of the curvy path of Tuniya River. The hike is moderately difficult taking 2-3 hours to complete and for physically strong people, it takes 45-50 minutes. After the entire one has to be ready to climb a rocky terrain full of dense forest of about 1200- 1500 meters to reach the peak. The  mesmerizing view from the peak of Nakkati  is attracting the adventurous minds for many years. . Its cut-nose-shape edge is closely compared with the famous Mc Affee Knob of USA. In winter, during a foggy morning the peak get surrounded by clouds. 

People say, “the view feels like we are amidst the clouds and above the sky.” The heavenly feeling of this place is being abled to invite tourist from other countries also. This place is home for many rare species of flora and fauna and Golden langurs People can do night camping amidst the greenery of Nakkati and can enjoy the sun rise.


প্ৰাচীন বৰনগৰ(সৰভোগ) আৰু গৰখীয়া গোসাঁইৰ থান।

 বিদিশা চৌধুৰী। যোগাযোগ আৰু সাংবাদিকতা বিভাগ। গুৱাহাটী বিশ্ববিদ্যালয়

আনুমানিক পাঁচশ বছৰ বা তাৰ আগেয়ে অৰ্থাৎ ১৫০০ শতিকাত বৰনগৰত জনবসতি নাছিল। প্ৰবাদ আছে যে মহাৰাজ নৰনাৰায়ণে তেঁওৰ শনিৰ দশা চলি থকা অৱস্থাত তেওঁ কোচবিহাৰৰ পৰা ৰাজধানী উঠাই আনি এই বৰনগৰতে বাৰ বছৰ কাল কোচ ৰাজ্য শাসন কৰিছিল। মহাৰাজ নৰনাৰায়ণৰ ৰাজত্ব কালতেই এই অঞ্চলত জনসংখ্যা বৃদ্ধি পাবলৈ ধৰিলে।অঞ্চলটোলৈ আন মানুহো আহি বসবাস কৰিবলৈ লয় আৰু দক্ষিণ গনক গাড়ী, উত্তৰ গনক গাড়ী আদি গাঁৱৰ সৃষ্টি হয়। 
      জনসংখ্যা বাঢ়ি অহাৰ লগে লগে গৰু, ম'হৰ সংখ্যাও বাঢ়িল আৰু ঘাহ-বনেৰে ভৰি থকা গৰু ম'হৰ চৰণীয়া পথাৰখনেও তেতিয়া গুৰুত্ব পালে। বৰ্তমানৰ সৰভোগ নগৰৰ আশে পাশে থকা পথাৰসমূহত তেতিয়াৰ উত্তৰ গণক গাড়ী আৰু দক্ষিণ গণক গাড়ী গাওঁৰ গৰখীয়া সকলে গৰু মেলি, বিভিন্ন খেল খেলি সময় কটাইছিল। এনেদৰে গৰু চৰাই ফুৰোতে গৰখীয়া সকলে লক্ষ্য কৰিলে যে সৰভোগৰ মেধিপাৰা গাওঁৰ এঘৰ পৰিয়ালৰ এজনী গাই প্ৰতিদিনে দুপৰীয়া একে সময়তে পালৰ পৰা নোহোৱা হয়। কিছু সময় পিছত গাইজনী পুনৰ পাললৈ ঘূৰি আহে। এই ঘটনা কেইবাদিনো ঘটি থকাৰ অন্তত গৰখীয়া সকলে অনুসন্ধান কৰি উলিয়ালে যে গাইজনীয়ে নিৰ্দিষ্ট ঠাই এডোখৰত গৈ পোহাৰৰ পৰা গাখীৰ এৰি দিয়ে। এই কাৰ্য্য দেখি গৰখীয়া সকলৰ মাজত কৌতুহল সৃষ্টি হ'ল সেই ঠাইডোখৰত নো কি আছে আৰু তাকে চাবলৈ সিহঁতে মাটি খান্দিলে আৰু মাটি খান্দোতে তাঁত মহাপ্রভুৰ মূৰ্ত্তি এটা পোৱা গৈছিল। তাৰ পিছত গৰখীয়া সকলে সেই ঠাইত মাটিৰ ধিপ সাঁজি সেৱা-অৰ্চনা কৰিব লয়। 

       জনবিশ্বাস আছে যে গৰু হেৰালে প্ৰধান গৰখীয়া জনে প্ৰভুৰ ওচৰত ঠিকনা চাই দিশ ধৰি দিলে সেই দিশে গৰু বিচাৰি পোৱা যায়। লাহে লাহে কথাটো ৰাজহুৱা হ'ল আৰু সমূহ ৰাইজে নিয়মিতভাৱে চাকি-বন্তি জ্বলাই প্ৰভুক সেৱা-অৰ্চনা কৰিবলৈ ললে।যিহেতু ভগৱান শ্ৰীকৃষ্ণ এসময়ত গৰখীয়া সকলৰ শিৰোমণি হৈ গৰু চৰাই ফুৰিছিল। জনবিশ্বাস মতে সেই গৰখীয়াৰূপী কৃষ্ণই প্ৰকৃতিৰ মাজেৰে এই থানত নিজকে এনেদৰে প্ৰৱেশ কৰাইছে। মহাপ্ৰভুৰ আৱিৰ্ভাৱৰ ঠাইত এতিয়াও সেই থাপনাখন আছে, বৰ্তমান যাৰ নাম "শ্ৰী শ্ৰী গৰখীয়া গোসাইৰ জন্মস্থান, মা শ্ৰী শ্ৰী তেলোলীয়া গোসাই"। আৱিৰ্ভাৱৰ কিছু বছৰ পিছত প্ৰভুক বৰ্তমানৰ ঠাইলৈ স্থানান্তৰিত কৰা হয়, যাৰ নাম "মহাপ্ৰভু শ্ৰী শ্ৰী গৰখীয়া গোসাইৰ থান"। 
          থানখনৰ চাৰিওফালৰ পৰিৱেশটো সেইজীয়া, সুন্দৰ আৰু শান্তিপূর্ণ ।

থানখনৰ পূৱ ফালে অইন এটা মন্দিৰ লগতে এডাল বহু বছৰ পুৰণি বৃহৎ বট গছ আছে যাক "বৃন্দাবন" বুলি কোৱা হয়। এই বট গছ জোপাৰ ডালবোৰত ভক্ত সকলে নিজৰ মনৰ আশা পূর্ণ হ'বলৈ গামোছা বন্ধা নিয়ম এটা প্ৰচলন আছে। থানখনৰ দক্ষিণ দিশে এটা অতিথি শালা আছে আৰু উত্তৰ দিশে ডাঙৰ ভোজনালয় এটা আছে য'ত থানত কিবা উৎসৱ পাৰ্বন হ'লে ভোজন কৰাৰ বাবে ব্যৱস্থা কৰা হয়। এটা ডাঙৰ পুখুৰীও আছে, য'ত বিভিন্ন ধৰণৰ মাছ, কাছ পোৱা যায়। মহাপ্ৰভু গৰখীয়া গোসাঁই থানত বছৰেকত ৬ টা উৎসৱক থানৰ মূল পৰ্ব হিচাপে পালন কৰা হয় । পৰ্ব কেইটা হৈছে ক্ৰমে-বহাগ বিহু, জাগৰন, শ্ৰীকৃষ্ণৰ জন্মাষ্টমী, ৰাস উৎসৱ, মাঘ বিহু আৰু দৌল উৎসৱ৷ গৰখীয়া থানত পূজা-অৰ্চনা কৰিলে মনৰ কামনা পূৰন হয় বুলি জনবিশ্বাস আছে।বিভিন্ন প্ৰান্তৰ পৰা প্ৰভুৰ দৰ্শনৰ বাবে ভক্ত সকলৰ আগমন ঘটে। দৰ্শনাৰ্থীসকলৰ বাবে ময়ূৰ, শহাপহু, হৰিণা, ৰাজহাঁহ সংৰক্ষন কৰি থোৱা আছে। 
ভোগালী বিহুৰ সময়ত উৰুকাৰ দিনৰ পৰাই মেজি জ্বলাই আৰম্ভণি কৰি থানখনত বিভিন্ন কাৰ্যসূচী চলি থাকিব। এমাহ ধৰি বিভিন্ন প্ৰান্তৰ পৰা দৰ্শনাৰ্থীসকলৰ আগমন হ'ব।মই উৎসৱ পাৰ্বন সমূহত গৈ বৰ বেছি ভাল নাপাওঁ, কাৰণ সেই সময়ত মানুহৰ সমাগম ইমান বেছি হয় যে তাৰ পৰিৱেশটো সুন্দৰভাৱে উপভোগ কৰিব নোৱাৰি।যিহেতু মোৰ গাঁওখনৰ পৰা বৰ বেছি দূৰ নহয় সেয়েহে মন বেয়া লাগিলে কেতিয়াবা মই তালৈ যাওঁ,তাত থকা পুখুৰীৰ পাৰলৈ মই নোযোৱাকে নাথাকো, মাছসমূহক খাবলৈ মূৰি লৈ যাওঁ। কি যে এক সুন্দৰ পৰিৱেশ , কেৱল শান্তি আৰু চাৰিওফালে সেউজীয়া। কেইদিনমান পিছতেই ভোগালী বিহু আৰম্ভ হ'ব , গতিকে উৰুকাৰ দিনৰ পৰাই মেজি জ্বলোৱা পৰ্বৰে আৰম্ভণি কৰি থানখনত বিভিন্ন কাৰ্যসূচী চলি থাকিব। এমাহ ধৰি বিভিন্ন প্ৰান্তৰ পৰা দৰ্শনাৰ্থীসকলৰ আগমন ঘটে।কিন্তু অনুষ্ঠান সমূহ উদযাপন কৰিলে আমাৰ(সৰভোগ) অঞ্চলৰ মানুহে পৰিস্কাৰ-পৰিচন্নতা বজাই নাৰাখে। তেওঁলোকে ধূপ জ্বলাই ধূপৰ পেকেটতো য'তে ত'তে পেলায়। থান পৰিচালনা সমিতিয়ে দাস্তবিনৰ ব্যবস্থা কৰি দিছে যিহেতু তাৰ উচিত ব্যবহাৰ কৰা উচিত। প্ৰসাদ বিতৰণৰ সময়ত ঠেলা হেঁচা নকৰি শান্তিপূর্ণ পৰিৱেশ বজাই ৰাখিব লাগে লগতে এনেকুৱা সৰু সৰু কিছুমান দিশত গুৰুত্ব দিলে বৰনগৰৰ "মহাপ্ৰৰভু শ্ৰী শ্ৰী গখীয়া গোসাইৰ থান" খন সকলোৰে বাবে সুন্দৰ,শান্তিপূৰ্ণ আৰু অধিক পৰিচিত ঠাই হৈ পৰিব।
                         

Tuesday, 25 January 2022

জয়পুৰ ভ্ৰমণ

 জাহ্নৱী ভূঞা; যোগাযোগ আৰু সাংবাদিকতা বিভাগ, গুৱাহাটী বিশ্ববিদ্যালয়। 


ভ্ৰমণ শব্দটো প্ৰতিজন মানুহৰ বাবে এটা শিহৰণ।জীৱন জীয়াবলৈ মানুহক কিছু আয়োজনৰ দৰকাৰ। ঠিক ভ্ৰমণো যেন জীয়াই থকাৰ আয়োজন। পিঠিত এটা বেগ, এযোৰ সাধাৰণ পোছাক, সদায় নতুনৰ সন্ধানী মন মগজুত লৈ এক ৰঙীন যাত্রা। 

ঠিক এনে এক যাত্রাৰ পৰম প্ৰাপ্তি হৈছিল মোৰ সদ্য বিদায়ী বছৰটোৰ শেষৰ মাহত।অসমৰপৰা ট্ৰেইনেৰে প্ৰায় ৪০ ঘন্টীয়া যাত্ৰাৰ অন্তত মই উপস্থিত হৈছিলো ভাৰতৰ পিংকী চিটী জয়পুৰত।

ৰাতি ১০:৩০ বজাত জয়পুৰত ভৰি ৰাখিছিলো ।৫°ছেলচিয়াচ হাড় কপোৱা ঠাণ্ডায়ো যেন মোৰ শিহৰণক টলাব পৰা নাছিল। শীতাৰ্ত ৰাতিৰ বুকুত উম লৈ শুই থকা চহৰখনৰ যেন শান্তি ভংগ কৰি "ধীৰে চলনা হে মুচকিল তু জল্দী হী চহী" গীতটো চিঞৰি চিঞৰি গাবলৈ মন গৈছিল। সূর্য উঠালৈ যেন এক অন্তহীন অপেক্ষা! 

সূৰ্য উঠিল; মইয়ো ওলালো ঢল পুৱাতে উপস্থিত হলোগৈ জয়পুৰৰ ঐতিহাসিক চেন্ট্ৰেল মিউজিয়াম যিটো 'এলবাৰ্ট হল' নামেৰে বিখ্যাত। কিন্তু ইয়াৰ ভিতৰত সোমোৱা নহ'ল। তাৰ পিছত ৰাওনা হৈছিলো ১৭৩৪ চনত নিৰ্মিত জয়পুৰৰ যন্ত্র-মন্ত্ৰলৈ। য'ত সংগৃহীত হৈ আছে ৰাজপুত ৰজা শ্বৱাই জয় সিংৰ ৰাজত্বকালত নিৰ্মিত বহুতো জ্যোতিবিদ্যা সম্পৰ্কীয় সা-সৰঞ্জাম।যিয়ে মোৰ চকু থৰ লগাই পেলাইছিল।পিছত চিধাই ঢাপলি মেলিলো UNESCO দ্বাৰা স্বীকৃত বিশ্ব ঐতিহ্য ক্ষেত্র 'চিটি পেলেচ' আৰু 'হাৱা মেহেললৈ' য'ত মোক সুক্ষ্ম কাৰুকাৰ্যই হতবাক কৰি তুলিছিল। 


আবেলিৰ হেঙুলীয়া বেলিৰ পোহৰত 'জল মেহেল' চোৱাৰ লগতে অস্তগামী সূৰ্য চালো।

এদিনীয়া জয়পুৰ ভ্ৰমণসূচীৰ আটাইতকৈ ৰোমাঞ্চিত সময়খিনি আছিল 'অম্বৰ ফৰ্ট' দৰ্শন কৰিবলৈ যোৱাটো।'অম্বৰ ফৰ্ট'লৈ যাওঁতে মই এজন গাইড'ৰ সহায় লৈছিলো আৰু 'অম্বৰ ফৰ্ট'ৰ' চুক-কোণক লৈ ইমান সুন্দৰভাৱে ইতিহাসৰ বৰ্ণনা দিছিল যে মোহাচ্ছন্ন হৈ শুনাৰ বাহিৰে মোৰ অন্য উপায় নাছিল।মই 'অম্বৰ ফৰ্টৰপৰা ওভতি আহোতেই প্ৰায় ৰাতিয়েই হৈছিল।

সেই ৰাতিটো আছিল জোনাকৰে ভৰা। আন্ধাৰ হোৱাৰ লগে লগে ওখ ওখ মহলৰ মুধচৰে জোনটো ওলাই আহিছিল আৰু সেই স্নিগ্ধ পোহৰ ইতিহাসৰ জীয়া মাটিত সৰি পৰিছিল।



 নিজকে ইতিহাসৰ কোনো এটা জীৱন্ত চৰিত্ৰ যেন শিহৰণ এটা জাগিছিল,সেয়া যেন এক স্বৰ্গীয় অনুভূতিহে আছিল। 

   

ছাত্ৰ ৰাজনীতিত ব্যক্তিত্বৰ প্ৰমূল্যবোধ

  ছাত্ৰ ৰাজনীতি এক বিশেষ সুঁতি, যি ভৱিষ্যতে মিলিত হয় ৰাজনীতিৰ বিশাল সাগৰত তেনে ক্ষেত্ৰত এই সুঁতিত ভালদৰে সাঁতুৰিব শিকিলেহে অশান্ত সাগৰৰ ঢৌৰ...