সাঁচিপাতৰ পুথি তৈয়াৰ কৰা হয় সাঁচি বা অগৰু গছৰ বাকলিৰ পৰা। ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰত প্রচুৰ পৰিমাণে অগৰু গছ থকাৰ কথা গুৰুচৰিতত পোৱা যায়। সাঁচি গছৰ পৰা সাঁচিপাত প্রস্তুত কৰাৰ পদ্ধতিটো কেৱল অসমীয়া মানুহেহে জানিছিল। বুঢ়া বা পৈণত সাঁচি গছৰ বাকলি সাঁচিপাত প্রস্তুত কৰিবৰ বাবে বেছি উপযোগী আছিল। সাঁচিপাত তৈয়াৰ কৰিবলৈ প্রথমে বাকলিবোৰ সাৱধানে এৰুৱাই আনি শুকাই কৰকৰীয়া নপৰালৈকে ধোৱাচাঙত থোৱা হৈছিল। তেনেকৈ শুকোৱা বাকলিবোৰ ধান খেৰৰ খাৰণিৰে খাৰ কাঢ়ি পৰিষ্কাৰ কৰি আকৌ ৰদত ভালদৰে শুকুওৱা হৈছিল। ইয়াৰ পিছত পৰ্যায়ত বাকলিবোৰ জোখমতে কাটি লৈ বাকলিত গোটমাৰি থকা মলিবোৰ এৰুৱাই নিমজ নোহোৱা পৰ্যন্ত বাঁহৰ চেচুৰে চাচি থকা হৈছিল। এইবাৰ পাতবোৰৰ ওপৰত শিল পিচলাই মিহি কৰি আকৌ শুকুওৱা হৈছিল। তাৰ পাছত পাতখিনি পোন হবৰ বাবে লো বা আন গধুৰ বস্তুৰে সমানকৈ হেঁচা মাৰি থোৱা হৈছিল। তাৰ পাছত আকৌ ঘিলাৰে ঘঁহি ঘঁহি সমান কৰি লৈ পাতবোৰত মাটিমাহৰ ৰং বোলোৱা হৈছিল। তাৰ পাছতহে সাঁচিপাত লিখাৰ বাবে উপযোগী হৈ উঠিছিল। কেতিয়াবা প্ৰয়োজন সাপেক্ষে হেঙুল-হাইতাল বোলাই সাঁচিপাতৰ ৰং উজ্জ্বল কৰা হৈছিল। লিখাৰ উপযোগী হোৱাৰ পাছত পাতবোৰ জাপি কুটনীৰে জুখি সোঁমাজতে এটা বিন্ধা কৰা হৈছিল। সেইটো লোৰ শাখাকে নকৰিবলৈ 'যোগিনী তন্ত্ৰ'ত নিৰ্দেশ আছে। এই বিন্ধাটোক পুথিৰ নাভি বুলি কোৱা হয়। সাঁচিপাতত লিখাৰ পূর্বে সূক্ষ্ম কলমেৰে সমান দূৰত্বত শাৰী টনা হয়। তাৰ নাম হল কূত দিয়া। হাতেৰে লিখা সাঁচিপাতীয়া পুথিবোৰৰ তলে-ওপৰে কেইখনমান উকা পাত থাকে। সেইবোৰৰ নাম বেঁটীপাত। বেঁটীপাতত সাধৰণতে গ্রন্থৰ নাম, গৰাকীৰ নাম আৰু লিপিকাৰৰ নাম লিখা থাকে। সাঁচিপাতত পুথি লিখাৰ লগতে তাত চিত্রও অঁকা হৈছিল। সাঁচিপাতত লিখা সচিত্র পুথিৰ ভিতৰত 'হস্তী-বিদ্যাৰ্ণৱ', 'শংখচূড় বধ', গীত-গোবিন্দ' আদি বিখ্যাত। সপ্তম শতিকাৰৰ পূর্বেই অসমত সাঁচিপাতত লিখা কাম আৰম্ভ হৈছিল। সাঁচিপাতত পুথি লিখাসকলক লিখক বা লিখাৰু বা লেখাৰু বোলা হৈছিল। সাঁচিপাতত লিখা লোকসকলক বৰ অভিজ্ঞ আৰু সাৱধানী আছিল। তেওঁলোকে সুন্দৰ গোট গোট আখৰেৰে লিখিছিল আৰু ক'তো বানানৰ ভুল বা আন কথাত কটাকটি কৰা নাছিল। লিখাৰুসকল দৰাচলতে শিল্পীয়েই আছিল আৰু তেওঁলোকে এই কামটো বৰ পবিত্র বুলি গণ্য কৰিছিল। সাঁচিপাতত লিখা পদ্ধতিটো অসমৰ বাহিৰে উত্তৰ -পূৱ ভাৰতৰ আন অঞ্চলত বিৰল। বাণভট্টৰ 'হৰ্ষচৰিতত উল্লেখ আছে যে ভাস্কৰ বৰ্মনে হৰ্ষবৰ্দ্ধনলৈ উপঢৌকন পঠিওৱা নানা সামগ্রীৰ ভিতৰত সাঁচিপাতত লিখিত সুভাষিত বিচনৰ এক পুথিও আছিল।
গুৱাহাটী বিশ্ববিদ্যালয়ৰ যোগাযোগ আৰু সাংবাদিকতা বিভাগৰ যোৱা ২৯/১০/২০২৪ তাৰিখে হৈ যোৱা sanchipat manuscript reading and conversation workshop টো পৰা মই শিকিব পাৰিছো যে সাঁচিপাতৰ পুথিত কেনেকৈ লিখিছিল। কেনেকৈ সাঁচিপাতৰ পুথিৰ শব্দবোৰৰ উচ্চাৰণ কৰি পঢ়িছিল। পুৰণি দিনৰ আখৰৰ ব্যবহাৰ আৰু আধুনিক দিনৰ আখৰৰ ব্যৱহাৰৰ মাজত পৃথকতা। সাঁচিপাতৰ পুথিত লিখিবলৈ কেনেকৈ ৰং প্রস্তুত কৰিছিল। বহু নজনা কথা শিকিবলৈ পাইছো এই workshopটোৰ দ্বাৰাই ।
নাম-দিশা দাস।
স্নাতকোত্তৰ প্ৰথম ষান্মাসিকৰ
ছাত্ৰী, যোগাযোগ আৰু সাংবাদিকতা বিভাগ, গুৱাহাটী বিশ্ববিদ্যালয়।
No comments:
Post a Comment