এটা জাতিৰ অস্তিত্বৰ উত্তৰণৰ মূল চাবি কাঠীয়েই হৈছে আজিৰ যুৱ সমাজ। আজি সমগ্র বিশ্ব বিজ্ঞান-প্রযুক্তিৰে আৱাৰি আছে আৰু এই গোলকীকাৰ কবলত পৰি আজি আমাৰ যুৱ চামৰ নৈতিক স্খলন ঘটিছে আৰু তাৰ ফলত সামাজিক উচ্ছ্বংশলতাই ভয়াবহ ৰূপ ধাৰণ কৰিছে। এই ভয়াবহতাই সাম্প্রতিক সময়ত দিনক দিনে সমাজৰ সাংগঠনিক দিশত দুর্বল কৰাত অগ্রণী ভূমিকা পালন কৰিছে।
যুৱসমাজৰ এই উচ্ছ্বংশলতাৰ বিশ্লেষণ কৰিলে দেখা যায় যে কাৰণ দেশৰ নিবনুৱা সমস্যা, ৰাজনৈতিক অস্থিৰতা, শৈক্ষিক সমস্যা, মানবীয় মূল্যবোধৰ অৱক্ষয়, আত্মকেন্দ্রিকতা আৰু বস্তুবাদী সমাজৰ পৰিবর্তন আদিয়েই প্ৰধান ।
দেশৰ ধৰণীস্বৰূপ এই যুৱ সমাজৰ সুস্থ মানসিকতাৰ বাবে উপযুক্ত ব্যৱসাৰিক শিক্ষাৰ লগতে আধ্যাত্মিক শিক্ষাৰো অতি প্রয়োজন। আধ্যাত্মিক শিক্ষাৰ ক্ষেত্ৰত 'গীতা' হৈছে এক আদর্শ পুথি। আজিৰ যুৱ প্রজন্মৰ যিসকলৰ নিজ নিজ কর্মত প্রযুক্ত হ'বলৈ সৎ সাহস আৰু প্ৰেৰণা অভাৱ তেঁওলোকৰ বাবে গীতাৰ দর্শন অত্যন্ত জৰুৰী ।
গীতাৰ মূল সত্যটো হৈছে আমি সৎ পথত থাকি ভগবানক ভক্তি কৰি ফললৈ কামনা নকৰাকৈ কাম কৰি যাব লাগে ।
জীৱনত বিজ্ঞাসা থাকিব লাগিব। সকলো কথা প্রজ্ঞাৰে বিচাৰ-বিশ্লেষণ কৰিব পাৰিব লাগিব। প্রজ্ঞা আহৰণৰ বাবে সাধনাৰ প্রয়োজন ,গভীৰ অধ্যয়ন আৰু চিন্তাৰ প্রয়োজন। গতিকে সাম্প্রতিক সমাজ ব্যৱস্থাত আধ্যাত্মিক চিন্তাৰ সাজেৰে যুৱ জাগৰনৰ সৃষ্টি কৰি এক সৎ , বিনয়ী আৰু দ্বিধাহীনভাৱে জীৱন অতিবাহিত কৰিব পাৰিলেহে আজিৰ যুৱসামাজৰ জীৱন সুন্দৰ হোৱাৰ লগতে সমাজখনো সুন্দৰ ও সুস্থ হৈ উঠিব।
বাস্তুৱ কুমাৰ বৰুৱা
No comments:
Post a Comment