এটা আলিবাটৰ দুয়োকাষে একোখন চোতালসহ কেঁচাঘৰৰ লানি;দুখন ঘৰৰ মাজত ঢকুৱাৰ বেৰ,চাপৰকৈ দি থোৱা জেওৰা,চোতালে চোতালে গোটেইখন গাওঁ ইমূৰৰ পৰা সিমূৰ কৰিব পৰাকৈ থকা বাট,এটা নামঘৰ।এখন অসমীয়া গাওঁ বুলি ক'লে আমাৰ মনলৈ এইয়াই আহে।চোতালে চোতালে হাই গুদু,ছেংগুটি,বৰটেঙাৰ ফুটবল খেলি থকা কণ কণ ল'ৰা-ছোৱালী,গৰম দিনত গছৰ তলত বাঁহৰ ছাংত বহি থকা ডেকা ল'ৰা অথবা বয়োবৃদ্ধ লোক,এজাক ডেকা-ডেকেৰীৰে গিজগিজাই থকা এটা যুৱ সংঘ;পুৰণি অসমীয়া গাওঁ এখনৰ সহজলভ্য দৃশ্য।
সৰুতে আমিও গৰমৰ দিনত আম-কঠাঁল বিচাৰি এৰাবাৰীয়ে এৰাবাৰীয়ে পিতপিতাই ফুৰিছিলো।আহিনমহীয়া জোনটো আগত লৈ গধূলি গাঁৱৰ বাটেৰে খোজ কঢ়াৰ আমেজেই আছিল সুকীয়া।বাৰিষা ভেঁটফুলেৰে ভৰি পৰা পথাৰখনত কেতিয়াবা নাঁৱেৰে,কেতিয়াবা এবুকু পানীত নামি আমি ভেটগুটি ছিঙিছিলো।আমাৰ সপোনৰ সেই গাওঁ খনত সৰলতা আছিল,বুকু ভৰাই উশাহ ল'ব পৰাকৈ মুক্ত বতাহ আছিল।তাৰোপৰি অতীতৰ অসমীয়া গাওঁবোৰ আছিল স্বয়ংসম্পূৰ্ণ।কবিয়ে কোৱাৰ দৰেই "গোহালিত গৰু,পুখুৰীত মাছ,বাৰীত তামোল পাণ"ইত্যাদিৰে গাওঁসমূহ ভৰি আছিল।গাঁৱৰ যুৱচামো আছিল সকলোতে আগৰণুৱা।পুথিভঁৰালৰ পৰা আৰম্ভ কৰি নাটঘৰলৈকে গাঁৱত সকলো আছিল।টেলিভিছন নথকাৰ বাবেই হয়তু তেতিয়া কিতাপেই আছিল ল'ৰা-ছোৱালীৰ একমাত্ৰ সংগী।বৰসবাহ-ভাওঁনাত সৰু সৰু ল'ৰা-ছোৱালীবোৰৰ সবাহ ভঙাৰ লগে লগে থকা প্ৰথম কামটো আছিল ঘৰৰ পৰা ঢাৰি-পাটী নি নামঘৰত পাৰি নিজৰ নিজৰ বহাৰ এলেকা সুনিশ্চিত কৰা।কি সৰল আছিল সেই সময়।মহিলা সকলো আছিল অৰ্থনৈতিকভাৱে স্বাৱলম্বী।টাকুৰীত সূটা কাটি কাপোৰ বোৱাৰ পৰা আৰম্ভ কৰি চৰু চম্ভলালৈকে সকলোতে মহিলাসকল পাৰদৰ্শী আছিল।
বৰ্তমানৰ এখন গাঁৱৰ লগত অতীতৰ গাওঁসমূহ তুলনা কৰিলে ভাব হয় অতি খৰতকীয়াকৈ কম দিনৰ ভিতৰতে গাওঁসমূহলৈ যথেষ্ট পৰিৱৰ্তন আহিল।আজিৰ গাঁৱত যুৱশক্তিৰ অভাৱ।অৰ্থনৈতিক অচলাৱস্থাৰ বাবেই ডেকাসকল গাওঁ এৰি চহৰমুখী হৈছে অথবা বৰ্হিৰাজ্যলৈ প্ৰবৰ্জন কৰিছে।শৈক্ষিক পৰিৱেশো ক্ৰমে বিনষ্ট ঘটিছে যেন ভাব হয়।আজি আৰু গাঁৱৰ ৰাষ্টাত বৰটেঙাৰ ফুটবল ভৰিৰে থেলি ফুৰা শিশুক দেখা পোৱা নাযায়।সকলো ব্যষ্ট হৈ থাকে নিজ পছন্দৰ এখন কাৰ্টুন অথবা ছিৰিয়েল চোৱাত।তাতোকৈ ভয়াবহ কথাটো হ'ল গাৱঁৰ পুৰুষসকল নিচাৰ কবলত বৰ বেয়াকৈ পৰিছে।বিশেষকৈ স্থানীয় সস্তীয়া নিচাযুক্ত দ্ৰব্যৰ ঘাটিও আজি গাৱঁত য'তে ত'তে।যুৱচামক বিভ্ৰান্ত কৰি গাৱঁত এক অস্থিৰ পৰিৱেশৰ সৃষ্টি কৰাত এইসমূহৰে অৰিহণা সকলোতকৈ বেছি।যদিও পূৰ্বৰ পৰাই গাওঁ সমূহত এনে দ্ৰব্যৰ প্ৰচলন আছিল ই ক্ৰমাৎ বৃদ্ধি পাইছে। আধুনিকতাৰ প্ৰলেপেও সলনি কৰিছে গাৱঁৰ ছবি।যদিও পৰিৱৰ্তনেই জীৱনৰ একমাত্ৰ ধ্ৰুৱক তথাপিও আমি আশা কৰো গাওঁ এখনে নিজৰ স্বকীয়তা নেহেৰুৱাওক।এক সোণালী অতীত,সম্ভাৱনাময় বৰ্তমান আৰু সুন্দৰ ভৱিষ্যতৰ স্বপ্নৰে অসমৰ গাওঁসমূহ জিলিকি থাকক আৰু গ্ৰাম্য জীৱনো হৈ থাকক আগৰ দৰেই সৰল আৰু স্বয়ংসম্পূৰ্ণ।
ভূপালী তামুলী
যোগাযোগ আৰু সাংবাদিকতা বিভাগ,গুৱাহাটী বিশ্ববিদ্যালয়
খুব সুন্দৰকৈ প্ৰকাশ কৰিলা তুমি।আমি সঁচাকৈ কোনদিশত গৈ আছো নিজেই নাজানো।
ReplyDeleteগ্ৰাম্য চহা জীৱনক লৈ অতি সৰল আৰু সুন্দৰ উপস্থাপন। লেখিকাই কোৱাৰ দৰেই পৰিৱৰ্তনেই জীৱনৰ একমাত্ৰ ধ্ৰুৱক যদিও গ্ৰাম্য জীৱনৰ স্বকীয়তা অটুট থাকক বুলি আমি আশাবাদী।
ReplyDeleteএক সুন্দৰ উপস্থাপন
ReplyDeleteবহু সুন্দৰকৈ বাখ্যা কৰিছা। সচায়েই গাৱৰ সেই নিভাজতা আজিকালি দেখিবলৈ পোৱা নাযায়।
ReplyDeleteগাঁও বুলিলে ভাঁহি অহা চিনাকী ছবিখন এই লেখাৰ মাজেৰে আকৌ এবাৰ মনৰ মাজত সজীৱ হৈ উঠিল। পিছে দুখৰ কথা যে আজিৰ প্ৰায়বোৰ গাঁৱৰ ছবিখন সঁচাকৈ হতাশজনক ভাবে সলনি হ'ল।
ReplyDeleteগাঁৱৰ কথা।ভাল লিখিছা।
ReplyDeleteThis comment has been removed by the author.
ReplyDeleteএখন সুস্থ সমাজ গঢ়িবলৈ গ্ৰাম্য জীৱনৰ পৰা অনুপ্ৰাণিত হোৱা খুবেই প্ৰয়োজন । এনে প্ৰেক্ষাপটত এই লেখাটো সময়োপযোগী বুলি অনুভৱ হৈছে ।
ReplyDeleteপুৰনি দিন বোৰ মনত পৰি গ'ল
ReplyDeleteভাল লাগিল
সুক্ষ্ম পৰ্যবেক্ষণ, সুন্দৰ উপস্থাপন , সৰল অনুভৱ আৰু সাবলীল প্ৰকাশভঙ্গি অথচ সমৃদ্ধ শব্দৰে বৰ্ণনা কৰা পৰিৱৰ্তিত গাঁৱৰ এখনি ছবি। "পৰিবৰ্তনৰ বাহিৰে সকলো পৰিবৰ্তন হয়", কথাটো সত্য যদিও পৰিবৰ্তনক যে এটা দিশ বা পথ দিব পাৰি সেয়া আমি নিশ্চয় জানো। পৰিৱৰ্তনে কোন দিশ ল'ব সেয়া সম্পূর্ণকৈ আমাৰ হাততে আছে। সময়ৰ লগত খোঁজ মিলাই আমিও নিশ্চিতভাৱে আগুৱাই যাব লাগিব। কিন্তু লক্ষ্য কৰিব লগীয়া বিষয় এইটো যে আমি কি লৈ আৰু কি থৈ আগুৱাম । লেখিকাক ধন্যবাদ এনে এটি সুন্দৰ অথচ গভীৰ বিষয়ৰ চিন্তা আগবঢ়োৱাৰ বাবে । এনেকৈ লিখি যোৱা, নিজেও আগবাঢ়ি যোৱা সমাজখনকো আগবঢ়াই নিয়া , সুন্দৰ এক ভৱিষ্যতৰ দিশে।
ReplyDeleteOti hundor uposthapon,,,hundorvabe ekhon nivaj gaonr sobi sokur agot vahi uthise....ru ek oprio hoityou sokur agot vahi uthise heia hoise borttomanor gaonr sobikhon.....poriworton lage homajot kintu heia jugatmok hobo lage....Lakhikaloi huveisya jasilu...teu jen aru likhi jai aidore ru ekhon hundor,hustho homaj gorhat jen ene lekhai hohai kore
ReplyDeleteআগৰ দিনৰ গাঁৱৰ পৰিৱেশ আৰু আজিৰ গাঁৱৰ পৰিৱেশৰ মাজত মাজত আকাশ-পাতাল পাৰ্থক্য দেখা পোৱা যায়। গাঁৱৰ সেই নিভাঁজ মৰমবোৰ আজিৰ যুগত পোৱা নাযায়।।এই লেখাটোৰ মাজেৰে আকৌ আগৰ দিনবোৰ মনত পৰি গ'ল।।
ReplyDeleteGaon r protissobi khon sundar rupe barnona korisa likhoni tut...
ReplyDeletePurona dinor kokar ghor khonole monot Pori gol...
ReplyDeleteসুন্দৰ উপস্থাপন
ReplyDeleteসুন্দৰ চিন্তা
ReplyDeleteলেখাটোৰ মাজেৰে ক্ৰমাৎ সাধু হ'বলৈ গৈ থকা গাৱঁৰ ছবিখন খুউব সুন্দৰভাৱে উপস্হাপিত হৈছে। লৰালিকালৰ বহু কথাই দোলা দি গ'ল মনত।
ReplyDeleteশৈশৱৰ বহু কথা মনৰ মাজলৈ ঘূৰি আহিল ।
ReplyDeleteআগুৱাই যা ❤
লিখনিটোৰ প্ৰথম ভাগত অসমীয়া গ্ৰাম্য জীৱনৰ অতীতৰ বৰ সুন্দৰ ছবি পৰিশ্ছফুত হৈছে । দ্বিতীয় ভাগত বৰ্তমান বিভন্ন সমস্যা ৰে জৰ্জৰিত অসমীয়া গ্ৰাম্য জীৱনৰ অতীতৰ লগত থকা আকাশ- পাতল প্ৰভেদ ৰ কথা পহি মনটো বেয়া লাগি গৈছে। যিহেতু এখন দেশৰ উন্নতি সেইখন দেশ ৰ গ্ৰাম্য জীৱনত দেখা পায় । ঠিক সেইদৰে অসমৰ উন্নতি হবলৈ হলেও গ্ৰাম্য জীৱন সুস্থ আৰু সবল ৰূপে গঢ়ি তোলাৰ অতি প্ৰয়োজন বুলি মোৰ ভাৱ হয়। শেষত বৰ সুন্দৰ ভাৱে এটা অতিকে গুৰত্বপূৰ্ণ বিষয় এটাৰ ওপৰত লিখাৰ বাবে ভূপালী ক ধন্যবাদ দিছো। আৰু আগলৈও যাতে এনেকুৱা লিখনি লিখি যোৱা তাৰেই আশা কৰিছো।
ReplyDelete
Hosakoi bor dhunia bornon hoise. Hosakoi bohut hohoj asil agor manuh vuror jibon vur. Kot heruale aaji hai hohoj horolota vur manuh a.
ReplyDeleteআগুৱাই যা তই... শুভেচ্ছা থাকিল ❤️
ReplyDeleteBhal lagil pohi chimpy!
ReplyDeletebohut val lgil hsakoi ..,
ReplyDelete