Thursday, 19 December 2024

হেপাঁহৰ আঘোণ


হেমন্তৰ ডাঠ কুঁৱলীৰ আৱৰণ ফালি শীতৰ শীতল বোকোচাত উঠি অসমীয়াৰ পথাৰলৈ নামে আঘোণ। অসমীয়া চহা কৃষকৰ হেঁপাহৰ আঘোণ। আঘোণ যেন কৃষকৰ সপোন। হালি জালি উমলি থকা পথাৰৰ সেউজীয়াবোৰে সোণোৱালী বৰণ ধৰিলেই ককাঁলত টঙালি বান্ধি সাজু হয় দাৱনী। সন্মুখত অসমীয়াৰ পৰম্পৰা ন- খোৱা আৰু হেঁপাহৰ ভোগালীৰ বতৰা পালেই যেন সাতখন আঠখন হৈ পৰে কৃষকৰ গা। নহ'বনো কিয়? এয়া যে লখিমীক আদৰা বতৰ। 



      শাওনৰ পথাৰত হাড়ক মাটি কৰি, তেজক পানী কৰি গঢ় দিয়া সোণোৱালী লখিমীক ঘৰলৈ আদৰাৰ প্ৰস্তুতিৰ বাবে চোতাল, ভঁৰাল ঘৰ চিকণুৱাৰ যো- জা চলে। অসমত কৃষকসকলে ধান চপোৱাৰ আগে আগে লখিমীক ঘৰলৈ আদৰি অনা পৰম্পৰা এটা প্ৰচলিত হৈ আহিছে। আৰু তাৰেই অংশস্বৰূপে ভাল দিন বাৰ এটা চাই ধানৰ আগলি অর্থাৎ লখিমীক ঘৰলৈ অনাৰ বাবে কাহিলীপুৱাতেই গা-পা ধুই পথাৰলৈ যোৱা হয়। পথাৰত নিজৰ খেতি ডৰাৰ পূৱ দিশৰ পৰা তিনিগোছা ধান কাটি আনি কলপাত এখিলাত থৈ গামোচা আৰু থুৰীয়া তামোল পান এযোৰ আগবঢ়াই আই লখিমী জ্ঞান কৰি ঘৰলৈ আদৰি অনা হয়। ঘৰলৈ অহাৰ পিছত আনোতাজনক এখন বৰপীৰাত উঠাই ভৰি ধোওৱা হয়। তাৰপিছতেই চিকুণ ঠাই এডোখৰত কলপাত এখিলা পাৰি ধানৰ আগলি তিনিগোছা থৈ শৰাই বন্তি আগবঢ়োরা হয়। ইয়াৰ পিছৰে পৰা কৃষকসকলে পথাৰত লগে ভাগে ধান কটাব পর্ব আৰম্ভ কৰে। ধান কটা আৰম্ভ হোৱাৰ লগে লগেই আৰম্ভ হয় দাৱনীৰ সীমাহীন ব্যস্ততা। কাঁচিৰ কেচ কেচ শব্দৰ লগতে সৰুবোৰৰ হাঁহি- খিকিন্দালি, দৌৰা- ঢপৰাই ভৰাই তোলে ক্ৰমাৎ উকা হৈ অহা আঘোণৰ পথাৰখন। পথাৰৰ চেঁচুক খান্দি, ফৰিং থপিয়াই, নৰা পেঁপা সাজি সিহঁতেও যেন ব্যস্ততাৰ উমান দিয়ে। দিনৰ দিনটো ধান দাই আবেলি ডেকাবোৰে কান্ধত বিৰিয়া লৈ দুফালে ডাঙৰি বান্ধি জিৰিপ্ জিৰিপ্ শব্দেৰে পথাৰৰ আলিয়েদি ঘৰলৈ বাট ধৰে। 


        ধান দাই মৰণা মৰা সময়ছোৱা আঘোণৰ পথাৰখন উকা হৈ ৰয়। কিন্তু লখিমীক বুকুতে শিপোৱা পথাৰখনক জানো এলাগী কৰিক পাৰি? সেয়ে এই সময়ছোৱাত পথাৰখনৰ সংগী হয়হি বাহী বন সামৰি কথাৰ মহলা মাৰিবলৈ অহা গাঁওৰ জীয়ৰী বোৱাৰীসকল । সেই কথাব জুতি দুওণে চৰায় হাতৰ টিপতে লৈ অহা নলীয়া কটাৰীখন আৰু নিমখ, জলকীয়াৰ সৈতে অনা ৰবাব টেঙা আৰু কেঁচা জলফাইকেইটাই। সাউতকৈ ওচৰৰে কলগাত এখিলা কাটি আনি কোমল ৰ'দৰ  উম লৈ জিভাৰ পানী পৰি যোবাকৈ নিমখ, ভূত জলকীয়া, ধনীয়া পাতেৰে সানি জুতি লগাকৈ টেঙাৰে সৈতে আগবঢ়াই দিয়া কলপাতখনে যেন পাহৰাই দিয়ে দিনটোৰ সমস্ত ভাগৰ।         

       তেতিয়াই অনুভৱ হয়, সঁচাকৈয়ে, আঘোণ বৰ হেপাঁহৰ!

   

                 পৰীস্মিতা গোস্বামী

                 স্নাতকোত্তৰ প্ৰথম ষান্মাসিক

No comments:

Post a Comment

বড়ো সাহিত্যলৈ মিছনেৰীসকলৰ অৱদান

অসমৰ বড়ো লোকসকলৰ মাজত খ্ৰীষ্টিয়ান মিছনেৰীসকলে ধৰ্ম প্ৰচাৰৰ মাজেৰে শৈক্ষিক,ভাষিক তথা সাংস্কৃতিক আদি দিশত বিভিন্ন অৱদান আগবঢ়াই গৈছে।মৌখিক প...