Sunday, 22 December 2024

মুখাশিল্প আৰু যুৱপ্ৰজন্মৰ কৰণীয়


      বিভিন্ন জাতি-জনগোষ্ঠীক একত্ৰিত কৰি মহান অসমীয়া জাতিটোৰ পৰিচয় দাঙি ধৰা গুৰু দুজনাৰ সৃষ্টিৰাজিসমূহৰ ভিতৰত এক অপূৰ্ব নিদৰ্শন হ’ল ‘মুখাশিল্প’। ১৫ শতিকাতে ভাওনাৰ অভিনয়ত বিশেষ স্হান পোৱা মুখা অসমৰ পৰম্পৰাগত লোককলা।

       


পৰম্পৰাগতভাৱে চলি অহা এই মুখাশিল্পক জীয়াই ৰখাৰ উদ্দেশ্যে আৰু নৱপ্ৰজন্মৰ মাজত মুখাশিল্পক অধিক জনপ্ৰিয় কৰাৰ বাবে সংগীত নাটক অকাডেমীৰ অধীনত ২০০৩ চনত চামগুৰিত মুখা নিৰ্মাণ কেন্দ্ৰ স্হাপিত হয়। কেন্দ্ৰটোত স্হানীয় লোকৰ ওপৰিও বাহিৰৰ পৰা অহা লোকেও মুখা নিৰ্মাণৰ প্ৰশিক্ষণ গ্ৰহণ কৰি আছে। তাৰোপৰি মুখা নিৰ্মাণ কেন্দ্ৰটো পৰিদৰ্শন কৰাৰ কাৰণে বিভিন্ন দেশৰ পৰ্যটকৰ সমাগম হয়। 

    প্ৰয়াত ৰুদ্ৰকান্ত দেৱ গোস্বামীৰ সুযোগ্য সন্তান শিল্পী পদ্মশ্ৰী বঁটাপ্ৰাপ্ত হেমচন্দ্ৰ গোস্বামীদেৱে কঠোৰ সাধনা আৰু উদ্ভাৱনশীলতাৰে মুখাশিল্পক এক নতুন মাত্ৰা প্ৰদান কৰিছে। তেখেতৰ হাতৰ পৰশত অতীৱ সুন্দৰ ৰূপ লাভ কৰা কেইবাটাও মুখাই ব্ৰিটিছ মিউজিয়ামত শোভাবৰ্ধন কৰিছে। মুখাশিল্পৰ আজীৱন চৰ্চাৰ বাবেই তেখেতে সংগীত নাটক অকাডেমী বঁটা লাভ কৰাৰ লগতে অসমৰ প্ৰথমখন বিশ্ববিদ্যালয় গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা সন্মানীয় ডক্টৰেট ডিগ্ৰী লাভ কৰিছিল। 

   


 মুখাশিল্পক ভৱিষ্যতলৈ সজীৱ কৰি ৰখাৰ উদ্দেশ্যে যুৱপ্ৰজন্মৰ বহুখিনি কৰিবলগীয়া আছে। বৰ্তমানৰ ল’ৰা-ছোৱালীয়ে মুখাশিল্পৰ প্ৰতি আগ্ৰহী হ’লেও টকা-পইছাৰ বাবে অন্য ভাল চাকৰি বা ব্যৱসায়ৰ পিছত দৌৰা দেখা যায়। গতিকে মুখাশিল্পক ‍বহুতে নিজৰ মুখ্য উপাৰ্জনৰ আহিলা হিচাপে ল’বলৈ ইচ্ছুক নহয়। ভাওনাৰ বাহিৰেও যদিহে মুখা অন্যান্য ক্ষেত্ৰত যেনে— উপহাৰ হিচাপে দিয়া, সভা-সমিতি, উৎসৱ-পাৰ্বণত সজোৱা, ঘৰত সজোৱাত ব্যৱহৃত হয় তেন্তে নিশ্চয় মুখাশিল্পীয়ে নিজৰ সঠিক প্ৰাপ্যখিনি পাব আৰু আৰ্থিক দিশত লাভান্বিত হ’ব। লগতে মুখাশিল্পৰ ব্যাপক প্ৰয়োগ দেখিলে যুৱপ্ৰজন্মই মুখাসমূহ আকোঁৱালি লোৱাৰ লগতে শিকিবলৈ আগ্ৰহ দেখুৱাব।

      দেখা যায় যে ভাওনা অসমৰ সকলো ঠাইতে প্ৰদৰ্শিত নহয়। গতিকে অসমৰ সৰু-বৰ সকলো ঠাইতে ভাওনাৰ প্ৰদৰ্শন হ’লে নিশ্চয় সকলো ঠাইৰ যুৱপ্ৰজন্মই মুখাৰ প্ৰতি আকৰ্ষিত হ’ব। লগতে অসমৰ বিখ্যাত পৰ্যটনস্হলীসমূহতো মুখা প্ৰদৰ্শনৰ ব্যৱস্হা কৰিব পাৰি। যাতে বিদেশত গামোছা, চাহবাগান, এশিঙীয়া গড়ৰ লগতে মুখাশিল্পইও অসম তথা অসমীয়াৰ চিনাকী বহন কৰে।


নাম - শ্ৰী তৃষানীলা ডেকা

ষান্মাসিক - তৃতীয় ষান্মাসিক

No comments:

Post a Comment

Exploring the Universe Through Science

On January 25, 2025, the Department of Physics at Gauhati University, along with the GU Observatory, organized an event called “Aligning Wan...