Friday, 29 November 2019

চলচ্চিত্ৰ পৰিচালক হিচাপে ড° ভবেন্দ্ৰনাথ শইকীয়া


সুস্থ অসমীয়া চলচ্চিত্ৰ নিৰ্মাণৰ এক নতুন ধাৰাৰ সৃষ্টি কৰোঁতা ড° ভবেন্দ্ৰনাথ শইকীয়াই সূক্ষ্ম দৃষ্টিভংগী আৰু মানবীয় দৰ্শনেৰে সকলোৰে অন্তৰত এক বিশেষ স্থান দখল কৰিছিল। বাস্তৱ জীৱনৰ সূক্ষ্মাতিসূক্ষ্ম পৰ্যবেক্ষণ আৰু সাৱলীল উপস্থাপন ৰীতিৰে নিৰ্মিত তেখেতৰ কথাছবিকেইখন অসমীয়া চলচ্চিত্ৰ জগতৰ মাইলৰ সুঁতি। ১৯৭৭ চনত নিৰ্মিত ভবেন্দ্ৰনাথ শইকীয়াৰ প্ৰথমখন কথাছবি 'সন্ধ্যাৰাগে' ৰাষ্ট্ৰীয় চলচ্চিত্ৰ প্ৰতিযোগিতাত অাঞ্চলিক ছবিৰ শিতানত শ্ৰেষ্ঠ ছবিৰ ৰজত কমল বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল। তদুপৰি ইণ্ডিয়ান পেনোৰামাত প্ৰদৰ্শিত প্ৰথমখন অসমীয়া ছবি হিচাপে 'সন্ধ্যাৰাগে' আৰ্থিক দিশৰ লগতে আন্তৰ্জাতিক খ্যাতিও অৰ্জন কৰিছিল। 'বানপ্ৰস্থ' নামৰ গল্প এটিৰ আধাৰত নিৰ্মিত 'সন্ধ্যাৰাগ'ত বিভিন্ন চৰিত্ৰত অভিনয় কৰিছিল ক্ৰমে- ৰুণু দেৱী, আৰতি বৰুৱা, মায়া বৰদলৈ, ৰাজু বৰদলৈ, কাশ্মীৰি শইকীয়া আদি শিল্পীয়ে। উল্লেখযোগ্য যে ভবেন্দ্ৰনাথ শইকীয়াৰ প্ৰথমখন কথাছবি সন্ধ্যাৰাগত 'মতি ড্ৰাইভাৰ' নামৰ এটি গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিছিল অসমীয়া সাহিত্য আৰু নাট্যজগতৰ এক জনপ্ৰিয় নাম 'অৰুণ শৰ্মা'ই। সৰুতে চহৰলৈ অহা দৰিদ্ৰ পৰিয়াল এটিৰ ডাঙৰ ছোৱালী চাৰুৱে দয়ালু মানুহ এঘৰত ঘৰৰ ছোৱালীৰ দৰেই কাম কৰিছিল। চাৰুৰ যেতিয়া বিয়া দিবৰ বয়স হ'ল, গিৰিহঁতে আৱিষ্কাৰ কৰিলে যে তাইক আৰু ঘৰত ৰাখিব নোৱাৰি। ঘৰখনৰ প্ৰতি থকা তাইৰ মৰম-চেনেহৰ বান্ধ এৰি পুনৰ গাঁৱৰ দুখীয়া ঘৰটোলৈ উভটি যায় ভনীয়েক তৰুৰ সৈতে। কিন্তু চহৰৰ জীৱনৰ সৈতে অভ্যস্ত হৈ পৰা ছোৱালী দুজনীয়ে ঢেঁকি দিয়া, ধান ৰোৱা আদি কাম কৰিবলৈ অসমৰ্থ হয় আৰু শেষত শাৰীৰিকভাবে অক্ষম 'মতি ড্ৰাইভাৰৰ' ওচৰত তিনিগৰাকী ভিন ভিন মহিলাই জীৱনৰ আশ্ৰয় আৰু আহাৰ বিচাৰি ভবিষ্যত জীৱনৰ সপোন ৰচে। ডাঙৰ চাৰুৰ চৰিত্ৰত অভিনয় কৰা ৰুণু দেৱীয়ে তেখেতৰ বলিষ্ঠ অভিনয়েৰে চৰিত্ৰটি সঠিকভাবে ৰূপায়ণ কৰিছিল।

Courtesy: Telegraph
              ভবেন্দ্ৰনাথ শইকীয়াৰ দ্বিতীয়খন চলচ্চিত্ৰ অনিৰ্বাণেও(১৯৮১) ৰজত কমল বঁটা পাবলৈ সক্ষম হৈছিল। ছবিখনৰ এটা বিশেষ চৰিত্ৰত অভিনয় কৰি 'ববিতা শৰ্মাই' দৰ্শকৰ মন জয় কৰিছিল। অনিৰ্বাণ প্ৰযোজনা কৰিছিল ভবেন্দ্ৰনাথ শইকীয়াৰ পত্নী প্ৰীতি শইকীয়াই। 'প্ৰহৰী' নামৰ এটি চুটিগল্পৰ ভিত্তিত নিৰ্মিত অনিৰ্বাণ ছবিখনৰ বিভিন্ন বিভিন্ন চৰিত্ৰত অভিনয় কৰিছিল ক্ৰমে ৰুণু দেৱী, ভোলা কটকী, আনন্দমোহন ভাগৱতী, সংগীতা শইকীয়া আদিৰ দৰে অভিনয় শিল্পীয়ে। তেখেতৰ আন এক সৃষ্টি 'অন্তৰীপ' নামৰ উপন্যাসৰ পৰা জন্মলাভ কৰা 'অগ্নিস্নান'ৰ কাহিনী আছিল যৌনগন্ধী। মেনকা আৰু মদন চোৰৰ মাজৰ যি ব্যক্তিগত সম্পৰ্ক, সেই সম্পৰ্কক ড° শইকীয়াই অতি সাহসিকতাৰে দৰ্শক-শ্ৰোতাৰ সমুখত দাঙি ধৰিছে। যিখিনি সময়ত অসমীয়া চলচ্চিত্ৰ জগতত পৰিয়ালকেন্দ্ৰিক চিনেমাৰহে প্ৰাধান্য বেছি আছিল, সেইখিনি সময়তে ভবেন্দ্ৰনাথ শইকীয়াই অগ্নিস্নান নিৰ্মাণ কৰি অসমীয়া ছবিৰ প্ৰচলিত বাতাবৰণটো সলনি কৰিবলৈ কিছু পৰিমাণে হ'লেও সমৰ্থ হৈছিল। ছবিখনৰ প্ৰতিবাদী কণ্ঠ মেনকাই স্বামী মহিকান্তক কৈছিল-'তাৰপাছতো মই সীতা-সাবিত্ৰী হ'ম! আপোনাৰ ভৰিৰ ধূলি শিৰত লৈ মই ধৰ্ম কৰিম? সীতা হ'বলৈ হ'লে ৰামো থাকিব লাগে'। এনেধৰণৰ চৰিত্ৰ অংকনৰ পাৰদৰ্শিতা,প্ৰতীকৰ ব্যৱহাৰ,সূক্ষ্ম পৰ্যবেক্ষণ,শক্তিশালী সংলাপৰ ব্যৱহাৰে ভবেন্দ্ৰনাথ শইকীয়াৰ ছবিকেইখনক অন্য মাত্ৰা প্ৰদান কৰিছিল। ইয়াৰোপৰি 'এন্দুৰ' নামৰ চুটিগল্প এটাক আধাৰ হিচাপে লৈ পৰিচালনা কৰা  'কোলাহল'(১৯৮৮) ৰ কাহিনী সাধাৰণ যদিও আছিল মৰ্মস্পৰ্শী। 'কোলাহল'ত এটা গীত কণ্ঠসংগীত হিচাপে ব্যৱহাৰ কৰা হৈছিল। আনহাতে, সন্ধ্যাৰাগ বোলছবিতো এটি অনুষ্ঠানত সমবেত কণ্ঠৰ গীত এটা ব্যৱহাৰ কৰা হৈছিল। ইয়াৰ বাহিৰে বাকীকেইখন চলচ্চিত্ৰত তেওঁ কণ্ঠ-সংগীত ব্যৱহাৰ কৰা নাছিল।

             'ফাউণ্ডেচন' গল্পৰ আধাৰত নিৰ্মাণ কৰা তেখেতৰ অন্য এখন ছবি আছিল 'সাৰথি'। ছবিখনৰ কাহিনীভাগ অতি সুন্দৰকৈ আগবাঢ়ি গৈছে যদিও, ছবিখন চাই থাকিলে হঠাৎ শেষ হোৱা যেন অনুভৱ হয়। কাহিনী যিমানেই আগবাঢ়ে, সিমানেই যেন দৰ্শকৰ উৎকণ্ঠা বাঢ়ি যায় যে কাহিনীৰ পৰিণতি কি? শেষত কি হ'ব? কিন্তু সকলো উৎকণ্ঠাৰ অন্ত পেলাই এটা টিফিন কেৰিয়াৰতে চিনেমাখন শেষ হৈ যায়। অৰ্থাৎ চিনেমাখনৰ পৰিণতি সম্পৰ্কে থকা প্ৰশ্ন তেওঁ দৰ্শকলৈ এৰি দিয়ে। এনেদৰেই তেওঁ দৰ্শককো তেওঁৰেই চিনেমাৰ অংশ হিচাপে গণ্য কৰিছিল। ভ্ৰাম্যমাণ থিয়েটাৰক বিষয়বস্তু হিচাপে লৈ নিৰ্মাণ কৰা 'আৱৰ্তনে'ও আঞ্চলিক ভিত্তিত শ্ৰেষ্ঠ ছবিৰ ৰজত কমল বঁটা লাভ কৰিছিল। 'আৱৰ্তন'ৰ মুখ্য চৰিত্ৰ 'জয়ন্তী'ৰ চৰিত্ৰত অভিনয় কৰা মৃদুলা বৰুৱাই দৰ্শকৰপৰা যথেষ্ট সহাঁৰি  লাভ কৰিছিল।ভবেন্দ্ৰনাথ শইকীয়াৰ দ্বাৰা পৰিচালিত অন্তিমখন অসমীয়া ভাষাৰ বোলছবিখন আছিল 'ইতিহাস'(১৯৯৬)। প্ৰকাশৰ জটিলতাই গধুৰ কৰা এই ছবিখন 'বৰ্ণনা' নামৰ চুটিগল্প এটিৰ পটভূমিত নিৰ্মিত। কিন্তু ড° শইকীয়াৰ প্ৰথমখন ছবি সন্ধ্যাৰাগে যেনেকৈ মানুহক টানিছিল, সেই উৎকণ্ঠা কিন্তু ইতিহাসৰ ক্ষেত্ৰত দেখা পোৱা নগ'ল। 'ইতিহাস' অসমৰ ছবিগৃহত ভালদৰে চলা নাছিল।এইকেইখন অসমীয়া ছবিৰ বাহিৰেও ভবেন্দ্ৰনাথ শইকীয়াই 'কালসন্ধ্যা' নামেৰে এখন হিন্দী ছবিও নিৰ্মাণ কৰিছিল। 

                 ড° ভবেন্দ্ৰনাথ শইকীয়াৰ চলচ্চিত্ৰত কেইটামান বৈশিষ্ট্য দেখিবলৈ পোৱা যায়। তেখেতৰ প্ৰায়কেইখন চিনেমাতে কাহিনী আৱৰ্তিত হৈছে নাৰী চৰিত্ৰক কেন্দ্ৰ কৰি। একমাত্ৰ সাৰথিতহে ইয়াৰ ক্ষণিক ব্যতিক্ৰম দেখা পোৱা যায়। ইয়াৰোপৰি সমালোচকৰ মতে তেখেতৰ প্ৰত্যেকখন ছবিতে কাহিনীৰ ওপৰতহে অধিক গুৰুত্ব দিয়া হৈছিল। কাৰিকৰী উৎকৰ্ষতাক তেওঁ গৌণ হিচাপে লৈছিল। কিন্তু ভবেন্দ্ৰনাথ শইকীয়াই এটি সাক্ষাৎকাৰত কোৱা মতে কাৰিকৰী উৎকৰ্ষতা আৰু ছবিৰ ভাষা একে নহয়। কাৰিকৰী উৎকৰ্ষতাৰ বাবে ইচ্ছা, চেষ্টা আৰু দক্ষতাৰ বাহিৰেও কিছুমান যন্ত্ৰপাতি আৰু সেইবোৰ যথাযথভাবে চলাবলৈ মানুহ লাগে। আৰু এই যন্ত্ৰপাতি আৰু মানুহৰ বাবে প্ৰয়োজন হয় ধনৰ। তেখেতৰ মতে যি ভাষা তেওঁ বুজি পায় আৰু ভাল পায়, তাকেহে তেওঁ চলচ্চিত্ৰত ব্যৱহাৰ কৰিছে। কিন্তু ইয়াৰ অৰ্থ এইটো নহয় যে তেওঁৰ বোলছবিকেইখন কাৰিকৰীমান গ্ৰহণযোগ্যতাৰ তলত। তদুপৰি তেখেতৰ চলচ্চিত্ৰসমূহ আছিল সংলাপধৰ্মী। কোনো অবাস্তব চমক দিবলৈ চেষ্টা নকৰি সৰ্বসাধাৰণ মানুহৰ দৈনন্দিন জীৱনৰ সৰু সৰু অনুভৱ, পৰিয়াল এটিৰ বিশেষ ঘটনা, জটিল পৃথিৱীখনৰ সৰু সৰু মানুহৰ যন্ত্ৰণা, দুখ,হাঁহি, কান্দোন আদিয়েই আছিল তেওঁৰ প্ৰায়কেইখন চলচ্চিত্ৰৰেই কেন্দ্ৰীয় বিষয়বস্তু। যিয়েই নহওঁক, ভবেন্দ্ৰনাথ শইকীয়াৰ অসমীয়া চলচ্চিত্ৰ উদ্যোগটোলৈ যথেষ্ট অৰিহণা আছে। কলমৰপৰা কেমেৰাৰ উত্তৰণলৈ তেখেতৰ যি যাত্ৰা, সেই যাত্ৰা অসমীয়া চলচ্চিত্ৰ জগতৰ বাবে আশীৰ্বাদস্বৰূপ।

নাম-অংকিতা গোস্বামী 
প্ৰথম ষাণ্মাসিক 




8 Attachments
 
 

5 comments:

ৰং (Book Review)

ঔপন্যাসিক শৰ্মিষ্ঠা প্ৰীতমৰ উপন্যাস "ৰং” ।  প্রান্তিক'ৰ পৃষ্ঠাত ধাৰাবাহিকভাৱে প্ৰকাশিত উপন্যাসখনে মানুহৰ জীৱনত সপোন, আত্মবিশ্বাস, ই...