বিখ্যাত তাৰকা অমিতাভ বচ্চন আমাৰ সকলোৰেই পৰিচিত-বিগ বি, সকলো ভাৰতবাসীৰ প্ৰিয় । আমাৰ অসমতো আছিল আৰু এজন বিগ বি অবিকল বলিউডৰ অমিতাভ বচ্চনৰ দৰেই অকল চেহেৰাতেই একে নহয় কামতো অৰ্থাৎ এখেতেও নায়ক হিচাপে কাম কৰিছিল বহুত জনপ্ৰিয় হিন্দী চিনেমাত । এইজন ব্যক্তি আছিল অসমৰ ধুবুৰী চহৰৰ মিন্টু পাল, চিনেমা জগতত বিখ্যাত হৈছিল বিজয় স্যাক্সেনা নামেৰে । অমিতাভ বচ্চনৰ চেহেৰাৰ লগতে আছিল সম্পূৰ্ণ সাদৃশ্য সেইবাবেই সুযোগ পাইছিল বলিউডত বহুতে "নকল অমিতাভ" বুলিও পৰিচিত আছিল। কৰ্ম জীৱনত প্ৰৱেশ কৰিছিল এজন "স্পট বয়" হিচাপে পিছত হিন্দীত অনাৰ্ছ লৈ বি.এ পাছ কৰে । বহুত চেষ্টাৰ ফলত ১৯৯১ চনত অভিনয় জগতত পাতনি মেলে "স্বৰ্গ ৱাহা নৰক ৱাহা" চিনেমাৰ জৰিয়তে, তাৰ পিছত, বলিউডত খলকনিৰ সৃষ্টি কৰা "শোলে" চিনেমাৰ অনুসৰণ কৰা "ৰাম গড় কে শোলে"(১৯৯১) ত মুখ্য চৰিত্ৰত অভিনয় কৰি দৰ্শকৰ মন জিকিবলৈ সক্ষম হয় ।
তাৰপিছত বিজয় স্যাক্সেনাৰ কেৰিয়াৰত এটাৰ পিছত এটা চিনেমাৰ সুযোগ আহি আছিল, ১৯৯২ চনত "দিল কা কেয়া কাসুৰ", "বাসন্তী টাঙ্গেৱালী", "গঙ্গা বানি শোলা", ১৯৯৩ চনত "বাঘি সুলতানা", "আখৰি চেতাৱনী", এইখনত তেখেতৰ সৈতে নায়িকা হিচাপে অভিনয় কৰিছিল বিখ্যাত 'সুধা চন্দ্ৰন' তাৰপিছত সেই বছৰতে আহিল "ফুলো হাছিনা ৰামকলি", ১৯৯৪ চনত আৰু এখন চিনেমা "গঙ্গাপুৰ কী গীতা" । লাহে লাহে জনপ্ৰিয়তা পালে বলিউডৰ লগত অসমতো, ধুবুৰীৰ মানুহে বৰ বেছিকৈ ভাল পাইছিল তেখেতক কিয়নো ৯০ৰ দশকত মুম্বাইত গৈ ইমানখিনি জনপ্ৰিয়তা পোৱাটো সহজ কথা নাছিল সাধাৰণ ঘৰৰ লৰা এজনৰ বাবে, কিন্তু সদায়েই জীৱনৰ নাওখন সমান ভাবে চলি নাথাকে হঠাতেই এদিন মুম্বাইৰ ৰাজপথত গাড়ীৰে গৈ থাকোতে এক দুৰ্ঘটনাত পতিত হৈ অকাল মৃত্যুক সাৱটি লয় মিণ্টু পাল, বলিউড খ্যাত বিজয় স্যাক্সেনাই । মৃত্যুৰ আগত
১৯৯৪ চনত বলীউডৰ এজন শীৰ্ষ পৰিচালকৰ লগত চুক্তিবদ্ধ কৰিছিল আগন্তুক চিনেমাৰ বাবে কিন্তু সকলো যেন ৰৈ গ'ল তেনেকৈয়ে । আজিও ধুবুৰীৰ নুনীয়াপট্টিত থকা মিণ্টু পালৰ প্ৰিয় ছেলুন খনত তেখেতৰ স্মৃতিত আছে বহু ছবি । ধুবুৰীৰ ২৬ বছৰীয়া এইগৰাকী সুসন্তান মিণ্টু পাল ১৯৯৪ চনৰ ২৪ জুনত গলগৈ অজান দেশলৈ । ধুবুৰীবাসীয়ে এতিয়াও কয় যে তেখেতৰ মৃত্যু সাধাৰণ দুৰ্ঘটনাই নাছিল হয়তো পূৰ্বপৰিকল্পিত আছিল ।
-ৰামকৃষ্ণ সৰকাৰ, তৃতীয় সান্মাষিক ।
No comments:
Post a Comment