বিলুপ্তপ্ৰায় হাড়গিলাৰ শৃংখলাবদ্ধ সংৰক্ষণৰ ক্ষেত্ৰলৈ গুৰুত্বপূৰ্ণ আগবঢ়োৱা গুৰুত্বপূৰ্ণ অৰিহণাৰ বাবে বিশ্বজুৰি প্ৰসিদ্ধি লাভ কৰা অসম জীয়ৰী পূৰ্ণিমা দেৱী বৰ্মনেই হৈছে হাড়গিলা বাইদেউ হিচাপে পৰিচিত জনপ্ৰিয় ব্যক্তিত্বটোৰ প্ৰকৃত নাম। হাড়গিলাৰ সংৰক্ষণৰ বাবে কামৰূপ জিলাৰ দদৰা, পচৰীয়া আৰু ইয়াৰ কাষৰীয়া গাঁৱসমূহৰ মহিলাসকলক একত্ৰিত কৰি হাড়গিলা আৰ্মী নামৰ এটি দল গঠন কৰি হাড়গিলাৰ সংৰক্ষণৰ জৰিয়তে পাৰিপাৰ্শ্বিকতা আৰু প্ৰাকৃতিক ভাৰসাম্যতা ৰক্ষাৰ বাবে আগবঢ়োৱা অৱদানৰ বাবে তেওঁক ২০১৭ চনৰ গ্ৰীণ অস্কাৰ বঁটা প্ৰদান কৰা হয়। ভাৰত চৰকাৰে তেওঁক ২০১৮ চনৰ নাৰী শক্তি পুৰস্কাৰ প্ৰদান কৰে৷ ২০২৪ চনত তেওঁ হুইটলী ফাণ্ড ফৰ নেচাৰৰ তৰফৰ পৰা হুইটলী গোল্ড বঁটা লাভ কৰে৷
ইতিমধ্যে বিপন্ন হিচাপে চিহ্নিত হোৱা পূৰ্ণবয়স্ক হাড়গিলাৰ বিশ্বব্যাপী জনসংখ্যা হৈছে মাথোঁ ৮০০ – ১২০০ , যাৰ অধিকাংশই অসমত পোৱা যায়। পূৰ্ণিমা দেৱী বৰ্মনদেৱে হাড়গিলা সংৰক্ষণ, পৰিৱেশত ইয়াৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে ৰক্ষণাবেক্ষণৰ প্ৰয়োজনীয়তা সম্পৰ্কে কেইবাটাও অভিযানৰ নেতৃত্ব দি স্থানীয় গাঁওবাসীক সজাগ সচেতন কৰিবলৈ যৎপৰোনাস্তি চেষ্টা কৰে। তেখেতে এই কাৰ্য্যসূচীসমূবত মহিলাসকলৰ সমান্তৰালভাৱে শিশু আৰু যুৱ প্ৰজন্মকো সাঙুৰি লবলৈ চেষ্টা কৰে। বৰ্মন আৰু হাড়গিলা আৰ্মীয়ে হাড়গিলাৰ বাহত থকা আঘাতপ্ৰাপ্ত পোৱালিবোৰকো সক্ৰিয়ভাৱে উদ্ধাৰ কৰি তেওঁলোকৰ শুশ্ৰুষাৰ বাবে যথোপযুক্ত চেষ্টা কৰে। ইতিমধ্যে হাড়গিলা বাইদেউৰ নেতৃত্বতেই হাড়গিলাৰ বাবে এটা কৃত্ৰিম প্ৰজনন মঞ্চও সাজু কৰি তোলা হৈছে।
গুৰুত্বপূৰ্ণভাৱে, পূৰ্ণিমা দেৱী বৰ্মনৰ সংৰক্ষণ প্ৰচেষ্টা আৰম্ভ হোৱাৰ পিছৰে পৰা স্থানীয় পৰ্যায়ত অসমত হাড়গিলাৰ সংখ্যা বৃদ্ধি পাইছে৷ ২০০৭ চনত যেতিয়া সংৰক্ষণৰ প্ৰচেষ্টা আৰম্ভ কৰা হৈছিল, তেতিয়া কামৰূপ জিলা দাঁতিকাষৰীয়া অঞ্চলত মাত্ৰ ২৮টাহে হাড়গিলাৰ বাহ পোৱা গৈছিল৷ কিন্তু ২০১৯ চন পৰ্যন্ত ২০০টাৰো বাহ পোৱা গৈছে। চৰাইবোৰৰ সামাজিক প্ৰতিচ্ছবিক ইতিবাচক কৰি ৰখাৰ সমান্তৰালভাৱে সংৰক্ষণ সজাগতা বৃদ্ধিৰ বাবে কিছুমান আকৰ্ষণীয় প্ৰচেষ্টা হাতত লোৱা হৈছে৷ উদাহৰণস্বৰূপেস্থানীয় লোকগীত, পৰম্পৰা আৰু সাংস্কৃতিক উৎসৱত হাড়গিলাক অন্তৰ্ভুক্ত কৰা হৈছে।গাঁৱৰ মানুহে হাড়গিলাৰ বাবে পঞ্চামৃত অনুষ্ঠান পাতে৷ অসমীয়া মহিলা এগৰাকীৰ ক্ষেত্ৰত পালন কৰা একেবোৰ আচাৰ-ব্যৱহাৰ ব্যৱহাৰ কৰি এই অনুষ্ঠান উদযাপন কৰা হয়৷ হাড়গিলা আৰ্মীৰ মহিলাসকলে নিজৰ কাপোৰত হাড়গিলাৰ ছবি অংকন কৰি সংৰক্ষণৰ দিশত সজাগতা বিয়পাইছে আৰু ইয়াৰ লগতে তেওঁলোকে নিজৰ পৰিয়ালটোৰ বাবে আয়ৰ সৃষ্টি কৰিছে।আন এটা পদক্ষেপ হৈছে বিদ্যালয়সমূহত প্ৰাথমিক বয়সৰ শিশুসকলক আলোচনা আৰু খেলৰ জৰিয়তে হাড়গিলাৰ সংৰক্ষণৰ দিশত শিক্ষা দিয়া আৰু ক্ষেত্ৰভিত্তিক অধ্যয়নৰ অথবা ব্যৱহাৰিক শিক্ষাৰ মাধ্যম হিচাপে সময়ত তেওঁলোকক জাবৰণিৰ মাজত থকা পক্ষীবোৰ দেখুৱাবলৈ লৈ যোৱা৷
পূৰ্ণিমা বাইদেউৰ এই যাত্ৰা অব্যাহত থাকক, সেয়াই আমাৰ কামনা।
বিতোপন ৰাজবংশী
স্নাতকোত্তৰ প্ৰথম ষাণ্মাসিক
যোগাযোগ আৰু সাংবাদিকতা বিভাগ
No comments:
Post a Comment