Showing posts with label Bidur Bhai. Show all posts
Showing posts with label Bidur Bhai. Show all posts

Tuesday, 25 January 2022

গতানুগতিক কাহিনীৰে অগতানুগতিক বিদূৰভাই

লিজা বৰা । যোগাযোগ আৰু সাংবাদিকতা বিভাগ, গুৱাহাটী বিশ্ববিদ্যালয়
প্ৰথম ষান্মাষিক

 OTT (over the top) মাধ্যমত  প্ৰচাৰিত ৱেব চিৰিজে মোহাচ্ছন্ন কৰা অসমীয়া দৰ্শকৰ তন্ময়তা ভাঙি YouTube ত মুকলি কৰি দিয়া হ’ল “বিদূৰভাই” ৷ যি সময়ত অসমীয়া  ৱেবচিৰিজৰ সংখ্যা আঙুলিৰ মূৰত গণি শেষ কৰিব  পাৰি, সেইসময়তেই মূহূৰ্ততে দৰ্শকক আকৰ্ষণ কৰিব পৰাটো বিদূৰভাইৰ প্ৰথম সফলতা। বিদূৰভাই অসমীয়া অভিনয় জগতখনৰ নতুন আশা৷ বিদূৰভাই  খাটিখোৱা মানুহৰ মুখৰ ভাষা৷

             অসমীয়া ছবিজগতৰ ইতিহাস সোণসেৰীয়া। জয়মতীৰ পৰা ৰীমা দাসৰ ভিলেজ ৰকষ্টাৰলৈকে মানুহে মনত ৰাখিছে আৰু  কিছু বিশেষ দিশৰ পৰা পৰ্যবেক্ষণ কৰিলে বিদূৰভাইকো সেই যাত্ৰাৰ নৱতম সংযোজন বুলিব পাৰোঁ৷ 
             যিবোৰ কাহিনী বিদূৰভাইৰ মাধ্যমত দৰ্শকে উপভোগ কৰিছে সেই কাহিনী সমূহ আমাৰ বাবে নতুন নহয়৷ যোৱা দুটা লকডাউনৰ সময়ত স্তব্ধ হৈ পৰা জনজীৱন, ঋণগ্ৰস্ত গাৱলীয়া মানুহৰ দুৰ্দশা, দৰমহাৰ আশাত বন্দী চৰকাৰী চাকৰিয়ালৰ দুখ,নিৱনুৱা সমস্যা এইবোৰ আমাৰ চিনাকি ছবি৷ কিন্তু  উপস্থাপন শৈলীৰ চাতুৰ্যতাৰ বাবেই এই চিনাকি দৃশ্যবোৰ  আমাৰ বাবে নতুন হৈ পৰিছে৷ কেতিয়াবা যদি  হাঁহিৰ খোৰাক দিছে , কেতিয়াবা আকৌ দৰ্শকক মূক কৰি তুলিছে৷ ইয়াৰোপৰি, শোষিত - বঞ্চিত মানুহখিনিৰ কথা আজিকালিৰ ছবিসমূহে খুউব কমকৈহে উপস্থাপন কৰে৷ এনেক্ষেত্ৰত এই মানুহখিনিৰ দৈনন্দিন সংগ্ৰামখনক দাঙি ধৰাৰ বাবেও বিদূৰভাই প্ৰশংসাৰ পাত্ৰ৷ 
             কম সংলাপৰে অধিক কাহিনী উপস্থাপন কৰিব পৰাটো বিদূৰভাইৰ
Credit:https://youtu.be/jqmpuBDdhjo

অন্যতম শক্তিশালী দিশ৷ আনহাতে মনোৰঞ্জনৰ লগতে সমাজলৈ কিছুমান বাৰ্তা প্ৰেৰণত কৃপণালি কৰা নাই পৰিচালক সুব্ৰত কাকতী আৰু জ্যোতিষ্মান চেতিয়াই৷ উদাহৰণ হিচাপে , নাৰীৰ মাহেকীয়াক লৈ সমাজত থকা মনোভাৱ, সমাজিক মাধ্যমৰ বিৰূপ প্ৰভাৱ আদি উক্ত চিৰিজখনে সুন্দৰকৈ তুলি ধৰিছে৷ বিদুৰভাইৰ জৰিয়তে বহু নতুন মুখেও আত্মপ্ৰকাশ কৰিছে৷তুলনামূলকভাৱে নতুন শিল্পীক নিপুণ ৰূপত দৰ্শকলৈ আগবঢ়াই দিয়াটো সফল হৈছে বিদূৰভাই৷
             অৱশ্যে বিদূৰভাইৰ প্ৰথম তিনিটাখণ্ডৰ কিছু লেহেমীয়া গতিয়ে দৰ্শকৰ মনযোগ বিকৰ্ষণ নকৰা নহয়৷ তৎস্বত্বেও থলুৱা সুবাস থকা সংগীত, ব্যতিক্ৰমী চিত্ৰনাট্য আৰু চিটুৱেশ্বন কমেডিৰ ব্যৱহাৰে ব্যৱহাৰে বিদূৰভাইক এক অনন্য মাত্ৰা প্ৰদান কৰিছে৷ এক কথাত বিদূৰভাইয়ে দৰ্শকৰ মন কিনি পেলাইছে৷ সেয়ে আশা কৰোঁ এই যাত্ৰাত যতি নপৰক। বিদূৰভাই “বানান ভুল” কৰা মানুহৰ বাবে নতুনৰ বাট হওঁক। 



ছাত্ৰ ৰাজনীতিত ব্যক্তিত্বৰ প্ৰমূল্যবোধ

  ছাত্ৰ ৰাজনীতি এক বিশেষ সুঁতি, যি ভৱিষ্যতে মিলিত হয় ৰাজনীতিৰ বিশাল সাগৰত তেনে ক্ষেত্ৰত এই সুঁতিত ভালদৰে সাঁতুৰিব শিকিলেহে অশান্ত সাগৰৰ ঢৌৰ...