Wednesday, 18 December 2024

বিদ্যা : দ্য লিভিং স্কুল



 ধেমাজি জিলাৰ এখন ভিতৰুৱা গাঁৱত অৱস্থিত "বিদ্যা : দ্য লিভিং স্কুল" এখন ব্যতিক্ৰমী শিক্ষানুষ্ঠান।পৰম্পৰাগত শিক্ষা আৰু সামগ্ৰিক বিকাশৰ মাজৰ ব্যৱধান দূৰ কৰি প্ৰতিটো শিশুৰ বিকাশৰ সুযোগ নিশ্চিত কৰাৰ লক্ষ্যৰে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ এগৰাকী সহকাৰী অধ্যাপক প্ৰাঞ্জল বুঢ়াগোহাঁইৰ প্ৰচেষ্টাত ২০২০ চনত বিদ্যালয়খনে প্ৰাণ পাই উঠিছিল।

   সামাজিক মাধ্যমত দেখিয়েই প্ৰত্যক্ষভাৱে চাবলৈ মন কৰি ২০২২ চনৰ ডিচেম্বৰত বিদ্যা : দ্য লিভিং স্কুললৈ ৰাওনা হৈছিলো।ধেমাজি চহৰৰ পৰা প্ৰায় ২০ কিলোমিটাৰ মান ব্যৱধানত অৱস্থিত বিদ্যালয়খনলৈ যোৱা বাটচোৱা কিছু দুৰ্গম আছিল।পিছে পাহাৰখনে মনৰ উৎকণ্ঠা বঢ়াই লৈ গৈছিল।তাতে আকৌ ৰাস্তাৰ দুয়োকাষে ডিচেম্বৰমহীয়া সৰিয়হবুলীয়া পথাৰ।

  আধুনিক গুৰুকুল খ্যাত শিক্ষানুষ্ঠানখনৰ প্ৰায় তিনিঘণ্টামান অতিবাহিত কৰি অভিভূত হ'লো।পাহাৰীয়া খলা-বমা চৌহদটোৰ অ'ত এটা ঘৰ, ত'ত এটা জুপুৰি।পৰম্পৰাগত শিক্ষানুষ্ঠানবোৰৰ পৰিৰ্ৱতে তাত তেনেদৰে ভিন্ন স্থানত পাঠদান কৰা হয়।বিশেষকৈ টঙিঘৰৰ আৰ্হিৰ শ্ৰেণীকোঠাকেইটা দেখি এবাৰ নুঠি নোৱাৰিলো।

  প্ৰায় ২৫০ জনতকৈ অধিক শিক্ষাৰ্থী থকা শিক্ষানুষ্ঠানখনত ৩ খনকৈ আৱাসো আছে।আমাক দেখিয়েই "বাইদেউ নমস্কাৰ" বুলি সম্বোধন কৰা কণ-কণ ছাত্ৰ-ছাত্ৰীসকলৰ শিষ্টাচাৰ দেখিয়েই শিক্ষানুষ্ঠানখনত প্ৰদান কৰা শিক্ষাৰ উমান পালো।


  চৌহদৰ মাজমজিয়াতে আছে এখন মুকলি মঞ্চ।খেৰেৰে বেৰ দিয়া মঞ্চৰ অনুষ্ঠান উপভোগ কৰিবলৈ দৰ্শকৰ বাবে বহাৰ আসনবোৰ পাহাৰীয়া নদীত উটি অহা ডাঙৰ শিল।মঞ্চখনৰ কাষতে লাগি আছে কেণ্টিনখন।তাতো ব্যতিক্ৰমৰ অন্ত নাই।বাঁহ আৰু খেৰৰ কেণ্টিনখনত ছাত্ৰ-ছাত্ৰীৰ মাজত উচ্চ-নীচৰ ভেদাভেদ নাহিবলৈ প্ৰত্যেকেই এবাৰত নিৰ্ধাৰিত মূল্য এটাতে ক্ৰয় কৰাৰ ব্যৱস্থা আছে।চৌহদৰ প্ৰতিটো স্থানতে ছাত্ৰ-ছাত্ৰীসকলৰ কাৰুকাৰ্য্য দেখিবলৈ পাইছিলো।

  বিদ্যালয়খনৰ এটা সীমাত বৈ আছে এটা পাহাৰীয়া সুঁতি।

  প্ৰকৃতিৰ কোলাত যেন ব্যতিক্ৰমী প্ৰচেষ্টাৰে "বিদ্যা : দ্য লিভিং স্কুল" আৰু অধিক জীপাল।প্ৰাঞ্জল বুঢ়াগোহাঁই ছাৰৰ চিন্তাধাৰাৰে এয়া শিক্ষাৰ সমান্তৰালভাৱে আধ্যাত্মিক চিন্তাৰে মানৱ সম্পদ গঢ়াৰ স্থলী।

      

    - জয়শ্ৰী শইকীয়া

স্নাতকোত্তৰ প্ৰথম ষান্মাসিক 

যোগাযোগ আৰু সাংবাদিকতা বিভাগ

No comments:

Post a Comment

Exploring the Universe Through Science

On January 25, 2025, the Department of Physics at Gauhati University, along with the GU Observatory, organized an event called “Aligning Wan...