Showing posts with label Jaipur. Show all posts
Showing posts with label Jaipur. Show all posts

Tuesday, 25 January 2022

জয়পুৰ ভ্ৰমণ

 জাহ্নৱী ভূঞা; যোগাযোগ আৰু সাংবাদিকতা বিভাগ, গুৱাহাটী বিশ্ববিদ্যালয়। 


ভ্ৰমণ শব্দটো প্ৰতিজন মানুহৰ বাবে এটা শিহৰণ।জীৱন জীয়াবলৈ মানুহক কিছু আয়োজনৰ দৰকাৰ। ঠিক ভ্ৰমণো যেন জীয়াই থকাৰ আয়োজন। পিঠিত এটা বেগ, এযোৰ সাধাৰণ পোছাক, সদায় নতুনৰ সন্ধানী মন মগজুত লৈ এক ৰঙীন যাত্রা। 

ঠিক এনে এক যাত্রাৰ পৰম প্ৰাপ্তি হৈছিল মোৰ সদ্য বিদায়ী বছৰটোৰ শেষৰ মাহত।অসমৰপৰা ট্ৰেইনেৰে প্ৰায় ৪০ ঘন্টীয়া যাত্ৰাৰ অন্তত মই উপস্থিত হৈছিলো ভাৰতৰ পিংকী চিটী জয়পুৰত।

ৰাতি ১০:৩০ বজাত জয়পুৰত ভৰি ৰাখিছিলো ।৫°ছেলচিয়াচ হাড় কপোৱা ঠাণ্ডায়ো যেন মোৰ শিহৰণক টলাব পৰা নাছিল। শীতাৰ্ত ৰাতিৰ বুকুত উম লৈ শুই থকা চহৰখনৰ যেন শান্তি ভংগ কৰি "ধীৰে চলনা হে মুচকিল তু জল্দী হী চহী" গীতটো চিঞৰি চিঞৰি গাবলৈ মন গৈছিল। সূর্য উঠালৈ যেন এক অন্তহীন অপেক্ষা! 

সূৰ্য উঠিল; মইয়ো ওলালো ঢল পুৱাতে উপস্থিত হলোগৈ জয়পুৰৰ ঐতিহাসিক চেন্ট্ৰেল মিউজিয়াম যিটো 'এলবাৰ্ট হল' নামেৰে বিখ্যাত। কিন্তু ইয়াৰ ভিতৰত সোমোৱা নহ'ল। তাৰ পিছত ৰাওনা হৈছিলো ১৭৩৪ চনত নিৰ্মিত জয়পুৰৰ যন্ত্র-মন্ত্ৰলৈ। য'ত সংগৃহীত হৈ আছে ৰাজপুত ৰজা শ্বৱাই জয় সিংৰ ৰাজত্বকালত নিৰ্মিত বহুতো জ্যোতিবিদ্যা সম্পৰ্কীয় সা-সৰঞ্জাম।যিয়ে মোৰ চকু থৰ লগাই পেলাইছিল।পিছত চিধাই ঢাপলি মেলিলো UNESCO দ্বাৰা স্বীকৃত বিশ্ব ঐতিহ্য ক্ষেত্র 'চিটি পেলেচ' আৰু 'হাৱা মেহেললৈ' য'ত মোক সুক্ষ্ম কাৰুকাৰ্যই হতবাক কৰি তুলিছিল। 


আবেলিৰ হেঙুলীয়া বেলিৰ পোহৰত 'জল মেহেল' চোৱাৰ লগতে অস্তগামী সূৰ্য চালো।

এদিনীয়া জয়পুৰ ভ্ৰমণসূচীৰ আটাইতকৈ ৰোমাঞ্চিত সময়খিনি আছিল 'অম্বৰ ফৰ্ট' দৰ্শন কৰিবলৈ যোৱাটো।'অম্বৰ ফৰ্ট'লৈ যাওঁতে মই এজন গাইড'ৰ সহায় লৈছিলো আৰু 'অম্বৰ ফৰ্ট'ৰ' চুক-কোণক লৈ ইমান সুন্দৰভাৱে ইতিহাসৰ বৰ্ণনা দিছিল যে মোহাচ্ছন্ন হৈ শুনাৰ বাহিৰে মোৰ অন্য উপায় নাছিল।মই 'অম্বৰ ফৰ্টৰপৰা ওভতি আহোতেই প্ৰায় ৰাতিয়েই হৈছিল।

সেই ৰাতিটো আছিল জোনাকৰে ভৰা। আন্ধাৰ হোৱাৰ লগে লগে ওখ ওখ মহলৰ মুধচৰে জোনটো ওলাই আহিছিল আৰু সেই স্নিগ্ধ পোহৰ ইতিহাসৰ জীয়া মাটিত সৰি পৰিছিল।



 নিজকে ইতিহাসৰ কোনো এটা জীৱন্ত চৰিত্ৰ যেন শিহৰণ এটা জাগিছিল,সেয়া যেন এক স্বৰ্গীয় অনুভূতিহে আছিল। 

   

ছাত্ৰ ৰাজনীতিত ব্যক্তিত্বৰ প্ৰমূল্যবোধ

  ছাত্ৰ ৰাজনীতি এক বিশেষ সুঁতি, যি ভৱিষ্যতে মিলিত হয় ৰাজনীতিৰ বিশাল সাগৰত তেনে ক্ষেত্ৰত এই সুঁতিত ভালদৰে সাঁতুৰিব শিকিলেহে অশান্ত সাগৰৰ ঢৌৰ...