Sunday, 22 December 2024

অত্যাধুনিকতাই ৰাখিবগৈ নে ৰাস আৰু ভাওনাৰ স্বকীয়তা?




শ্ৰীমন্ত শংকৰদেৱৰ অনবদ্য সৃষ্টি ৰাস আৰু ভাওনা। অতীজৰে পৰা অসমৰ ভিন্ন প্ৰান্তত অসমীয়াৰ‌ আৱেগ সঞ্চাৰিত হৈ ৰাস আৰু ভাওনা উৎযাপিত হৈ আহিছে। ভাওনা আৰু ৰাস, দুয়োটি সাংস্কৃতিক তথা আধ্যাত্মিক কঠিয়াতলীত অসমীয়াৰ কৃষ্টি আৰু ভক্তিৰ বিৰাজমান হৈ আছে। শ্ৰীমন্ত শংকৰদেৱৰ চিহ্নযাত্ৰাৰে আৰম্ভ হৈ পত্নী প্ৰসাদ, কালীয় দমন, কেলিগোপাল, ৰুক্মিণী হৰণ, পাৰিজাত হৰণ, ৰাম বিজয়, এই মহান নাট কেইখনৰ সৃষ্টিৰেই ভাওনাৰ ধাৰা আৰম্ভ হোৱা বুলি প্ৰৱাদ আছে। এটা সময় আছিল, জেঠ- আহাৰ মাহত প্ৰতিখন অসমীয়া গাঁৱৰ নামঘৰত বৰসৱাহ অনুষ্ঠিত কৰি, ৰাইজে সন্ধিয়ালৈ এভাগি ভাওনা প্ৰদৰ্শন কৰে। ই আছিল এক পৰম্পৰা। গাঁৱৰ বুঢ়া -মেথা সকলো মিলি সূত্ৰধাৰৰ পৰা আৰম্ভ কৰি সমূহ চৰিত্ৰৰ অভিনয় এমাহ যোৰা আখৰাৰ অন্তত সাৱলীল ভাৱে প্ৰদৰ্শন কৰি নিজৰ সৃষ্টিশীলতা আৰু আধ্যাত্মিকতাক সুন্দৰকৈ প্ৰদৰ্শন কৰে। সময় সলনি হোৱাৰ লগে লগেই কিন্তু ভাও নাৰ এই পৰম্পৰাগত চৰিত্ৰ নোহোৱা হোৱাৰ উপক্ৰম হৈছে। আজিৰ ভাওনাৰ অতি বৃত্তিমুখী চৰিত্ৰ‌ই ভাওনাৰ যেন আধ্যাত্মিকতাকো ম্লান পেলাইছে। বাণিজ্যিকতাৰ কঢ়াল গ্ৰাসত পৰি আধুনিককতাৰ নামত ভাওনাত যি ৰহণ সানিবলৈ চেষ্টা কৰা হৈছে সম্পূৰ্ণ গ্ৰহণযোগ্য নহয়। আজিৰ ভাওনাত উচ্চ প্ৰাৱল্যৰ চকু চাট মৰা পোহৰে ভাওনাক অপ্ৰিয় ভাৱে ক্লাৱলৈ ৰূপান্তৰিত কৰিছে। ইয়াৰোপৰি অভিনয়ৰ ক্ষেত্ৰতো অতি বেছি দক্ষতাৰ পৰিচয় দিবলৈ গৈ একাংশ‌ই ভাওনাৰ মৰ্যাদাক ভৰিৰে মোহৰাৰ দৰে অৱস্থাৰ সৃষ্টি কৰিছে। আটাইতকৈ ডাঙৰ কথাটো হ'ল মাইকৰ কাণ তাল মৰা শব্দ‌ই দোহাৰৰ গীত সমূহ, গায়ন বায়নকো অতিৰঞ্জিত ৰূপ প্ৰদান কৰিছে। যি ভাওনা এখনৰ প্ৰতি অতিকে চিন্তনীয়। অতি বেছি প্ৰতিযোগিতামূলক হোৱাৰ বাবেই ভাওনাই নিজৰ স্বকীয়তা এদিন হেৰুৱায় পেলাৱ বুলি আশংকা আহি পৰিছে। 

   
https://dcjgu.blogspot.com/2024/12/blog-post_88.html

 ইফালে, শ্ৰী কৃষ্ণৰ ৰাস মহোৎসৱৰ ক্ষেত্ৰতো একেই আঁওহতীয়া সংস্কৃতিয়ে পোখা মেলিছে যিয়ে ৰাসৰ মান মৰ্যাদাৰ প্ৰতিও প্ৰশ্ন আনি দিছে। ৰাস পূৰ্ণিমাৰ দিনা অনুষ্ঠিত হ'ব লগীয়া ৰাস যেতিয়া সপ্তাহ জুৰি চলে বা কোনো কোনো ঠাইত ৰাসৰ ঐতিহ্য, মহত্বক ভেঙুচালি কৰি মাহ পৰ্যন্ত ৰাস অনুষ্ঠিত কৰে, তেতিয়া হ'লে ৰাসৰ বিষয়ে কি ধাৰণা ভৱিষ্যত প্ৰজন্ম‌ই লাভ কৰিব সেইয়া লক্ষ্যনীয় হ'ব। এইদৰে ৰাস মহোৎসৱ আধুনিকতাৰ কঢ়াল গ্ৰাসত থাকিলে ৰাস বুলিলে কেৱল বাণিজ্য মেলা বুলিহে ভৱিষ্যতলৈ চিনাকী ৰ'ব। গতিকে সময় থাকোঁতেই প্ৰতিজন সচেতন অসমীয়াই ৰাস আৰু ভাওনাৰ স্বকীয়তা ৰক্ষাৰ্থে এঘড়ী যুঁজাৰ পণ ল'ব লাগিব। 

হিমাঞ্চল দত্ত।
যোগাযোগ আৰু সাংবাদিকতা বিভাগ, গুৱাহাটী বিশ্ববিদ্যালয়।

No comments:

Post a Comment

বড়ো সাহিত্যলৈ মিছনেৰীসকলৰ অৱদান

অসমৰ বড়ো লোকসকলৰ মাজত খ্ৰীষ্টিয়ান মিছনেৰীসকলে ধৰ্ম প্ৰচাৰৰ মাজেৰে শৈক্ষিক,ভাষিক তথা সাংস্কৃতিক আদি দিশত বিভিন্ন অৱদান আগবঢ়াই গৈছে।মৌখিক প...