Sunday, 22 December 2024

বড়ো সাহিত্যলৈ মিছনেৰীসকলৰ অৱদান



অসমৰ বড়ো লোকসকলৰ মাজত খ্ৰীষ্টিয়ান মিছনেৰীসকলে ধৰ্ম প্ৰচাৰৰ মাজেৰে শৈক্ষিক,ভাষিক তথা সাংস্কৃতিক আদি দিশত বিভিন্ন অৱদান আগবঢ়াই গৈছে।মৌখিক পৰম্পৰাগত বড়ো ভাষা সাহিত্যক মিছনেৰীসকলে পোনপ্ৰথমে লিখিত ৰূপ প্ৰদান কৰে।মিছনেৰীসকলে বড়ো ভাষাৰ ব্যাকৰণ ৰচনা অভিধান প্ৰণয়ন আৰু বড়ো সমাজত প্ৰচলিত লোকসাহিত্যৰ সংগ্ৰহ তথা প্ৰকাশৰ যোগেদি বড়ো ভাষাক লিখিত ৰূপত প্ৰতিষ্ঠা কৰে।বড়ো ভাষাৰ প্ৰথমখন ব্যাকৰণ হ'ল ৰেভাৰেণ্ড চিডনি এণ্ডেলৰ "এন আউটলাইন গ্ৰামাৰ অৱ কছাৰী লেংগুৱেজ"। এই ব্যাকৰণখনৰ যোগেদিয়েই বড়ো ভাষাই লিখিত ৰূপ লাভ কৰে।বড়ো সাহিত্যৰ সংগ্ৰহ তথা প্ৰকাশৰ বাবে আগবাঢ়ি অহা প্ৰথমগৰাকী খ্ৰীষ্টিয়ান মিছনেৰী হ'ল জে বি এণ্ডাৰছন।বড়ো লোকসাহিত্যলৈ খ্ৰীষ্টিয়ান মিছনেৰীসকলে আগবঢ়োৱা আন এটা লেখত লবলগীয়া অৱদান হ'ল ৰেভাৰেণ্ড চিডনি এণ্ডেলৰ ১৯১১ চনত প্ৰকাশ হোৱা "দ্য কছাৰী"।ঐতিহাস দিশৰ পৰা তেওঁৰ এই গ্ৰন্থখনৰ বিশেষ মূল্য আছে কাৰণ গ্ৰন্থখনৰ মূল বিষয়বস্তু হৈছে বড়ো জাতিৰ ইতিহাস। ইয়াৰ লগতে খ্ৰীষ্টিয়ান মিছনেৰীসকলৰ প্ৰচেষ্টাত প্ৰথমখন পঢ়াশালীয় "কছাৰী ৰিডাৰ" বড়ো ভাষাত প্ৰণয়ন হয়।এনেদৰেই বড়ো লোকসাহিত্যলৈ খ্ৰীষ্টিয়ান মিছনেৰীসকলে এক মূল অৱদান আগবঢ়াই গৈছে।



দ্ৰিতীপ বৰ্মন 

তৃতীয় ষান্মাসিক

যোগাযোগ আৰু সাংবাদিকতা বিভাগ

ভূটানত এভূমুকি



ভ্ৰমণে আমাক আনন্দ দিয়ে। অৱশ্যে মানুহৰ মনৰ অৱসাদ দূৰ কৰি নতুন উৎসাহ উদ্দীপনাৰে সজাই পৰাই তোলাৰ সমান্তৰালভাৱে ভ্ৰমণে মানুহৰ জ্ঞান আৰু অভিজ্ঞতাৰ ভঁৰালটোৱো বৰকৈ সমৃদ্ধ কৰে। কথাতে কয়, পঢ়ি শিকাতকৈ দেখি শিকাতো শ্ৰেয় আৰু উজু। নিজচকুৰে দেখি অথবা বাস্তৱ অভিজ্ঞতা লগত লৈ কামত আগবাঢ়িলে তাৰ স্মৃতি হেনো চিৰদিনলৈ থাকি যায়। সেই আপাহতে ব্যস্ত জীৱনৰ মাজতে অকণমান সুৰুঙা উলিয়াই লগৰ কেইজনীমানৰ সৈতে আমিও কৰবালৈ যাওঁ বুলি মন বান্ধিলোঁ। উদ্দেশ্য- বিদেশ ভ্ৰমণ। ক'তনো যাম, ক'ত থাকিম, কি খাম সকলো পৰিকল্পনা সামৰি আমি আমাৰ ভ্ৰমণৰ কাৰ্য্যসূচী আৰম্ভ কৰিলোঁ এইবাৰ দূর্গা পূজাৰ বন্ধতেই। মনে মিলা বন্ধু, তাতে আকৌ নতুন ঠাই এখন চোৱাৰ-দেখাৰ আনন্দ!  সেই স্ফূৰ্তিক ধৰি ৰাখি যোৱা ৩০ অক্টোবৰ তাৰিখে আমি , মানে মই আৰু বান্ধৱী কৰিমা, নীলা, ভাৰ্জিনা আৰু জানমণি জালুকবাৰীৰ পৰা প্ৰথমে ৰঙিয়া আৰু তাৰ পিছত তামুলপুৰৰ কৰিমাহঁতৰ ঘৰলৈ ৰাওনা হলোঁ। নতুন ঠাই নতুন মানুহ ।গাড়ীৰ পৰা নামিয়ে আমি পোনতে কৰিমাহঁতৰ ঘৰলৈ বুলি খোজ ললোঁ। কৰিমাহঁতৰ গাওঁখনৰ প্ৰায় ভাগ মানুহেই বড়ো সম্প্ৰদায়ৰ । প্ৰথমে আমি গৈয়ে গা পা ধুই বহুত আদৰৰে   খুড়ীয়ে বনাই ৰখা ভাত সাঁজ খাবলৈ গলোঁ। ভাতৰ পাতত বহি দেখিলোঁ নানা তৰহৰ বড়ো সম্প্ৰদায়ৰ খাদ্য সম্ভাৰ। ৰাতিটো তাতে কটাই পিছদিনা আমি যাবলৈ ওলালো ভূটানলৈ বুলি।



প্ৰায় ১০/১১ বজা মানত আমি তামুলপুৰ ভূটানৰ সীমাত উপস্থিত হৈছিলোঁ। অসম পাৰ হৈ ভূটানৰ সীমাত ভৰি দিয়াৰ লগে লগে আপ্লুত হৈ পৰিছিলো ভূটানৰ প্ৰাকৃতিক সৌন্দৰ্য্যত। ধুনীয়া চাফ-চিকুন ৰাস্তাটোৰে আগবাঢ়ি গৈ থাকোঁতে হঠাৎ চকুত পৰিল ভূটানৰ এটা বৌদ্ধ মঠ । লগে লগে গাড়ীৰ  পৰা নামি লৰাধপৰাকৈ নামি গলোঁ। তাত অলপ সময় কটাই আমি আকৌ আগবাঢ়ি গলোঁ ভুটানৰ একা বেঁকা বাটেৰে। ধুনীয়া ভূটানখনক গাড়ীৰ খিৰিকিৰে চাই চাই ইমানেই ভাল লাগিছিল যে নোকোৱাকৈ থাকিব নোৱাৰি। মাজে সৰু সৰু লৰা ছোৱালীবোৰ স্কুলৰ পৰা উভতি আহি থকা দেখি আটাইতকৈ ভাল লাগিল সিহঁতৰ স্কুল পোছাকযোৰ। ইমান ধুনীয়া পৰিপাতিকৈ পিন্ধি যোৱা সৰু সৰু লৰা ছোৱালীবোৰে ভূটানৰ সেই একা বেঁকা চাফ চিকুন ৰাস্তাটো যেন বেছি মোহনীয় কৰি তুলিছিল । ভূটানৰ সকলোতকৈ ভাল লগা আৰু এটা কাৰণ আছিল তাত বসবাস কৰা মানুহৰ সংখ্যা বহুত কম। পাহাৰৰ মাজে মাজে অৱস্থিত এটা দুটা ঘৰ দুখন এখন দোকান আৰু ধুনীয়া ধুনীয়া দলং বোৰ পাৰ পাৰ হৈ হৈ গৈ থাকোঁতে কেতিয়ানো দিনটো গুচি গল গমেই নাপালোঁ।

 এনেকে গোটেই দিনটো ভূটানৰ আশে পাশে ঘূৰি ফুৰি পেট পূজাৰ কৰাৰ মানসেৰে খাবলৈ গৈছলো। ভুটানৰ এটা ধুনীয়া পৰম্পৰাগত খাদ্য থূপকা খাই ঘৰলৈ বুলি ওভটিলোঁ। সচাকৈয়ে এই ভ্ৰমণে আমাক আপ্লুত কৰিলে, ভূটান দেশৰ সমাজ - সংস্কৃতিৰ বিষয়েও আমি এটা আভাষ পালোঁ।


 যুগস্মিতা দাস 

তৃতীয় সান্মষিক , যোগাযোগ আৰু সাংবাদিকতা বিভাগ ।

অত্যাধুনিকতাই ৰাখিবগৈ নে ৰাস আৰু ভাওনাৰ স্বকীয়তা?




শ্ৰীমন্ত শংকৰদেৱৰ অনবদ্য সৃষ্টি ৰাস আৰু ভাওনা। অতীজৰে পৰা অসমৰ ভিন্ন প্ৰান্তত অসমীয়াৰ‌ আৱেগ সঞ্চাৰিত হৈ ৰাস আৰু ভাওনা উৎযাপিত হৈ আহিছে। ভাওনা আৰু ৰাস, দুয়োটি সাংস্কৃতিক তথা আধ্যাত্মিক কঠিয়াতলীত অসমীয়াৰ কৃষ্টি আৰু ভক্তিৰ বিৰাজমান হৈ আছে। শ্ৰীমন্ত শংকৰদেৱৰ চিহ্নযাত্ৰাৰে আৰম্ভ হৈ পত্নী প্ৰসাদ, কালীয় দমন, কেলিগোপাল, ৰুক্মিণী হৰণ, পাৰিজাত হৰণ, ৰাম বিজয়, এই মহান নাট কেইখনৰ সৃষ্টিৰেই ভাওনাৰ ধাৰা আৰম্ভ হোৱা বুলি প্ৰৱাদ আছে। এটা সময় আছিল, জেঠ- আহাৰ মাহত প্ৰতিখন অসমীয়া গাঁৱৰ নামঘৰত বৰসৱাহ অনুষ্ঠিত কৰি, ৰাইজে সন্ধিয়ালৈ এভাগি ভাওনা প্ৰদৰ্শন কৰে। ই আছিল এক পৰম্পৰা। গাঁৱৰ বুঢ়া -মেথা সকলো মিলি সূত্ৰধাৰৰ পৰা আৰম্ভ কৰি সমূহ চৰিত্ৰৰ অভিনয় এমাহ যোৰা আখৰাৰ অন্তত সাৱলীল ভাৱে প্ৰদৰ্শন কৰি নিজৰ সৃষ্টিশীলতা আৰু আধ্যাত্মিকতাক সুন্দৰকৈ প্ৰদৰ্শন কৰে। সময় সলনি হোৱাৰ লগে লগেই কিন্তু ভাও নাৰ এই পৰম্পৰাগত চৰিত্ৰ নোহোৱা হোৱাৰ উপক্ৰম হৈছে। আজিৰ ভাওনাৰ অতি বৃত্তিমুখী চৰিত্ৰ‌ই ভাওনাৰ যেন আধ্যাত্মিকতাকো ম্লান পেলাইছে। বাণিজ্যিকতাৰ কঢ়াল গ্ৰাসত পৰি আধুনিককতাৰ নামত ভাওনাত যি ৰহণ সানিবলৈ চেষ্টা কৰা হৈছে সম্পূৰ্ণ গ্ৰহণযোগ্য নহয়। আজিৰ ভাওনাত উচ্চ প্ৰাৱল্যৰ চকু চাট মৰা পোহৰে ভাওনাক অপ্ৰিয় ভাৱে ক্লাৱলৈ ৰূপান্তৰিত কৰিছে। ইয়াৰোপৰি অভিনয়ৰ ক্ষেত্ৰতো অতি বেছি দক্ষতাৰ পৰিচয় দিবলৈ গৈ একাংশ‌ই ভাওনাৰ মৰ্যাদাক ভৰিৰে মোহৰাৰ দৰে অৱস্থাৰ সৃষ্টি কৰিছে। আটাইতকৈ ডাঙৰ কথাটো হ'ল মাইকৰ কাণ তাল মৰা শব্দ‌ই দোহাৰৰ গীত সমূহ, গায়ন বায়নকো অতিৰঞ্জিত ৰূপ প্ৰদান কৰিছে। যি ভাওনা এখনৰ প্ৰতি অতিকে চিন্তনীয়। অতি বেছি প্ৰতিযোগিতামূলক হোৱাৰ বাবেই ভাওনাই নিজৰ স্বকীয়তা এদিন হেৰুৱায় পেলাৱ বুলি আশংকা আহি পৰিছে। 

   
https://dcjgu.blogspot.com/2024/12/blog-post_88.html

 ইফালে, শ্ৰী কৃষ্ণৰ ৰাস মহোৎসৱৰ ক্ষেত্ৰতো একেই আঁওহতীয়া সংস্কৃতিয়ে পোখা মেলিছে যিয়ে ৰাসৰ মান মৰ্যাদাৰ প্ৰতিও প্ৰশ্ন আনি দিছে। ৰাস পূৰ্ণিমাৰ দিনা অনুষ্ঠিত হ'ব লগীয়া ৰাস যেতিয়া সপ্তাহ জুৰি চলে বা কোনো কোনো ঠাইত ৰাসৰ ঐতিহ্য, মহত্বক ভেঙুচালি কৰি মাহ পৰ্যন্ত ৰাস অনুষ্ঠিত কৰে, তেতিয়া হ'লে ৰাসৰ বিষয়ে কি ধাৰণা ভৱিষ্যত প্ৰজন্ম‌ই লাভ কৰিব সেইয়া লক্ষ্যনীয় হ'ব। এইদৰে ৰাস মহোৎসৱ আধুনিকতাৰ কঢ়াল গ্ৰাসত থাকিলে ৰাস বুলিলে কেৱল বাণিজ্য মেলা বুলিহে ভৱিষ্যতলৈ চিনাকী ৰ'ব। গতিকে সময় থাকোঁতেই প্ৰতিজন সচেতন অসমীয়াই ৰাস আৰু ভাওনাৰ স্বকীয়তা ৰক্ষাৰ্থে এঘড়ী যুঁজাৰ পণ ল'ব লাগিব। 

হিমাঞ্চল দত্ত।
যোগাযোগ আৰু সাংবাদিকতা বিভাগ, গুৱাহাটী বিশ্ববিদ্যালয়।

মুখাশিল্প আৰু যুৱপ্ৰজন্মৰ কৰণীয়


      বিভিন্ন জাতি-জনগোষ্ঠীক একত্ৰিত কৰি মহান অসমীয়া জাতিটোৰ পৰিচয় দাঙি ধৰা গুৰু দুজনাৰ সৃষ্টিৰাজিসমূহৰ ভিতৰত এক অপূৰ্ব নিদৰ্শন হ’ল ‘মুখাশিল্প’। ১৫ শতিকাতে ভাওনাৰ অভিনয়ত বিশেষ স্হান পোৱা মুখা অসমৰ পৰম্পৰাগত লোককলা।

       


পৰম্পৰাগতভাৱে চলি অহা এই মুখাশিল্পক জীয়াই ৰখাৰ উদ্দেশ্যে আৰু নৱপ্ৰজন্মৰ মাজত মুখাশিল্পক অধিক জনপ্ৰিয় কৰাৰ বাবে সংগীত নাটক অকাডেমীৰ অধীনত ২০০৩ চনত চামগুৰিত মুখা নিৰ্মাণ কেন্দ্ৰ স্হাপিত হয়। কেন্দ্ৰটোত স্হানীয় লোকৰ ওপৰিও বাহিৰৰ পৰা অহা লোকেও মুখা নিৰ্মাণৰ প্ৰশিক্ষণ গ্ৰহণ কৰি আছে। তাৰোপৰি মুখা নিৰ্মাণ কেন্দ্ৰটো পৰিদৰ্শন কৰাৰ কাৰণে বিভিন্ন দেশৰ পৰ্যটকৰ সমাগম হয়। 

    প্ৰয়াত ৰুদ্ৰকান্ত দেৱ গোস্বামীৰ সুযোগ্য সন্তান শিল্পী পদ্মশ্ৰী বঁটাপ্ৰাপ্ত হেমচন্দ্ৰ গোস্বামীদেৱে কঠোৰ সাধনা আৰু উদ্ভাৱনশীলতাৰে মুখাশিল্পক এক নতুন মাত্ৰা প্ৰদান কৰিছে। তেখেতৰ হাতৰ পৰশত অতীৱ সুন্দৰ ৰূপ লাভ কৰা কেইবাটাও মুখাই ব্ৰিটিছ মিউজিয়ামত শোভাবৰ্ধন কৰিছে। মুখাশিল্পৰ আজীৱন চৰ্চাৰ বাবেই তেখেতে সংগীত নাটক অকাডেমী বঁটা লাভ কৰাৰ লগতে অসমৰ প্ৰথমখন বিশ্ববিদ্যালয় গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা সন্মানীয় ডক্টৰেট ডিগ্ৰী লাভ কৰিছিল। 

   


 মুখাশিল্পক ভৱিষ্যতলৈ সজীৱ কৰি ৰখাৰ উদ্দেশ্যে যুৱপ্ৰজন্মৰ বহুখিনি কৰিবলগীয়া আছে। বৰ্তমানৰ ল’ৰা-ছোৱালীয়ে মুখাশিল্পৰ প্ৰতি আগ্ৰহী হ’লেও টকা-পইছাৰ বাবে অন্য ভাল চাকৰি বা ব্যৱসায়ৰ পিছত দৌৰা দেখা যায়। গতিকে মুখাশিল্পক ‍বহুতে নিজৰ মুখ্য উপাৰ্জনৰ আহিলা হিচাপে ল’বলৈ ইচ্ছুক নহয়। ভাওনাৰ বাহিৰেও যদিহে মুখা অন্যান্য ক্ষেত্ৰত যেনে— উপহাৰ হিচাপে দিয়া, সভা-সমিতি, উৎসৱ-পাৰ্বণত সজোৱা, ঘৰত সজোৱাত ব্যৱহৃত হয় তেন্তে নিশ্চয় মুখাশিল্পীয়ে নিজৰ সঠিক প্ৰাপ্যখিনি পাব আৰু আৰ্থিক দিশত লাভান্বিত হ’ব। লগতে মুখাশিল্পৰ ব্যাপক প্ৰয়োগ দেখিলে যুৱপ্ৰজন্মই মুখাসমূহ আকোঁৱালি লোৱাৰ লগতে শিকিবলৈ আগ্ৰহ দেখুৱাব।

      দেখা যায় যে ভাওনা অসমৰ সকলো ঠাইতে প্ৰদৰ্শিত নহয়। গতিকে অসমৰ সৰু-বৰ সকলো ঠাইতে ভাওনাৰ প্ৰদৰ্শন হ’লে নিশ্চয় সকলো ঠাইৰ যুৱপ্ৰজন্মই মুখাৰ প্ৰতি আকৰ্ষিত হ’ব। লগতে অসমৰ বিখ্যাত পৰ্যটনস্হলীসমূহতো মুখা প্ৰদৰ্শনৰ ব্যৱস্হা কৰিব পাৰি। যাতে বিদেশত গামোছা, চাহবাগান, এশিঙীয়া গড়ৰ লগতে মুখাশিল্পইও অসম তথা অসমীয়াৰ চিনাকী বহন কৰে।


নাম - শ্ৰী তৃষানীলা ডেকা

ষান্মাসিক - তৃতীয় ষান্মাসিক

মহাভৈৰৱ মন্দিৰ


        ইতিহাসৰ বহু-ঘটনা পৰিঘটনাৰ সাক্ষী তেজপুৰ চহৰ।বহু কীৰ্তিচিহ্নই সজীৱ কৰি ৰাখিছে এই চহৰৰ ঐতিহ্য আৰু সংস্কৃতি। সেইসমূহৰ ভিতৰতঐতিহাসিক মহাভৈৰৱ মন্দিৰঅন্যতম।

       তেজপুৰ চহৰৰ উত্তৰ দিশত এটা সৰু টিলাৰ ওপৰত মহাভৈৰৱ মন্দিৰ অৱস্থিত। মহাভৈৰৱ মন্দিৰত হিন্দুসকলৰ আৰাধ্য দেৱতা শিৱক প্ৰত্যেক দিনা পূজা অৰ্চনা কৰা হয়। 


       কথিত আছে যে দ্বাপৰ যুগত শিৱভক্ত বাণাসুৰে এই মন্দিৰ নিৰ্মান কৰিছিল। মন্দিৰৰ ভূমিৰ পৰিমাণ ১৫৯ কঠা ৩ লেচা। মন্দিৰৰ চাৰিওফালে সিঁচৰিত ভগ্ন শিলাখণ্ডসমূহৰ পৰা এইটো অনুধাৱন কৰিব পাৰি যে মূল মন্দিৰক কেন্দ্ৰ কৰি আন সৰু সৰু মন্দিৰ নিৰ্মান কৰা হৈছিল । লগতে এইটোও কথিত আছে যে বাণৰজাৰ জীয়ৰী ঊষাই মহাভৈৰৱ মন্দিৰ ভাগতেই সদায় পূজা অৰ্চনা কৰিছিল । মূল মন্দিৰৰ ভিতৰত এটা বৃহৎ শিৱলিংগ আছে । এই লিংগটো ৰ উচ্চতা প্ৰায় ৩.২ মিটাৰ আৰু প্ৰস্থ প্ৰায় ২.৩ মিটাৰ । মহাভৈৰৱ মন্দিৰৰ এই শিৱলিংগ এছিয়া মহাদেশৰ বৃহত শিৱলিংগ সমূহৰ ভিতৰত লেখত ল'বলগীয়া।

        আদিতে এই মন্দিৰ ভাগ শৈল নিৰ্মিত আছিল যদিও পিছত আহোম ৰাজত্ব কালত পুণৰ নিৰ্মাণ কৰা হয়। প্ৰচণ্ড ধুমুহাৰ ফলত মন্দিৰৰ তোৰণ ভাগ ভাগি চুৰ-মাৰ হোৱাত তোৰণৰ লগতে মন্দিৰৰ বহু অংশ দ্বিতীয় বাৰলৈ পুনৰ নিৰ্মাণ কৰা হয় ।

         ইতিহাস মতে তুংখুঙীয়া বংশৰ দ্বাৰা দান দিয়া দেৱোত্তৰ ভূমিত এই মন্দিৰৰ নিৰ্মান কৰোৱা হয় । মন্দিৰৰ পৰিচালনাৰ বাবে তেওঁলোকে ইয়াত পূজাৰী আদিওঁ নিয়োগ কৰিছিল, বৰ্তমান অসম চৰকাৰৰ হস্তক্ষেপত এখন পৰিচালনা সমিতিৰ দ্বাৰা মন্দিৰৰ কাম-কাজ পৰিচালিত হৈ আছে। প্ৰতি বছৰে মহাশিৱ ৰাত্ৰি এই মন্দিৰত ধুম ধামকৈ পালন কৰা হয় ।  


ভাৰ্জিনা খাখলাৰী 

যোগাযোগ আৰু সাংবাদিকতা বিভাগ, গুৱাহাটী বিশ্ববিদ্যালয়

অসমৰ অমিতাভ বচ্চন - বিজয় স্যাক্সেনা


বিখ্যাত তাৰকা অমিতাভ বচ্চন আমাৰ সকলোৰেই পৰিচিত-বিগ বি, সকলো ভাৰতবাসীৰ প্ৰিয় । আমাৰ অসমতো আছিল আৰু এজন বিগ বি অবিকল বলিউডৰ অমিতাভ বচ্চনৰ দৰেই অকল চেহেৰাতেই একে নহয় কামতো অৰ্থাৎ এখেতেও নায়ক হিচাপে কাম কৰিছিল বহুত জনপ্ৰিয় হিন্দী চিনেমাত । এইজন ব্যক্তি আছিল অসমৰ ধুবুৰী চহৰৰ মিন্টু পাল, চিনেমা জগতত বিখ্যাত হৈছিল বিজয় স্যাক্সেনা নামেৰে । অমিতাভ বচ্চনৰ চেহেৰাৰ লগতে আছিল সম্পূৰ্ণ সাদৃশ্য সেইবাবেই সুযোগ পাইছিল বলিউডত বহুতে "নকল অমিতাভ" বুলিও পৰিচিত আছিল। কৰ্ম জীৱনত প্ৰৱেশ কৰিছিল এজন "স্পট বয়" হিচাপে পিছত হিন্দীত অনাৰ্ছ লৈ বি.এ পাছ কৰে । বহুত চেষ্টাৰ ফলত ১৯৯১ চনত অভিনয় জগতত পাতনি মেলে "স্বৰ্গ ৱাহা নৰক ৱাহা" চিনেমাৰ জৰিয়তে, তাৰ পিছত, বলিউডত খলকনিৰ সৃষ্টি কৰা "শোলে" চিনেমাৰ অনুসৰণ কৰা "ৰাম গড় কে শোলে"(১৯৯১) ত মুখ্য চৰিত্ৰত অভিনয় কৰি দৰ্শকৰ মন জিকিবলৈ সক্ষম হয় । 



তাৰপিছত বিজয় স্যাক্সেনাৰ কেৰিয়াৰত এটাৰ পিছত এটা চিনেমাৰ সুযোগ আহি আছিল, ১৯৯২ চনত "দিল কা কেয়া কাসুৰ", "বাসন্তী টাঙ্গেৱালী", "গঙ্গা বানি শোলা", ১৯৯৩ চনত "বাঘি সুলতানা", "আখৰি চেতাৱনী", এইখনত তেখেতৰ সৈতে নায়িকা হিচাপে অভিনয় কৰিছিল বিখ্যাত 'সুধা চন্দ্ৰন' তাৰপিছত সেই বছৰতে আহিল "ফুলো হাছিনা ৰামকলি", ১৯৯৪ চনত আৰু এখন চিনেমা "গঙ্গাপুৰ কী গীতা" । লাহে লাহে জনপ্ৰিয়তা পালে বলিউডৰ লগত অসমতো, ধুবুৰীৰ মানুহে বৰ বেছিকৈ ভাল পাইছিল তেখেতক কিয়নো ৯০ৰ দশকত মুম্বাইত গৈ ইমানখিনি জনপ্ৰিয়তা পোৱাটো সহজ কথা নাছিল সাধাৰণ ঘৰৰ লৰা এজনৰ বাবে, কিন্তু সদায়েই জীৱনৰ নাওখন সমান ভাবে চলি নাথাকে হঠাতেই এদিন মুম্বাইৰ ৰাজপথত গাড়ীৰে গৈ থাকোতে এক দুৰ্ঘটনাত পতিত হৈ অকাল মৃত্যুক সাৱটি লয় মিণ্টু পাল,  বলিউড খ্যাত বিজয় স্যাক্সেনাই । মৃত্যুৰ আগত 

১৯৯৪ চনত বলীউডৰ এজন শীৰ্ষ পৰিচালকৰ লগত চুক্তিবদ্ধ কৰিছিল আগন্তুক চিনেমাৰ বাবে কিন্তু সকলো যেন ৰৈ গ'ল তেনেকৈয়ে । আজিও ধুবুৰীৰ নুনীয়াপট্টিত থকা মিণ্টু পালৰ প্ৰিয় ছেলুন খনত তেখেতৰ স্মৃতিত আছে বহু ছবি । ধুবুৰীৰ ২৬ বছৰীয়া এইগৰাকী সুসন্তান মিণ্টু পাল ১৯৯৪ চনৰ ২৪ জুনত গলগৈ অজান দেশলৈ । ধুবুৰীবাসীয়ে এতিয়াও কয় যে তেখেতৰ মৃত্যু সাধাৰণ দুৰ্ঘটনাই নাছিল হয়তো পূৰ্বপৰিকল্পিত আছিল । 




-ৰামকৃষ্ণ সৰকাৰ, তৃতীয় সান্মাষিক ।

বৰদৈচিলা


চ'তৰ বিহুত বৰদৈচিলা মাকৰ ঘৰলৈ যায়। 

গছ- গছনি ঘৰ - দুৱাৰ নিয়ে উৰুৱাই।

হিল - দোল ভাঙি - ছিঙি মেলিছা ঢাপলি 

লগত নিছা লগৰীয়া যত বা মাৰলি।


হেমচন্দ্ৰ গোস্বামী ডাঙৰীয়াই কবিতাৰ জৰিয়তে অতি সুন্দৰকৈ বৰদৈচিলাৰ বিষয়ে বৰ্ণনা কৰিছে । ইয়াৰ বাহিৰেও বিভিন্নজনে অনেক কবিতা, গীত আদি বৰদৈচিলাৰ ওপৰত লিখি থৈ গৈছে। আমাৰ অতিকৈ মৰমৰ ৰঙালী বিহুৰ সৈতে  বৰদৈচিলা জড়িত হৈ আছে বাবে অসমীয়াৰ লগত বৰদৈচিলাৰ সম্বন্ধ গুৰুত্বপূৰ্ন  ।

      বৰদৈচিলা বা বাৰদৈচিখলা( বড়ো: बारदैसिख‌‌ला)বৰ্ষাকালত অসমত মৌচুমী বতাহ অহাৰ সময়ত অহা এক ধুমুহা তথা অসমীয়া আৰু বড়ো লোককথাৰ এগৰাকী অপেশ্বৰী। অসমীয়া লোককথা অনুসৰি ' বৰদৈচিলা ' নামৰ অপেশ্বৰীজনীয়ে বিহুৰ আগেয়ে নিজৰ মাকৰ ঘৰলৈ খৰখেদাকৈ যাওঁতে বাটত পোৱা সকলোবোৰ বস্তু নষ্ট কৰি যায় যিয়ে এই বতাহজাকক বুজাই। আকৌ বড়ো লোককথা অনুসৰি বাৰদৈচিখলা বতাহ আৰু পানী নিয়ন্ত্ৰণ কৰি বৰষুণ, শিলাবৃষ্টি আৰু বজ্ৰপাত সৃষ্টি কৰাৰ ক্ষমতা থকা অপেশ্বৰী।

   

https://images.app.goo.gl/f8KTqCGruxVPsRsf7

লোকবিশ্বাস অনুসৰি বৰদৈচিলা বিবাহিত মহিলা । প্ৰতি বছৰে যেতিয়া বহাগ মাহত নিজৰ মাকৰ ঘৰলৈ প্রবল বেগত উৰি আহে বাবে ধুমুহাৰ সৃষ্টি হয় আৰু বাটত পোৱা খেতি - পথাৰ নষ্ট কৰি দিয়ে। বৰদৈচিলা এই ধুমুহাৰ সৃষ্টিকৰ্তা সেয়েহে এই ধুমুহাজাককো বৰদৈচিলা বুলি কোৱা হয়। ইয়াক শান্ত কৰিবলৈ চোতালত দাপোন , ফণি আৰু বৰপীৰা দিয়া হয়। জেঠ মাহত বৰদৈচিলা মাকৰ পৰা বিদায় লৈ স্বামীগৃহ যাবলৈ সাজু হয়। বিদায়ৰ বেদনাত বৰদৈচিলাই কান্দি উঠে আৰু তেওঁৰ চকুৰ পানী বৰষুণ হৈ পৃথিৱীত পৰে।বৰদৈচিলা বিহুৰ সময়ত আহে বাবে ইয়াক বিহুৰ বতৰা আনে বুলি কোৱা হয়।

    বতৰ বিজ্ঞানৰ দৃষ্টিভংগীৰে চাব গ'লে বৰদৈচিলাক ইংৰাজীত Norwester বা Kalbaisakhi বুলি কোৱা হয় যাক বতৰ বিজ্ঞানত এক প্ৰকাৰৰ চৰম পৰিঘটনা  হিচাবে ধৰা হয়। কিয়নো এই পৰিঘটনাৰ ফলতেই অসমকে ধৰি উত্তৰ - পূৱ ভাৰতৰ ৰাজ্যসমূহত প্রচণ্ড ধুমুহা আৰু বৰষুণ হয়। ইংৰাজী মাৰ্চ মাহৰ পৰা মে মাহলৈ এই সময়ছোয়াক ভাৰতৰ বতৰ বিজ্ঞানৰ ভাষাত প্ৰাক - বৰ্ষা ঋতু হিচাপে জনা যায়। এই ঋতু আৰম্ভ হোৱাৰ লগে লগে আৰম্ভ হয় ধুমহা - বৰষুণৰ ঋতু। দেশৰ বিভিন্ন অঞ্চলসমূহত এই ঋতুত হোৱা চৰম বতৰৰ তাৎপৰ্য বেলেগ বেলেগ। উদাহৰণস্বৰূপে, উত্তৰ ভাৰতত এই সময়খিনিত ধূলিৰ ধুমুহা হোৱা দেখা যায়, আনহাতে আমাৰ উত্তৰ - পূৱ ভাৰতত বেছিকৈ এই ঋতুত বিজুলী - ধেৰেকনীৰ উপৰিও তীব্ৰ বেগৰ ধুমুহা বতাহ , শিল বৰষুণৰ সৃষ্টি হয় যাৰ বাবে এই অঞ্চলত প্ৰচুৰ ক্ষতি সাধন হোৱা পৰিলক্ষিত হয়। তীব্ৰ বতাহৰ ফলত গছ- গছনি, কেঁচা ঘৰ , বৈদ্যুতিক খুঁটা আদি ভাঙি পৰি বিস্তৰ ক্ষয়- ক্ষতি কৰে। কেতিয়াবা আকৌ তাৰ লগতে শিল বৰষুণে খেতি পথাৰ সমূহো নষ্ট কৰা দেখা যায়। বজ্ৰপাতৰ ফলত মানুহ, জীৱ-জন্তুৰ প্ৰাণ হানি হোৱাও পৰিলক্ষিত হয়। এইদৰে প্ৰাক বৰ্ষা কালৰ ধুমুহাই প্ৰতি বছৰে অসমৰ লগতে সমগ্ৰ উত্তৰ- পূৱ ভাৰততে বিস্তৰ ক্ষতি সাধন কৰে।


দৰ্শনা নাথ

তৃতীয় ষান্মাসিক

সংগীত :ভাৰতীয় চলচ্চিত্ৰৰ এক সুকীয়া পৰিচয়

 গল্প, আৱেগ আৰু সাংস্কৃতিক প্ৰকাশৰ এক চিৰ যুগমীয়া ঐতিহ্য বহন কৰা ভাৰতীয় বোলছবিৰ পশ্চিমীয়া সমকক্ষৰ পৰা এটা গুৰুত্বপূৰ্ণ দিশত পৃথক, সংগীত আৰু গীতৰ ব্যাপক আৰু অবিচ্ছেদ্য ভূমিকা  ভাৰতীয় বোলছবিক অন্য পশ্চিমীয়া ছবিতকৈ এক বেলেগ ভাষা প্ৰদান কৰি আহিছে। সংগীত কাহিনীৰ এক অন্যতম অংশ হৈ পৰে,  ছবিৰ কাহিনী চিত্ৰ নাট্যক আগবঢ়াই লৈ যোৱাত সহায়ক হয় । নিজৰ মাজতে এটা চৰিত্ৰ হৈ পৰে, আৱেগ প্ৰকাশ কৰে আৰু দৰ্শকৰ সৈতে গভীৰভাৱে অন্তৰ্নিহিত স্তৰত সংযোগ স্থাপন কৰে।


 


এই অনন্য বোলছবি পৰম্পৰাৰ ঘাইশিপাডাল নৃত্য, নাটক, সংগীত আদি প্ৰাচীন ভাৰতীয় পৰিবেশন কলাৰ পৰাই সৃষ্টি হোৱা বুলি প্ৰমাণ পোৱা যায়।  গভীৰভাৱে আন্তঃসংলগ্ন এই ৰূপবোৰ ভাৰতত কাহিনী পৰিবেশন কলাৰ সদায় এক অবিচ্ছেদ্য অংগ হৈ আহিছে।  চিনেমা আহি পোৱাৰ লগে লগে ই স্বাভাৱিকতে এই উপাদানসমূহ গ্ৰহণ কৰি সংগীত আৰু গীতক কাহিনী চিত্ৰনাট্যক আগবঢ়াই নিয়াত নিৰৱচ্ছিন্নভাৱে ভূমিকা গ্ৰহণ কৰিছিল।


পাৰ্চী থিয়েটাৰৰ প্ৰচুৰ প্ৰভাৱ পৰা অতীজৰ ভাৰতীয় চিনেমাই পৰ্দাত সংগীত নাটকৰ উত্থানৰ সাক্ষী হৈছিল।  প্ৰায়ে জনপ্ৰিয় মঞ্চ প্ৰযোজনাৰ অভিযোজন কৰা এই ছবিবোৰত বিশদ সংগীতৰ সংখ্যা আছিল যিয়ে মনোৰঞ্জন আৰু গল্প উপস্থাপনত এক গুৰুত্বপূৰ্ণ আহিলা হিচাপে কাম কৰিছিল।  ভাৰতীয় চিনেমাৰ পিতৃ হিচাপে সততে কৃতিত্ব দিয়া কিংবদন্তি চলচ্চিত্ৰ নিৰ্মাতা দাদাছাহেব ফালকে ভাৰতীয় দৰ্শকৰ প্ৰতি তেওঁলোকৰ অন্তৰ্নিহিত আকৰ্ষণক স্বীকৃতি দি সংগীত আৰু গীতক তেওঁৰ অগ্ৰণী ৰচনাসমূহত সন্নিৱিষ্ট কৰিছিল।


 ধ্ৰুপদী সংগীতৰ ব্যৱহাৰ ভাৰতীয় ছবিৰ এক উল্লেখোগ্য দিশ। ভাৰতীয় শাস্ত্ৰীয় সংগীতৰ চহকী ইতিহাস আৰু হিন্দুস্তানী আৰু কৰ্ণাটকৰ দৰে বৈচিত্ৰময় ৰূপে ভাৰতীয় চিনেমাৰ সংগীতৰ পৰিৱেশক গভীৰভাৱে গঢ় দিছে।  শাস্ত্ৰীয় সংগীতত পোৱা জটিল ৰাগ, সুৰীয়া গঠন, ছন্দময় আৰ্হিক সৃষ্টিশীলভাৱে অভিযোজিত কৰি চলচ্চিত্ৰ গীতত অন্তৰ্ভুক্ত কৰা হৈছে।


হিন্দুস্তানী শাস্ত্ৰীয় সংগীত : পৃথক প্ৰকৃতিৰ বাবে পৰিচিত আৰু সুৰৰ ওপৰত গুৰুত্ব আৰোপ কৰা হিন্দুস্তানী শাস্ত্ৰীয় সংগীতে উত্তৰ ভাৰতীয় চলচ্চিত্ৰ সংগীতত যথেষ্ট প্ৰভাৱ পেলাইছে।  খামাজ, য়মন, ভৈৰৱীৰ দৰে ৰাগৰ ব্যৱহাৰে গীতত গভীৰতা আৰু আৱেগিক অনুৰণন যোগ কৰি হিন্দী চলচ্চিত্ৰ সংগীতৰ এক প্ৰতিকী স্বৰূপ হৈ পৰিছে।


  কৰ্ণাটকীয় শাস্ত্ৰীয় সংগীত : জটিল কণ্ঠ কৌশল আৰু জটিল ছন্দীয় গঠনৰ ওপৰত গুৰুত্ব আৰোপ কৰি কৰ্ণাটিক শাস্ত্ৰীয় সংগীতে দক্ষিণ ভাৰতীয় চলচ্চিত্ৰ সংগীতত যথেষ্ট প্ৰভাৱ পেলাইছে।  কৰ্ণাটক ৰাগ, কণ্ঠ সজ্জা, মৃদংগম আৰু ঘাটমৰ দৰে টান বাদ্যৰ ব্যৱহাৰে দক্ষিণ ভাৰতীয় চিনেমাৰ বাবে এক অনন্য আৰু স্বকীয় ধ্বনিৰ সৃষ্টি কৰিছে ।


 দশক দশক ধৰি ভাৰতীয় চলচ্চিত্ৰ সংগীতৰ বিকাশ ঘটিছে, নতুন ধাৰাক আকোৱালি লৈছে আৰু সমসাময়িক প্ৰভাৱক সন্নিৱিষ্ট কৰি আহিছে।  শাস্ত্ৰীয় সংগীত প্ৰেৰণাৰ এক উল্লেখযোগ্য উৎস হৈয়েই আছে যদিও চলচ্চিত্ৰ সংগীতে লোকসংগীত, জনপ্ৰিয়  সতঃস্ফুৰ্ত সংগীত তথা আন্তঃৰাষ্ট্ৰীয় ধাৰাসমূহৰ প্ৰভাৱান্বিত হৈছে


 ১৯৫০ চনৰ পৰা ১৯৮০ চনলৈকে এই সময়ছোৱাক প্ৰায়ে ভাৰতীয় চলচ্চিত্ৰ সংগীতৰ সোণালী যুগ বুলি গণ্য কৰা হয়।  শচীন দেৱ বৰ্মনৰ দৰে কিংবদন্তি সংগীত পৰিচালকসকলে এই যুগৰ সংখ নাগ কৰিছিল। আৰ.ডি.বৰ্মন ( ৰাহুল দেৱ বৰ্মন), আৰু শংকৰ-জয়কিশনে সৃষ্টি কৰিছিল কালজয়ী সুৰ যিয়ে লাখ লাখ লোকৰ হৃদয় আকৰ্ষণ কৰিছিল।  এই যুগত ৰোমান্টিক গীত, আত্মাস্পৰ্শী গজল, দেশপ্ৰেমমূলক গীতৰ এক ফুলনি সদৃশ প্ৰতিচ্ছবিৰ সৃষ্টি হৈ পৰিছিল । কিশোৰ কুমাৰ, মান্না দে , হেমন্ত মুখপাধ্যায় , মহম্মদ ৰফি , লতা মঙ্গেশকাৰ আদিৰ দৰে চিৰনমস্য কিংবদন্তি সংগীতশিল্পী সকলে ভাৰতীয় সঙ্গীতৰ ধাৰাক এক খাপ আগুৱাই লৈ যোৱাত অভূতপূৰ্ব অবদান আগবঢ়াইছিল । গীতৰ কথা ও এই সময়ছোৱাৰ এক অন্যতম নিদৰ্শন আছিল ।


শেহতীয়া দশকবোৰত ভাৰতীয় চলচ্চিত্ৰ সংগীতত পৰীক্ষা-নিৰীক্ষা আৰু উদ্ভাৱনৰ উত্থান ঘটিছে।  সমসাময়িক সংগীত পৰিচালকে পৰম্পৰাগত ভাৰতীয় উপাদানসমূহক ৰক, পপ, আৰু ইলেক্ট্ৰনিক সংগীতৰ দৰে পশ্চিমীয়া ধাৰাসমূহৰ সৈতে  সংযোজন কৰি এক নতুন ধৰণৰ শব্দৰ সৃষ্টি কৰিছে।


 ভাৰতীয় চিনেমাত সংগীত আৰু গীতৰ ব্যৱহাৰে উদ্যোগটোৰ বিকাশত গভীৰ প্ৰভাৱ পেলাইছে,সংগীতে আৱেগিক অনুঘটক হিচাপে কাম কৰে, দৰ্শকৰ সৈতে গভীৰ স্তৰত সংযোগ স্থাপন কৰে।  আকৰ্ষণীয় সুৰ আৰু আত্মাস্পৰ্শী গীতৰ কথাবোৰ প্ৰায়ে তৎক্ষণাত দৰ্শকক আপ্লুত কৰে যাৰ ফলশ্ৰতিত ছবিখনৰ সীমা অতিক্ৰম কৰি স্বতন্ত্ৰ জনপ্ৰিয়তা লাভ কৰে। বহুসময়ত ছবিৰ কাহিনী অথবা বা পটভূমি শক্তিশালী নহলেওঁ সংগীতে ছবিখনক বাণিজ্যিকভাৱে সফল কৰাত ইন্ধন যোগায় ।


সমাজৰ মূল্যবোধ, আকাংক্ষা, পৰিৱৰ্তিত সময়ৰ প্ৰতিফলন ঘটাই চলচ্চিত্ৰ গীত ভাৰতীয় সংস্কৃতিৰ এক অবিচ্ছেদ্য অংগ হৈ পৰিছে।  প্ৰায়ে সংগীতে সমাজব্যৱস্থাৰ এক ভাষ্য হিচাপেও কাম কৰে, প্ৰেম, বিচ্ছেদ, সামাজিক অন্যায়, ভাৰতৰ পৰিৱৰ্তিত মুখৰ দৰে বিষয়ক সম্বোধন কৰে।


ভাৰতীয় চলচ্চিত্ৰ সংগীতে বিশ্বব্যাপী স্বীকৃতি লাভ কৰিছে, বহু গীত আৰু শিল্পীয়ে আন্তঃৰাষ্ট্ৰীয় প্ৰশংসা লাভ কৰিছে।  সমগ্ৰ বিশ্বতে বলীউড সংগীতৰ জনপ্ৰিয়তাই ভাৰতীয় চিনেমাৰ বিশ্বব্যাপী প্ৰভাৱ বৃদ্ধিত অৰিহণা যোগাইছে ।


সংগীত আৰু গীতৰ অনন্য আৰু ব্যাপক ব্যৱহাৰে ভাৰতীয় চিনেমাক পশ্চিমীয়া চিনেমাতকৈ পৃথক কৰি তুলিছে।  ই কাহিনী পৰিবেশন কৰাৰ প্ৰক্ৰিয়াৰ এক অবিচ্ছেদ্য অংগ,তথা সাংস্কৃতিক প্ৰতিফলন।  ঐতিহাসিক আৰু শাস্ত্ৰীয় সংগীতৰ প্ৰভাৱে চলচ্চিত্ৰ সংগীতৰ বিৱৰ্তনক গঢ় দিছে, যাৰ ফলত এক সমৃদ্ধ আৰু বৈচিত্ৰময় সংগীতৰ পৰিৱেশৰ সৃষ্টি হৈছে।  ভাৰতীয় চিনেমাৰ বিকাশ অব্যাহত থকাৰ লগে লগে সংগীতৰ ভূমিকা নিঃসন্দেহে কেন্দ্ৰীয় হৈ থাকিব, যাৰ ফলত ভাৰতীয় চিনেমাৰ আত্মাই প্ৰজন্মৰ পিছত প্ৰজন্ম ধৰি দৰ্শকৰ মাজত অনুৰণন ঘটাটো নিশ্চিত কৰিব।



উপন্যাসৰ বুকুত জীৱন খাটা



জীৱন এখন নাটঘৰ ,কিন্তু এই নাট অভিনয়ো উপভোগৰ মাধ্যম হৈ পৰে যদিহে জীৱনটোক উপন্যাসৰ বুকুত জীয়াব পাৰি ।বুকু আৰু হৃদয়ত আঁচ পেলোৱা জীৱন্ত কাহিনী খুউব কম থাকে কিন্তু তাৰ ভিতৰত কিছুমানে জীৱনটোক নতুনকৈ জীয়াবলৈ সাহ দিয়ে । মণিকুন্তলা ভটাচাৰ্য , নাৰীৰ জীৱন্ত কাহিনীক উপন্যাসৰ ৰূপ দিয়া এগৰাকী নাম থকা লেখিকা । তেওঁৰ বহুতো গ্ৰন্থ যেনে: বৰদোৱানী , বাঁহী , সন্ধ্যা আদিৰ ভিতৰত নাৰীৰ জীৱনটোক ফুটাই পাঠকৰ মাজত তুলি ধৰা এখনি উপন্যাস হৈছে সন্ধ্যা ।


সন্ধ্যা ,এক জীৱন্ত নাৰী এই চৰিত্ৰটিয়ে জীৱনৰ ঘাত-প্ৰতিঘাট প্ৰত্যাহ্বানক নেওচিও কেনেকৈ নিজৰ কাৰণে জীয়াব পাৰি ,জীৱনটোৰ প্ৰতি যি মোহ তাক বৰ্ণনা কৰিছে। উপন্যাসখনিত সন্ধ্যা নামৰ নাৰী চৰিত্ৰটিৰ AIDS নামৰ ভয়াৱহ ৰোগটোৰ লগত যি যুঁজ তাক বৰ্ণনা কৰিছে। সন্ধ্যাৰ স্বামীৰ আন নাৰীৰ লগত অবৈধ সম্পর্কৰ পৰিণতিত তেওঁৰ দেহত ধৰা পৰা AIDS ৰোগটিয়ে সন্ধ্যাৰ সংসাৰ, সন্ধ্যাৰ জীৱন আনকি সন্ধ্যাৰ সন্তানটিক যি কলিতে মৰহাই পেলালে তাৰ ওপৰতে এই কাহিনীটি বৰ্ণনা কৰা হৈছে। দেহত এই ভয়ানক ৰোগটিৰ অৱস্থিতিৰ পিছতো, নিজৰ স্বামীৰ দ্বাৰা প্ৰতাৰিত হৈও, স্বামী তথা সন্তানক এই ৰোগটোৰ পৰা অকালতে হেৰুৱাই ও জীৱনটোকে সাৰথি কৰি নিতৌ নিজৰ লগত যুঁজি থকা সংগ্রামখিনি এই উপন্যাসখনিত পৰিস্ফূত হৈছে। এই উপন্যাসখনি প্ৰতিগৰাকী মৰহি যাবলৈ ধৰা নাৰীক নিজৰ জীৱনটোক কেৱল উশাহতে সীমাবদ্ধ নাৰাখি জীৱনৰ খাটাত থকা বাকীৰ হিচাপখিনি পূৰা কৰিবলৈ প্ৰেৰণা যোগাইছে।




ভাস্বতী বৰা 

যোগাযোগ আৰু সাংবাদিকতা বিভাগ ,৩য় ষান্মাসিক

Thursday, 19 December 2024

গুৱাহাটীৰ পৰা উত্তৰ গুৱাহাটীলৈ নিৰ্মীয়মান দলংখনঃ যোগাযোগ ৰ এক নতুন ৰূপ।


উত্তৰ-পূব ভাৰতৰ প্ৰৱেশদ্বাৰ গুৱাহাটী এক অহৰহভাবে বিকশিত হৈ থকা চহৰ। এই ক্ষিপ্ৰ উন্নয়নৰ পিছতো এটা কথা সদায়েই ইয়াৰ বাসিন্দা আৰু যাত্ৰী উভয়ৰে বাবে প্ৰত্যাহ্বান সেইটো হল ব্ৰহ্মপুত্ৰ নদী পাৰ হোৱা । বৰ্তমান শৰাইঘাট দলং গুৱাহাটী আৰু উত্তৰ গুৱাহাটী সংযোগী প্ৰাথমিক পথ যদিও ই প্ৰায়ে যান-বাহনৰ বোজা চম্ভালিবলৈ সংগ্ৰাম কৰে।  নিৰ্মাণৰত নতুন দলংখনে এই সংগ্ৰাম বোৰ নিৰ্মূল কৰিবলৈ প্ৰতিশ্ৰুতি দিয়ে। কিন্তু সঁচা অৰ্থত  গুৱাহাটী, উত্তৰ গুৱাহাটী, আৰু ইয়াৰ দাঁতি কাষৰীয়া অঞ্চলৰ বাবে ইয়াৰ মান কিমান সেয়া সময়ে হে কব ।


নতুন দলঙৰ প্ৰয়োজনীয়তা: 

 যদি আপুনি কেতিয়াবা ভিৰ হোৱা সময়ত শৰাইঘাট দলংখনৰ উপৰেৰ পাৰ হ’বলৈ চেষ্টা কৰিছে, তেন্তে আপুনি সঠিকভাৱে জানিব যে ই কিমান হতাশাজনক হয় ৷  ট্ৰেফিক জাম অন্তহীন যেন লাগে, আৰু দৈনন্দিন অহা-যোৱা কৰাটো সময়ৰ লগত কেতিয়াও শেষ নহ’বলগীয়া যুদ্ধৰ দৰে অনুভৱ হয়।  উত্তৰ গুৱাহাটীত বসবাস কৰাসকলৰ বাবে এই বিষয়টো আৰু অধিক জৰুৰী।  মহানগৰীৰ হুলস্থুলৰ তুলনাত উত্তৰ গুৱাহাটীয়ে অধিক নিস্তব্ধ, অধিক নিশ্চিন্ত জীৱনশৈলী আগবঢ়াইছে যদিও সীমিত সংযোগৰ বাবে ই দীৰ্ঘদিন ধৰি কিছু বিচ্ছিন্ন হৈ আছে।


 এই উদ্বেগসমূহ লাঘৱ কৰিবলৈ নতুন দলংখনে ব্ৰহ্মপুত্ৰ পাৰ হোৱাৰ বাবে দ্বিতীয়টো ডাঙৰ পথ আগবঢ়াইছে।  এই প্ৰকল্পটো কেৱল যাতায়ত সহজ কৰাই নহয়—এইটো হৈছে চহৰৰ দুটা গুৰুত্বপূৰ্ণ অংশৰ মাজত এক মসৃণ, দ্ৰুত আৰু অধিক কাৰ্যক্ষম সংযোগ সৃষ্টি কৰা।



গুৱাহাটী আৰু উত্তৰ গুৱাহাটীত প্ৰভাৱ :


সহজ যাতায়ত, সূক্ষ্ম যাতায়ত :

নতুন দলংখনে বৰ্তমানৰ শৰাইঘাট দলঙৰ যান-জঁটৰ বোজা লাঘৱ কৰিব, যাৰ ফলত গুৱাহাটী আৰু উত্তৰ গুৱাহাটীৰ মাজত যাতায়ত বহুত ক্ষীপ্ৰ আৰু অধিক কাৰ্যক্ষম হ’ব। 


উত্তৰ গুৱাহাটীৰ বাবে অৰ্থনৈতিক সুযোগ:

ঐতিহাসিকভাৱে গুৱাহাটীতকৈ কম উন্নত উত্তৰ গুৱাহাটীয়ে নতুন দলংখনৰ পৰা বহুখিনি লাভৱান হ’বলৈ গৈ আছে ৷  উন্নত যোগাযোগে স্থানীয় ব্যৱসায়ক উন্নীত কৰিব, বিনিয়োগ আকৰ্ষণ কৰিব, আৰু নদীৰ দুয়োপাৰৰ উদ্যোগীসকলৰ বাবে নতুন সুযোগ সৃষ্টি কৰিব, যাৰ ফলত অৰ্থনৈতিক বিকাশ হ’ব।


 সেৱাসমূহৰ লাভালাভ :

উন্নত সংযোগৰ অৰ্থ হ’ল স্বাস্থ্যসেৱা, শিক্ষা, আৰু নিয়োগৰ দৰে অত্যাৱশ্যকীয় সেৱাসমূহৰ সহজ প্ৰাপ্ত কৰা ।  উত্তৰ গুৱাহাটীৰ বাসিন্দাসকলে গুৱাহাটীৰ চিকিৎসালয়, বিদ্যালয়, ব্যৱসায়িক প্ৰতিষ্ঠানসমূহলৈ যোৱাটো অধিক সুবিধাজনক বুলি বিবেচনা কৰিব, যাৰ ফলত সামগ্ৰিক জীৱনৰ মান উন্নত হ’ব ।


পৰ্যটন বৃদ্ধি :

এই দলংখনে অঞ্চলটোৰ পৰ্যটনকো প্ৰসাৰিত কৰাৰ সম্ভাৱনা আছে।  উন্নত সুলভতাৰে দৰ্শকে গুৱাহাটী আৰু উত্তৰ গুৱাহাটী উভয়ৰে সাংস্কৃতিক আৰু প্ৰাকৃতিক আকৰ্ষণসমূহ অধিক সহজে অন্বেষণ কৰিব পাৰিব, যাৰ ফলত স্থানীয় পৰ্যটন উদ্যোগসমূহ উপকৃত হব আৰু আঞ্চলিক ৰাজহ বৃদ্ধি পাব।


নতুন দলংখনৰ দীৰ্ঘম্যাদী লাভ অনস্বীকাৰ্য যদিও হ্ৰস্বম্যাদী প্ৰত্যাহ্বানক আমি আওকাণ কৰিব নোৱাৰো।  নিৰ্মাণ প্ৰক্ৰিয়াটোৱে নিজেই শব্দ, ধূলি, আৰু যান-জঁটৰ ডাইভাৰচন আনে, যিটো যথেষ্ট অসুবিধাজনক হ’ব পাৰে।  বাসিন্দা আৰু যাতায়তৰ বাবে ই কিছু সময়ৰ বাবে ৰুক্ষ যাত্ৰা হ’ব৷  কিন্তু এই বিঘিনিবোৰ সাময়িক, আৰু শেষৰ ফলাফল অপেক্ষাৰ যোগ্য হ’ব বুলি প্ৰতিশ্ৰুতি দিছে।



এই দলংখন কেৱল ভৌতিক গঠনতকৈও অধিক—ই প্ৰগতি আৰু যোগাযোগৰ প্ৰতীক।  বছৰ বছৰ ধৰি গুৱাহাটী আৰু উত্তৰ গুৱাহাটীক কেইবাকাল বিচ্ছিন্ন কৰি ৰাখিছে।  এই নতুন আন্তঃগাঁথনিৰ জৰিয়তে দুয়োটা অঞ্চলৰ মাজত দূৰত্ব কম হৈ পৰিব, যাৰ ফলত সামাজিক আৰু সাংস্কৃতিক সম্পৰ্ক অধিক শক্তিশালী হ’ব।  কেৱল বাহনৰ বাবেই নহয়, মানুহ, ব্যৱসায়ী, আৰু ধাৰণাসমূহৰ বাবেও ই এক দলং৷


 দুয়োটা ক্ষেত্ৰই অধিক আন্তঃসংযোগী হৈ পৰাৰ লগে লগে আমি সহযোগিতা বৃদ্ধি আৰু সমৃদ্ধিৰ নতুন সুযোগ আশা কৰিব পাৰো।  গুৱাহাটীৰ কাহিনীৰ এক নতুন অধ্যায়, যিয়ে মানুহক ওচৰলৈ আনি সকলোৰে বাবে নতুন সম্ভাৱনা মুকলি কৰাৰ প্ৰতিশ্ৰুতি দিয়ে।


 উপসংহাৰ: উন্নত ভৱিষ্যতৰ দিশত এখোজ


 গুৱাহাটীক উত্তৰ গুৱাহাটী সংযোগ কৰা নতুন দলংখন গেম চেঞ্জাৰ।  নিৰ্মাণ পৰ্যায়ত বাটত কিছু বাধা থাকিব পাৰে যদিও শেষত এক মিঠা ফল পোৱা যাব।  সহজ যাতায়ত, অৰ্থনৈতিক বিকাশ, অত্যাৱশ্যকীয় সেৱাৰ উন্নত সুবিধা, আৰু এক সমৃদ্ধিশালী পৰ্যটন খণ্ড এই দলঙে ব্ৰহ্মপুত্ৰৰ দুয়োপাৰলৈ কঢ়িয়াই অনা বহু সুবিধাৰ ভিতৰত কেইটামান।


 গুৱাহাটী আৰু উত্তৰ গুৱাহাটীৰ জনসাধাৰণৰ বাবে ই এক আন্তঃগাঁথনিত উন্নত কৰা প্ৰকল্প য়ে‌ নহয় ই যোগাযোগ,সুযোগ, আৰু প্ৰগতিৰ এক নতুন যুগ।


 নাম - অনিন্দিতা সন্দিকৈ

ৰোল নং- ১৬

হেপাঁহৰ আঘোণ


হেমন্তৰ ডাঠ কুঁৱলীৰ আৱৰণ ফালি শীতৰ শীতল বোকোচাত উঠি অসমীয়াৰ পথাৰলৈ নামে আঘোণ। অসমীয়া চহা কৃষকৰ হেঁপাহৰ আঘোণ। আঘোণ যেন কৃষকৰ সপোন। হালি জালি উমলি থকা পথাৰৰ সেউজীয়াবোৰে সোণোৱালী বৰণ ধৰিলেই ককাঁলত টঙালি বান্ধি সাজু হয় দাৱনী। সন্মুখত অসমীয়াৰ পৰম্পৰা ন- খোৱা আৰু হেঁপাহৰ ভোগালীৰ বতৰা পালেই যেন সাতখন আঠখন হৈ পৰে কৃষকৰ গা। নহ'বনো কিয়? এয়া যে লখিমীক আদৰা বতৰ। 



      শাওনৰ পথাৰত হাড়ক মাটি কৰি, তেজক পানী কৰি গঢ় দিয়া সোণোৱালী লখিমীক ঘৰলৈ আদৰাৰ প্ৰস্তুতিৰ বাবে চোতাল, ভঁৰাল ঘৰ চিকণুৱাৰ যো- জা চলে। অসমত কৃষকসকলে ধান চপোৱাৰ আগে আগে লখিমীক ঘৰলৈ আদৰি অনা পৰম্পৰা এটা প্ৰচলিত হৈ আহিছে। আৰু তাৰেই অংশস্বৰূপে ভাল দিন বাৰ এটা চাই ধানৰ আগলি অর্থাৎ লখিমীক ঘৰলৈ অনাৰ বাবে কাহিলীপুৱাতেই গা-পা ধুই পথাৰলৈ যোৱা হয়। পথাৰত নিজৰ খেতি ডৰাৰ পূৱ দিশৰ পৰা তিনিগোছা ধান কাটি আনি কলপাত এখিলাত থৈ গামোচা আৰু থুৰীয়া তামোল পান এযোৰ আগবঢ়াই আই লখিমী জ্ঞান কৰি ঘৰলৈ আদৰি অনা হয়। ঘৰলৈ অহাৰ পিছত আনোতাজনক এখন বৰপীৰাত উঠাই ভৰি ধোওৱা হয়। তাৰপিছতেই চিকুণ ঠাই এডোখৰত কলপাত এখিলা পাৰি ধানৰ আগলি তিনিগোছা থৈ শৰাই বন্তি আগবঢ়োরা হয়। ইয়াৰ পিছৰে পৰা কৃষকসকলে পথাৰত লগে ভাগে ধান কটাব পর্ব আৰম্ভ কৰে। ধান কটা আৰম্ভ হোৱাৰ লগে লগেই আৰম্ভ হয় দাৱনীৰ সীমাহীন ব্যস্ততা। কাঁচিৰ কেচ কেচ শব্দৰ লগতে সৰুবোৰৰ হাঁহি- খিকিন্দালি, দৌৰা- ঢপৰাই ভৰাই তোলে ক্ৰমাৎ উকা হৈ অহা আঘোণৰ পথাৰখন। পথাৰৰ চেঁচুক খান্দি, ফৰিং থপিয়াই, নৰা পেঁপা সাজি সিহঁতেও যেন ব্যস্ততাৰ উমান দিয়ে। দিনৰ দিনটো ধান দাই আবেলি ডেকাবোৰে কান্ধত বিৰিয়া লৈ দুফালে ডাঙৰি বান্ধি জিৰিপ্ জিৰিপ্ শব্দেৰে পথাৰৰ আলিয়েদি ঘৰলৈ বাট ধৰে। 


        ধান দাই মৰণা মৰা সময়ছোৱা আঘোণৰ পথাৰখন উকা হৈ ৰয়। কিন্তু লখিমীক বুকুতে শিপোৱা পথাৰখনক জানো এলাগী কৰিক পাৰি? সেয়ে এই সময়ছোৱাত পথাৰখনৰ সংগী হয়হি বাহী বন সামৰি কথাৰ মহলা মাৰিবলৈ অহা গাঁওৰ জীয়ৰী বোৱাৰীসকল । সেই কথাব জুতি দুওণে চৰায় হাতৰ টিপতে লৈ অহা নলীয়া কটাৰীখন আৰু নিমখ, জলকীয়াৰ সৈতে অনা ৰবাব টেঙা আৰু কেঁচা জলফাইকেইটাই। সাউতকৈ ওচৰৰে কলগাত এখিলা কাটি আনি কোমল ৰ'দৰ  উম লৈ জিভাৰ পানী পৰি যোবাকৈ নিমখ, ভূত জলকীয়া, ধনীয়া পাতেৰে সানি জুতি লগাকৈ টেঙাৰে সৈতে আগবঢ়াই দিয়া কলপাতখনে যেন পাহৰাই দিয়ে দিনটোৰ সমস্ত ভাগৰ।         

       তেতিয়াই অনুভৱ হয়, সঁচাকৈয়ে, আঘোণ বৰ হেপাঁহৰ!

   

                 পৰীস্মিতা গোস্বামী

                 স্নাতকোত্তৰ প্ৰথম ষান্মাসিক

ক'লা যাদুৰ নগৰী - মায়ং


অসমীয়া সংস্কৃতি আৰু ইতিহাসৰ এক গুৰুত্বপূর্ণ অংশ মায়ং গাঁওক প্ৰায়ে "ক'লা যাদুৰ নগৰী" বুলি কোৱা হয়। মায়ং মৰিগাঁও জিলাত অৱস্থিত, আৰু ইয়াৰ নামেই যেন এখন ৰহস্যময় জগতৰ চিত্ৰ আঁকি তোলে। প্ৰাচীন কালৰ পৰা মায়ঙে ভাৰতৰ ক'লা যাদুৰ কেন্দ্ৰ হিচাপে খ্যাতি লাভ কৰিছে।


মায়ং শব্দটোৰ উৎপত্তি সন্দৰ্ভত বিভিন্ন মতামত আছে। কিছুমানে কয় যে মায়ং শব্দটো "মায়া" শব্দৰ পৰা আহিছে, যাৰ অৰ্থ হৈছে ভ্রম বা ইন্দ্ৰজাল। আন এক মত অনুযায়ী, ইয়ে অসমীয়াৰ "মৰিওঙ" শব্দৰ পৰা উদ্ভৱ, যাৰ অৰ্থ হৈছে হাতীৰ ভূমি। যিয়েই নহওক, মায়ংৰ নামৰ লগত ইয়াৰ যাদুকৰী পৰিচয় জড়িত।


মায়ং গাঁৱৰ লোককথাবোৰৰ কথা পাতিলেই শুনা যায় অজস্ৰ ক'লা যাদুৰ গল্প। কিছুমানে বিশ্বাস কৰে যে ইয়াৰ পুৰ্বপুৰুষসকল গুপ্ত বিদ্যা আৰু তান্ত্ৰিক বিদ্যাত দক্ষ আছিল। বহুতো প্ৰাচীন পুথি, ধ্যানমন্ত্ৰ, আৰু যাদুৰ টোটকা মায়ঙৰ সংস্কৃতিৰ এটা অংশ।


আধুনিক যুগত মায়ং পৰ্যটনৰ বাবে এটি কেন্দ্ৰ হিচাপে পৰিণত হৈছে। মায়ংৰ প্ৰসিদ্ধ মিউজিয়ামত বিভিন্ন যাদুকৰী পুথি আৰু সামগ্ৰী দেখা যায়। ইয়াৰ কাষতে অৱস্থিত পবিত্ৰ মণিপুৰী গুহা আৰু অসমীয়া হস্তশিল্পৰ কেন্দ্ৰই পৰ্যটকসকলক মোহিত কৰে।



মায়ং কেৱল ক'লা যাদুৰ কেন্দ্ৰ নহয়, ই অসমীয়া ঐতিহ্যৰ এক মূৰ্তিমান প্ৰতীক। ইয়াৰ ৰহস্য আৰু সংস্কৃতিৰ সন্মোহনৰ জালত পৰি বহুতে এতিয়াও মায়ংক অন্বেষণ কৰিবলৈ আহে। মায়ঙে অতীতৰ স্মৃতি আৰু বৰ্তমানৰ লোকসাহিত্যক একেলগে ধৰি ৰাখিছে।


নাম: জাবেদ আখতাৰ 

স্নাতকোত্তৰ প্রথম ষান্মাসিক 

যোগাযোগ আৰু সাংবাদিকতা বিভাগ 

গুৱাহাটী বিশ্ববিদ্যালয়

চলচ্চিত্র সমালোচনা : “শ্বেৰশ্বাহ”

পৰম বীৰ চক্ৰ বঁটা বিজয়ী কেপ্তেইন বিক্ৰম বাত্ৰাৰ জীৱন আৰু ১৯৯৯ চনৰ কাৰ্গিল যুদ্ধৰ সময়ত তেওঁৰ বীৰত্বৰ আধাৰত নিৰ্মাণ কৰা “শ্বেৰশ্বাহ” ছবিখনে দেশপ্ৰেমৰ বলিদান, আৰু শৌৰ্য্যৰ আন্তৰিক ছবি জনসাধাৰণৰ মাজত প্ৰতিফলিত কৰিছে॥



সিদ্ধাৰ্থ মালহোত্ৰাই “বিক্ৰম বত্ৰা “আৰু তেওঁৰ যমজ ভাতৃ “বিশালৰ” দ্বৈত চৰিত্ৰত প্ৰামাণ্যতা আৰু মনোমোহাতা কঢ়িয়াই আনি নিজৰ কেৰিয়াৰৰ শ্ৰেষ্ঠ অভিনয় আগবঢ়াইছে। তেওঁৰ চিত্ৰণত বাত্ৰাৰ সাহস আৰু আকৰ্ষণীয় ব্যক্তিত্ব আৰু কিয়াৰা আদৱানীয়ে ডিম্পল চিমাৰ চৰিত্ৰত কাহিনীটোত আৱেগিক গভীৰতা প্ৰকাশ কৰিছে।সিদ্ধাৰ্থৰ সৈতে কিয়াৰাৰ যি ভালপোৱা সেই ভালপোৱাই বহুতকে অনুপ্ৰেৰণা যোগাইছে।


বিষ্ণুবৰ্ধনৰ পৰিচালনাই যুদ্ধৰ ক্ৰম আৰু কেপ্তেইন বাত্ৰাৰ ব্যক্তিগত জীৱনৰ মাজত ভাৰসাম্য ৰক্ষা কৰা দেখা যায়।সন্দীপ শ্ৰীবাস্তৱৰ চিত্ৰনাট্যত বাত্ৰাৰ জীৱনৰ গুৰুত্বপূৰ্ণ মুহূৰ্তসমূহ খুউব সুন্দৰভাবে প্ৰদৰ্শন কৰা দেখা গৈছে।য’ত তেওঁ এখন সৰু চহৰৰ এজন সাধাৰণ লৰাৰ পৰা এজন জাতীয় নায়কলৈ যাএা খুবেই প্ৰশংসনীয়॥


কাৰ্গিলৰ যুদ্ধৰ ক্ৰমবোৰ বাস্তৱিক আৰু তীব্ৰ হোৱাৰ বাবে এই চিনেমাখনে দৰ্শকক বহুত বেছি আকৰ্ষিত কৰিছিল।কাৰ্গিলৰ চিনেমাটোগ্ৰাফাৰ কমলজীত নেগীয়ে কাৰ্গিলৰ ঠেক ভূখণ্ডক সুন্দৰকৈ বন্দী কৰি ছবিখনৰ দৃশ্যগত আকৰ্ষণ বৃদ্ধি কৰিছে।


"ৰাতা লম্বিয়ান" আৰু "ৰাণঝা” ৰ দৰে গীতবোৰে দৰ্শকক আৱেগিক কৰি তুলিছিল।


“শ্বেৰশ্বাহ”হৈছে এজন জাতীয় নায়কৰ প্ৰতি এক আকৰ্ষণীয় শ্ৰদ্ধাঞ্জলি, একচন, আৱেগ, আৰু দেশপ্ৰেমৰ মিশ্ৰণ। ইয়াৰ মন চুই যোৱা কাহিনী আৰু শক্তিশালী অভিনয়ৰ বাবে বিশেষকৈ সাহস আৰু দেশপ্ৰেম দেখি  বহুত দৰ্শক ইয়াৰ পৰা অনুপ্ৰাণিত হোৱা দেখা গৈছে॥ 

      

নিশিতা বৰা

যোগাযোগ আৰু সাংবাদিকতা বিভাগৰ প্ৰথম সান্মাষিকৰ ছাএী

Wednesday, 18 December 2024

বিদ্যা : দ্য লিভিং স্কুল



 ধেমাজি জিলাৰ এখন ভিতৰুৱা গাঁৱত অৱস্থিত "বিদ্যা : দ্য লিভিং স্কুল" এখন ব্যতিক্ৰমী শিক্ষানুষ্ঠান।পৰম্পৰাগত শিক্ষা আৰু সামগ্ৰিক বিকাশৰ মাজৰ ব্যৱধান দূৰ কৰি প্ৰতিটো শিশুৰ বিকাশৰ সুযোগ নিশ্চিত কৰাৰ লক্ষ্যৰে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ এগৰাকী সহকাৰী অধ্যাপক প্ৰাঞ্জল বুঢ়াগোহাঁইৰ প্ৰচেষ্টাত ২০২০ চনত বিদ্যালয়খনে প্ৰাণ পাই উঠিছিল।

   সামাজিক মাধ্যমত দেখিয়েই প্ৰত্যক্ষভাৱে চাবলৈ মন কৰি ২০২২ চনৰ ডিচেম্বৰত বিদ্যা : দ্য লিভিং স্কুললৈ ৰাওনা হৈছিলো।ধেমাজি চহৰৰ পৰা প্ৰায় ২০ কিলোমিটাৰ মান ব্যৱধানত অৱস্থিত বিদ্যালয়খনলৈ যোৱা বাটচোৱা কিছু দুৰ্গম আছিল।পিছে পাহাৰখনে মনৰ উৎকণ্ঠা বঢ়াই লৈ গৈছিল।তাতে আকৌ ৰাস্তাৰ দুয়োকাষে ডিচেম্বৰমহীয়া সৰিয়হবুলীয়া পথাৰ।

  আধুনিক গুৰুকুল খ্যাত শিক্ষানুষ্ঠানখনৰ প্ৰায় তিনিঘণ্টামান অতিবাহিত কৰি অভিভূত হ'লো।পাহাৰীয়া খলা-বমা চৌহদটোৰ অ'ত এটা ঘৰ, ত'ত এটা জুপুৰি।পৰম্পৰাগত শিক্ষানুষ্ঠানবোৰৰ পৰিৰ্ৱতে তাত তেনেদৰে ভিন্ন স্থানত পাঠদান কৰা হয়।বিশেষকৈ টঙিঘৰৰ আৰ্হিৰ শ্ৰেণীকোঠাকেইটা দেখি এবাৰ নুঠি নোৱাৰিলো।

  প্ৰায় ২৫০ জনতকৈ অধিক শিক্ষাৰ্থী থকা শিক্ষানুষ্ঠানখনত ৩ খনকৈ আৱাসো আছে।আমাক দেখিয়েই "বাইদেউ নমস্কাৰ" বুলি সম্বোধন কৰা কণ-কণ ছাত্ৰ-ছাত্ৰীসকলৰ শিষ্টাচাৰ দেখিয়েই শিক্ষানুষ্ঠানখনত প্ৰদান কৰা শিক্ষাৰ উমান পালো।


  চৌহদৰ মাজমজিয়াতে আছে এখন মুকলি মঞ্চ।খেৰেৰে বেৰ দিয়া মঞ্চৰ অনুষ্ঠান উপভোগ কৰিবলৈ দৰ্শকৰ বাবে বহাৰ আসনবোৰ পাহাৰীয়া নদীত উটি অহা ডাঙৰ শিল।মঞ্চখনৰ কাষতে লাগি আছে কেণ্টিনখন।তাতো ব্যতিক্ৰমৰ অন্ত নাই।বাঁহ আৰু খেৰৰ কেণ্টিনখনত ছাত্ৰ-ছাত্ৰীৰ মাজত উচ্চ-নীচৰ ভেদাভেদ নাহিবলৈ প্ৰত্যেকেই এবাৰত নিৰ্ধাৰিত মূল্য এটাতে ক্ৰয় কৰাৰ ব্যৱস্থা আছে।চৌহদৰ প্ৰতিটো স্থানতে ছাত্ৰ-ছাত্ৰীসকলৰ কাৰুকাৰ্য্য দেখিবলৈ পাইছিলো।

  বিদ্যালয়খনৰ এটা সীমাত বৈ আছে এটা পাহাৰীয়া সুঁতি।

  প্ৰকৃতিৰ কোলাত যেন ব্যতিক্ৰমী প্ৰচেষ্টাৰে "বিদ্যা : দ্য লিভিং স্কুল" আৰু অধিক জীপাল।প্ৰাঞ্জল বুঢ়াগোহাঁই ছাৰৰ চিন্তাধাৰাৰে এয়া শিক্ষাৰ সমান্তৰালভাৱে আধ্যাত্মিক চিন্তাৰে মানৱ সম্পদ গঢ়াৰ স্থলী।

      

    - জয়শ্ৰী শইকীয়া

স্নাতকোত্তৰ প্ৰথম ষান্মাসিক 

যোগাযোগ আৰু সাংবাদিকতা বিভাগ

ইতিহাসৰ কেইখনমান প্ৰভাৱী চুটি ছবি

আবেগ জগাব পৰা, ভাৱ প্ৰকাশ কৰাত ইন্ধন যোগোৱাত তথা দৃষ্টিভংগীক প্ৰত্যাহ্বান জনাব পৰাকৈ চিনেমা অৰ্থাৎ চলচ্চিত্ৰৰ এক বিশেষ শক্তি আছে। আজিৰ তাৰিখত, আজিৰ প্ৰজন্মৰ মনোযোগৰ দৈৰ্ঘ্য বেগেতে বেগেতে কমি গৈ আছে। সেয়ে নতুন যুগক সন্তুষ্ট কৰিবলৈ আজি ছবি সমূহৰ দৈৰ্ঘ্য টুটি আহিল। ছবিৰ মানদণ্ডও কমি আহিল। আৰু ল'ৰা হতে আগৰ উচ্চ মানদণ্ডৰ ছবি নোচোৱও হল। গতিকে ছাত্ৰ তথা চিনেমা উৎসাহী সকলৰ বাবে আমি তলত কেইখন মান চিৰ সমাদিত চুটি ছবিৰ নাম উল্লেখ কৰিছোঁ, আৰু প্ৰত্যেকৰে অলপকৈ আলোচনাও কৰিছোঁ। ছবি কেইখন চুটি কাৰণে আমনিও নাপাব আৰু এইকেইখনৰ সোৱাদ পালে পাছলৈ এনে ধৰণৰ ছবি চাবৰ বাবে ইচ্ছুক হব বুলি মোৰ আশা থাকিল। লগতে ৱৰ্ল্ড চিনেমাৰ প্ৰতি ব্লগটো পঢ়া পঢ়ুৱৈ সকলৰ চখ এটা জাগি উঠিব বুলি আমি বিশ্বাসী। 


১) অ্যঁ ছিয়াঁ অন্ডালোঁ, ১৯২৯ (Un Chien Andalou): এখন ফৰাচী চুটি ছবি। পৰিচালক লুই বুনৱেল। এই ছবি খনৰ সহ লেখক আছিল বিশ্ব বিশ্ৰুত চিত্ৰশিল্পী চালভাদৰ ডালি। ছবি খনৰ নাম টোৰ অৰ্থ হৈছে "এটা অন্ডালুছীয়া কুকুৰ"। এই ষোল্ল মিনিটৰ অগ্ৰণী অধিবাস্তৱবাদী ছবি খনে বেবেৰিবাং, অপৰিমেয় চিন্তা সমূহ আৰু নিজৰ অৱচেতন মনটোৰ গভীৰতাক অন্বেষণ কৰে। ছবি খনৰ দৰ্শনে অধিবাস্তৱবাদৰ আলমত সংগতিহীন ভাৱ প্ৰকাশৰ স্বতন্ত্ৰতাক পৰিমেয় চিন্তাধাৰাৰ দ্বাৰা সমাজত সৃষ্টি হোৱা সীমাবদ্ধতাক বাধা প্ৰদান কৰিবলৈ উদ্গনি যোগায়। 


২) লা জেটে, ১৯৬২ (La Jetée): ক্ৰিছ মেকাৰ এই চুটি ছবি খনৰ প্ৰায় সকলো দৃশ্যাংশ স্থিৰ চিত্ৰৰ গ্ৰহনেৰে কৰা হৈছে। কোনো চিনেমেটোগগ্ৰাফী নকৰাকৈ ইমান ধুনীয়াকৈ প্ৰেম, সোঁৱৰণ, সময় যাত্ৰা বৰ সুন্দৰকৈ ফুটাই তোলা হৈছে। একোখন স্থিৰ চিত্ৰই চৰিত্ৰ সমূহৰ ভাৱ বৰ সহজে দৰ্শকে বুজি পোৱাকৈ ছবিখন নিৰ্মাণ কৰা হৈছে। ছবিখনে অস্তিত্ববাদ আৰু সময়ক পিঠি দিব নোৱাৰা প্ৰকৃতিক আৱিষ্কাৰ কৰে। 


৩) এ ট্ৰিপ টু দি মুন, ১৯০২ (A Trip to the Moon): এই ছবিখনক পৃথিৱীৰ প্ৰথম চাইন্স ফিকশ্যন ছবি বুলিব পাৰি। জৰ্জে মিলিয়ে, পেছাত এজন চাৰ্কাছমেন, যাদুকৰ এই ছবি খনৰ নিৰ্মাতা আছিল। এইখন ছবিত পোন প্ৰথমবাৰৰ বাবে চিত্ৰনাট্য আৰু বিশেষ ইফেক্ট ব্যৱহাৰ হৈছিল। ছবি খন আজিৰ তাৰিখত এক মাইলৰ খুঁটি। এইহেন পৰিচালক জনৰ বহুতো ফিল্ম প্ৰিণ্ট কালক্ৰমত হেৰাই গ'ল। তথাপিও স্বনাম ধন্য ছবি পৰিচালক মাৰ্টিন স্কৰ্চেছেৰ উদ্যোগত মিলিয়েৰ বহু কেইখন ছবিৰ প্ৰিণ্ট পুনৰ উদ্ধাৰ কৰা হয়। 



৪) মথলাইট, ১৯৬৩ (Mothlight): মাত্ৰ চাৰি মিনিটৰ ষ্টেন ব্ৰাখেজৰ এই পৰীক্ষামূলক ছবি খন আজিৰ তাৰিখত বিপুল সমাদৃত। আটাইতকৈ আচৰিত কথা যে এই ছবি খন কোনো কেমেৰাৰ সহায় নোলোৱাকৈয়ে নিৰ্মাণ কৰা হৈছিল। ব্ৰাখেজে পোক, পৰুৱা, চগাৰ পাখি, গছৰ পাত, আৰু অন্য প্ৰাকৃতিক সামগ্ৰী ব্যৱহাৰ কৰিছিল, যাক স্পাইচিং টেপৰ পতাত থেচি এটি দৃশ্য কবিতাৰ ৰূপ দিছিল। ছবি খনে জীৱন, মৃত্যু আৰু সময়ৰ পৰিক্ৰমাক দৰ্শায়। "মথলাইট" এ ব্ৰাখেজৰ দৰ্শনক প্ৰতিফলিত কৰে, যিয়ে ঐতিহ্যগত দৃষ্টিৰ বাহিৰে পৃথিৱী দেখিবলৈ আৰু অনুভৱ কৰিবলৈ আগ্ৰহী কৰে। চাৰি মিনিটৰ এই চুটি ছবি খন এটি কাব্যিক দৰ্শন আৰু ক্ষণস্থায়ী মুহূৰ্তৰ সৌন্দৰ্যৰ শৈল্পিক উদ্ভাৱনৰ শক্তিৰ সাক্ষ্য। 



৫) দ্য এৰাইভেল অৱ এ ট্ৰেইন, ১৮৯৫ (The arrival of a train): অগস্তে আৰু লুই লুমিয়েৰ দ্বাৰা পৰিচালিত এই ছবি খন এখন চিংগল শ্বট দৃশ্যৰ ফিল্ম যিয়ে ষ্টেচনত গৈ থকা এখন ৰেল তুলি ৰাখিছে। এই চুটি ছবি খনে প্ৰায়েই চলচিত্র উদ্যোগত বাস্তৱবাদ আৰু তৎকালীনতাৰ অনুভূতি উদ্ভাৱনৰ বাবে যশ বুটলিবলৈ সক্ষম হয়। দৃশ্যটোৰ সাধাৰণতাই তাৰ গভীৰ প্ৰভাৱক দৰ্শাই। এই ছবি খন চাই থকা অৱস্থাত কিছু দর্শকে নিজৰ আসনৰ পৰা লাফ মাৰি পলাইছিল বুলি জনা যায়, তেওঁলোকে ভাবিছিল যে ৰেল খনে পৰ্দা ফালি ওলাই আহি তেওঁলোকক চেপি মাৰিব। এইখন ছবিয়েই ভবিষ্যতৰ ছবি সমূহৰ বাবে এক মাইলৰ খুঁটি ৰূপে পৰিগণিত হয়। 


৬) দ্য আনচেঞ্জিং ছী, ১৯১০ (The Unchanging Sea) ডি. ডব্লিউ. গ্ৰিফিথৰ দ্বাৰা পৰিচালিত এই ছবিখন এক মর্মান্তিক  কাহিনীৰে পুষ্ট, যিয়ে সময়ৰ পৰিক্ৰমা আৰু মানৱ অনুভৱৰ স্থিৰতাৰ ৰূপক হিচাপে সাগৰ খনক ব্যৱহাৰ কৰিছে। ছবি খনৰ কবিতামূলক চিত্ৰ আৰু আবেগিক গভীৰতাই প্রেম, ক্ষতি, আৰু স্থিতিশীলতাৰ বিষয়বস্তু সমূহ প্ৰতিফলিত কৰিছে লগতে মানুহৰ দৃশ্য-কথনৰ শক্তি আৰু অন্তৰ আত্মাৰ স্থায়ীত্বৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। গ্ৰিফিথৰ ক্ৰছ-কাটিং কৌশল আৰু দৃশ্য পৰিক্ৰমাই দৰ্শকৰ অভিব্যক্তি পৰিবৰ্তন কৰাত সক্ষম হৈছে। 


৭) টু, ১৯৬৪ (Two): সত্যজিৎ ৰায়ৰ এই ষোল্ল মিনিটৰ ছবি খনৰ বিষয়বস্তু সহজ যদিও ই অত্যন্ত গভীৰ ফিল্ম, যিয়ে দুটি বিভিন্ন সামাজিক, আৰ্থিক পৰিপ্ৰেক্ষিতৰ পৰা অহা শিশুৰ জীৱন যাপন তুলনা কৰে। ছবিৰ কাহিনীভাগ উপমাৰ জৰিয়তে কোৱা হৈছে, যিয়ে মানুহৰ নিষ্পাপতা, সুবিধা, আৰু সংযোগ প্ৰতিফলিত কৰে। ৰায়ে মানুহৰ আবেগ, অনুভৱৰ ওপৰত গুৰুত্ব আৰোপ কৰিয়েই "টু" সামাজিক অসমানতা আৰু শিশুৰ জটিলতাৰ এক অস্থায়ী অনুসন্ধান হিচাপেৰে গঢ় দিছে। এই ছবি খনে মানৱতাবাদৰ সহানুভূতিৰ এটি শক্তিশালী স্মৰণ উন্মোচন কৰে। 


এই চুটি ছবিসমূহ কেৱল কেমেৰাৰ বন্দী হোৱা চলমান ছবিয়েই নহয়; এই ছবি সমূহে পৃথিৱী খনক এক বেলেগ দৃষ্টিভংগীৰে আৰু সাধাৰণ দৃষ্টিতকৈ সুকীয়াকৈ বুজিবলৈ বিভিন্ন প্ৰকাৰে শিকাইছে। এই ছবি সমূহ অধ্যয়ন কৰিলে, ছাত্ৰসকলে ফিল্মমেকিঙৰ শৈল্পিক আৰু দৰ্শনীয় দিশসমূহৰ ওপৰত অন্তৰ্দৃষ্টি লাভ কৰিব পাৰিব।


হীৰক জ্যোতি মেধী

প্ৰথম ষাণ্মাসিক

পূৰ্ণিমা দেৱী বৰ্মন: হাড়গিলা সংৰক্ষণৰ অন্যতম কাণ্ডাৰী

 বিলুপ্তপ্ৰায় হাড়গিলাৰ শৃংখলাবদ্ধ সংৰক্ষণৰ ক্ষেত্ৰলৈ গুৰুত্বপূৰ্ণ আগবঢ়োৱা গুৰুত্বপূৰ্ণ অৰিহণাৰ বাবে বিশ্বজুৰি প্ৰসিদ্ধি লাভ কৰা অসম জীয়ৰী পূৰ্ণিমা দেৱী বৰ্মনেই হৈছে হাড়গিলা বাইদেউ হিচাপে পৰিচিত জনপ্ৰিয় ব্যক্তিত্বটোৰ প্ৰকৃত নাম। হাড়গিলাৰ সংৰক্ষণৰ বাবে কামৰূপ জিলাৰ দদৰা,  পচৰীয়া আৰু ইয়াৰ কাষৰীয়া গাঁৱসমূহৰ মহিলাসকলক একত্ৰিত কৰি হাড়গিলা আৰ্মী নামৰ এটি দল গঠন কৰি হাড়গিলাৰ সংৰক্ষণৰ জৰিয়তে পাৰিপাৰ্শ্বিকতা আৰু প্ৰাকৃতিক ভাৰসাম্যতা ৰক্ষাৰ  বাবে আগবঢ়োৱা অৱদানৰ বাবে তেওঁক ২০১৭ চনৰ গ্ৰীণ অস্কাৰ বঁটা প্ৰদান কৰা হয়। ভাৰত চৰকাৰে তেওঁক ২০১৮ চনৰ নাৰী শক্তি পুৰস্কাৰ প্ৰদান কৰে৷ ২০২৪ চনত তেওঁ হুইটলী ফাণ্ড ফৰ নেচাৰৰ তৰফৰ পৰা হুইটলী গোল্ড বঁটা লাভ কৰে৷



ইতিমধ্যে বিপন্ন হিচাপে চিহ্নিত হোৱা পূৰ্ণবয়স্ক হাড়গিলাৰ বিশ্বব্যাপী জনসংখ্যা হৈছে মাথোঁ ৮০০ – ১২০০ , যাৰ অধিকাংশই অসমত পোৱা যায়। পূৰ্ণিমা দেৱী বৰ্মনদেৱে হাড়গিলা সংৰক্ষণ, পৰিৱেশত ইয়াৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে ৰক্ষণাবেক্ষণৰ প্ৰয়োজনীয়তা সম্পৰ্কে  কেইবাটাও অভিযানৰ নেতৃত্ব দি স্থানীয় গাঁওবাসীক সজাগ সচেতন কৰিবলৈ যৎপৰোনাস্তি চেষ্টা কৰে।  তেখেতে এই কাৰ্য্যসূচীসমূবত মহিলাসকলৰ সমান্তৰালভাৱে শিশু আৰু যুৱ প্ৰজন্মকো সাঙুৰি লবলৈ চেষ্টা কৰে।  বৰ্মন আৰু হাড়গিলা আৰ্মীয়ে হাড়গিলাৰ বাহত থকা আঘাতপ্ৰাপ্ত পোৱালিবোৰকো সক্ৰিয়ভাৱে উদ্ধাৰ কৰি তেওঁলোকৰ শুশ্ৰুষাৰ বাবে যথোপযুক্ত চেষ্টা কৰে। ইতিমধ্যে হাড়গিলা বাইদেউৰ নেতৃত্বতেই হাড়গিলাৰ বাবে এটা কৃত্ৰিম প্ৰজনন মঞ্চও সাজু কৰি তোলা হৈছে।

 গুৰুত্বপূৰ্ণভাৱে, পূৰ্ণিমা দেৱী বৰ্মনৰ সংৰক্ষণ প্ৰচেষ্টা আৰম্ভ হোৱাৰ পিছৰে পৰা স্থানীয় পৰ্যায়ত অসমত হাড়গিলাৰ সংখ্যা বৃদ্ধি পাইছে৷ ২০০৭ চনত যেতিয়া সংৰক্ষণৰ প্ৰচেষ্টা আৰম্ভ কৰা হৈছিল, তেতিয়া কামৰূপ জিলা দাঁতিকাষৰীয়া অঞ্চলত মাত্ৰ ২৮টাহে হাড়গিলাৰ বাহ পোৱা গৈছিল৷ কিন্তু ২০১৯ চন পৰ্যন্ত ২০০টাৰো বাহ পোৱা গৈছে। চৰাইবোৰৰ সামাজিক প্ৰতিচ্ছবিক ইতিবাচক কৰি ৰখাৰ সমান্তৰালভাৱে সংৰক্ষণ সজাগতা বৃদ্ধিৰ বাবে কিছুমান আকৰ্ষণীয় প্ৰচেষ্টা হাতত লোৱা হৈছে৷ উদাহৰণস্বৰূপেস্থানীয় লোকগীত, পৰম্পৰা আৰু সাংস্কৃতিক উৎসৱত হাড়গিলাক অন্তৰ্ভুক্ত কৰা হৈছে।গাঁৱৰ মানুহে হাড়গিলাৰ বাবে পঞ্চামৃত অনুষ্ঠান পাতে৷ অসমীয়া মহিলা এগৰাকীৰ ক্ষেত্ৰত পালন কৰা একেবোৰ আচাৰ-ব্যৱহাৰ ব্যৱহাৰ কৰি এই অনুষ্ঠান উদযাপন কৰা হয়৷ হাড়গিলা আৰ্মীৰ মহিলাসকলে নিজৰ কাপোৰত হাড়গিলাৰ ছবি অংকন কৰি সংৰক্ষণৰ দিশত সজাগতা বিয়পাইছে আৰু ইয়াৰ লগতে তেওঁলোকে নিজৰ পৰিয়ালটোৰ বাবে আয়ৰ সৃষ্টি কৰিছে।আন এটা পদক্ষেপ হৈছে বিদ্যালয়সমূহত প্ৰাথমিক বয়সৰ শিশুসকলক আলোচনা আৰু খেলৰ জৰিয়তে হাড়গিলাৰ সংৰক্ষণৰ দিশত শিক্ষা দিয়া আৰু ক্ষেত্ৰভিত্তিক অধ্যয়নৰ অথবা ব্যৱহাৰিক শিক্ষাৰ মাধ্যম হিচাপে সময়ত তেওঁলোকক জাবৰণিৰ মাজত থকা পক্ষীবোৰ দেখুৱাবলৈ লৈ যোৱা৷


পূৰ্ণিমা বাইদেউৰ এই যাত্ৰা অব্যাহত থাকক, সেয়াই আমাৰ কামনা।


বিতোপন ৰাজবংশী

স্নাতকোত্তৰ প্ৰথম ষাণ্মাসিক

যোগাযোগ আৰু সাংবাদিকতা বিভাগ

আন্তৰাষ্ট্ৰীয় শ্ৰমিক দিৱসৰ ইতিহাস


""মই মেচিনৰ হ'ম প্ৰতিদ্বন্দ্বী'

জন হেনৰিয়ে কয় বুকু ডাঠি

ষ্টীম ড্ৰীলৰ লগতে হাতুৰীৰ চলে 'ৰেচ'

বিস্ময়ত কঁপি উঠে মাটি।"


পৃথিৱীৰ অধিকাংশ দেশে মে মাহৰ প্ৰথম দিনটো শ্রমিক দিৱস অথবা মে দিৱস হিচাপে পালন কৰে, এই মে দিৱসৰ ইতিহাস যদি আমি জানিব বিচাৰো তেন্তে উভতি যাব লাগিব ১৮৮৬ চনৰ ১ মে তাৰিখে চিকাগোত হোৱা সেই হৃদয় বিদাৰক ঘটনালৈ, আজিও এজন শ্ৰমিকে তেওঁ পাব লগৰীয়া খিনি পাইছে নে ? বা কোনো ক্ষেত্রত আজিও তেওঁলোক পুঁজিবাদী শাসন ব্যৱস্থাত অস্তিত্বহীন হৈ পৰিছে নেকি সেইয়া হয়তো প্ৰশ্নবোধক। 

     ১৮৮৬ চনৰ ১ মে’ত যুক্তৰাষ্ট্ৰৰ চিকাগো নগৰৰ হে-মাৰ্কেটত ৮ ঘণ্টা শ্ৰমদিনৰ দাবীত আন্দোলন কৰা শ্ৰমিকৰ ওপৰত গুলি চলোৱাত ১১ জন শ্ৰমিক ছহিদ হয়।আগতে শ্ৰমিকসকলে অমানুষিক পৰিশ্ৰম কৰিব লাগিছিল, প্ৰতিদিনে গড়ে প্ৰায় ১০-ৰ পৰা ১২ ঘণ্টা আৰু সপ্তাহত ৬ দিন কাম কৰিছিল। বিপৰীতে নগণ্য পাৰিশ্ৰমিক বা মজুৰি পাইছিল, শ্ৰমিকসকলে অতি অমানৱীয় জীৱন যাপন কৰিছিল, ক্ষেত্ৰবিশেষে সেইটো দাসবৃত্তিৰ পৰ্যায়ত পৰিছিল। ১৮৮৪ চনত যুক্তৰাষ্ট্ৰৰ চিকাগো নগৰত এদল শ্ৰমিকে দৈনিক ৮ ঘণ্টা কামৰ নিয়ম কৰাৰ দাবীত আন্দোলন আৰম্ভ কৰে আৰু তেঁওলোকৰ এই দাবী কাৰ্যকৰী কৰাৰ বাবে তেওঁলোকে সময় বান্ধি দিয়ে ১৮৮৬ চনৰ ১-মে। কিন্তু কাৰখানাৰ মালিকসকলে এই দাবী মানি নল’লে।১৮৮৬ চনৰ ৪ মে’ৰ সন্ধিয়া সামান্য বৰষুণৰ মাজত চিকাগো নগৰৰ হে-মাৰ্কেট নামৰ এক বাণিজ্যিক এলেকাত শ্ৰমিকসকল শোভাযাত্ৰা কৰাৰ উদ্দেশ্যে গোট খায়। তেঁওলোকে ১৮৭২ চনত কানাডাত অনুষ্ঠিত এক বিশাল শ্ৰমিক শোভাযাত্ৰাৰ সাফল্যত উদ্বুদ্ধ হৈ এনে কৰিছিল। আগস্ট স্পীজ নামৰ এজন নেতাই উপস্থিত শ্ৰমিকসকলৰ উদ্দেশ্যে কিছু কথা কৈছিল। হঠাৎ দূৰৈত ৰৈ থকা আৰক্ষী দলৰ ওচৰত এটা বোমাৰ বিষ্ফোৰণ ঘটে আৰু এজন পুলিচ নিহত হয়। পুলিচবাহিনীয়ে তৎক্ষণাত শ্ৰমিকসকলৰ ওপৰত অতৰ্কিতে আক্ৰমণ আৰম্ভ কৰে আৰু ই এক গণ-হত্যাৰ ৰূপ লয়, য’ত ১১ জন শ্ৰমিক ছহিদ হয়।পুলিচক হত্যা কৰাৰ দোষত আগস্ট স্পীজ সহ আঠজনক অভিযুক্ত কৰা হয়। এক প্ৰহসনমূলক বিচাৰৰ পিছত ১৮৮৭ চনৰ ১১ নৱেম্বৰ তাৰিখে উন্মুক্ত স্থানত ৬ জনক ফাঁচী দিয়া হয়।


লুইস লিং নামৰ এজনে ফাঁচীৰ এদিন আগতে কাৰাগাৰৰ ভিতৰতেই আত্মহত্যা কৰে, অন্যএজনৰ পোন্ধৰ বছৰৰ কাৰাদণ্ড হয়। ফাঁচীৰ মঞ্চত উঠাৰ আগতে আগস্ট স্পীজে কৈছিল, "আজি আমাৰ এই নিঃশব্দতা, তোমালোকৰ কোলাহতকৈ অপেক্ষিক ভাবে অধিক শক্তিশালী হ’ব"।

২৬ জুন, ১৮৯৩ তাৰিখে ইলিনয়ৰ গভৰ্ণৰে অভিযুক্ত আঠজনকেই নিৰপৰাধী বুলি ঘোষণা দিয়ে আৰু হত্যালীলাৰ হুকুম প্ৰদানকাৰী পুলিচ কামাণ্ডাৰ জনক দুৰ্নীতিৰ দোষত অভিযুক্ত কৰে। আৰু আনপিনে অজ্ঞাত সেই বোমা বিস্ফোৰণকাৰীৰ পৰিচয় কেতিয়াও প্ৰকাশিত নহ’ল।

শেষ পৰ্যন্ত শ্ৰমিকসকলৰ "দৈনিক আঠ ঘণ্টা কাম কৰাৰ" দাবীয়ে প্ৰশাসনিক স্বীকৃতি পায়। আৰু পহিলা মে বা মে' দিৱসে প্ৰতিষ্ঠা লাভ কৰে- শ্ৰমিকসকলৰ দাবী আদায়ৰ দিন হিচাপে, পৃথিবীব্যাপী আজিও সেই দিৱস পালিত হয়।"



দ্বীপ জ্যোতি শৰ্মা 

স্নাতকোত্তৰ প্ৰথম ষান্মাসিক 

যোগাযোগ আৰু সাংবাদিকতা বিভাগ।

গ্ৰন্থ সমালোচনা: অৰুণাভ ছাৰ (উপন্যাস )


লেখক : অজন্তা
প্রথম প্রকাশ: নৱেম্বৰ, ২০১০।

মূল্য: ১১০.০০ টকা।

প্রকাশক: অনন্ত হাজৰিকা, বনলতা, পাণবজাৰ; গুৱাহাটী।




অৰুনাভ ছাৰ অজন্তা বাইদেউৰ তৃতীয় খন উপন্যাস । অৰুণাভ ছাৰ" মূলত: এক প্রেম কাহিনী যদিও উপন্যাসখনক এখন আত্মজীবনীমূলক সামাজিক উপন্যাস যেন অনুমান হয়। এজন ভদ্র প্রশাসনিক বিষয়া 'অৰুণাভ' আৰু তেওঁৰ পাৰ্চনেল এচিছটেন্ট 'মায়াবী' উপন্যাস খনৰ মূল চৰিত্ৰ। মায়াবী দুই সন্তানৰ এগৰাকী বিধৱা মাতৃ। মূল চৰিত্র মায়াবীৰ জীৱনৰ সকলো ঘাট – প্ৰতিঘাট লগতে আনন্দ , উল্লাস , আশা , সপোন , দূখ বেদনা সকলো যেন স্পষ্টভাৱে প্ৰকাশ পাইছে । ইয়াৰ লগতে উপন্যাসখনত প্ৰকাশ পাইছে এক প্ৰাকৃতিক সৌন্দৰ্য্যৰ বৰ্ণনা । অৰুণাচল প্ৰদেশৰ ৰাজধানী ইটানগৰ আৰু এই প্ৰদেশৰ মনোৰম প্ৰাকৃতিক শোভাৰে ভৰপূৰ  নগৰ বোৰৰ বৰ্ণনা সাৱলীনভাৱে প্ৰকাশ পাইছে ! প্রেম, ভালপোৱা, মৰম আদি বিভিন্ন নামেৰে নামাকৰণ কৰা সম্পৰ্কবোৰৰ মাজত এটা ইমান মধুৰ দিশো যে থাকিব পাৰে সেই কথ এই উপন্যাসখনত খুব সুন্দৰকৈ ফুটি উঠিছে। কিন্তু ২০১০ চনতে লিখ এই উপন্যাসখনৰ মানুহৰ মাজত প্রচলন বা জনপ্রিয়তা কিয় কম হৈ আছে সেয়া চিন্তনীয় বিষয়। উপন্যাসখন পঢ়ি পৃথিৱীৰ আটাইতকৈ সুন্দৰ অনুভৱ যে ভালপোৱা সেই কথা অনুভৱ কৰিব পৰা যায়। ভালপোৱাক লৈ মানুহৰ থকা কিছুমান ধাৰণা উপন্যাসখনৰ কাহিনীয়ে স্পষ্ট কৰে। কাহিনীটোৱে প্রকাশ কৰে যে এজনে আনজনক পোৱাৰ প্রাপ্তি মানেই সমাপ্তি নহয়। প্রেম মনেই বিবাহ নহয়। কিন্তু উপন্যাস খনত কৈশোৰ বা যৌৱনৰ প্ৰেমৰ বৰ্ণনা নাই । তাৰ পৰিবৰ্তে জীৱনৰ শত সহস্ত্ৰ ধুমুহাই অভিজ্ঞ কৰি তোলা পৰিপক্ব প্ৰেমৰ আত্মীয়তাৰে টানকৈ বান্ধি ৰাখিছে অৰুণাভ ছাৰৰ প্ৰেম কাহিনী ।উপন্যাসখনে বহুবাৰ দুচকুত বাৰিষা নমাইছিল যদিও আপোনজনৰ বাবে অপেক্ষা কৰাৰ তৃপ্তিও অনুভৱ কৰাইছিল। অৱশেষত উপন্যাসখন পঢ়ি এনেকুৱা লাগিছে যেন এইখন লেখিকাৰ আত্মজীৱনীমূলক উপন্যাস।

ঋতুপৰ্ণা দেৱী
তৃতীয় ষান্মাসিক।
যোগাযোগ আৰু সাংবাদিকতা বিভাগ , গুৱাহাটী বিশ্ববিদ্যালয়। 

বিয়া:পৰম্পৰাৰ পৰা আধুনিকতালৈ



সাংস্কৃতিক ভাবে চহকী এখন ঠাই অসম য'ত এটি পৰম্পৰাগত অনুষ্ঠান আছে সেই অনুষ্ঠানতো হ'ল "বিয়া"। এখন বিয়া এই সেই অঞ্চলটোৰ পৰম্পৰাৰ আৰু আড়ম্বৰতাক প্রতিফলিত কৰে। বিয়া নামেৰে পৰিচিত এই অনুষ্ঠানসমূহ পাৰিবাৰিক আৰু সাম্প্রদায়িক বন্ধনৰ উদযাপন আৰু আনন্দৰ ভৰা এটি অনুষ্ঠান।


পৰম্পৰাগত অসমীয়া বিবাহৰ আৰম্ভণিতে জুৰুণ, উপহাৰ প্ৰদান অনুষ্ঠান য'ত কইনাই দৰাৰ পৰিয়ালৰ পৰা কাপোৰ-কানি আৰু অলংকাৰ লাভ কৰে, আৰু তেল দিয়া, য'ত দৰাৰ মাকে কইনাৰ ওপৰত তেল আৰু সেন্দুৰ দিয়ে। আন আন অনুষ্ঠান যেনে পানী তুলা (আনুষ্ঠানিক স্বানৰ বাবে পানী সংগ্রহ) আৰু দৈয়ন দিয়া (কইনা-কইনাৰ মাজত দৈ ভাগ কৰা) এটা সমন্বয়। বিয়াৰ দিনটোত দৰাই কইনা ঘৰলৈ গৈ কইনাক আনিব যাই তাৰ পিছত বিয়াৰ পবিত্র নিয়ম বোৰ হয় তাৰ পাছত ৰাইজৰ পৰা যোগ্ম জীৱনৰ আশীবাদ লয়। বিয়াৰ ৰীতি-নীতি, শেষ হোৱাৰ পাছত কইনাগৰাকীয়ে স্বামীৰ ঘৰত প্ৰৱেশ কৰে, দুটা পৰিয়ালৰ নিৰৱচ্ছিন্ন মিশ্রণক উজ্জ্বল কৰি তোলে। আঠ দিনৰ পাছত কইনাৰ পিতৃগৃহলৈ অহাৰ উপলক্ষে আঠমংলা অনুষ্ঠানে পাৰিবাৰিক সম্পৰ্কৰ এক মাৰ্মান্তিক সোঁৱৰণী হিচাপে কাম কৰে।


ইয়াৰ বিপৰীতে আধুনিক অসমীয়া বিবাহে মূল পৰম্পৰা বজাই ৰাখি সমসাময়িক প্রভারক আকোৱালি লৈছে। দ্রুতগতিত চলি থকা জীৱনশৈলীৰ সৈতে মিল ৰাখিবলৈ অনুষ্ঠানবোৰ প্ৰায়ে কম সময়ৰ বাবে ঘনীভূত কৰা হয়। আধুনিক ট্রেন্ডসমূহৰ ভিতৰত আছে প্রি-রেডিং ফটোশুট, ডিজাইনাৰ আউটফিট, আৰু থিমযুক্ত সজ্জা। বিয়াত এতিয়া ফিউজন মেনু আছে যিয়ে টেঙামাছৰ তৰকাৰীৰ দৰে অসমীয়া খাদ্যৰ সৈতে বিশ্বব্যাপী খাদ্যৰ সংমিশ্রণ ঘটায়, বৈচিত্রময় অতিথিৰ পছন্দ অনুসৰি। ডিজিটেল আমন্ত্ৰণ আৰু পেছাদাৰী ইভেন্ট প্লেনাৰসকলেও বিয়াৰ আয়োজন কৰাটো অধিক সুবিধাজনক আৰু নিৰৱচ্ছিন্ন কৰি তুলিছে।


যদিও সময়ৰ লগে লগে অসমীয়া বিবাহৰ বহু দিশৰ বিকাশ ঘটিছে, তথাপিও আধুনিকীকৰণৰ মাজত সাংস্কৃতিক পৰিচয়ৰ সংৰক্ষণ নিশ্চিত কৰি এই উদযাপনৰ সাৰ-সামগ্রী- আচাৰ- অনুষ্ঠান, পৰিয়াল, আধ্যাত্মিকতাৰ মাজত লংঘন হৈ আছে।


Hirak Jyoti kalita


MA 1 sem

সাঁচিপাতৰ পুথি

 সাঁচিপাতৰ পুথি তৈয়াৰ কৰা হয় সাঁচি বা অগৰু গছৰ বাকলিৰ পৰা। ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰত প্রচুৰ পৰিমাণে অগৰু গছ থকাৰ কথা গুৰুচৰিতত পোৱা যায়। সাঁচি গছৰ পৰা সাঁচিপাত প্রস্তুত কৰাৰ পদ্ধতিটো কেৱল অসমীয়া মানুহেহে জানিছিল। বুঢ়া বা পৈণত সাঁচি গছৰ বাকলি সাঁচিপাত প্রস্তুত কৰিবৰ বাবে বেছি উপযোগী আছিল। সাঁচিপাত তৈয়াৰ কৰিবলৈ প্রথমে বাকলিবোৰ সাৱধানে এৰুৱাই  আনি শুকাই কৰকৰীয়া নপৰালৈকে ধোৱাচাঙত থোৱা হৈছিল। তেনেকৈ শুকোৱা বাকলিবোৰ ধান খেৰৰ খাৰণিৰে খাৰ কাঢ়ি পৰিষ্কাৰ কৰি আকৌ ৰদত ভালদৰে শুকুওৱা হৈছিল। ইয়াৰ পিছত পৰ্যায়ত বাকলিবোৰ জোখমতে  কাটি লৈ বাকলিত গোটমাৰি থকা মলিবোৰ এৰুৱাই নিমজ নোহোৱা পৰ্যন্ত বাঁহৰ চেচুৰে  চাচি থকা হৈছিল। এইবাৰ পাতবোৰৰ ওপৰত শিল পিচলাই মিহি কৰি আকৌ শুকুওৱা হৈছিল। তাৰ পাছত পাতখিনি  পোন হবৰ বাবে লো বা আন গধুৰ বস্তুৰে সমানকৈ  হেঁচা মাৰি থোৱা হৈছিল। তাৰ পাছত আকৌ ঘিলাৰে  ঘঁহি  ঘঁহি সমান কৰি লৈ পাতবোৰত মাটিমাহৰ ৰং বোলোৱা  হৈছিল। তাৰ পাছতহে সাঁচিপাত লিখাৰ বাবে উপযোগী হৈ উঠিছিল। কেতিয়াবা প্ৰয়োজন সাপেক্ষে হেঙুল-হাইতাল বোলাই সাঁচিপাতৰ ৰং উজ্জ্বল কৰা হৈছিল। লিখাৰ উপযোগী হোৱাৰ পাছত পাতবোৰ জাপি কুটনীৰে জুখি সোঁমাজতে এটা বিন্ধা কৰা হৈছিল। সেইটো লোৰ শাখাকে নকৰিবলৈ 'যোগিনী তন্ত্ৰ'ত নিৰ্দেশ আছে। এই বিন্ধাটোক পুথিৰ নাভি বুলি কোৱা হয়। সাঁচিপাতত লিখাৰ পূর্বে সূক্ষ্ম কলমেৰে  সমান  দূৰত্বত শাৰী টনা হয়। তাৰ নাম হল কূত দিয়া। হাতেৰে লিখা সাঁচিপাতীয়া পুথিবোৰৰ তলে-ওপৰে কেইখনমান উকা পাত থাকে। সেইবোৰৰ নাম বেঁটীপাত। বেঁটীপাতত সাধৰণতে গ্রন্থৰ নাম, গৰাকীৰ নাম আৰু লিপিকাৰৰ নাম লিখা থাকে। সাঁচিপাতত পুথি লিখাৰ লগতে তাত চিত্রও অঁকা হৈছিল। সাঁচিপাতত লিখা সচিত্র পুথিৰ ভিতৰত 'হস্তী-বিদ্যাৰ্ণৱ', 'শংখচূড় বধ', গীত-গোবিন্দ' আদি বিখ্যাত। সপ্তম শতিকাৰৰ পূর্বেই অসমত সাঁচিপাতত লিখা কাম আৰম্ভ হৈছিল। সাঁচিপাতত পুথি লিখাসকলক লিখক বা লিখাৰু বা লেখাৰু বোলা হৈছিল। সাঁচিপাতত লিখা লোকসকলক বৰ অভিজ্ঞ আৰু সাৱধানী  আছিল। তেওঁলোকে সুন্দৰ গোট গোট আখৰেৰে লিখিছিল আৰু ক'তো বানানৰ ভুল বা আন কথাত কটাকটি কৰা নাছিল। লিখাৰুসকল দৰাচলতে শিল্পীয়েই আছিল আৰু তেওঁলোকে এই কামটো বৰ পবিত্র বুলি গণ্য কৰিছিল। সাঁচিপাতত লিখা পদ্ধতিটো অসমৰ বাহিৰে উত্তৰ -পূৱ ভাৰতৰ আন অঞ্চলত বিৰল। বাণভট্টৰ 'হৰ্ষচৰিতত উল্লেখ আছে যে ভাস্কৰ বৰ্মনে হৰ্ষবৰ্দ্ধনলৈ উপঢৌকন পঠিওৱা নানা সামগ্রীৰ ভিতৰত সাঁচিপাতত লিখিত সুভাষিত বিচনৰ এক পুথিও আছিল।



গুৱাহাটী বিশ্ববিদ্যালয়ৰ যোগাযোগ আৰু সাংবাদিকতা বিভাগৰ যোৱা ২৯/১০/২০২৪ তাৰিখে হৈ যোৱা sanchipat manuscript reading and conversation workshop টো পৰা মই শিকিব পাৰিছো যে সাঁচিপাতৰ পুথিত কেনেকৈ লিখিছিল। কেনেকৈ সাঁচিপাতৰ পুথিৰ শব্দবোৰৰ উচ্চাৰণ কৰি পঢ়িছিল। পুৰণি দিনৰ আখৰৰ ব্যবহাৰ আৰু আধুনিক দিনৰ আখৰৰ ব্যৱহাৰৰ মাজত পৃথকতা।  সাঁচিপাতৰ পুথিত লিখিবলৈ কেনেকৈ ৰং প্রস্তুত কৰিছিল। বহু নজনা কথা শিকিবলৈ পাইছো এই workshopটোৰ দ্বাৰাই ।


     নাম-দিশা দাস। 

   স্নাতকোত্তৰ প্ৰথম ষান্মাসিকৰ

  ছাত্ৰী, যোগাযোগ আৰু   সাংবাদিকতা বিভাগ, গুৱাহাটী বিশ্ববিদ্যালয়।

চম্পাৱতীৰ সাধু আৰু প্ৰতিফলিত সমাজ ব্যৱস্থা




      সাহিত্য বুলিলে আমাৰ সকলোৰে মনলৈ স্বাভাৱিকতে কবিতা , গল্প , নাটক আদিৰ  কথাই মনলে আহে ; যদিও বহুবছৰ পূৰ্বৰ পৰা অথাৎ লিপি উদ্ভৱ হোৱাৰ পূৰ্বৰে পৰা জনসাধাৰণৰ মাজত আন এক প্ৰকাৰৰ সাহিত্যই জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম  হৈছিল , এই সাহিত্য বিধ হ’ল লোক সাহিত্য । লোক সাহিত্য পৰম্পৰাগতভাৱে মানুহৰ মুখে মুখে প্ৰচলিত  সাহিত্য । মানুহৰ  মুখে মুখে প্ৰচলিত হোৱাৰ বাবে এইবিধ  সাহিত্যক জনসাহিত্য বা মৌখিক সাহিত্য বুলি কোৱা হয় । এইবিধ সাহিত্যতো লিখিত সাহিত্যৰ দৰে মানৱ জীৱনৰ সুখ-দুখ , হাঁহি-কান্দোন , আশা- নিৰাশা, প্ৰাপ্তি – অপ্ৰাপ্তি আদিৰ বিভিন্ন অনুভূতিবোৰ প্ৰকাশ হোৱা দেখা যায় ।    


       লিখিত সাহিত্যৰ দৰে মৌখিক সাহিত্য বা লোক সাহিত্যকো বিষয়বস্তু অনুসৰি তিনিটা প্ৰধান ভাগত ভাগ কৰা হয় , সেইকেইটা হৈছে  :   ক) লোক গীত    খ) ফকৰা- যোজনা , সাঁথৰ- পটন্তৰ      গ) সাধুকথা  ।


        সাধু কথা হৈছে  চহা লোকৰ মুখ বাগৰি অহা কিছুমান লোক কথা । ই হ’ল লোক মনে লোক সমাজৰ অৱসৰ বিনোদন আৰু নীতি শিক্ষাৰ বাবে স্বতঃ স্ফুৰ্তভাৱে প্ৰকাশ কৰা কল্পনা বা বাস্তৱ জীৱনৰ মনে সজা লৌকিক বা অলৌকিক কাহিনীৰ সামাহাৰ । ইয়াৰ লিখিত ৰূপ নাই , পৰম্পৰাগতভাৱে বাস্তৱ বা অবাস্তৱ মনে সজা লোক কথা। সাধু কথাৰ স্থিৰ ৰূপ নাই , সাধু কওঁতাজনে নিজৰ অভিৰুচি আৰু সামৰ্থ অনুসাৰে বৰ্ণাই যায় ।


       সাহিত্যৰ দৃষ্টি কোণেৰে চাবলৈ গ’লে ই এক সৃষ্টিশীল সাহিত্য । ইয়াত গল্প , উপন্যাসৰ দৰে কাহিনী চৰিত্ৰ লেখকৰ মৌলিকতা আটাইবোৰ উপাদান পৰিলক্ষিত হ’য় । যিদৰে সাহিত্যই সমাজ পৰিবৰ্তনত মুখ্য ভূমিকা গ্ৰহণ কৰে ঠিক তেনেদৰে সাধুকথাৰ মাজতো আমি সমাজ পৰিবৰ্তনৰ নীতি শিক্ষাৰ পাঠ পাওঁ ।


 


    চম্পাৱতী সাধুটিত এখন সহজ সৰল ঘৰুৱা চিত্ৰক সাহিত্যৰথী লক্ষ্ণীনাথ বেজবৰুৱাই দেৱে নিৰূপন কৰিছে । আৰু সেই সময়ৰ সমাজ ব্যৱস্থাত থকা কিছুমান কু-ব্যৱস্থাৰ কথা উল্লেখ কৰিছে । যেনে এজনী নাৰী অতি আদৰৰ আন এজনীক অত্যাচাৰ কৰা। প্ৰত্যক্ষভাৱে কবলৈ গ’লে নাৰীৰ ওপৰত কৰা অত্যাচাৰ এই সাধুটিত ফুটি উঠিছে। চম্পাৱতীৰ মাতৃ এলাগীক , লাগী আৰু সদাগৰে কৰা অত্যাচাৰ আকৌ অজগৰ ৰূপী দেৱতাৰ মাতৃ অথাৎ শাহুৱেক স্বৰূপা ৰাক্ষসীয়ে চম্পাৱতীক নানা ধৰণৰ নিৰ্যাতন কৰা । চম্পাৱতীক মাৰিবলৈ পৰিকল্পনা কৰা ,গিৰীয়েকৰ পৰা ছবছৰ আঁতৰত ৰখা ইত্যাদি । এই সাধুটিৰ জৰিয়তে লক্ষ্ণীনাথ বেজবৰুৱাই উল্লেখ কৰা সমাজ জীৱন ব্যৱস্থাৰ কিছুনীতি বৰ্তমান সমাজ ব্যৱস্থাৰ বাবে গ্ৰহণীয় নহয় বা শুনিবলৈ অপ্ৰিয়ভাজন । যেনে: প্ৰতিশ্ৰুতি দি কৰো বাসনাৰ প্ৰতি কেৰেপ নকৰা অথাৎ চম্পাৱতীৰ মনৰ কথা নজনাকৈ সদাগৰে অজগৰৰূপী দেৱতালৈ বিৱাহ কৰোৱা কাৰ্য ।


            এই সাধুটোৰ জৰিয়তে লেখকে এই কথা সুন্দৰভাৱে প্ৰস্ফূতিত কৰি তুলিছে যে আনৰ অপকাৰ কৰিবলৈ পৰিকল্পনা কৰা লোকৰ কেতিয়াও উন্নতি সাধন নহয় বৰঞ্চ নিজৰ অপকাৰ হয় । অথাৎ মাহীমাক লাগী আৰু শাহুৱেকে চম্পাৱতীক বিভিন্ন প্ৰকাৰে ক্ষতি বা অপকাৰৰ কৰিবলৈ চেষ্টা কৰিছিল যদিওঁ চম্পাৱতীক একো অপকাৰ কৰিব নোৱাৰিলে বৰঞ্চ সিহঁতৰ হে অপকাৰৰ সাধিত হ’ল । দ্বিতীয় আনৰ উন্নতি দেখিব নোৱাৰি জ্ব্লি মৰা অথাৎ লাগীয়ে এলাগী আৰু চম্পাৱতীৰ উন্নতি দেখিব নোৱাৰি বিভিন্ন ধৰণে অত্যাচাৰ / অপকাৰ কৰিবলৈ প্ৰয়াস কৰা কাৰ্য । সৎ লোকৰ বাবে সফলতাৰ ফলাফলো সৎ হয় । আৰু আগগুৰি নাভাবি আনৰ কথাত ভুল গৈ নিজৰ বিপদ সংকূল পৰিস্থিতি সৃষ্টি কৰা । অথাৎ বুঢ়ী জনীৰ কথাৰ মেৰপাকত পৰি চম্পাৱতীয়ে নিজৰ বিপদ সংকূল পৰিস্থিতি সৃষ্টি কৰা কাৰ্য অথবা ঘটনা ।


           এই সাধুটিৰ জৰিয়তে লক্ষ্ণীনাথ বেজবৰুৱাই বিভিন্ন ধৰণে পাঠকক আমোদ দিয়াৰ লগতে বিভিন্ন ফকৰা যোজনাৰ লগত মিলি যোৱাকৈ সাধুটি বিশেষভাৱে সৃষ্টি কৰিছে । আৰু বিভিন্ন নীতিশিক্ষাওঁ এই সাধুটিৰ জৰিয়তে পোৱা গৈছে  ।

 মানস প্ৰতীম কলিতা,

তৃতীয় ষান্মাষিক,

যোগাযোগ তথা সাংবাদিকতা বিভাগ

চলচ্চিত্র সমালোচনা : কথানদী



ডিঙিত গাঁঠি লগাই মূৰটো মাটিত পুতি মৰিবলৈ থৈ দিয়া হাঁহ এটাই সিমান পৰ ছটফটাই থাকে, সিমান পৰত এটা কাহিনী শেষ হওঁ হওঁ কৰোতেই আন এটাই উক্ দিয়ে-ঠিক হঠাৎ পাখিৰে মাটিত আচাৰ মাৰি দিয়া হাঁহজনীৰ দৰেই।' কথানদী' শীর্ষক ২০১৬ চনত মুক্তিপ্রাপ্ত অসমীয়া চিনেমাখনৰ ৰেহৰুপো তেনেকুৱাই যন্ত্রণাগধূৰ। পৰিচালক ভাস্কৰ হাজৰিকাৰ পাকৈত হাতত প্রাপ পাই উঠা 'কথানদী' ছবিখনে ইতিমধ্যেই চলচ্চিত্র প্রেমী তথা সচেতন মহলৰ দৃষ্টি আকর্ষণ কৰিছে। 'এবস্ট্রাক্ট' অথবা ভাৱগধূৰ চিনেমাৰে মুষ্টিমেয় দুই একক বাদ দি সাধাৰণ দর্শকক বিৰক্ত কৰাৰ ঢৌ উঠি থকাৰ এনেহেন দিনত কথানদীৰ দৰে গভীৰ বিষয়ক চিনেমাৰ গুৰুত্ব কিন্তু কমি যোৱা নাই, বৰঞ্চ ন-চামক আকর্ষিত কৰিবলৈহে সক্ষম হৈছে।


ৰসৰাজ বেজবৰুৱাৰ অমৰ সৃষ্টি বুঢ়ী আইৰ সাধুৰ চাৰিটি সাধু, ঘাইকৈ চম্পাৱতী,ঔ-কুঁৱৰী, তেজীমলা আৰু

তাৱৈৰ সাধুৰ সাংঘাটিক শিল্পীসুলভ সংযোগত ঠেকা খাই সৃষ্ট এইখন চিনেমা প্রকৃততে চাৰিটা সমান্তৰাল কাহিনীৰ গতিশীল ৰথ, যি শেষত গৈ একেটা ঘোঁৰাকে কাষ বিচাৰি লয়। গোটেই চিনেমাখনৰ আটাইতকৈ বেছি আকৰ্ণীয় দুই মূল উপাদান হ'ল শব্দ আৰু পোহক। অমৰনাথ হাজৰিকাৰ সংগীত আৰু বিজয় কাট্টীৰ দৃশ্যগ্রহণৰ ৰসায়নটো অসমীয়া চলচ্চিত্রৰ উত্তৰণৰ ইতিহাসত এক মাইলৰ খুটি হোৱাৰ সম্ভাবনা আছে। জংঘলে- খালে, ৰাতিয়ে- পুৱতিয়ে অবিকল পৰিৱেশ এটা ধৰি ৰাখিব পৰাটো পৰিচালকৰ সফলতাৰ ভিতৰত পৰে। তদুপৰি থলুৱা অসমীয়া নিচুকনি গীত, খোল-তালৰ শব্দ, দহিকতৰা-জিলিৰ মাত, হৰিবোল তাঁতশালৰ মাত আদিক যি ৰূপত চিনেমাখনত ব্যৱহাৰ কৰা হৈছে, সেয়া প্রশংসনীয়। অৱশ্যেই, কথানদীৰ সফলতাৰ ঘাইভাগ কৃতিত্ব অভিনয়ে কাঢ়ি নিলেও ভালেপৰ সময়তত সেয়া অতিপ্রাকৃতিকযেন লাগিল। সীমা বিশ্বাস, জেৰিফা ৱাহিদৰ অভিনয় ভাল হৈছে। পিছেআদিল হচেইনৰ অভিনয়ত নিৰাশ হলোঁ। বিশেষকৈ সংলাপ প্রক্ষেপণ মনঃপূত নহ'ল। কপিল বৰাৰ ক্ষেততো বৰ এটা মনে বিচৰা অভিনয় দেখা নাপালোঁ। নাৰী প্রধান চিনেমাখনৰ অভিনয়ৰ দিশতোও কিন্তু নাৰীসকলেই দখল কৰা দেখা গ'ল।


কথানদীৰ চিনেমেট'গ্রাফী সুন্দৰ হৈছে। যি কায়দাৰে দৃশ্য এটাত ঔটেঙাটোক চোঁচৰাই চোঁচৰাই লৈ যোৱা হৈছে, তাতেই অসমীয়া চিনেমালৈ ভাল দিন অহাৰ গোন্ধ পাওঁ। সম্পাদনাত থকা সুৰেশ পাইৰো হাত ভাল। তথাপি, কিছুমান দৃশ্য অতি বেছি ভৌতিক কৰি তোলাতো ভাল নাপালোঁ। তদুপৰি তেজীমলাৰ মাকে যিজন কাল্পনিক পুৰুষৰ ওচৰ চাপি মাজৰাতি প্রেমৰ বাহাৰ পাতে, সেইখিনি অতিৰঞ্জিত হোৱা যেন লাগিল। এইক্ষেতত ভাল লগা দিশটো হ'ল অজগৰডাল।  পৰিচালকে কেমেৰা তথা সম্পাদনাৰ মায়াজালত অজগৰে চম্পাবতীক বিয়া কৰোৱাৰ পৰা গিলি পেলোৱালৈকে যি ধৰণে দেখাইছে, সেয়া বাৰুকৈয়ে ভাল লাগিল।


বাকী কাহিনীৰ কথা কবলৈ বিচৰাতো কথানদীৰ বাবে অন্যায় কৰা যেন হ'ব। বুটী আইৰ সাধু লক্ষ্মীনাথ বেজবৰুৱাৰ অমৰ সৃষ্টি। পৰিচালক ভাষ্কৰ হাজৰিকাৰ তত্ত্বাবধানত অৰূপা পতংগীয়া কলিতাই শেহত যিদৰে চাৰিওটা সাধুৰ মাজত যোগসূত্র বিচাৰি পাইছে সেয়া নিতান্তই ধন্যবাদ দিবলগীয়া কথা।অভিনয় আৰু সম্পাদনাজনিত দুই এটা সৰু সুৰা ভুল বাদ দিলে মোৰ ভাষাত কথানদী এখন 'পার্ফেক্ট' চিনেমা। পৰিচালক হাজৰিকাৰ পৰা আমি ইয়াততকৈ অধিক আশা নিশ্চয়কৈ কৰিব পাৰোঁ। অসমীয়া চলচ্চিত্রৰ জয়ধাৰা অব্যাহত থাকক।




বিতোপন ৰাজবংশী

স্নাতকোত্তৰ প্ৰথম ষাণ্মাসিক

বর্তমান যুৱসমাজ আৰু আধ্যাত্মিকতা



এটা জাতিৰ অস্তিত্বৰ উত্তৰণৰ মূল চাবি কাঠীয়েই হৈছে আজিৰ যুৱ সমাজ। আজি সমগ্র বিশ্ব বিজ্ঞান-প্রযুক্তিৰে আৱাৰি আছে আৰু এই গোলকীকাৰ কবলত পৰি আজি আমাৰ যুৱ চামৰ নৈতিক স্খলন ঘটিছে আৰু তাৰ ফলত সামাজিক উচ্ছ্বংশলতাই ভয়াবহ ৰূপ ধাৰণ কৰিছে। এই ভয়াবহতাই সাম্প্রতিক সময়ত দিনক দিনে সমাজৰ সাংগঠনিক দিশত দুর্বল কৰাত অগ্রণী ভূমিকা পালন কৰিছে।


যুৱসমাজৰ এই উচ্ছ্বংশলতাৰ বিশ্লেষণ কৰিলে দেখা যায় যে কাৰণ দেশৰ নিবনুৱা সমস্যা, ৰাজনৈতিক অস্থিৰতা, শৈক্ষিক সমস্যা, মানবীয় মূল্যবোধৰ অৱক্ষয়, আত্মকেন্দ্রিকতা আৰু বস্তুবাদী সমাজৰ পৰিবর্তন আদিয়েই প্ৰধান ।

        দেশৰ ধৰণীস্বৰূপ এই যুৱ সমাজৰ সুস্থ মানসিকতাৰ বাবে উপযুক্ত ব্যৱসাৰিক শিক্ষাৰ লগতে আধ্যাত্মিক শিক্ষাৰো অতি প্রয়োজন। আধ্যাত্মিক শিক্ষাৰ ক্ষেত্ৰত 'গীতা' হৈছে এক আদর্শ পুথি। আজিৰ যুৱ প্রজন্মৰ যিসকলৰ নিজ নিজ কর্মত প্রযুক্ত হ'বলৈ সৎ সাহস আৰু প্ৰেৰণা অভাৱ তেঁওলোকৰ বাবে গীতাৰ দর্শন অত্যন্ত জৰুৰী ।

গীতাৰ মূল সত্যটো হৈছে আমি সৎ পথত থাকি ভগবানক ভক্তি কৰি ফললৈ কামনা নকৰাকৈ  কাম কৰি যাব লাগে । 


জীৱনত বিজ্ঞাসা থাকিব লাগিব। সকলো কথা প্রজ্ঞাৰে বিচাৰ-বিশ্লেষণ কৰিব পাৰিব লাগিব। প্রজ্ঞা আহৰণৰ বাবে সাধনাৰ প্রয়োজন ,গভীৰ অধ্যয়ন আৰু চিন্তাৰ প্রয়োজন। গতিকে সাম্প্রতিক সমাজ ব্যৱস্থাত আধ্যাত্মিক চিন্তাৰ সাজেৰে যুৱ জাগৰনৰ সৃষ্টি কৰি এক সৎ , বিনয়ী আৰু  দ্বিধাহীনভাৱে জীৱন অতিবাহিত কৰিব পাৰিলেহে আজিৰ যুৱসামাজৰ জীৱন সুন্দৰ হোৱাৰ লগতে সমাজখনো সুন্দৰ ও সুস্থ হৈ উঠিব।


             বাস্তুৱ কুমাৰ বৰুৱা

Tuesday, 3 December 2024

চলচ্চিত্র সমালোচনা : 12 ফেইল


সাধাৰণতে চলচ্চিত্ৰ এখনত কেতিয়াবা প্ৰেমে  তথা বিষাদে মূল ভুমিকা লয় ,হয়তো কেতিয়াবা প্ৰেমিকা নতুবা বন্ধুত্ব তথা মাতৃৰ মমতাই ,মূল নায়ক গৰাকীক সমাজৰ আগত বিশুদ্ধ ৰূপত প্ৰতিষ্ঠা কৰে । যিদৰে এখন চলচ্চিত্ৰত নায়কৰ ভুমিকা থাকে থিক একেদৰে খলনায়ক এজনৰো একেই ভূমিকা থাকে চলচ্চিত্ৰ এখন সফল কৰি তোলাত । খলনায়ক বিহীনচলচ্চিত্ৰ এখনত নায়কে চলচ্চিত্ৰ খনত আগুৱাই নিয়াত বহুক্ষেত্ৰত ব্যৰ্থ হয় কিন্তু কাহিনীৰ উপস্থাপন শৈলী তথা কাহিনীৰ আধাৰ সামাজিক হ'লে সেই চলচ্চিত্ৰত খলনায়কৰ ভূমিকা নাথকাও পৰিলক্ষিত হয় । সমালোচনাৰ বিষয় হিচাপে ল'ব বিচৰা চলচ্চিত্ৰ খন হৈছে 12 ফেইল , চলচ্চিত্ৰ খনত বৰ্তমান সময়ছোৱাত বিফলতাৰ লগত যুঁজ দি নিজৰ পৰিয়ালৰ সৰ্বোচ্চ দায়িত্বৰভাৰ নিজৰ কান্ধত তুলি লৈ লক্ষ্যত উপনীত হোৱাৰ সংগ্ৰাম চলাই থকা এচাম যুৱকৰ ওপৰত যিয়ে নিজৰ শূণ্যতাৰ পৰা সপোন দেখে আকাশ চুবলৈ । 

12 ফেইল নামৰ চলচ্চিত্ৰখনৰ কাহিনীৰ মূল চৰিত্ৰ হৈছে মনোজ যিয়ে মেট্ৰিক পৰীক্ষাত নকল পদ্ধতিৰে প্ৰথম বিভাগত উৰ্ত্তীণ হয় যদিও হায়াৰ চেকেণ্ডেৰী পৰীক্ষাত প্ৰথম বাৰ নকল পদ্ধতি বাতিলৰ বাবে উত্তীৰ্ণ হব নোৱাৰি দ্বিতীয় বাৰ প্ৰকৃত পদ্ধতিৰে পৰীক্ষা দি তৃতীয় স্থানত উত্তীৰ্ণ হয়।চলচ্চিত্ৰ খনত মনোজৰ দেউতাক এজন সাধাৰণ কৃষক যিয়ে সেই অঞ্চলৰ বিধায়কৰ অন্যায়ৰ বিৰুদ্ধে যুঁজি উচ্চতম আদালতৰ ওচৰ চাপিছিল।হায়াৰ চেকেণ্ডেৰী পৰীক্ষাত উত্তীৰ্ণ হৈ মনোজে উচ্চ শিক্ষাৰ বাবে গৃহভূমিৰ পৰা দূৰত অধ্যয়ন কৰিব বিচাৰিছিল কিন্তু টকাৰ অভাৱ মনোজৰ পৰিয়ালতো আছিল , কিন্তু মনোজৰ আইতাকে পেঞ্চনৰ পইচা তাৰ বাবে সাচি ৰাখিছিল , চলচ্চিত্ৰ খনৰ এইখিনিত আইতাৰ মৰমভাৱবোধ পৰিলক্ষিত হয় ।

 



গাঁৱৰ অকৃত্তিম পৰিৱেশৰ পৰা চহৰত মনোজত কেতবোৰ বিপদ-বিঘিনিৰ সন্মুখীন হয়। কিন্তু মনোজৰ জৰাজীৰ্ণ সংঘাটৰ জীৱনত কেতবোৰ মানুহৰো আগমন ঘটে । পাণ্ডে ,গৌৰী ভাইয়া , আদিৰ দৰে সাহসৰ খামখুটাবোৰে মনোজৰ দৰে চালি নোহোৱা ঘৰ এখনত জোনাকৰ পোহৰৰ দৰে জিলিকাই  তুলিবলৈ অশেষ যত্ন কৰিলে। ব্যস্ততাত তথা সংঘাটৰ অপৰিচিত চহৰখনত মনোজ ‌নামৰ চৰিত্ৰই শৈক্ষিক জীৱনৰ সত্যতাৰ সৈতে পৰিচিত হ'বলৈ ধৰিলে । ব্যস্ততা তথা শৈক্ষিক সত্যতাৰ চহৰ খন তাৰ বাবে অতিকৈ কঠিন আছিল , অপেচাদাৰী প্ৰশিক্ষণ মূলক শিক্ষাঅনুষ্ঠান সমূহৰ প্ৰকৃত সত্য চলচ্চিত্ৰ খনত সুন্দৰকৈ ফুটাই তুলিছে , তথাপি সি যুজঁ দিছে ,চলচ্চিত্ৰ খনত আকস্মিক ভাৱে শ্ৰদ্ধা নামৰ ছোৱালী এজনীৰ প্ৰকাশ হয় । যিয়ে চিকিৎসক হিচাপে কৰ্মৰত আছিল । কিন্তু চিকিৎসা সমাজৰ অন্যায়মূলক কৰ্মৰ তাই বিৰোধী আছিল সেই বাবে তাই নিজকে প্ৰশাসনিক সেৱাৰ লগত জড়িত কৰি সমাজৰ এনে কিছুমান কালিমাক দূৰ কৰাৰ বাবে নিজকে প্ৰশাসনিক সেৱাৰ লগত জড়িত কৰিব বিচাৰিছিল , মনোজে এক প্ৰশিক্ষণ মূলক শিক্ষাঅনুষ্ঠানত কাম কৰি নিজৰ পঢ়াৰ খৰচ উলিয়াইছিল আৰু সাংক্ষেপে শ্ৰদ্ধাৰ লগত মনোজৰ সংঘাতম‌য়ী কাহিনীৰ যোগেদি দুয়োটা চৰিত্ৰৰ প্ৰেমৰ আগমনক স্থান দিয়া হৈছিল । নিজৰ সপোনবোৰক সাৰ্থক কৰাৰ স্বাৰ্থত মনোজ নামৰ চৰিত্ৰটোৱে যুঁজ দিছিল সাৰথি আছিল শ্ৰদ্ধা, পাণ্ডে আৰু গৌৰী ভাইয়া ।

মনোজে যুজা এই সংগ্ৰামৰ যুজ খনত শ্ৰদ্ধা , গৌৰী ভাইয়া আদি আছিল একো একো সাহসৰ চৰিত্ৰ যাৰ ফলত  শেষ সুবিধা অৰ্থাৎ লাষ্ট এটেম্টত মনোজ নামৰ চৰিত্ৰটোৱে নিজৰ লক্ষ্যত উপনীত হ'ব পৰাছিল । কেতবোৰ সংগ্ৰামৰ অন্ততঃ  চৰিত্ৰটোৱে নিজৰ সপোনক সাৰ্থক ৰূপ দিয়াৰ বাবে নিজৰ জীৱনৰ কষ্টৰ চৰমসীমা অতিক্ৰম কৰি সেই 12 ফেইলৰ টেগটোৰ আগত আই পি এছৰ সন্মানটো লগাবলৈ সক্ষম হৈছিল।

ইতিবাচক সমালোচনা: সাধাৰণতে চলচ্চিত্ৰ এখন প্ৰত্যেক্ষ কৰি ‌তাত থকা কেতবোৰ ঘটনা অৰ্থাৎ কেতবোৰ দৃশ্যপটে সামাজিক জীৱন নতুবা ব্যক্তিগত জীৱনত কিদৰে প্ৰভাৱ বিস্তাৰ কৰে সেইবিষয় সমূহক লৈ চলচ্চিত্ৰ এখন সমালোচনাৰ ভিত্তি হিচাপে লোৱা হয় । 12 ফেইল  চলচ্চিত্ৰ খনত এজন প্ৰত্যক্ষদৰ্শী হিচাপে কেতবোৰ ইতিবাচক ধাৰণা পোৱা যায়। বন্ধুত্বৰ সঁহাৰি তথা কষ্টৰ সফলত সুন্দৰ ভাৱে পৰিস্ফুট হৈ উঠিছে । আনহাতে নকল পদ্ধতিৰ নিৰ্মূলকৰণ তথা নকল পদ্ধতিৰে যে ভাৰতবৰ্ষৰ কেতবোৰ ভিতৰুৱা স্থানত আজিও শিক্ষাৰ ব্যৱস্থা চালনা হৈ আছে তাক চলচিত্ৰ খনত সুন্দৰকৈ উপস্থাপন কৰিছে। তদুপৰি চলচ্চিত্ৰ খনত ভাৰতৰ পৌৰাণিক চৰিত্ৰৰ কেতবোৰ সংলাপ সুন্দৰকৈ উপস্থাপন কৰিছে।আজিৰ সময়ত প্ৰেয়সীৰ ভূমিকাক ইতিবাচক  তথা সমৰ্থক হিচাপে 12 ফেইলত সুন্দৰকৈ ফুটাই তুলাইছে ,যি চলচ্চিত্ৰ খনৰ অন্যতম সফলতাৰ কাৰণ। আনহাতে এটা মিছা কথা বা এটা মিছলীয়া প্ৰবচনক ধাকিবলৈ হেজাৰটা মিছা প্ৰবচন উৎপত্তি হয় তাকো চলচ্চিত্ৰ খনত সুন্দৰকৈ উপস্থাপন কৰিছে। কষ্টৰ অন্তত যে ৰত্ন লভিব পাৰি সেই সাধাৰণ কথা খিনি এই নাটিদৈৰ্ঘ্যৰ চলচ্চিত্ৰ খনত সুন্দৰকৈ উপস্থাপন কৰিছে। সৰ্বশেষত এখন চলচ্চিত্ৰ হিচাপে সমাজত বিফলতাৰ মুখ দেখি ভাগি নপৰা এজাক পোহৰৰ বাট দেখা তৰুণৰ বাবে 12 ফেইল এখন অনুপ্ৰেৰণা মূলক চলচ্চিত্ৰ। সাধাৰণ অৰ্থত পৰিয়ালৰ প্ৰতিজন ব্যক্তিৰ সৈতে উপভোগ কৰিব পাৰা এখন সামাজিক ধৰ্মী শৈক্ষিক দিশৰ লগত জড়িত চলচ্চিত্ৰ হ'ল 12 ফেইল।


নেতিবাচক সমালোচনা: এখন চলচ্চিত্ৰ কোনো দিনে ১০০ শতাংশ পৰিশুদ্ধ ভাৱে নিৰ্মিত কৰি তাক উপস্থাপন কৰিব নোৱাৰে । কিয়নো চলচ্চিত্ৰ এখনত যিদৰে ৭০শতাংশ শুদ্ধ ৰূপত  প্ৰদৰ্শন কৰিবলৈ চেষ্টা চলোৱা হয় , তাৰ আলমতে ৩০% শতাংশ পৰিশুদ্ধ ভাৱে প্ৰদৰ্শিত হয় অৰ্থাৎ নয়াৰ্থক ৰূপত সমাজৰ আগত দেখা দিয়ে । চলচ্চিত্ৰ খনত প্ৰতিটো চৰিত্ৰকে সফল ভাৱে ৰূপায়ন কৰা দেখুওৱা হৈছে কিন্তু গৌৰী ভাইয়া অৰ্থাৎ পাণ্ডেৰ দৰে দুটা চৰিত্ৰক বিফলতাৰ মুখত থোৱাত কোনো এটা দিশত কিছু ক্ষেত্ৰত চৰ্চিত হৈছে । কিয়নো মনোজক যিজনে ব্যক্তিগত ভাৱে সহায় কৰালে সেইজনে যদি বিফলতাৰ মুখত পৰি থাকে তেন্তে মেনটৰ বোলা অৰ্থটো অনাৰ্থক হৈ থাকে  অৰ্থাৎ চলচ্চিত্ৰ খনত শৈক্ষিক সমৰ্থক জন এজন ফেইলৰ হিচাপে প্ৰতিষ্ঠিত কৰা হৈছে ,যিটোক আমি ব্যক্তিগত জীৱনত তুলনা কৰিলে তেনে মানুহক সমাজৰ নিৱনুৱা অৰ্থাৎ এলাহী বুলি হে চিহ্নিত কৰে। আনহাতে চলচ্চিত্ৰ খনৰ আৰম্ভণিতে মনোজৰ এজন ভায়েক দেখুৱা হৈছিল যিটো চৰিত্ৰ শেষৰ সৈতে কোনো ধৰণৰ মিল দেখা নগ'ল ,যেন সেই চৰিত্ৰটো আধৰুৱা হৈ থাকিল। এনেকেতবোৰ দৃশ্যগ্ৰহণ তথা চৰিত্ৰৰ প্ৰদৰ্শনত 12 ফেইল চলচ্চিত্ৰ খন ব্যৰ্থ হয় যদিও , সমালোচনাৰ মহলত এইখিনি তুচ্ছ।





চলচ্চিত্ৰ খনৰ কিছু তথ্যঃ


পৰিচালকঃ বিধু বিনোদ চোপ্ৰা,

 মুক্তিলাভঃ২৭ অক্টোবৰ ২০২৩

 সৰ্বমুঠ খৰচঃ ২০ কৌটিৰ আশে-পাশে 

সৰ্বমুঠ সংগ্ৰহ ( বক্স অফিচ)ঃ  ৬৯.৬৪ কৌটি ,

  ১২ ফেইলৰ কাহিনী এটা সঁচা ঘটনাৰ ওপৰত আধাৰিত ,যাৰ প্ৰকৃত নায়ক IPS অণুৰাগ পাঠক,ৰ চৰিত্ৰত অভিনয় কৰিছে বিক্ৰান্ত মেছিয়ে


মূল ভুমিকা: বিক্ৰান্ত মেছি, মেধা শংকৰ,

 Imdb rating; ৯.১(১০ৰ ভিতৰত)

roffen tomatoes : ৯১%


নাম : দ্বীপ জ্যোতি শৰ্মা 

স্নাতকোত্তৰ প্রথম ষান্মাসিক 

যোগাযোগ আৰু সাংবাদিকতা বিভাগ।

নলবাৰীৰ তিলানা গাঁৱৰ পৰম্পৰাগত জাপি: অসমীয়া সংস্কৃতি আৰু ঐতিহ্যৰ প্ৰতীক

 

জাপি অসমৰ স্বাভিমান।অসমৰ নলবাৰী জিলা হৈছে  সাংস্কৃতিক ঐতিহ্যৰ ভাণ্ডাৰ।  অসমীয়া সংস্কৃতিৰ এক অবিচ্ছেদ্য অংগ হৈছে জাপি।  জাপি বাঁহ আৰু টকৌপাতেৰে তৈয়াৰী । কৃষিত ব্যৱহৃত জাপিৰ প্ৰসংগ আহিলেই তিলানাৰ  কাৰিকৰৰ  সংস্কৃতিপ্ৰাণ আৰু স্বাভিমান উদ্ভাসিত হৈ উঠে।



অসমৰ ভিতৰতে জাপি নিৰ্মানত অভিলেখ সৃষ্টি কৰা নলবাৰী জিলাৰ তিলানা গাঁও এখন শিল্প গাঁও। জৰিপ মতে অঞ্চলটোৰ প্ৰায় ৮০শতাংশ লোকে জাপি শিল্পৰ সৈতে জড়িত হৈ জীৱন নিৰ্বাহ কৰে। তাহানিৰ দিনৰ পৰাই গাঁওখনে জাপি নিৰ্মাণ কৰি জাপি শিল্পক এক বিশেষ মৰ্যাদা প্ৰদান কৰি আহিছে।

জাপি শিল্প হৈছে এক পৰম্পৰাগত শিল্প,যি শিল্প তিলানা গাঁৱত প্ৰতিটো প্ৰজন্মৰ মাজেৰে পাৰ হৈ আহিছে। তিলানাৰ আধাসংখ্যক মানুহে ৩০০ শৰ পৰা ৩০০০ হাজাৰলৈকে জাপি নিৰ্মাণ কৰি ৩ শৰ পৰা ৩০ হাজাৰ টকা পৰ্যন্ত দামত বিক্ৰী আছে। বিহু আৰু উৎসৱত  শিল্পীসকলে ফুলাম জাপি তৈয়াৰ কৰি অনুষ্ঠানত বিশেষ সম্বৰ্ধনা জনাবলৈ ফুলাম জাপি অৰ্ডাৰ অনুযায়ী যোগান ধৰি আহিছে।


তিলানা গাঁৱৰ জাপি শিল্পই অসমৰ ইমুৰৰ পৰা সিমুৰলৈ এখন সুকীয়া বজাৰ দখল কৰিবলৈ সক্ষম হৈছে।



প্ৰবাল জ্যোতি শৰ্মা 

স্নাতকোত্তৰ প্ৰথম ষান্মাসিকৰ ছাত্ৰ, যোগাযোগ আৰু সাংবাদিকতা বিভাগ, গুৱাহাটী বিশ্ববিদ্যালয়

Saturday, 17 August 2024

ৰং (Book Review)

ঔপন্যাসিক শৰ্মিষ্ঠা প্ৰীতমৰ উপন্যাস "ৰং” । 

প্রান্তিক'ৰ পৃষ্ঠাত ধাৰাবাহিকভাৱে প্ৰকাশিত উপন্যাসখনে মানুহৰ জীৱনত সপোন, আত্মবিশ্বাস, ইচ্ছাশক্তিয়ে কিদৰে কাম কৰে, তাৰ লগতে বাস্তৱৰ পৰিস্থিতি তথা নিয়তিৰ কবলত পৰি জীৱনে কেনেদৰে গতি সলায় লেখিকাই পৰিধি, অনুজাখুৰী, জুৰণি, ময়ূৰ আদি চৰিত্ৰসমূহৰ যোগেদি  প্ৰকাশ কৰিছে।জীৱনক ধুনীয়াকৈ জীয়াই ৰাখিবলৈ , স্বাভিমানেৰে মুৰ তুলি সুন্দৰভাৱে জীৱন জীয়াবলৈ,  হতাশা আৰু নিষ্ঠুৰতাৰ মাজতো জীৱনতো নানা ৰঙেৰে সজাই জীয়াই থাকি জীৱনৰ স্বাদ ল'বলৈ - বহু কথাই শিকালে উপন্যাসখনে।  উপন্যাসখনৰ মুল চৰিত্ৰ পৰিধি আৰু বনদীপৰ বাহিৰেও পৰিধিৰ মা , বৰদেউতা, অনুজা খুৰী, ময়ুৰ, জুৰণি আদি প্ৰত্যেকটো চৰিত্ৰৰে একোটা নিজস্ব বৈশিষ্ট্য আছে। প্ৰত্যেকটো চৰিত্ৰকে লেখিকাই আকৰ্ষণীয় ৰূপত উপস্থাপন কৰিছে।          

            সঁচাকৈ, উপলদ্ধি কৰিছো, শিলক জীৱন্ত কৰি তোলা পৰিধি। ৰং হীন আক্ষেপত শিল বুকুত চিৰন্তন ৰূপ দিয়া জীৱনৰ আধিপত্যতা, জুৰণি, সীমাহীন বন্ধুত্ব।

  কোনোবাই জানো জীৱন দিব পাৰে,নদীৰ বুকুৰ কঠিন শিলক। সতেজতা আনিব পাৰেনে শিলে,ঠিক শিমলুজোপা দৰে। মানুহৰ আত্মাৰো যে কি সুষমা,,

ছোমালিয়াৰ দুৰ্ভিক্ষই পীড়ি থকা নিৰন্ন উদৰৰ সম্মুখলৈ কোনোবাই যেন আগবঢ়াই দিছে একাঁহী সুস্বাদু অন্ন,,

শিলবোৰ জীৱনৰ বৈপৰীত্য জীৰন দিয়া ৰূপ। 

শিলৰো যে কি সুষমা।

কাৰোবাৰ বুকু শিল হ'ব পাৰে জানো? হ'ব পাৰে,বুকুখনো শিল হ'ব। 

" তোৰ বুকুখন যদি এনেকোৱা গোল গোল নিমজ শিলেৰে ভৰি গৈছে ,তেন্তে বেয়া হোৱা নাই দে। তাত মই প্ৰাণ দিব পাৰিম"

উল্লেখ কৰিছে,জলকন্যাৰ কথা।সাধুৰে সন্নিৱিষ্ট কৰা কথা জুৰণি মাকৰ মুখৰ কথাৰে,এদিন তাই নিজৰ প্ৰিয় ফিছাখনো যাদুকৰৰ হাতত সৰ্পিছিল। আনকি, মাতটোও। পৰা যায় ,ভালপোৱা বিনিময়ত সকলোবোৰ হেৰোৱাবলৈ।....



++++++++++++++++++

প্ৰকাশক - জ্যোতি প্ৰকাশন , পানবজাৰ, গুৱাহাটী - ৭৮১০০১

প্ৰচ্ছদ - বিষ্ণু তামুলী ।

মুদ্ৰক - শৰাইঘাট অফছেট প্ৰেছ উদ্যোগ পাম, বামুণী মৈদাম গুৱাহাটী ।

প্ৰথম প্ৰকাশ - ২০১৬ আলিবাট প্ৰকাশন ।

দাম - ২২০ টকা ।


ঋতুপৰ্ণা দেৱী 

দ্বিতীয় ষান্মাসিক।। 

যোগাযোগ আৰু সাংবাদিকতা বিভাগ , গুৱাহাটী বিশ্ববিদ্যালয়।

Friday, 16 August 2024

তোলনি বিয়াৰ প্ৰয়োজনীয়তা

 


সাধাৰণতে তোলনী বিয়া বুলি কোৱাৰ লগে লগে আপোনাৰ মনলৈ কি ভাৱ আহিছে ? সৰহ সংখ্যক লোকৰে নিশ্চয় ধুম ধামেৰে আয়োজন কৰি পালন কৰা এটা অনুষ্ঠানৰ কথা মনলৈ আহিছে। কিন্তু এই অনুষ্ঠানটো কিয় ইমান বিলাসীতাৰে পালন কৰা হয় বা ইয়াৰ কোনো প্ৰয়োজনিয়তা আছে নে নাই সেয়া বাৰু আপুনি কেতিয়াবা ভাবি চাইছেনে ? সঁচা অৰ্থত সহজ ভাষাত 'বলৈ 'লে তোলনী বিয়া বুলি মানু্হ মাতি ডাঙৰকৈ অনুষ্ঠানটো অনুষ্ঠিত কৰাৰ অৰ্থ ' ছোৱালীজনী গাভৰু ' বুলি বিজ্ঞাপন দিয়া এক প্ৰক্ৰিয়া। এই বিজ্ঞাপনৰ বাৰু কিমান প্ৰয়োজনীয়তা আছে বুলি আপুনি ভাৱে ?


যিখন সমাজত এজনী ছোৱালীয়ে পেড এটা কিনিব লাগিলে ওচৰত থকা মানুহলৈ চকু দিব লগা হয়, কোনোৱে নেদেখক বুলি 'লা পলিথিন অথবা কাগজেৰে মেৰিয়াই আনিব লগা হয় সেইখন সমাজক ধুম- ধামেৰে মাছে- মঙহে খুৱাই ছোৱালীজনী ডাঙৰ হোৱা বুলি খবৰ দিয়াৰ প্ৰয়োজন আছে বুলি আপোনালোকে ভাৱেনে ? আগতে তোলনী বিয়াখন ধুমধামকৈ পতাৰ উদ্দেশ্য আছিল যাতে ছোৱালীজনী গাভৰু ' বুলি দহটা মানুহে গম পায় আৰু বিবাহ উপযুক্ত ' বুলি মানুহে জানিব পাৰে।বিভিন্ন লোকাচাৰেৰে তাইক নাৰীত্ব প্ৰাপ্তিৰ কথা জনোৱা হয়। পুৰুষৰ পৰা সাবধানে চলাৰ নীতিজ্ঞান দিয়া হয়। কিন্তু আজিকালিৰ তোলনী বিয়া বোৰ দেখিলে চকু থৰ হৈ যায়। অকনমান ছোৱালী এজনীৰ কন্যাকাল প্রাপ্তিক লৈ কি ৰাজসিক আয়োজন। কার্ড বনোৱাৰ পৰা আৰম্ভ কৰি সোনৰ গহনা, পাটৰ কাপোৰ, পেন্দেল, মাছ মাংসৰ ভোজ আদি সকলোবোৰ আয়োজন কৰে। এই অনুষ্ঠানবোৰ এনেকৈ পতা মানুহবোৰে আকৌ যুক্তি দিয়ে যে ডাঙৰ বিয়াখন বা পাতিব পাৰো নে নিজেই গুচি যায় কি ঠিক, সেয়ে এইখনকে পাতিলো ডাঙৰকৈ। তোলনী বিয়াৰ নামত যিবোৰ নিয়ম পালন কৰা হয়, তাৰে কিছুমানৰ অৱশ্যে বিজ্ঞানসন্মত কাৰণো আছে। কিন্তু সেইবোৰ অনুষ্টুপীয়াকৈ পালন কৰিও পৰম্পৰা ৰক্ষা কৰিব পৰা যায়। কিন্তু আচল কথাটো ', ছোৱালীজনীক মাহেকীয়া সম্পৰ্কীয় কথাবোৰ আৰু চাফ- চিকুণতা আৰু সতৰ্কতাখিনিৰ বিষয়ে বুজাব লাগে। ২০১৫-২০১৬ চনৰ ৰাষ্ট্ৰীয় পৰিয়াল স্বাস্থ্য সমীক্ষা অনুসৰি ভাৰতৰ মাত্ৰ ৩৬% মহিলাই মাহেকীয়াৰ সময়ত চেনিটেৰী পেড ব্যৱহাৰ কৰে। ২০১৫ চনৰ এক অধ্যয়নত দেখা গৈছে যে ৯০% মহিলাই মাহেকীয়াৰ সময়ত ঘৰুৱা পদ্ধতি ব্যৱহাৰ কৰে, আৰু .% মহিলাই একেবাৰেই কোনো পদ্ধতি ব্যৱহাৰ নকৰে। ২০২৩ চনৰ দৃষ্টি আই এছ (Drishti IAS) প্ৰতিবেদন অনুসৰি ভাৰতৰ ২৭% গ্ৰাম্য যুৱতী আৰু ১০% নগৰীয়া যুৱতীয়ে এতিয়াও ঋতুচক্ৰৰ সময়ত সুৰক্ষাৰ বাবে অস্বাস্থ্যকৰ পদ্ধতি ব্যৱহাৰ কৰে। প্ৰতিবেদনত এইটোও উল্লেখ কৰা হৈছে যে ১৬খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত স্বাস্থ্যসন্মত ঋতুস্ৰাৱৰ সামগ্ৰীৰ ব্যৱহাৰৰ হাৰ ৯০%তকৈ অধিক যদিও ভাৰতৰ কিছুমান দৰিদ্ৰ ৰাজ্যৰ এই ক্ষেত্ৰত দুৰ্বল অভিলেখ আছে। এন জি দাসৰা (Dasra) আৰু ইউ এছ আই ডি (USAID) এক প্ৰতিবেদনত প্ৰকাশ পাইছে যে ভাৰতত বছৰি . কোটি ছোৱালীয়ে ঋতুস্ৰাৱৰ পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ সঠিক ব্যৱস্থাপনাৰ অভাৱৰ বাবে বিদ্যালয় এৰি দিয়ে। ঋতুস্ৰাৱৰ আৰম্ভণি যে কোনো অশুচি অপবিত্র কিবা এটা নহয়, বৰং নাৰী হোৱাৰ গৌৰব, সেয়াহে তোলনি হোৱা ছোৱালীজনীয়ে বুজি পোৱাটো অত্যন্ত জৰুৰী। তাৰ পৰিবৰ্তে আমি মেক আপ আর্টিষ্ট, ফটোগ্ৰাফাৰ আৰু বুফে পৰিবেশনেৰে এটা ডাঙৰ অনুষ্ঠানহে কৰি পেলাওঁ। নিম্ন মধ্যবিত্তৰ মানুহখিনিয়েও দেখাক দেখি লাখ টকা খৰচ কৰে যিখিনি টকা তেওঁলোকে কন্যাৰ উচ্চশিক্ষাৰ বাবে ব্যয় কৰিব পাৰিলে হয়। কপালৰ ঘাম মাটিত পেলাই অৰ্জন কৰা টকা কেইটাৰে দেউতাকে ছোৱালীজনী গাভৰু ' বুলি মানুহ মাতি আনি খুৱায়। এই সকলোবোৰৰ পৰিবৰ্তে গাভৰু হোৱা ছোৱালীজনীক এইটো শিকোৱাটো জৰুৰী যে ঋতুস্ৰাৱৰ সময়ত স্বাস্থ্য আৰু পৰিষ্কাৰ-পৰিচ্ছন্নতাক প্ৰসাৰ কৰাটোও মহিলাৰ মৰ্যাদা, গোপনীয়তা আৰু শাৰীৰিক অখণ্ডতা ৰক্ষাৰ বাবে গুৰুত্বপূৰ্ণ।

                                                        - হিমাদ্ৰী দত্ত

বড়ো সাহিত্যলৈ মিছনেৰীসকলৰ অৱদান

অসমৰ বড়ো লোকসকলৰ মাজত খ্ৰীষ্টিয়ান মিছনেৰীসকলে ধৰ্ম প্ৰচাৰৰ মাজেৰে শৈক্ষিক,ভাষিক তথা সাংস্কৃতিক আদি দিশত বিভিন্ন অৱদান আগবঢ়াই গৈছে।মৌখিক প...