Friday, 16 August 2024

তোলনি বিয়াৰ প্ৰয়োজনীয়তা

 


সাধাৰণতে তোলনী বিয়া বুলি কোৱাৰ লগে লগে আপোনাৰ মনলৈ কি ভাৱ আহিছে ? সৰহ সংখ্যক লোকৰে নিশ্চয় ধুম ধামেৰে আয়োজন কৰি পালন কৰা এটা অনুষ্ঠানৰ কথা মনলৈ আহিছে। কিন্তু এই অনুষ্ঠানটো কিয় ইমান বিলাসীতাৰে পালন কৰা হয় বা ইয়াৰ কোনো প্ৰয়োজনিয়তা আছে নে নাই সেয়া বাৰু আপুনি কেতিয়াবা ভাবি চাইছেনে ? সঁচা অৰ্থত সহজ ভাষাত 'বলৈ 'লে তোলনী বিয়া বুলি মানু্হ মাতি ডাঙৰকৈ অনুষ্ঠানটো অনুষ্ঠিত কৰাৰ অৰ্থ ' ছোৱালীজনী গাভৰু ' বুলি বিজ্ঞাপন দিয়া এক প্ৰক্ৰিয়া। এই বিজ্ঞাপনৰ বাৰু কিমান প্ৰয়োজনীয়তা আছে বুলি আপুনি ভাৱে ?


যিখন সমাজত এজনী ছোৱালীয়ে পেড এটা কিনিব লাগিলে ওচৰত থকা মানুহলৈ চকু দিব লগা হয়, কোনোৱে নেদেখক বুলি 'লা পলিথিন অথবা কাগজেৰে মেৰিয়াই আনিব লগা হয় সেইখন সমাজক ধুম- ধামেৰে মাছে- মঙহে খুৱাই ছোৱালীজনী ডাঙৰ হোৱা বুলি খবৰ দিয়াৰ প্ৰয়োজন আছে বুলি আপোনালোকে ভাৱেনে ? আগতে তোলনী বিয়াখন ধুমধামকৈ পতাৰ উদ্দেশ্য আছিল যাতে ছোৱালীজনী গাভৰু ' বুলি দহটা মানুহে গম পায় আৰু বিবাহ উপযুক্ত ' বুলি মানুহে জানিব পাৰে।বিভিন্ন লোকাচাৰেৰে তাইক নাৰীত্ব প্ৰাপ্তিৰ কথা জনোৱা হয়। পুৰুষৰ পৰা সাবধানে চলাৰ নীতিজ্ঞান দিয়া হয়। কিন্তু আজিকালিৰ তোলনী বিয়া বোৰ দেখিলে চকু থৰ হৈ যায়। অকনমান ছোৱালী এজনীৰ কন্যাকাল প্রাপ্তিক লৈ কি ৰাজসিক আয়োজন। কার্ড বনোৱাৰ পৰা আৰম্ভ কৰি সোনৰ গহনা, পাটৰ কাপোৰ, পেন্দেল, মাছ মাংসৰ ভোজ আদি সকলোবোৰ আয়োজন কৰে। এই অনুষ্ঠানবোৰ এনেকৈ পতা মানুহবোৰে আকৌ যুক্তি দিয়ে যে ডাঙৰ বিয়াখন বা পাতিব পাৰো নে নিজেই গুচি যায় কি ঠিক, সেয়ে এইখনকে পাতিলো ডাঙৰকৈ। তোলনী বিয়াৰ নামত যিবোৰ নিয়ম পালন কৰা হয়, তাৰে কিছুমানৰ অৱশ্যে বিজ্ঞানসন্মত কাৰণো আছে। কিন্তু সেইবোৰ অনুষ্টুপীয়াকৈ পালন কৰিও পৰম্পৰা ৰক্ষা কৰিব পৰা যায়। কিন্তু আচল কথাটো ', ছোৱালীজনীক মাহেকীয়া সম্পৰ্কীয় কথাবোৰ আৰু চাফ- চিকুণতা আৰু সতৰ্কতাখিনিৰ বিষয়ে বুজাব লাগে। ২০১৫-২০১৬ চনৰ ৰাষ্ট্ৰীয় পৰিয়াল স্বাস্থ্য সমীক্ষা অনুসৰি ভাৰতৰ মাত্ৰ ৩৬% মহিলাই মাহেকীয়াৰ সময়ত চেনিটেৰী পেড ব্যৱহাৰ কৰে। ২০১৫ চনৰ এক অধ্যয়নত দেখা গৈছে যে ৯০% মহিলাই মাহেকীয়াৰ সময়ত ঘৰুৱা পদ্ধতি ব্যৱহাৰ কৰে, আৰু .% মহিলাই একেবাৰেই কোনো পদ্ধতি ব্যৱহাৰ নকৰে। ২০২৩ চনৰ দৃষ্টি আই এছ (Drishti IAS) প্ৰতিবেদন অনুসৰি ভাৰতৰ ২৭% গ্ৰাম্য যুৱতী আৰু ১০% নগৰীয়া যুৱতীয়ে এতিয়াও ঋতুচক্ৰৰ সময়ত সুৰক্ষাৰ বাবে অস্বাস্থ্যকৰ পদ্ধতি ব্যৱহাৰ কৰে। প্ৰতিবেদনত এইটোও উল্লেখ কৰা হৈছে যে ১৬খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত স্বাস্থ্যসন্মত ঋতুস্ৰাৱৰ সামগ্ৰীৰ ব্যৱহাৰৰ হাৰ ৯০%তকৈ অধিক যদিও ভাৰতৰ কিছুমান দৰিদ্ৰ ৰাজ্যৰ এই ক্ষেত্ৰত দুৰ্বল অভিলেখ আছে। এন জি দাসৰা (Dasra) আৰু ইউ এছ আই ডি (USAID) এক প্ৰতিবেদনত প্ৰকাশ পাইছে যে ভাৰতত বছৰি . কোটি ছোৱালীয়ে ঋতুস্ৰাৱৰ পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ সঠিক ব্যৱস্থাপনাৰ অভাৱৰ বাবে বিদ্যালয় এৰি দিয়ে। ঋতুস্ৰাৱৰ আৰম্ভণি যে কোনো অশুচি অপবিত্র কিবা এটা নহয়, বৰং নাৰী হোৱাৰ গৌৰব, সেয়াহে তোলনি হোৱা ছোৱালীজনীয়ে বুজি পোৱাটো অত্যন্ত জৰুৰী। তাৰ পৰিবৰ্তে আমি মেক আপ আর্টিষ্ট, ফটোগ্ৰাফাৰ আৰু বুফে পৰিবেশনেৰে এটা ডাঙৰ অনুষ্ঠানহে কৰি পেলাওঁ। নিম্ন মধ্যবিত্তৰ মানুহখিনিয়েও দেখাক দেখি লাখ টকা খৰচ কৰে যিখিনি টকা তেওঁলোকে কন্যাৰ উচ্চশিক্ষাৰ বাবে ব্যয় কৰিব পাৰিলে হয়। কপালৰ ঘাম মাটিত পেলাই অৰ্জন কৰা টকা কেইটাৰে দেউতাকে ছোৱালীজনী গাভৰু ' বুলি মানুহ মাতি আনি খুৱায়। এই সকলোবোৰৰ পৰিবৰ্তে গাভৰু হোৱা ছোৱালীজনীক এইটো শিকোৱাটো জৰুৰী যে ঋতুস্ৰাৱৰ সময়ত স্বাস্থ্য আৰু পৰিষ্কাৰ-পৰিচ্ছন্নতাক প্ৰসাৰ কৰাটোও মহিলাৰ মৰ্যাদা, গোপনীয়তা আৰু শাৰীৰিক অখণ্ডতা ৰক্ষাৰ বাবে গুৰুত্বপূৰ্ণ।

                                                        - হিমাদ্ৰী দত্ত

No comments:

Post a Comment

Exploring the Universe Through Science

On January 25, 2025, the Department of Physics at Gauhati University, along with the GU Observatory, organized an event called “Aligning Wan...