Monday, 22 March 2021

আধুনিকতাৰ ব্যস্ততাৰ মাজত আত্মীয়তাবোধৰ অভাৱ লগতে ম'বাইল ব্যৱহাৰ!

জীৱন আৰু ব্যস্ততা ইটোৰ লগত সিটো এৰাব নোৱাৰা সম্পৰ্ক। সময়ৰ গতিৰ লগে লগে ব্যস্ততাৰ সূত্ৰও সলনি হৈছে। আজিৰ আধুনিক পৃথিৱীত সকলো ব্যস্ত নিজৰ কেৰিয়াৰ অথবা নিজৰ আকাংক্ষা পূৰণ কৰাৰ স্বাৰ্থত‌। কাৰো কথা ভাবিবলৈ অথবা আনক সহায় কৰিবলৈও যেন কাৰো আহৰি নাই। আনকি পৰিয়ালৰ সতে আত্মীয়ৰ সতে, ওচৰ চুবুৰীয়াৰ সতে দুটা মনৰ কথা পাতিবলৈ সময়ৰ অভাৱ‌। তাহানি উৎসব-পাৰ্বন, বিয়া-সবাহ বুলি ক'লে আত্মীয়, কুটুম, ওচৰ চুবুৰীয়াই ঘৰ উদুলী মুদুলী কিন্তু বৰ্তমান সময়ত তেনে এক পৰিৱেশ পাবলৈ নাই। সৰুতে আমিও দেখিছিলো উৎসৱ বুলি কলে আলহী অতিথিয়ে ঘৰ ভৰি পৰে কিন্তু বৰ্তমান সময়ত সকলো ব্যস্ত নিজক লৈ‌। ওচৰ চুবুৰীয়াৰ ঘৰত বিয়া বা সকাম থাকিলে আৰম্ভণিৰে পৰা শেষলৈ সকলো কাম ওচৰ চুবুৰীয়া তথা আত্মীয়ই চলাই নিয়া আমি দেখিছিলো কিন্তু বৰ্তমান সময়ত সৰুতকৈও সৰু কাম কৰিবলৈ পইচাৰ বিনিময়ত মানুহ বিচাৰিব লগা হয়। ইয়াৰ একমাত্ৰ কাৰণ মানুহৰ মনত আত্মীয়তাৰ অভাব ঘটিছে। মানুহবোৰে ব্যস্ত পৃথিৱীত উচ্চকাংক্ষাৰ পিছত দৌৰি পাহৰি গৈছে আত্মীয়তাবোধৰ কথা। সৰুতে দেখিছিলো ওচৰ চুবুৰীয়া কাৰোবাৰ অসুখ হ'লে চিকিৎসালয়লৈ নিয়া বা চিকিৎসালয়ত ৰোগীৰ সতে থাকা মানুহৰ অভাৱ নাছিল কিন্তু আজিৰ সময়ত ৰোগীৰ সতে থকা মানুহৰ বাবদ পইচা দিব লগা হয়। এতিয়া ভাবিলে ভাৱ হয় অতি কম সময়ৰ ভিতৰতে মানুহৰ মনবোৰ সলনি হৈছে।আচৰিত ভাৱে মানুহবোৰ আত্মকেন্দ্ৰীক হৈ পৰিছে। আজিৰ সময় সচাকৈয়ে সলনি হৈছে। আজিৰ সময়ত ওচৰৰ ঘৰৰ কাৰোবাক মাতিব লগা হ'লে ৰিঙিয়াই মাতাৰ বিপৰীতে ফোন এটা কৰি মাতাটো ভাল বুলি বিবেচনা কৰে।সময় সচাকৈয়ে সলনি হৈছে আৰু তাৰ লগতে সলনি হৈছে মানুহৰ মন আৰু ইয়াৰ মাজতে যেন হেৰাই যাব লৈছে আত্মীয়তা, আন্তৰিকতা এইবোৰ।মানুহ বোৰ ব্যস্ত হৈ পৰিছে ম'বাইলক লৈ। ম’বাইল ফোনটোতে গোটেই পৃথিৱীখন পোৱা যায়,অথচ পৃথিৱীখনৰ ভাল দিশটো চাবলৈ আমি যিমান উদগ্ৰীৱ হৈ থাকো,তাতোকৈ বেছি বেয়া দিশটো চাবলৈ উদগ্ৰীৱ হওঁ। সেয়েহে চাগৈ সমাজৰ বহু লোকৰ মানসিকতা অৱনমিত হৈছে,বহু লোকৰ মানসিকতা অৱনমিত হৈছে,বহু অসামাজিক ঘটনাই সমাজখনক চুই গৈছে।আকৌ ম’বাইল ফোনটো কাণত লৈ বাৰ্তালাপত ব্যস্ত থকাৰ পৰিণতিত বহু দুৰ্ঘটনাও সংঘটিত হৈছে। বহুতেই জীৱন পৰ্যন্ত হেৰুৱাবলগীয়া হৈছে।এক তথ্য মতে,ম’বাইল ফোন কাণত লৈ অত্যধিক কথোপকথনত লিপ্ত হ’লে মানুহে শ্ৰৱণশক্তি হেৰুৱাব পাৰে,মগজুত কু-প্ৰ্ভাৱ পৰিব পাৰে।তদুপৰি ম’বাইল ফোনৰ মাত্ৰাধিক ব্যৱহাৰে নাৰী আৰু শিশুৰ আচৰণত পৰিৰ্ৱতন আনিব পাৰে।গৰ্ভস্থ সন্তানৰ বিকাশত বাধা আহিব পাৰে,যৌন জীৱনত কু-প্ৰভাৱ পৰে।আনহাতে ম’বাইল ফোনেই আমাৰ মনোযোগহীনতা,স্মৃতিশক্তি হ্ৰাস,উদ্বিগ্নতা আদিৰ কাৰণ হ’ব পাৰে।ম’বাইল ফোনৰ পৰা নিৰ্গত বিকীৰণে ডি এন এ-ত প্ৰভাৱ পেলোৱাৰ লগতে আমাৰ স্বাস্থ্যৰ আন বহুতো ক্ষতিসাধন কৰে। ইয়াৰ মাত্ৰাধিক ব্যৱহাৰৰ ফলত আমাৰ মাজৰ আন্তৰিকতাখিনিও হ্ৰাস পাইছে। সামাজিক মাধ্যমৰ মাজত থাকি মানুহ বোৰে পাহৰি গৈছে বাস্তৱ পৃথিৱীক। উচ্চকাংক্ষা প্ৰত্যেকৰে থাকে তাহানিতো আছিল আজিও আছে। কিন্তু পৰিয়ালক পাহৰি আত্মীয়ক পাহৰি নহয়। উন্নতিৰ শিখৰ জখলা আৰোহণ কৰিবলৈ' নিজৰ কৰ্মৰ লগতে পৰিয়ালৰ সহায়, সহযোগ গুৰুত্বপূৰ্ণ। সময় গতিশীল। ই কাৰোবাবে নৰয় তথাপিও মই আশা কৰোঁ মানুহৰ মনত পুনৰ সেই আত্মীয়তাবোধ গঢ়ি উঠক। আনৰ সুখত সুখী বা আনৰ দুখত দুখী হব পৰাকৈ মানুহৰ হাতত যেন কিছু সময় ৰৈ যায় তাকেই বিচাৰোঁ।আধুনিকতাৰ ব্যস্ততাত আত্মীয়তা, আন্তৰিকতা এই শব্দ বোৰ যেন হেৰাই নাযায়। এই শব্দ বোৰৰ অৰ্থ যেন আমি সৰুতে পাই অহাৰ দৰে মধুৰ হৈয়ে ৰয়! ✒️ ভাস্বতী দেৱী যোগাযোগ আৰু সাংবাদিকতা বিভাগ, গুৱাহাটী বিশ্ববিদ্যালয়।

No comments:

Post a Comment

ৰং (Book Review)

ঔপন্যাসিক শৰ্মিষ্ঠা প্ৰীতমৰ উপন্যাস "ৰং” ।  প্রান্তিক'ৰ পৃষ্ঠাত ধাৰাবাহিকভাৱে প্ৰকাশিত উপন্যাসখনে মানুহৰ জীৱনত সপোন, আত্মবিশ্বাস, ই...