Tuesday, 30 March 2021

দীপৰ বিলৰ দুখ

দীপৰ বিল হৈছে গুৱাহাটী মহানগৰীৰ দক্ষিণ পশ্চিম দিশত অৱস্থিত এক বিস্তৃত জলাহভূমি। ই পৌৰাণিক কামপীঠৰ অন্তৰ্গত আছিল। ই ১৯৫০ চনৰ এক ভূমিকম্পত সম্পূৰ্ণ পাহাৰ তল গৈ সৃষ্টি হৈছিল। ২০০২ চনৰ নৱেম্বৰ মাহত দীপৰ বিলক অসমৰ একমাত্ৰ ৰামচাৰ ক্ষেত্ৰ বুলি ঘোষণা কৰা হয়।দীপৰ বিলৰ জলাহভূমি ৪.১৪ বৰ্গ কিঃমিঃ এলেকা বিস্তৃত। ইয়াৰ গভীৰতা প্ৰায় ৬ মিটাৰ আৰু খৰালি ইয়াৰ গভীৰতা ১.৫ মিটাৰলৈ হ্ৰাস পায়। দীপৰ বিল জৈৱিক আৰু প্ৰাকৃতিক দুয়ো ফালৰ পৰা অতি গুৰুত্বপূৰ্ণ। কাৰণ, ই হ’ল প্ৰাকৃতিকভাৱে পানী সংৰক্ষিত এলেকা। তদুপৰি জৈৱিক জীৱ, প্ৰব্ৰজনকাৰী চৰাইৰ লগতে কিছুমান প্ৰজাতিৰ চৰাই দীপৰ বিললৈ অহা দেখা যায়। বাৰ্ড লাইফ ইণ্টাৰনেচনেল (Bird Life International)-এ দীপৰ বিলক অতি গুৰুত্বপূৰ্ণ চৰাই সংৰক্ষিত এলেকা বুলি চিহ্নিত কৰিছ। কিন্তু অসমৰ পৰ্যটনৰ ক্ষেত্ৰত অতি গুৰুত্বপূৰ্ণ এই দীপৰবিল এতিয়া ধ্বংশৰ গৰাহত পৰিছে।বিদ্যালয়ত পঢ়ি থকা সময়ত দীপৰ বিলৰ শিক্ষামূলক ভ্ৰমণ সচাকৈয়ে চিৰস্মৰণীয়। ব্যস্ত মহানগৰীৰ দাঁতি-কাষৰীয়া প্ৰকৃতিৰ বিনন্দীয়া পৰিৱেশৰ মাজৰ দীপৰ বিলৰ ভ্ৰমণৰ মাদকতাই সুকীয়া আছিল। জাক-জাক বনৰীয়া চৰাই,‌পানী- কাউৰী,হাঁহৰ উপৰিও বিভিন্ন পৰিভ্ৰমী চৰাইৰ মাতত দীপৰবিল ৰজন- জনাই আছিল। এতিয়া কিন্তু সেই আগৰ পৰিৱেশ নাই। ৰাজনৈতিক আশিষধন্য কিছু উদ্যোগপতি আৰু ব্যৱসায়ীৰ হাতোৰাৰ কোবত আজি দীপৰবিল ক্ষত-বিক্ষত। ইয়াৰ বুকুত পোৱা জলজ সম্পদসমূহ লাহে-লাহে নোহোৱা হোৱা পৰিলক্ষিত হৈছে। দীপৰবিল হ'ল ইয়াৰ আশে-পাশে থকা লোকসকলৰ জীৱিকাৰো এক আহিলা স্বৰূপ। দীপৰবিলত থকা মৎস্যৰ জৰিয়তে বিভিন্নজনে পৰিয়াল পোহপাল দি আছে। কিন্তু বৰ্তমান উদ্যোগীকৰণে ইয়াৰ বুকুত কুথাৰঘাত কৰিছে।দীপৰবিলৰ আশে-পাশে গঢ় লৈ উঠা বিভিন্ন উদ্যোগে ইয়াৰ পানী প্ৰদূষিত কৰি তুলিছে।যাৰ ফলত বিভিন্ন পৰিভ্ৰমী চৰাইৰ ৰম্যভূমি দীপৰ বিলত এতিয়া পক্ষীৰ কোলাহ'ল শুনিবলৈ পোৱা নাযায়। ইয়াৰোপৰি দীপৰ বিলৰ অধিকাংশ ভূমি ভূ-মাফিয়াৰ কবলত পৰাৰ লগতে ইয়াৰ আশে-পাশে বিভিন্ন‌ ধৰণৰ বিলাসী হোটেল গঢ়ি উঠিছে। দীপৰবিলৰ এই দুখ দেখিও ৰাজনৈতিক নেতা তথা প্ৰশাসন নিমাত। ৰাজ্য চৰকাৰৰ চৰম দায়িত্বহীনতা,দূৰ্নীতি আৰু অবহেলাৰ বাবে আজি দীপৰবিল ধ্বংশৰ গৰাহত পৰিছে। ব্যক্তিগত স্বাৰ্থ পূৰণ কৰিবলৈ গৈ প্ৰকৃতিক কুথাৰাঘাত কৰাটো সচাকৈয়ে চিন্তনীয় বিষয়। গতিকে, চৰকাৰখনে দীপৰ বিলৰ সংৰক্ষণ তথা ইয়াৰ উন্নয়ণৰ বাবে বিভিন্ন আঁচনি গ্ৰহণ কৰিব লাগে যাতে দীপৰবিলে আগৰ পৰিৱেশ ঘূৰাই পাবলৈ সক্ষম হয়।‌আনহাতে সাধাৰণ জনতাৰ ওপৰতো ইয়াৰ পৰিস্কাৰ পৰিচ্ছন্নতাৰ দিশটো নিৰ্ভৰ কৰে। ইয়াক পৰিস্কাৰ কৰি ৰখাটো সকলোৰে দায়িত্ব আৰু কৰ্তব্য। -নিতুমনি কুমাৰ প্ৰথম ষান্মাষিক যোগাযোগ আৰু সাংবাদিকতা বিভাগ গুৱাহাটী বিশ্ববিদ্যালয় ।

No comments:

Post a Comment

Exploring the Universe Through Science

On January 25, 2025, the Department of Physics at Gauhati University, along with the GU Observatory, organized an event called “Aligning Wan...