Sunday, 21 March 2021

যাত্ৰী সকল ডেকা হোৱাটো বাধ্যতামূলক নে ! গোলপীয়া বাছে কিদৰে সহায় কৰিব?

বিশ্ববিদ্যালয় জীৱনৰ প্ৰথমদিনটোৰ পৰা প্ৰায় এটা সপ্তাহ চিটি বাছত অহা যোৱা কৰি এষাৰ বাক্যৰ মুখামুখি প্ৰায় সদায়েই হৈছিলো। "এই বুঢ়া সোপাক উঠাব‌ই নালাগে উঠোটেও সময় নষ্ট নামোটেও সময় নষ্ট" এই কথাষাৰৰ মুখামুখি দুদিনো হৈছিলোঁ। যেনেদৰে আমি আমাৰ নিজৰ পিতৃ মাতৃক ভাল পাওঁ, শ্ৰদ্ধা কৰোঁ ঠিক তেনেদৰে প্ৰতিজন বৃদ্ধ বা বৃদ্ধাই কাৰোবাৰ নহয় কাৰোবাৰ পিতৃ অথবা মাতৃ সেই কথাটো আমি প্ৰত্যেকেই বুজাটো উচিত। এক চেকেণ্ড সময় মানুহৰ বাবে খুব গুৰুত্বপূৰ্ণ, কিন্তু সময়ৰ পিছত দৌৰি মানৱতাক গ'লে নহয়। বাছ এখনত উঠা প্ৰত্যেকজন যাত্ৰীয়ে সমান। প্ৰত্যেকজন যাত্ৰীয়ে বাছত উঠাৰ বিনিময়ত উচিত মূল্য দিয়ে। বয়সৰ গ‌ইনা লৈ বাছত উঠা যাত্ৰী বাছনি কৰাটো উচিত নহয়। এই কথা প্ৰায়ে লক্ষ্য কৰিছিলোঁ চিটি বাছবোৰে এখনৰ আগত আনখন যোৱাৰ প্ৰতিযোগিতাত যাত্ৰী সকল উঠোতে বা নামোতে অধিক সময় ল'লে কেটেৰা জেঙেৰা কৰা কথাবোৰে মোক অতিষ্ঠ কৰি তুলিছিল। এজন বৃদ্ধ লোকে হাতত বেগ এটা লৈ বাছৰ পৰা নামিবলৈ লৈছিল। হেণ্ডিমেন জনৰ কৰ্কষ মাতত সকলোৱে মূৰ তুলি চাইছিল, 'এনেকুৱা বুঢ়া মানুহক গাড়ীত উঠাব‌ই নালাগে'। বৃদ্ধ মানুহজনৰ মুখলৈ চাই এনে লাগিছিল মানুহজনে খুব লাজ পাইছিল।সেইখিনি সময়ত তেখেতৰ বাবে হয়তো বৃদ্ধ হোৱাটোৱেই অপৰাধ যেন লাগিছিল। ঘটনাটোৱে মনত খুব কষ্ট দিছিল। এক মূহুৰ্তৰ বাবে এনেকুৱা লাগিছিল আজি যদি ম‌ইও বৃদ্ধ হ'লো হয় মইও হয়তো এনেকুৱা ব্যৱহাৰে পালোঁ হয়। সকলো চালক ,হেণ্ডিমেন একে নহয় তাৰ মাজতে এনেকুৱাও বহুতো আছে যিয়ে বৃদ্ধ লোকক হাতত ধৰিও নমাই দিয়ে।মুদ্ৰাৰ যেনেদৰে দূয়োপিঠি একে নহয় , ঠিক তেনেদৰে মানুহৰো প্ৰত্যেকৰে স্বভাৱ একে নহয়। ঠাই ভেদে, পৰিৱেশ ভেদে প্ৰত্যেকৰে ব্যৱহাৰ, আচাৰ, আচৰণ ভিন্ন। আজিৰ ডেকা কালিলৈ বুঢ়া হব সেই বাবে বয়সৰ গ‌ইনা লৈ কাৰোবাক আঘাত কৰাটো উচিত নহয় । প্ৰত্যেককে সন্মান কৰাটো আমাৰ দায়িত্ব তথা কৰ্তব্য। অসম ৰাজ্যকি পৰিবহন বিভাগে গ্ৰহণ কৰা বিশেষ প্ৰদক্ষেপ পোন প্ৰথমে মই শলাগ জনাইছো । অসমৰ মাননীয় মুখ্যমন্ত্রী সৰ্বানন্দ সোণোৱালৰ নেতৃত্বত আৰম্ভ হোৱা বিশেষ বাছ সেৱা "ভ্ৰমণ সাৰথি" নামেৰে বিনামূলীয়া বাছ সেৱাই জনসাধাৰণক যথেষ্ট পৰিমাণে উপকৃত কৰিছে । বিশেষ মহিলা আৰু বয়োজেষ্ঠ্য সকলক বহু পৰিমাণে সকাহ দিছে ।বিভিন্ন সময়ত আমি দেখিবলৈ পাঁও যান-বাহনত মহিলা সকলে যথেষ্ট অসুবিধাৰ সন্মুখীন হ'ব লগীয়া হয় । শেহতীয়াকৈ অসম চৰকাৰে বিনামূলীয়াকৈ ২৫ খন কৈ গোলপীয়া বাছৰ জৰিয়তে এই সমস্যা সামাধানৰ ব্যবস্হা গ্ৰহণ কৰিছে । মই ব্যক্তিগত ভাবে অনুভব কৰো এই বাছ সেৱাই মহিলা সকলে দীৰ্ঘদিন ধৰি সম্মুখীন হৈ অহা সমস্যা সমূহ কিছু পৰিমানে হলেও সকাহ পাব লগতে বয়োজেষ্ঠ সকলেও বহু পৰিমাণে উপকৃত হব। ✒️ ভাস্বতী দেৱী যোগাযোগ আৰু সাংবাদিকতা বিভাগ, গুৱাহাটী বিশ্ববিদ্যালয়।

No comments:

Post a Comment

Exploring the Universe Through Science

On January 25, 2025, the Department of Physics at Gauhati University, along with the GU Observatory, organized an event called “Aligning Wan...