This blog is the contribution by the students, research scholars, resource persons, faculty members, media educators, journalists and alumni of the Department of Communication and Journalism, Gauhati University, Guwahati, Assam, India
Tuesday, 30 March 2021
সৌন্দর্যৰ লগত শাৰীৰিক ৰঙৰ তুলনা কিমান নেতিবাচক?
আমি এনে এখন সমাজত বসবাস কৰি আছো য'ত সুন্দৰ বুলি ক'লে বগা ৰঙৰ লোকক প্রাধান্য দিয়া হয়। কিন্তু শাৰীৰিক ৰঙ ক'লা হ'লে বিশেষ ভাবে নাৰীক সুন্দৰ হয়নে ? সৌন্দর্যৰ লগত শৰীৰৰ ৰঙৰ সম্পর্ক কি?
হয়, মই শ্যামবৰণীয়া সেইবুলি কি মই সৌন্দর্যৰ সীমাৰেখাৰ ভিতৰত নপৰোনে? মই সৰুৰে পৰা এই ৰঙৰ বাবে বহু সময়ত তাচ্ছিল্যৰ স্বীকাৰ হৈছো। সৰুৰ এটা কথাই শুনি ডাঙৰ -দীঘল হৈছো যে "মই শ্যামবৰণীয়া, মোক কোনে বিয়া কৰাব! " মোৰ মেয়ের মোক লৈ বহুবাৰ সমালোচনা স্বীকাৰ হৈছে । ঘৰত আত্মীয়স্বজন আহিলে কিছুয়ে প্ৰায়ে এই মন্তব্য কৰে যে, "আপোনাৰ ছোৱালীজনীয়ে শাৰীৰিক ৰঙ পোৱা নাই , আপোনাৰ ল'ৰাচোন দেখাত বগা কিন্তু ছোৱালীজনী কিয় শ্যামবৰণীয়া হ'ল বাৰু? এইবোৰ শুনি মাই বৰ কষ্ট পাইছিল। কেতিয়াবাতো এই প্রশ্নৰ উত্তৰত কৈ দিছিল যে, " চাওক মোৰ ছোৱালী বগা বা ক'লা এইটো চোৱাৰ দৰকাৰ নাই মোৰ বাবে তাই অমূল্য ৰতন, সেইশুনি বৰ আনন্দ পাই ছিলো।
ডিগ্রী পাছা কৰি গুৱাহাটী বিশ্ববিদ্যালয়ত যোগাযোগ তথা সাংবাদিকতা বিভাগত পাঠদান কৰি থকাৰ সত্ত্বেও মোৰ বিদ্যাৰ তাচ্ছিল্য কৰি এতিয়াও এচাম লোকে দৈহিক ৰঙকলৈ সমালোচনা কৰে। তেওঁলোকে মোৰ দৈহিক গঠন লৈ সমালোচনা কৰাৰ অধিকাৰ পায় ক'ত?
এই একৈশ শতিকাত বাস কৰিও এনেধৰণৰ মনোভাৱ পুহি ৰখাটো স কিমান যুক্তিসংগত? আজিৰ দিনত কৃষ্ণাংগ লোকেও "Miss Universe " খিতাপ পাবলৈ সক্ষম হৈছে। তথাপিও আমাৰ দক্ষিণ এছিয়াৰ লোকে আদিম কালৰ দৰে চিন্তাধাৰাৰ অধীনস্থ হৈ আছে। এয়া উচিত নে?
শাশ্বতী বনিক
যোগাযোগ আৰু সাংবাদিকতা বিভাগ , গুৱাহাটী বিশ্ববিদ্যালয় ।
Subscribe to:
Post Comments (Atom)
Exploring the Universe Through Science
On January 25, 2025, the Department of Physics at Gauhati University, along with the GU Observatory, organized an event called “Aligning Wan...
-
সুস্থ অসমীয়া চলচ্চিত্ৰ নিৰ্মাণৰ এক নতুন ধাৰাৰ সৃষ্টি কৰোঁতা ড° ভবেন্দ্ৰনাথ শইকীয়াই সূক্ষ্ম দৃষ্টিভংগী আৰু মানবীয় দৰ্শনেৰে সকলোৰে অন্ত...
-
বৰ্তমান সময়ত ৰেডিঅ' দেখিলে ,পুৰণি দিনত সকলোৱে একগোট হৈ ৰেডিঅ' শুনা দৃশ্যটি মোৰ মানসপটত প্ৰায়ে ভাহি আহে । যিসময়ত 'দূৰদৰ্শন...
মোৰ দৃষ্টিত ব্যক্তি এগৰাকী যদি মানসিক ভাৱে সুন্দৰ আৰু সৱল নহয়, তেনেহলে তেওঁ যিমানেই শাৰীৰিক ভাৱে সুন্দৰ অথবা বগা ন'হওক কিয় তেওঁ প্ৰকৃত সৌন্দৰ্যৰ অধিকাৰী হ'ব নোৱাৰে।
ReplyDeleteধন্যবাদ মোক ইমানখিনি উৎসাহ দিয়াৰ বাবে।
Delete