Sunday, 21 March 2021

নৃত্য, অৱসাদ, লকডাউন, ইত্যাদি

"কিমান নো আৰু নাচি-বাগি থাকিবি পঢ়া- শুনাতো অলপমান মন দে" কিন্তু কি কৰো ভাল লগাবোৰ যে এৰিদিব নোৱাৰি। সৰুৰে পৰাই নাচি-বাগি মই বৰ আনন্দ পাইছিলো। মাঁয়ে সদায় কৈছিল "কিমান নো আৰু নাচি-বাগি থাকিবি পঢ়া-শুনাতো অলপমান মন দে" কিন্তু নাই নৃত্য আৰু মই যে এডাল সূতাৰেই পাগ খাই আছো। সেয়েহে সৰুৰে পৰা পঢ়াৰ লগতে নৃত্যও কৰিছিলো। সৰুতে স্কুলত, তাৰপাছত কলেজত আৰু এতিয়া বিশ্ববিদ্যালয়ত এনেদৰেই নাচি আহিছিলো আৰু বিভিন্ন ধৰণৰ নৃত্য প্ৰতিযোগিতাতো আগভাগ লৈছিলো। মাঁহতে দুই এটা গালি পাৰিছিল কিন্তু হ'লেও নেনাচি কেনেকৈ নো থাকো , এনেদৰেই জীৱন চলি আছিল এনেতে হঠাৎ আহিল এদিন কৰুনা মহামাৰী অথাৎ COVID 19 এই মহামাৰীৰ বিষয়ে আমি সকলোৱে জ্ঞাত ইয়াৰ লগে লগে প্রায় ৯ মাহ কাল দীঘলীয়া তলাবন্ধৰ বাবে ঘৰতে থাকিব লগা হৈছিল। ইমান দীঘলীয়া বন্ধত বৰ আমনিও পাইছিলো মাজে মাজে ভাৱো কিনো কৰো? কিমান নো আৰু ঘৰতে এনেকৈ বহি থাকিম? এদিন ভাবিলো, " যিহেতু, আজিকালি সকলোৱে YouTube ত ভিডিও বনাই আছে মইয়ো এটি YouTube channel খুলি তাতেই Dance ৰ ভিডিও আপলোড কৰো। এনেদৰেই YouTube ত পোনপ্ৰথমবাৰৰ বাবে এটা channel খুলিলো তাৰ পিছত মই ২০২০ চনৰ জুলাই মাহৰ ২৮ তাৰিখে YouTube ত মোৰ প্ৰথমটো ভিডিও আপলোড দিলো। তাৰপাছতে মই মোৰ প্ৰথমটো নাচৰ ভিডিও আপলোড কৰিলো ২০২০ চনৰ আগষ্ট মাহত আৰু অধিক বেছি নহ'লেও সকলোৰে ফালৰ পৰা খুবেই বেছি প্রশংসা লাভ কৰিছিলো। মোৰ নৃত্যত বিভিন্ন জনে বিভিন্ন ধৰণৰে প্রশংসাৰ শৰাই দিছিল আৰু বেছি subscribers তথা like পোৱা নাছিলো যদিও ওচৰ-চুবুৰী, বন্ধু- বান্ধৱী, পৰিয়ালৰ লোক সকলৰ পৰা যি প্রশংসা লাভ কৰিছিলো সেইয়া সচাঁই মোৰ বাবে যথেষ্ট আছিল। এনেদৰেই YouTube ৰ দৰে এখন মুকলি মঞ্চত মোৰ বহু কেইটা ভিডিও ৰ ভালেমান views আহিছিল। মই বিখ্যাত নহ'লেও দুই এজন লোকে যি মোৰ প্ৰশংসা কৰিছিল সেয়াই মোৰ বাবে যথেষ্ট আছিল। "আগতে মাঁয়ে যে কৈছিল সেই কথাষাৰ কিমান নো আৰু নাচি-বাগি থাকিবি পঢ়া-শুনাতো অলপমান মন দে" এতিয়া মাঁ ৰ এই কথাষাৰ শুনিও বৰ আমেজ লাগে কিয়নো মাঁ ৰ এই গালি পৰাৰ আঁৰতো যে লোকাই আছে অলেখ প্রশংসা, মোৰ নৃত্যৰ প্রশংসা। কিন্তু লক'ডাউনৰ সেই সময়খিনিত নৃত্যই সঁচাই মোক বহুত খিনি ক্ষেত্ৰতে সহায় কৰিছিল। নৃত্যই মানুহক আনন্দ দিয়ে আমি সকলোৱে জানো যে নৃত্যই মানৱ শৰীৰৰ ভাগৰুৱা মনক সজীৱ কৰি তোলাত সহায় কৰে। লক'ডাউনৰ সেই সময়খিনিত আমি সকলোৱে মানসিক ভাৱে ভাঙি পৰিছিলো, আমি সকলোৱে অৱসাদ অনুভৱ কৰিছিলো। কিন্তু সেই সময়ত মোক নৃত্যই ব্যক্তিগতভাবে নিজৰ মনটিক সৱল কৰি ৰখাত সহায় কৰিছিল। লক'ডাউনৰ সেই সময়খিনিত যেতিয়া মই স্নাতক মহলাৰ তৃতীয় বর্ষৰ ছাত্রী আছিলো আৰু আমাৰ সেইসময়ত স্নাতক ডিগ্রি লাভ কৰাৰ ক্ষেত্ৰতো বহুত পলম হৈ পৰিছিল তেতিয়া আমি বহুতো চৰকাৰী চাকৰীত আবেদন পএ দিয়াৰ পৰা বঞ্চিত হ'লো তথা স্নাতক মহলাৰ চূড়ান্ত পৰীক্ষাৰ ক্ষেত্রতো বহু ধৰনৰ অসুবিধাৰ সম্মুখীন হ'বলগা হৈছিল। ফলত আমাৰ চূড়ান্ত পৰীক্ষা আয়োজন কৰাৰ ক্ষেত্রতো অধিক বেছি বেমাজালীৰ সৃষ্টি হৈছিল যাৰ ফলত মোৰ দৰে সকলো ছাত্র-ছাএী অলপ হ'লেও অৱসাদ অনুভৱ কৰিছিল৷ এনেবোৰ কাৰণত মইয়ো মাজে মাজে অধিক বেছি হতাশা অনুভৱ কৰিছিলো। কিন্তু নৃত্যই মোক সহায় কৰিছিল এনেবোৰ হতাশা, অৱসাদক সামকাটি সজীৱ আৰু সতেজ হৈ থকাত। যিহেতু লক'ডাউনত অধিক সময় ঘৰতে শুই বহি কটাব লগা হৈছিল সেইবাবে মোৰ স্বাস্থ্যটো কু- প্রভাৱ পেলাইছিল কিন্তু নৃত্যই মোৰ স্বাস্থ্যটো ভালে ৰখাত যথেষ্ট সহায় কৰিছিল। এনেদৰেই নৃত্য মোৰ এক সুমধুৰ আভাসৰ লগে লগে বিশাদৰ ঔষধ হিচাপেও কাম কৰিছিল আৰু মোক প্রেৰণা দিয়াত সহায় কৰিছিল। যিকি নহওঁক সঁচাই বৰ ভাল লাগিছিল। বিখ্যাত youTuber হ'বপৰা নাই যদিও তথাপিও ভাল লাগে যেতিয়া কোনোবাই কয় "খুৱ ভাল লাগিলে ভিডিও টি চাই তুমি সুন্দৰ নৃত্য কৰিছা" এইয়াই এক সুমধুৰ আভাস নিহয়নে বাৰু? বেছি নহ'লেও অকণমান খুনিকে যেন বুকুত সামৰি এদিন আগুৱাই যোৱাৰ আছে অদম্য হেঁপাহ। নাম- পম্পী দাস ৰোল নং-১৩ যোগাযোগ আৰু সাংবাদিকতা বিভাগ

No comments:

Post a Comment

Exploring the Universe Through Science

On January 25, 2025, the Department of Physics at Gauhati University, along with the GU Observatory, organized an event called “Aligning Wan...