This blog is the contribution by the students, research scholars, resource persons, faculty members, media educators, journalists and alumni of the Department of Communication and Journalism, Gauhati University, Guwahati, Assam, India
Tuesday, 30 March 2021
ঘৰুৱা কন্দল: সন্তানৰ ওপৰত ইয়াৰ প্ৰভাৱ
সন্তানক গড় দিয়া মানুহবোৰেই হৈছে পিতৃ আৰু মাতৃ।
যি পৰিয়ালত পিতৃ - মাতৃৰ মাজত মিলা- প্ৰীতি নাথাকে, সেই পৰিয়ালৰ লৰা - ছোৱালী মানসিক ভাৱে বহু পৰিমাণে দূৰ্বল হৈ পৰে।
ঘৰুৱা কন্দলে শিশুৰ বৌদ্ধিক বিকাশ, শাৰীৰিক, মানসিকভাৱে কোঙা কৰি পেলায়।
যি পৰিয়ালত মা- দেউতাৰ লগত মিলা - প্ৰীতি নাথাকে সেই পৰিয়ালৰ সন্তানবোৰ হিংশ্ৰ নহলে মানসিক ৰোগত ভুগি থাকে।
কোনো লৰা - ছোৱালীয়ে এটা বস্তু সহ্য কৰিব নোৱাৰে সেয়া হৈছে পিতৃ - মাতৃৰ উপৰত অত্যাচাৰ।
সমাজত আজিও দেখা যায় মদ্য পান কৰি আহি ঘৈনিয়েকৰ ওপৰত অত্যাচাৰ কৰা দৃশ্য। আৰু ঘৈনিয়েকে সেয়া সদায় মানি নিব লগীয়া হয়, নিজৰ মান - সন্মানৰ ভয়ত, এই অত্যাচাৰ বিলাক সহ্য কৰি লয়। যাৰ সন্তান আছে তেখেত সকলে সহ্য কৰে সন্তানৰ ভবিষ্যতৰ কথা ভাবি। আৰু যেতিয়া সন্তানে এইবোৰ নিজ চকুৰে দেখে তেতিয়া সেইজন পিতৃৰ প্ৰতি বহু পৰিমাণে শ্ৰদ্ধা কমি যায়।
সন্তানে সদায় নিজৰ পিতৃ আৰু মাতৃক অনুকৰণ কৰে। তেওঁলোকে দেখুওৱা ৰাস্তাত যোৱাত কৈ তেওঁলোকে যিটো ৰাস্তাত যায়, সেইটো বাটেৰে খোজ দিয়ে। উপদেশ মানে কিন্তু আৰ্হিটোহে মনত বেছিকৈ থাকে।
শিশুৰ প্ৰথম আৰু প্ৰধান শিক্ষক মা হয় লগতে পিতৃ ও অন্যতম হয়।
যিখন ঘৰত লৰা - ছোৱালী জন্ম লৈয়ে অলপ বুজিব পৰা হোৱাৰ পৰা নিজৰ মাকক - দেউতাকৰ দ্বাৰা অত্যাচাৰ হোৱা দেখিব, সেইজন বা সেইজনী লৰা বা ছোৱালীৰ ওপৰত কি প্ৰভাৱ পৰিব??
একেবাৰে মানসিক ভাৱে ভাগি পৰাৰ বাবে নিজক পৃথিৱীৰ সকলোৰে পৰা অকশৰীয়াকৈ ৰাখে। সম্পৰ্কত বিশ্বাসী নহয়।
পিতৃ - মাতৃয়েও নিজৰ সন্তানৰ বাবে, ভাল মানুহ হিচাপে গঢ় দিবলৈ , আগতে নিজৰ মাজৰ কন্দল আঁতৰাব লাগে। আৰু ইয়াতকৈ ডাঙৰ উপহাৰ সন্তানৰ বাবে বেলেগ একো হব নোৱাৰে।
সন্তানে তেতিয়াই সকলোতকৈ বেছি সুখী হয় যেতিয়া পৰিয়ালত হাই- কাজিয়া নাথাকে, যেতিয়া নিজ ঘৰখনত শান্তি থাকে।
জীৱনত অহা বহুত ডাঙৰ সমস্যাবোৰ সমাধান কৰা যায়, কিন্তু যিখন ঘৰত এনেকুৱা সমস্যা থাকে সেই ঘৰৰ সন্তান কেতিয়াও সুখী হব নোৱাৰে।
ৰেহেনা পাৰবীন
যোগাযোগ আৰু সাংবাদিকতা বিভাগ, গুৱাহাটী বিশ্ববিদ্যালয়।
Subscribe to:
Post Comments (Atom)
Exploring the Universe Through Science
On January 25, 2025, the Department of Physics at Gauhati University, along with the GU Observatory, organized an event called “Aligning Wan...
-
সুস্থ অসমীয়া চলচ্চিত্ৰ নিৰ্মাণৰ এক নতুন ধাৰাৰ সৃষ্টি কৰোঁতা ড° ভবেন্দ্ৰনাথ শইকীয়াই সূক্ষ্ম দৃষ্টিভংগী আৰু মানবীয় দৰ্শনেৰে সকলোৰে অন্ত...
-
বৰ্তমান সময়ত ৰেডিঅ' দেখিলে ,পুৰণি দিনত সকলোৱে একগোট হৈ ৰেডিঅ' শুনা দৃশ্যটি মোৰ মানসপটত প্ৰায়ে ভাহি আহে । যিসময়ত 'দূৰদৰ্শন...
No comments:
Post a Comment