Monday, 15 March 2021

মাজুলী ভ্ৰমণ



বহুদিনৰ পৰা হেঁপাহ পুহি ৰাখিছিলো মাজুলী  ভ্ৰমণ কৰা আৰু সেই হেঁপাহযেন সফল হৈছিল ২০১৯ চনৰ ২০আগষ্ট দিনা।২০আগষ্ট ৰাতিপুৱাই মোৰ জন্ম ঠাই তেজপুৰৰ পৰা পুৱা ৫বজাত মাজুলী অভিমূখে গতি কৰিছিলোঁ। তেজপুৰৰ পৰা যোৰহাটৰ নিমাতীঘাটলৈ আমাৰ গাড়ীত ৪ঘণ্টা লাগিছিল।  নিমাতীঘাটৰ পৰা মাজুলীলৈ যিহেতু ফেৰীৰে পাৰ হʼব লাগে সেই গতিকে আমি আমাৰ বয় বস্তু উঠাই" ৰৈ মাৰী "নামৰ ফেৰীৰে নদীৰ দ্বীপ পাৰ হৈ কমলাবাৰী উপস্থিত হʼলো। মোৰ এই মাজুলী ভ্ৰমণ আছিল তিনীদিনীয়া। গতিকে ২১/৪/২০১৯ তাৰিখ ৰাতিপুৱা‌ আমি মাজুলীৰ ঠাইবোৰৰ অভিমূখে ৰাওনা হৈছিলো।সচাঁই মাজুলী খন গছ গছনী সেউজ সৌন্দৰ্য্যৰে ভৰপূৰ। তাৰোপৰি মাজুলী খন যিহেতু সত্ৰৰ নগৰী সেই সেইগতিকে মইয়ো কেইখনমান সত্ৰ দৰ্শন কৰিব গৈছিলো।   সত্ৰসমূহত সত্ৰাধিকাৰ সকলে আৰু তাত থকা ভকত সকলে আমি যি যি সত্ৰ সমুহৰ বিষয়ে জানিব বিছাৰো সকলো বোৰ সুন্দৰ ভাবে বুজায় দিয়ে।আমি যিহেতু ৩দিনীয়া ভ্ৰমণ কাৰ্যসূচী লৈ গৈছিলো সেই গতিকে ২১তাৰিখে আউনীআটী সত্ৰ আৰু দক্ষিণপাট সত্ৰ দিশে ৰাওনা হৈছিলো। আমি প্ৰথমে আউনীআটী সত্ৰ প্ৰৱেশ কৰিছিলোঁ  খুবেই সুন্দৰ পৰিৱেশ আছিল চাৰিওফালে।।থিক তেনেদৰে দক্ষিণপাট সত্ৰ খনো খুব বেছি সুন্দৰ চাৰিওফালে ফুলনি আৰু তাৰ দেৱালবোৰত বিভিন্ন  জীৱ জন্তু অংকিত ছবি আছে। তাৰোপৰি দক্ষিণপাট সত্ৰত ছাত্ৰ ছাত্ৰী সকলক সত্ৰীয়া শিকোৱা হয় । আৰু এনেদৰেই সেই দিনটো আমাৰ সমাপ্ত হৈছিল। থিক তেনেদৰে পিছদিনা অৰ্থাৎ ২২তাৰিখে আমি গড়মূৰ সত্ৰ , আৰু কমলাবাৰী সত্ৰ দৰ্শন কৰিব গৈছিলো। গড়মূৰ সত্ৰ খনত প্ৰবেশ কৰিয়েই চাৰিওফালে যেন এক সুন্দৰ পৰিৱেশ , শান্তিময় পৰিৱেশ।এই সত্ৰটো ৰাস মহোৎসৱত হয় আৰু ইয়াত পুৰুষ মহিলা দুয়োয়ে অংশ গ্ৰহণ কৰিব পাৰে। থিক তেনেদৰেই কমলাবাৰী সত্ৰখনো খুবেই সুন্দৰ সত্ৰখনত প্ৰৱেশ কৰিয়ে তাৰ দেৱালবোৰত বিষ্ণু ,ব্ৰক্ষ্মা, শিৱ আদিবোৰ অংকিত কৰা দেখা পোৱা যায়। তাৰোপৰি মাজুলী যিহেতু "মূখা শিল্প" বাবে বিখ্যাত আমি সেই সমুহো চাব গৈছিলো। আৰু  মাজুলী ত বহুত চাংঘৰ দেখিবপোৱা যায়। মাজুলী ত আমি তাত পোৱা স্হানীয় মʼহৰ গাখীৰ, দৈ আদিৰে জলপানৰো সোৱাদ লৈছিলো। মাজুলী জলপানৰ সোৱাদৰ সমান আন ঠাইত যেন পোৱাই নাযায়।মুঠৰ ওপৰত যিহেতু তিনিদিনীয়া কাৰ্যসূচী আছিল সকলোবোৰ চাই শেষ কৰিব পৰা নাছিলোঁ। যিমান খিনি চাব পাৰিলো সেই অভিজ্ঞতাৰে ক'বলৈ গ'লে মাজুলী নদ্বীদীপ সঁচাই অতুলনীয় সম্ভাৰে ভৰপূৰ।




মধুস্মিতা মহন্ত
যোগাযোগ আৰু সাংবাদিকতা বিভাগ
ৰোল নং- 5

No comments:

Post a Comment

Exploring the Universe Through Science

On January 25, 2025, the Department of Physics at Gauhati University, along with the GU Observatory, organized an event called “Aligning Wan...