২০১৯ চনৰ জানুৱাৰী মাহ। বছৰটোৰ পহিলা দিনকেইটাতে দাওঁ দাওঁ কৈ জ্বলিছে ৰাজ্য। প্ৰস্তাৱিত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধীতাৰে প্ৰতিটো দিনেই অসম বন্ধ। ৰাইজেও স্বতঃস্ফূৰ্ত ভাৱে সহাৰি জনাইছে বন্ধৰ প্ৰতি। ৰাজ্যৰ চুকে কোনে ধৰ্ণা, অৱৰোধ। বিশ্ববিদ্যালয় মহাবিদ্যালয়ত অনিৰ্দিষ্টকালিন শ্ৰেণী বৰ্জন কাৰ্যসূচী। জাতি মাটি ভেটিৰ প্ৰশ্ন যেন ডেকা বুঢ়া সকলোৰে মুখে মুখে।
তেনে এক সময়তে অসমৰ পৰা শ শ মাইল দূৰত সুদূৰ বিহাৰৰ দৰভংগা জিলাৰ মিথিলা বিশ্ববিদ্যালয়ৰ চৌহদত এজাৰ তৰুণ তৰুণীৰ মুখত গুৱাহাটী বিশ্ববিদ্যালয়ৰ জয়গান, সমস্বৰে দিয়া জয় আই অসম ধ্বনি। যেন সৰুকৈ হ'লেওঁ তাতো হৈছে এখন অসমীয়াৰ স্বভিমানৰ যুঁজ। ততো দেখুওৱা হৈছে অসমীয়াগিৰি- কিন্তু ধৰ্ণা, বন্ধৰে নহয় প্ৰতিভাৰে, দক্ষতাৰে, কামেৰে।
বিহাৰৰ মিথিলা বিশ্ববিদ্যালয়ত অনুস্থিত হ'ব লগা আন্তবিশ্ববিদ্যালয় পূৱমাণ্ডলিক ৰাষ্ট্ৰীয় যুৱ মহোৎসৱৰ বাবে সাজু হোৱা গুৱাহাটী বিশ্ববিদ্যালয়ৰ দলটোত সুকুমাৰ কলা শিতানৰ বাবে মোকো বাচনি কৰা হৈছিল। সেই উদ্দেশ্যে ২০১৯ চনৰ ১ জানুৱাৰীৰ দিনা দোকমোকালিতে আমি কামাখ্যা ষ্টেচনত ট্ৰেইনত উঠিছিলো। ট্ৰেইনৰ অভিজ্ঞতা বৰ বিচিত্ৰ আছিল। মই থকা কম্পাৰ্মেন্টটোত আমাৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ তিনিজনীয়া কুইজৰ দলটোৰ লগতে আমি সুকুমাৰ কলা শিতানৰ দলটো আছিলো। আমাৰ দবাটোৰ লগতে কাষৰ দবাটোৰ প্ৰায় আটাইকেইটা কম্পাৰমেন্ট আমাৰ দলৰ ল'ৰা ছোৱালীৰে ভৰি আছিল। লাহে লাহে সকলোৰে লগত চিনাকি হ'ব ল'লো। সেই যাত্ৰাত প্ৰতিজন সহযোগীয়ে আছিল একোটা অফুৰন্ত প্ৰতিভাৰ ভাণ্ডাৰ। সকলো বহুমুখী প্ৰতিভাধৰ। আমাৰ দলটোক নেতৃত্ব দিছিল অসমৰ বিশিষ্ট মুকাভিনয় শিল্পী তথা গুৱাহাটী বিশ্ববিদ্যালয়ৰ কৰ্মচাৰী কুলদীপ পাটগিৰি ডাঙৰীয়াই। উল্লেখ কৰিব লাগিব তেখেতে এইবাৰৰ সংগীত নাটক একাডেমীৰ যুৱ বঁটা লাভ কৰিছে। কুলদীপ দা মানুহজনৰ উৎসাহ, উদ্যম সকলো সময়তে আকাশলংঘী হৈ থাকে। ট্ৰেইনৰ ভিৰ অলপ কম হোৱা দেখিলেই আমি এটা চিঞৰ শুনো- " ৰিহাৰ্চল"। কুলদ্বীপ দাৰ সেই উৎসাহ আৰু আদেশৰ সুৰ থকা চিঞৰৰ লগে লগে আৰম্ভ হৈ যায় ভাৰতীয় সমবেত সংগীত, পাশ্চাত্য সমৱেত সংগীত অথবা ফ'ক অৰ্কেষ্ট্ৰাৰ আখৰা। আমিটো বাদেই ট্ৰেইনৰ আন মানুহৰো গা নাছি উঠে। ষ্টেছনত অলপ ৰ'ব লগা হ'লেই আৰম্ভ হৈ যায় নাটক, মাইম নাইবা স্কিটৰ আখৰা। অকল প্ৰতিযোগীতাৰ অভ্যাসেই নহয়, আৰম্ভ হৈ যায় আমাৰ নাগাৰা নাম, হ'লী গীত, নাওঁ খেলৰ গীত। সময় অসময় নাই, ট্ৰেইনৰ ডবাৰ ভিতৰতে হওঁক বা বিহাৰৰ কোনো জংচনৰ মাতিতে হওঁক বাজি উঠে আমাৰ অসমৰ সুৱদী সুৰীয়া লোক সংগীত। কোৰোবাৰ হাতত ঢোল, কোনোবাই ডবা, নাগাৰা, কোনোৱে লয় গীটাৰ, কোনোৱে বাঁহী, ম'হৰ শিঙৰ পেপা, টোকাৰী আৰু মই লওঁ হাৰমণীয়ামখন। আমাৰ চাৰিওঁফালে স্থানীয় মানুহেৰে ঠাহ খাই যায়। এবাৰটো পৰিস্থিতি এনে এটা পৰ্যায় পাইছিল, ৰেলৱে পুলিছ আহি আমাৰ চাৰিওফালে হোৱা ভিৰ ভাঙিব লগা হৈছিল, সেয়াওঁ দিনত নহয় ৰাতিৰ এঘাৰ বাৰ বজাত । ৰেলৰ ভিতৰতে হওঁক বাহিৰতে হওঁক মানুহে আমাক ভাল পাইছিল। আমি ক'ব লগা হোৱা নাছিল আমি অসমৰ বুলি, আমাৰ ঢোল, নাগাৰা দেখিয়ে বুজিছিল আমি অসমীয়া। বিহাৰৰ মানুহে আমাৰ সংস্কৃতিৰ প্ৰসংসা কৰিছিল।
এনেকেই আমি বিহাৰৰ দৰভাংগা পাইছিলো। ঠাইবোৰ বৰ অপৰিস্কাৰ আছিল, ক'তো এটা ডাষ্টবিণ নেদেখিলো। বিশ্ববিদ্যালয়ৰ পৰিৱেশটো দেখি অলপ আশাহত হৈছিলো যদিওঁ আমি আমাৰ পৰিৱেশ নিজেই ভাল কৰি লৈছিলো। মিথিলা বিশ্ববিদ্যালয়ত ভাৰতৰ ভিন্ন বিশ্ববিদ্যালয়ৰ প্ৰতিভাশালী ছাত্ৰ ছাত্ৰীবোৰ আহিছিল। বেণাৰসৰ কাশী হিন্দু বিশ্ববিদ্যালয়, কলিকতাৰ শান্তি নিকেতন আদিকে ধৰি সমূহ লেখত ল'ব লগীয়া বিশ্ববিদ্যালয়ে তাত অংশগ্ৰহণ কৰিছিল।
মিথিলা বিশ্ববিদ্যালয়ৰ বাবে যোৱা গুৱাহাটী বিশ্ববিদ্যালয়ৰ দলটোত ছাত্ৰছাত্ৰী আছিল প্ৰায় চল্লিছ জন। সমসংখ্যক ছাত্ৰ ছাত্ৰী আহিছিল কটন, তেজপুৰ আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰাওঁ। তাত আমি সকলো অসমীয়া একেলগে আছিলো। সৃষ্টি হৈছিল এখন সৰুসুৰা অসম। অসমৰ বিশ্ববিদ্যালয় কেইখনে মিথিলা বিশ্ববিদ্যালয় চৌহদৰ ভিন্ন ঠাইত ৰিহাৰ্চলত ব্যস্ত আছিল। সেয়ে বিশ্ববিদ্যালয় খনৰ গোটেই চৌহদটো অনবৰতে ডোল, পেপা, নাগাৰাৰ শব্দৰে মুখৰিত হৈ আছিল। অসমীয়া অসমীয়া আবেগটো আমাৰ মনত তীব্ৰতৰ হৈছিল।
মই কাৰ্টুনিং প্ৰতিযোগীতাত অংশগ্ৰহণ কৰিলো। পাম বুলি বৰ এটা বিশ্বাস নাছিল। কিন্তু তাত থকা কেইদিন কষ্ট কৰিছিলো। অভ্যাস কৰিছিলো। সামৰণি অনুষ্ঠানৰ দিনা মঞ্চত মোৰ নাম ঘোষিত হোৱা শুনি স্বস্তিৰ নিশ্বাস এৰিছিলো। উক্ত যুৱমহোৎসৱত গুৱাহাটী বিশ্ববিদ্যালয়ে দ্বিতীয় শ্ৰেষ্ঠ বিশ্ববিদ্যালয়ৰ স্বীকৃতি লাভ কৰিছিল। সেইদিনা প্ৰায় ডেৰশ দুশ ল'ৰা ছোৱালীয়ে চিঞৰিছিল, "জয় আই অসম"। সামৰণী অনুষ্ঠানত সেই বিশ্ববিদ্যালয়ৰ উপাচাৰ্যই আনবোৰ ছাত্ৰ ছাত্ৰীক উত্তৰ পূৰ্বাঞ্চলৰ ছাত্ৰছাত্ৰীসকলৰ শৃংখলাবদ্ধতাক অনুসৰণ কৰিবলৈ উপদেশ দিছিল। বিহাৰত আমি উত্তৰ পূৱৰ ছাত্ৰ ছাত্ৰী সকলে, পাৰদৰ্শীতাৰ লগতে শৃংখলাবদ্ধতাৰ এক নজিৰ স্থাপন কৰিছিলো।
ইয়াৰ পিছত আমাৰ উভতনি যাত্ৰা আৰম্ভ হৈছিল। আহোতেওঁ নাচ গানৰ একেই পৰিৱেশ। কিন্তু এই উভতনি যাত্ৰাত আমি অকলে নাছিলো। আমাৰ লগত আছিল স্বীকৃতি, শ্ৰেষ্ঠত্বৰ স্বীকৃতি। লাহে লাহে আহি আমি অসমত সোমালো। তেতিয়া অসম অগ্নিগৰ্ভা। ধৰ্ণা অৱৰোধ বন্ধৰ মাজে মাজে শুনিছো জয় আই অসম ধ্বনি। মনত পৰিল বিহাৰৰ মাটিত আমাৰ চিঞৰ কেইটা। সগৌৰৱে চিঞৰা জয় আই অসম ধ্বনি কেইটা। আমিওঁ যুঁজ কৰি আহিছিলো। কিন্তু সেই যুঁজ নাছিল ধৰ্ণা, প্ৰতিবাদ, অৱৰোধৰ, বৰং সেইখন যুঁজ আছিল পাৰদৰ্শিতাৰ, শৃংখলাবদ্ধতাৰ, কৰ্মৰ।
জ্ঞানপ্ৰতীম দেৱ শৰ্মা
যোগাযোগ আৰু সাংবাদিকতা বিভাগ,
গুৱাহাটী বিশ্ববিদ্যালয়।
লিখি যোৱা
ReplyDeleteধুনীয়া আৰু লিখি যোৱা
ReplyDeleteDhunia dada🌼🌼🌼🌼 likhi joaa aru..
ReplyDeleteবহুত ধুনিয়া হৈছে
ReplyDeleteমজা ভাই
ReplyDeleteজয় আই অসম... ধুনীয়া লিখিছা
ReplyDeleteসুন্দৰ বন্ধু
ReplyDeleteঅসমীয়াৰ স্বাভিমানী যাত্ৰাত এই প্ৰৱন্ধ এক নিদৰ্শন হওঁক❤️
ReplyDeleteসুন্দৰ লিখনি 👌 জয় আই অসম❤️🙏
ReplyDeleteVal lagil
ReplyDeleteVal.lagil bndhu
ReplyDeleteHosakoi bhut dangor experience asil...
ReplyDeleteআৰু আগুৱাই যা....
ReplyDeleteবহুত ধুনীয়া লিখিছা।
ReplyDelete