Sunday, 21 March 2021

চিটিবাছৰ সংৰক্ষিত আসন, যুৱ প্ৰজন্মৰ চেতনা, ফেচবুকমুখী এখন সমাজ ই‍ত‍্যাদি।

দৃশ‍্য ক- উজানবজাৰৰ পৰা আদাবাৰীলৈ চিটিবাছত গৈ আছোঁ। মোৰ সমুখৰ চিটটোত এজন আদবয়সীয়া মানুহ। তাৰ আগৰ চিটটোত দুজন প্ৰায় ওঠৰ বছৰীয়া যুৱক যুৱতী। আদবয়সীয়া মানুহজনে স্মাৰ্টফোনত কিবা টাইপ কৰি আছে। দেখিলো সেয়া ফেচবুক, তাত মানুহজনে কিবা এটা পোষ্ট লিখি আছে। লিখাৰ মাজে মাজে সমুখৰ চিটটোত বহা যুৱক যুৱতীহালৰ ফালে দেখুৱাই বাছৰ কণ্ডাক্টৰজনক কিবা কিবি কৈ আছে। মাজে মাজে কথা কওতে মানুহজনৰ উষ্মা প্ৰকাশ পাইছে। পিছে কণ্ডাক্টৰজনৰ মুখমণ্ডলত 'মই কি কৰিব পাৰো' ধৰণৰ ভংগীমা। মানুহজনে আকৌ মোবাইলত টাইপ কৰাত লাগিল। তেওঁলোকৰ প্ৰজন্মটোৱে কি কি ভাৱে, সামাজিক মাধ‍্যমক কেনেধৰণে ব‍্যৱহাৰ কৰে জানিবলৈ মোৰ সদায়ে এক আগ্ৰহ আছে। কৌতুহলবশতঃ মোৰ মানুহজনৰ মোবাইলৰ স্ক্ৰীণখনত চকু গ'ল। আদবয়সীয়া মানুহজনে লিখি থকা পোষ্টটো এনেধৰণৰ আছিল, "চিটিবাছত মোৰ সমুখৰ চিটটোত দুজন ওঠৰৰ পৰা বিশ বছৰীয়া যুৱক যুৱতী। নিজৰ মাজত কথাত মচগুল। পিছে চিটটো জ‍্যেষ্ঠ নাগৰিকৰ বাবেহে সংৰক্ষিত, কাষত থিয় দি আছে এগৰাকী ষাঠিৰ ঊৰ্ধ্বৰ ব‍্যক্তি। কিন্তু যুৱক যুৱতী হালৰ চিটটো এৰি দিব লাগে বুলি কোনো কাণষাৰ নাই। কণ্ডাক্টৰৰো দায়িত্ববোধৰ অভাৱ।" পিছে মানুহজনে কথাষাৰ ল'ৰা ছোৱালী হালক প্ৰত‍্যক্ষভাৱে কোৱা নাই, ইচ্ছা কৰিলে তেওঁ কব পাৰে। স্বাভাৱিকভাৱেই তেওঁতকৈ প্ৰায় একুৰি বছৰ সৰু যুৱক যুৱতী হালক নজনাটো শিকাই দিব পাৰে। নাইবা তেওঁ নিজৰ চিটটো তেওঁতকৈ বয়স্ক ব‍্যক্তিজনক এৰি দি যুৱক যুৱতীহালৰ ওচৰত উদাহৰণ হৈ থিয় দিব পাৰে। পিছে তেওঁৰ প্ৰতিবাদ ফেচবুকমুখী হ'ল। দৃশ‍্য খ- ভাগৰুৱা দেহাৰে, আবেলি ৰুমত সোমাই বিচনাখনতে এনেই বাগৰি ফেচবুক স্ক্ৰ'লিং কৰিছো। সেই একেই যান্ত্ৰিকতাৰ মাজতে পোষ্টবোৰত দি গৈছোঁ একোটা লাইক। হঠাৎ এটা পোষ্টত ৰৈ গলো। এই পোষ্টটোও লিখিছে এজন আদবয়সীয়া মানুহে, "যুৱক জনৰ নাম আইজুল হক। ছিপাঝাৰত ঘৰ। পেচাত গাড়ী চালক। গুৱাহাটীত মেজিক চলায়, আদাবাৰীৰ পৰা নাৰেংগীলৈ। সোমবাৰে এই আইজুল হকৰ মেজিকখনতেই মই আমবাৰীৰ পৰা আদাবাৰীলৈ আহিছিলো ধাৰাসাৰ বৰষুণৰ মাজত‌। আজি এইজন আইজুলৰ বিষয়ে দুআষাৰ কব বিচাৰিছোঁ। যিটো সময়ত বহুতো গাড়ীৰ চালক কৰ্মচাৰীৰ অভব্য আচৰণত মানুহ বিৰক্ত হয়, এনে সময়তো আইজুল হকৰ দৰে চালক আছে বুলি ভাবিবলৈ টান। আইজুলৰ ব্যৱহাৰ অতি মাৰ্জিত, অতুলনীয়। যাত্ৰীৰ প্ৰতি অতি সহানুভূতিশীল। যান বাহন আইন অমান্য নকৰে, যাত্ৰীৰ পৰা এটকাও বেছিকৈ নলয় তেওঁ। ক'ভিড প্ৰট'কলৰ নিয়ম মানিহে তেওঁ গাড়ীত মানুহ উঠায়। মই আইজুলৰ ব্যক্তিত্বক সঁচাকৈ সন্মান জনাইছোঁ। ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ, সুস্থ শৰীৰেৰে আইজুল হক যুৱপ্ৰজন্মৰ আদৰ্শ হৈ থাকক।" এই মানুহজনে গাড়ীৰ চালকজনক দিয়া স্বীকৃতিখিনিও পিছে ফেচবুকৰ চাৰিবেৰৰ মাজত আবদ্ধ। তাৰ পিছতো এই প্ৰচেষ্টা ধুনীয়া। সমাজৰ বাবে আদৰণীয়। জ্ঞানপ্ৰতীম দেৱ শৰ্মা যোগাযোগ আৰু সাংবাদিকতা বিভাগ, গুৱাহাটী বিশ্ববিদ্যালয়।

29 comments:

  1. এনেকুৱা সৰু সৰু ঘটনাবোৰে কব নোৱাৰাকৈ বহুত অভিজ্ঞতা দি থৈ যায়...

    ReplyDelete
  2. সুন্দৰ লিখনি ভাতৃ। আগুৱাই যোৱা।।

    ReplyDelete
  3. Bohut dhuniya.... Keep going

    ReplyDelete
  4. বৰ ধুনীয়া হৈছে💝

    ReplyDelete
  5. Bohut dhuniya.... keep going keep writing ❣️ -Rahul nath

    ReplyDelete
  6. ধুনীয়া লিখনি।

    ReplyDelete
  7. চিন্তনীয় বিষয়, যদিওবা আমি বহু সময়ত গা-এৰা দি চলোঁ

    ReplyDelete
  8. সুন্দৰ লিখনি।

    ReplyDelete
  9. সুন্দৰ ভাতৃ

    ReplyDelete
  10. মজা লিখিছা জ্ঞান

    ReplyDelete
  11. সুন্দৰ লিখনি

    ReplyDelete
  12. অতি সুন্দৰ লিখনি

    ReplyDelete
  13. খুব সুন্দৰ দাদা ।👍ভাল লাগিল পঢ়ি ।

    ReplyDelete
  14. তামাম । আগুৱাই যা তই সদায়

    ReplyDelete

বড়ো সাহিত্যলৈ মিছনেৰীসকলৰ অৱদান

অসমৰ বড়ো লোকসকলৰ মাজত খ্ৰীষ্টিয়ান মিছনেৰীসকলে ধৰ্ম প্ৰচাৰৰ মাজেৰে শৈক্ষিক,ভাষিক তথা সাংস্কৃতিক আদি দিশত বিভিন্ন অৱদান আগবঢ়াই গৈছে।মৌখিক প...