অসমীয়া লোকসমাজত ফকৰা-যোজনা, ডাকৰ বচন, প্রবাদ-পটন্তৰ আদিৰ ভূমিকা অতীজৰে পৰা মন কৰিবলগীয়া। এসময়ত মানুহে কথাৰ পাকতেই ৰস দিবলৈ, উপদেশ দিবলৈ, কৰণীয়-অকৰণীয় আদি সম্পর্কে বুজাবলৈ এনে ফকৰা, বচন, জতুৱা ঠাঁচ আদিসমূহৰ ব্যৱহাৰ কৰিছিল। এইবোৰ সাধাৰণতে আমাৰ পূৰ্বপুৰুষসকলৰ অভিজ্ঞতা আৰু পৰ্যবেক্ষণৰ ওপৰত আধাৰিত আৰু ব্যৱহাৰিক জীৱনত ফলপ্রসূ কিছুমান সহজ-সৰল ভাষাৰ সৃষ্টি। অৱশ্যে, বর্তমান ইয়াৰ ব্যৱহাৰ কমি আহি লোকসাহিত্যৰ অধ্যয়ন আৰু গৱেষণাৰ মাজতেই অধিকাংশ আবদ্ধ হৈ থকা দেখা গৈছে। তথাপি, ইয়াৰ প্ৰাসংগিকতা কমি যোৱা নাই আৰু যোজনা-পটন্তৰসমূহে কৈ যোৱা স্বাস্থ্য, কৃষি আদি সম্পর্কীয় কথাবোৰ আজিও সঁচা বুলি প্রমাণিত হৈ আহিছে। অৱশ্যে, বিদ্বানসকলে ফকৰা-যোজনা, ডাকৰ বচন, প্রবাদ-পটন্তৰ আদিৰ মাজত থকা নির্দিষ্ট পার্থক্য বিচাৰি উলিওৱাত সফল হব পৰা নাই। ডঃ লীলা গগৈয়ে 'অসমীয়া সাহিত্যৰ ৰূপৰেখা' গ্রন্থত কৈছে যে "প্রবচন, পটন্তৰ, ফকৰা-যোজনা আদি সকলোকে 'ফকৰা-যোজনা' শব্দৰে সামৰিব খোজা হৈছে যদিও ভালকৈ বিশ্লেষণ কৰি চালে, আটাইবোৰৰে সুকীয়া সুকীয়া লক্ষণ দেখা যায়।"
অসমীয়া লোকসমাজৰ জনবিশ্বাস, আচাৰ-নীতি, সমাজ ব্যৱস্থাৰ ভালেখিনি নিয়ম- কানুনৰ বিষয়ে ফকৰাসমূহে আমাক অৱগত কৰে। ইয়াৰ ভিতৰত ফকৰা-যোজনাত সমাজ জীৱনত নাৰী মুনিহৰ ভূমিকা অতিশয় আলোচ্যৰ বিষয়।এইক্ষেত্ৰত ব্যৱহাৰিক জীৱনৰ বিভিন্ন স্তৰত পুৰুষ মহিলাৰ মাজৰ সম্পৰ্ক মন কৰিবলগীয়া।
বিয়া হৈ যোৱাৰ পাছত ছোৱালী এজনী গৃহিণী অথবা পত্নীলৈ ৰূপান্তৰ হয়। এগৰাকী তিৰোতাৰ কোনবোৰ গুণে তেওঁক সু-গৃহিণী বা সজ তিৰোতা ৰূপে গঢ় দিয়ে, সেই সম্পর্কে কেইবাটাও ফকৰা পোৱা যায়-
ক। মধুৰ বচন বোলয় সদায়,
স্বামীৰ বচন কভু নেপেলায়।
সৰু সূতা কাটে ৰান্ধে মিষ্ট,
সেই গৃহিণীক বোলয় ইষ্ট।
খ। নাহি মাত-বোল নকৰে দ্বন্দ্ব,
খং উঠিলেও নোবোলে মন্দ
সিটো গৃহস্থৰ বাঢ়ে শ্রী,
ডাকে বোলে সেয়াই লক্ষ্মী স্ত্রী।।
অৱশ্যে, নাৰীৰ দোষ, কুচৰিত্ৰ আদিৰ বিষয়ে আলোচনা কৰা ফকৰা-যোজনা আৰু প্রবচনৰ সংখ্যাই লোকসাহিত্যত অধিক। তেওঁলোকক প্রায়ে অবিশ্বাসৰ পাত্ৰ, কাজিয়া আৰু অশান্তিৰ মূল ৰূপে ৰিজোৱা হৈছে। তাৰে কিছুমান তলত উল্লেখ কৰা হ'ল-
ক। আখৈৰ তপত, তিৰীৰ শপত
কুকুৰক বুলিবা ছেই,
কচুপাতৰ পানী কৰে তলবল
তিৰীৰো শপত সেই।
খ। আয়ে ক'লে বাটত
বায়ে ক'লে তাঁতত,
মই শুনি আহিলোঁ
পানী অনা ঘাটত।
গ। ব'ব নাজানোঁ, কাটিব নাজানো
হালোৱা চহকীৰ জী
এখনি গামোচা বৈ থৈ আহিছোঁ
মূৰত পাণেকটা দি।
ঘ। ৰজাৰ দোষত ৰাজ্য নষ্ট
প্রজাই কষ্ট পায়,
ঘৈণীৰ দোষত ঘৰ নষ্ট
লক্ষীয়েও এৰি যায়।
ঙ। লেখত আছে জোখত নাই
সাতজনী তিৰী,
পাচিয়ে পাচিয়ে ভাত খাই
গোৱৰ পেলাই গিৰী।
চ। গৃহিণী হুয়া বোলে কটুৰ,
আয় নাচায় ব্যয় কৰে প্ৰচুৰ।
ওলাই গৈয়া নাহে সোনকালে,
তাইক দুষ্টা বোলে সকলোৱে।
সেহি নাৰীৰ সঙ্গে যি কৰে বাস,
তাৰ জীৱনত কিহৰ আশ।
বিয়াৰ পাছতেই গিৰিয়েক-ঘৈণীয়েকৰ দাম্পত্য জীৱন আৰম্ভ হয়। এই সময়ছোৱাত স্বামী-স্ত্ৰীৰ মাজৰ সম্পৰ্ক, আৰু বিশেষকৈ সেই সম্পৰ্কত স্ত্ৰীৰ ভূমিকাৰ বিষয়ে ফকৰা- যোজনাসমূহত কোৱা হৈছে। যেনে-
ক। এক তিৰীৰ পৈ লোদোৰ পোদোৰ
দুই তিৰীৰ পৈ গাঁতৰ এন্দুৰ
তিনি তিৰীৰ পৈ নাপায় ভাত
চাৰি তিৰীৰ পৈ মূৰত হাত।
খ। ডলামূৰী তিৰোতা পাচিমূৰা পৈ
যেনে তেনে আছে ঘৰখন ৰৈ।
গ। বেৰৰ বল কামী,
তিৰীৰ বল স্বামী।
ঘ। খৰ ৰান্ধনী খৰ বাঢ়নী
পৈয়েক লঘোণে যায়
ওদা ৰান্ধনী ওদা বাঢ়নী
পৈয়েকে তিনিসাঁজ খায়।
ঙ। মাটি ভাল কৰে মৈয়ে,
তিৰী ভাল কৰে পৈয়ে।
চ। ৰজাৰ দণ্ডিত কটা যায়,
তিৰীৰ দণ্ডিত পঁইতা খায়।
পুৰুষৰ দৃষ্টিৰেও নাৰীৰ জীৱন কিদৰে ৰিজোৱা হৈছে সেয়া মন কৰিবলগীয়া। এজন পুৰুষৰ ভাগ্য, গুণ-দোষ, কর্মফল ইত্যাদি ভালেখিনি নাৰীৰ ওপৰত নিৰ্ভৰ কৰে। নিম্ন-উল্লেখিত ফকৰা-যোজনাসমূহে তাকেই প্ৰমাণ কৰে-
ক। ধেৎতেৰি লেতেৰি মাটিক'লী ফাপৰী
নেপাইহে আনিলোঁ তোক,
সমনীয়াৰ আগলৈ নোলাবি ফাপৰী
সমনীয়াই হাঁহিব মোক।
খ। ঘৈণীয়ে ভাঙিলে কাঁহী,
থ'লে মিচিকিয়াই হাঁহি।
বেটীয়ে ভাঙিলে কতৰা,
গড়গাঁও পালেগৈ বতৰা।
গ। তিৰি কিলাই যি নৰে,
ধৰ্ম নাথাকে সেই ঘৰে।
তিৰিহীন ঘৰত নাথাকে চিৰি
মাটি খাই মৰে ভতুৱা গিৰী।
ঘ। মাজ মূৰত নাই চুলি,
পৈয়েকে মাতে ৰূপহী বুলি।
ঙ। ভাল বাট ঘূৰাই হওক,
নিজৰ তিৰি বুঢ়ীয়ে হওক।
লোকসাহিত্যৰ অভিন্ন অংগ ফকৰা-যোজনা, ডাকৰ বচন, আৰু প্ৰবাদ পটন্তৰসমূহত নাৰীৰ বিস্তৃত উপস্থিতিয়ে তেওঁলোকৰ সমাজত স্থান সম্পর্কে আভাস দিয়াৰ লগতে নাৰীৰ জীৱনৰ সম্পৰ্কেও ভালেখিনি তথ্য দিব পাৰে। এয়া আজিও যথেষ্ট প্রাসংগিক আলোচনাৰ বিষয়। অৱশ্যে বর্তমান ফকৰা- যোজনাসমূহৰ ব্যৱহাৰ তেনেই তাকৰ হৈ পৰিছে। উঠি অহা চামৰ অনাগ্ৰহত ফকৰাসমূহ হেৰাই যাবলৈ লোৱাতো পৰিতাপৰ বিষয়। সেয়ে ফকৰা যোজনা তথা ডাকৰ বচনসমূহ জীয়াই ৰাখিবলৈ অধিক সুসংবদ্ধ গৱেষণা, পাঠ্যপুথিত বহল আলোচনা আৰু ল'ৰা-ছোৱালীয়ে ব্যৱহাৰিক জীৱনত প্ৰয়োগ কৰাৰ চেষ্টা কৰাটোৱেই আমাৰ কাম্য।
বিতোপন ৰাজবংশী
স্নাতকোত্তৰ তৃতীয় ষাণ্মাসিক
যোগাযোগ আৰু সাংবাদিকতা বিভাগ
গুৱাহাটী বিশ্ববিদ্যালয়
No comments:
Post a Comment