Sunday, 21 December 2025

আধুনিক যোগাযোগ বিজ্ঞানৰ প্ৰেক্ষাপটত জনসংযোগকাৰী হিচাপে শ্ৰীমন্ত শংকৰদেৱ


শ্ৰীমন্ত শংকৰদেৱ  কেৱল ধৰ্মীয় সংস্কাৰক বা সাংস্কৃতিক পণ্ডিত নহয়, তেওঁ এজন অতি শক্তিশালী জনসংযোগকাৰী  আছিল।  শংকৰদেৱৰ যোগাযোগ-কৌশলসমূহ পৰ্যালোচনা কৰিলে  আধুনিক জনসংযোগ(mass communication)ৰ সৈতে এক নিবিড় সম্বন্ধ  পৰিলক্ষিত হয়। 

            জন সংযোগৰ অৰ্থ হৈছে এক উৎসৰ পৰা বৃহৎ জনগণলৈ তথ্য প্ৰসাৰ কৰা।১৫শ–১৬শ শতিকাৰ অসমত শিক্ষা- সাক্ষৰতা আৰু যোগাযোগ কৌশলৰ সীমিত পৰিসৰৰ মাজতো  শংকৰদেৱে এজন দক্ষ জনসংযোগকাৰী হিচাপে সমাজত প্ৰভাৱ বিস্তাৰ কৰিছিল।তেওঁৰ যোগাযোগ কৌশল সৃজনশীল, অন্তৰ্ভুক্তিমূলক আৰু সহজে গ্ৰহণযোগ্য আছিল; যাৰ ফলত সমাজৰ সকলো স্তৰলৈ বাৰ্তা সহজে প্ৰসাৰিত হৈছিল।

      উল্লেখ্য যে শংকৰদেৱক এজন সংবাদ সেৱা বা বাতৰি প্ৰচাৰৰ গুৰিধৰোঁতা হিচাপে উল্লেখ কৰাৰ এক ঐতিহাসিক থল আছে। অসমৰ প্ৰথমখন সংবাদ পত্ৰৰূপে "অৰুনোদই"কে স্বীকৃতি দিয়া হয় যদিও তাৰ বহু পূৰ্বতে অসমত সংবাদ পত্ৰ প্ৰচলন থকাৰ প্ৰমাণ পোৱা গৈছে। পঞ্চদশ শতিকামানতে শংকৰদেৱে 'বাতৰি সোধা' প্ৰথাৰে পোনতে অসমত বাতৰি সংগ্ৰহ আৰু প্ৰচাৰ কৰিছিল।এই 'বাতৰি সোধা'ৰ জৰিয়তে দিনৰ বাতৰি দিনে সংগ্ৰহ কৰি , আৱশ্যকীয় অংশ লিপিবদ্ধ কৰি জনসাধাৰণৰ জ্ঞাতাৰ্থে প্ৰচাৰ কৰা হৈছিল।

•বহু-মাধ্যমিক যোগাযোগ-(multi-modal communication)

শংকৰদেৱে জনসংযোগৰ ক্ষেত্ৰত একক মাধ্যম ব্যৱহাৰ নকৰি বহুমুখী মাধ্যম ব্যৱহাৰ কৰিছিল।  মৌখিক যোগাযোগ (কীৰ্তন, উপদেশ),লিখিত যোগাযোগ (লিখিত সাহিত্য),দৃশ্য–শিল্প (চিত্ৰাংকন, বৃন্দাবনী বস্ত্ৰ, মুখা শিল্প),নাট্যমাধ্যম (অংকীয়া নাট),সংগীত (বৰগীত),নৃত্য (সত্ৰীয়া),সংগঠনমূলক মাধ্যম (নামঘৰ–সত্ৰ) আদি মাধ্যমৰ জৰিয়তে শংকৰদেৱে যি জনসংযোগ ব্যৱস্থা প্ৰৱৰ্তন কৰিছিল,তাক আধুনিক যোগাযোগ পদ্ধতিৰ দিশেৰে বহু-মাধ্যমিক যোগাযোগ  (multi-modal communication) ব্যৱস্থা বুলিব পাৰি।

            শংকৰদেৱে বৰগীত, কীৰ্তনঘোষা, ভাগৱত আদিৰ জৰিয়তে  গভীৰ ধৰ্মীয় আৰু নৈতিক বার্তা জনসাধাৰণৰ মাজত প্ৰচাৰ কৰিছিল। ভাষাৰ সৌন্দৰ্য্য, ভাবৰ সৰলতা আৰু গভীৰতা,ছন্দ আৰু আলংকাৰিক প্ৰয়োগ, মৌখিক পৰম্পৰাৰ বাবে উপযোগী উপস্থাপন শৈলী ইত্যাদি বৈশিষ্ট্যৰে পুষ্ট শংকৰদেৱৰ সাহিত্যই মানুহক সহজে আকৰ্ষণ কৰিছিল আৰু বাৰ্তাসমূহ সহজে আৰু প্ৰচুৰভাৱে বিস্তাৰিত হৈছিল। ই সফল জনসংযোগৰ এটা প্ৰাথমিক চৰিত্ৰ। তেওঁ সংস্কৃত পুথিৰ জটিল দৰ্শনসমূহ সহজ ভাষাত ,সকলো শ্ৰেণীৰ মানুহৰ বোধগম্য হোৱাকৈ ব্যাখ্যা কৰিছিল। ইয়াক যোগাযোগ বিজ্ঞানৰ 'Audience centric' ধাৰণাৰ উৎকৃষ্ট উদাহৰণ হিচাপে আলোচনা কৰিব পাৰি। 

          শংকৰদেৱে অংকীয়া নাট আৰু ভাওনাৰ মাধ্যমেৰে  জনসংযোগৰ এক শক্তিশালী মাধ্যম সৃষ্টি কৰিছিল। স্পষ্ট নৈতিক আৰু ধৰ্মীয় বার্তা, সংস্কৃতিৰ চৰ্চা,সংগীত, নৃত্য, সংলাপৰ সমন্বয়, শিল্পীৰ বাবে মঞ্চৰ সুবিধা - এইসমূহৰ বাবে অংকীয়া নাটসমূহ শিক্ষামূলক, মনোৰম আৰু জনমুখী অনুষ্ঠান হিচাপে পৰিগণিত হৈছিল। আধুনিক ' Public Communication Theory'ৰ দৃষ্টিৰে ক'বলৈ গ'লে , তেওঁ নাট্যশিল্পৰ জৰিয়তে 'জনমুখী স্থান( Public Shere)' সৃষ্টি কৰিছিল।

        বৰগীত আৰু সত্ৰীয়া নৃত্য শংকৰদেৱৰ জনসংযোগৰ অন্যতম প্ৰযুক্তি। সংগীতৰ আবেগিক প্ৰভাৱ (emotional resonance), আৰু নৃত্যৰ দৃশ্যানুভৱ, দুয়োটাই একে লগে জনগণৰ মাজত ভক্তি, নৈতিকতা আৰু সামাজিক একতা বৃদ্ধি কৰিছিল।

            শংকৰদেৱৰ বৃন্দাবনী বস্ত্ৰ আৰু সচিত্ৰ পুথিসমূহৰ মাধ্যমেৰে নিৰক্ষৰ লোকৰ মাজতো বার্তা প্ৰচাৰ কৰিব পৰা হৈছিল।কৃষ্ণৰ জীৱন কাহিনী,ধৰ্মীয় শিক্ষাৰ প্ৰতিফলন,নৈতিক আৰু সামাজিক মূল্যবোধ,এইবোৰ দৃশ্যভাষাৰ জৰিয়তে সহজে প্ৰকাশ পাইছিল।

                শংকৰদেৱৰ দ্বাৰা প্ৰচাৰিত সামাজিক যোগাযোগৰ মূল কেন্দ্ৰ আছিল নামঘৰ আৰু সত্ৰসমূহ । শংকৰদেৱে নামঘৰ- সত্ৰসমূহক স্থানীয় সংযোগ কেন্দ্ৰ, শিক্ষা আৰু সাংস্কৃতিক বিকাশৰ স্থান, বিতৰ্ক, আলোচনা আৰু ধৰ্মীয় অনুশীলনকেন্দ্ৰ, নাটক, নৃত্য, কীৰ্তন প্ৰচাৰৰ মঞ্চ হিচাপে   জনসংযোগৰ এক বিস্তৃত জাল(network)লৈ ৰূপান্তৰ কৰিছিল। আধুনিক যোগাযোগ ব্যৱস্থাৰ দৃষ্টিত ই এক পূৰ্ণাঙ্গ non-print mass communication network আছিল।

•সামাজিক  যোগাযোগ- সমন্বয় আৰু অন্তৰ্ভুক্তিমূলক আৰ্হি( Inclusion and Integration model)

জনসংযোগকাৰী হিচাপে শংকৰদেৱৰ লক্ষ্য আছিল জাতি,ধৰ্ম,বৰ্ণ নিৰ্বিশেষে সমাজৰ সকলো শ্ৰেণীৰ মানুহক একগোট কৰি ৰখাৰ।বর্ণবৈষম্য দূৰীকৰণ,আন্তঃজাতীয় সম্প্ৰীতি,সামাজিক ন্যায়,ধৰ্মীয় একতা, আদি সামাজিক সংস্কাৰৰ ক্ষেত্ৰত শংকৰদেৱে গ্ৰহণ কৰা পদক্ষেপসমূহে সমাজত সজাগতাৰ সৃষ্টি কৰিছিল। তেওঁ প্ৰচাৰ কৰা নৱবৈষ্ণৱ ধৰ্ম সমগ্ৰ অসমতে বিয়পি পৰিছিল,যিটো জনসংযোগকাৰী হিচাপে শংকৰদেৱৰ অতি উল্লেখযোগ্য অৱদান আৰু সফলতা। বৈষম্যহীন চিন্তাৰে শংকৰদেৱে যি সমাজ ব্যৱস্থাৰ পোষকতা কৰিছিল তাক আধুনিক যোগাযোগৰ 'inclusive communication 'ধাৰণাৰে সংজ্ঞায়িত কৰিব পাৰি।

•ব্যক্তিগত যোগাযোগ: গুৰু–শিষ্য পৰম্পৰা-

শংকৰদেৱৰ ব্যক্তিগত যোগাযোগশৈলী তথা শিক্ষা-শৈলী আছিল কোমল ভাষা,যুক্তিপূৰ্ণ ব্যাখ্যা,নৈতিক নেতৃত্ব,সহজ গ্ৰাহ্যতা, বিশ্বাস যোগ্যতা আদি আদৰণীয় চৰিত্ৰৰে পুষ্ট। যিয়ে শিষ্যবৰ্গৰ মাজত এক শক্তিশালী যোগাযোগ ব্যৱস্থা সৃষ্টি কৰিছিল। এই পদ্ধতি আধুনিক যোগাযোগ তত্ত্বৰ  Two-Step Flow Modelৰ সৈতে সঙ্গতিপূর্ণ।

            শংকৰদেৱৰ জনসংযোগ প্ৰণালীৰ সৈতে আধুনিক জনসংযোগৰ তত্ত্ববিদ স্টুৱাৰ্ট হলোৰ 'Encoding–Decoding Model' টো ৰিজাই চোৱাৰ থল আছে। এই তত্ত অনুসৰি, সংযোগকাৰীৰ বাৰ্তা , শ্রোতা-দৰ্শকৰ বোধগম্যতা, সামাজিক পৰিৱেশ আৰু সাংস্কৃতিক পৰিসৰে যোগাযোগৰ গুণমান নিৰ্ধাৰণ কৰে।এই ক্ষেত্ৰত শংকৰদেৱ বিশেষভাৱে  সফল হৈছিল, কাৰণ:তেওঁ encoding কৰিবলৈ স্থানীয় সংস্কৃতি আৰু পৰম্পৰা  গ্ৰহণ কৰিছিল আৰু জনগণে decoding কৰিবলৈ সক্ষম হোৱাকৈ সহজ শৈলী গ্ৰহণ কৰিছিল।ফলস্বৰূপে, দৰ্শকৰ মনোজগত আৰু শংকৰদেৱৰ বাণীৰ মাজত সহজ সেতু গঢ়ি উঠিছিল।

          ভাষা, সাহিত্য , সংগীত , নৃত্য,নাটক চিত্ৰকলা,সমাজ সংগঠন -এই সকলো মাধ্যমৰ এক পৰিকল্পিত আৰু সংঘবদ্ধ সমাহাৰে শংকৰদেৱে পঞ্চদশ শতিকাতে এজন সুদক্ষ আৰু দূৰদৰ্শী জনসংযোগকাৰী হিচাপে সমাজক প্ৰভাৱিত কৰিলে। অসমৰ প্ৰেক্ষাপটত তেওঁক জনসংযোগৰ পদ্ধতিগত ব্যৱস্থাৰ দুৱাৰ মুকলি কৰোঁতা বুলি ক'লেও বঢ়াই কোৱা ন'হব। শংকৰদেৱৰ এই বহুমাধ্যমিক আৰু সমাজমুখী যোগাযোগ পদ্ধতিয়ে নিৰ্দেশ কৰে যে যোগাযোগ কেৱল তথ্যৰ আদান-প্ৰদান নহয়, বৰঞ্চ ই সমাজ গঠন,মূল্যবোধ সৃজন আৰু সাংস্কৃতিক নৱজাগৰণৰ এক শক্তিশালী মাধ্যম। আধুনিক প্ৰেক্ষাপটত আজিও জনসংযোগকাৰী হিচাপে শংকৰদেৱ গৱেষণা আৰু অধ্যয়ণৰ যোগ্য।

✍️শোভিতকমল বৰা

স্নাতকোত্তৰ প্ৰথম ষান্মাসিক

যোগাযোগ আৰু সাংবাদিকতা বিভাগ

গুৱাহাটী বিশ্ববিদ্যালয়


No comments:

Post a Comment

জালিখাটাৰ বট গছ

পাঠশালাৰ জালিখাটা নামৰ অঞ্চলত অৱস্থিত কলিবাৰী থান এক উল্লেখযোগ্য পৰ্যটনস্থলী। য'ত পৃথিৱী বিখ্যাত এছিয়াৰ দ্বিতীয় বৃহত্তম গছজোপা  পৰিলক্...