Tuesday 29 November 2016

ৰেডিঅ'ৰ শৈক্ষিক ভূমিকা

বৰ্তমান সময়ত ৰেডিঅ' দেখিলে ,পুৰণি দিনত সকলোৱে একগোট হৈ ৰেডিঅ' শুনা দৃশ্যটি মোৰ মানসপটত প্ৰায়ে ভাহি আহে । যিসময়ত 'দূৰদৰ্শন'ৰ প্ৰভাৱ জনসমাজৰ মাজত নাছিল ,সেই সময়ত ৰেডিঅ'ৰ দ্বাৰা ডেকাৰ পৰা বুঢ়ালৈকে, শ্ৰমজীৱীৰ পৰা বুদ্ধিজীৱী লৈকে আদি সকলো শ্ৰেণীৰ লোকে বিভিন্ন জ্ঞান আয়ত্ব কৰিবলৈ সক্ষম হৈছিল । বৰ্তমান যদিও জনসমাজৰ মাজত 'দূৰদৰ্শন'ৰ প্ৰভাৱ বাঢ়িছে ,তথাপিও কিন্তু মোৰ মতে জনসমাজৰ মাজত ৰেডিঅ'ৰ সমাদৰ লাঘৱ হোৱা নাই ।
বিজ্ঞানৰ অভিনৱ আৱিষ্কাৰ মানৱ সমাজৰ বাবে আৰু বিশেষকৈ জনশিক্ষা বিস্তাৰৰ বাবে এক সম্পূৰ্ণ উপযোগী  আহিলা হৈছে ৰেডিঅ' । আধুনিক শিক্ষাব্যৱস্থাত ৰেডিঅ'ই বিভিন্ন প্ৰকাৰে অৱদান আগবঢ়াইছে বুলি ক'ব পাৰি । পোনপ্ৰথমে 1924 ত ইংলেণ্ডত শৈক্ষিক অভিপ্ৰায়েৰে ৰেডিঅ' ব্যৱহাৰ কৰা হৈছিল । 1926 ত কানাডা আৰু চুইডেনত আৰু 1930 ত চুইজাৰলেণ্ড আৰু ভাৰতবৰ্ষত ৰেডিঅ' ব্যৱহাৰ কৰা হৈছিল । ৰেডিঅ'ৰ শৈক্ষিক গুৰুত্ব সম্পৰ্কে George Watson য়ে কৈছিল ,'' Radio is not an addition to education .Radio is something to be placed on the top of education . Rather, radio is education. "
আধুনিক সমাজত মাধ্যম হিচাপে ৰেডিঅ'ৰ ভূমিকা অতি গুৰুত্বপূর্ণ বুলি ক'ব পাৰি । সামাজীকিকৰণ প্ৰক্ৰিয়াৰ আহিলা হিচাপেও ৰেডিঅ'ই আমাৰ সমাজত এক বিশেষ স্থান আগুৰি আছে । কিয়নো এজন স্বাক্ষৰ লোকে বিভিন্ন কিতাপ -প্ৰত্ৰ , গ্ৰন্থ ,বাতৰি কাকত আদিৰ মাধ্যমত বিভিন্ন কথা জানিবলৈ সক্ষম হয় । আনহাতে , নিৰক্ষৰ লোকসকলে কেৱল মাত্র ৰেডিঅ' শুনি নানা ধৰণৰ কথা জানিবলৈ বা শিকিবলৈ সক্ষম হয় । সমাজৰ যিসকল লোক আনুষ্ঠানিক শিক্ষাৰ পৰা বঞ্চিত হ'ল বা বিভিন্ন কাৰণ বশতঃ আনুষ্ঠানিক  শিক্ষা গ্ৰহণ কৰিব নোৱাৰিলে , সেই লোক সকলৰ বাবেও ৰেডিঅ'ৰ যোগেদি বিবিধ অনুষ্ঠানৰ ব্যৱস্থা কৰি সমাজিক শিক্ষা সম্প্ৰসাৰণ কৰাৰ আঁচনি গ্ৰহণ কৰা হৈছে । মই ৰেডিঅ'ক এবিধ চিত্ত বিনোদন তথা অৱসৰ সময়ৰ সদব্যৱহাৰৰ বাবে শিক্ষা প্ৰদান কৰা আহিলা বুলি ক'ব বিচাৰো।
মোৰ মতে , ৰেডিঅ'ৰ দ্বাৰা সকলো শ্ৰেণীৰ লোকেই উপকৃত হ'ব পাৰে । কিয়নো , ৰেডিঅ'ত শিশুসকলৰ বাবে অকণিৰ মেল , বিদ্যাৰ্থীৰ অনুষ্ঠান , যুৱক সকলৰ বাবে যুৱবাণী , বিভিন্ন ধৰণৰ আলোচনাচক্ৰ , বিভিন্ন ব্যক্তিৰ কথিকা , বিখ্যাত ব্যক্তিসকলৰ সাক্ষাৎকাৰ অনুস্থান আদিৰ প্ৰচাৰ কৰা হয় । এই অনুস্থান সমূহৰ উপৰিও 'আঞ্চলিক বাতৰি ','কেন্দ্ৰীয় বাতৰি ,',বতৰৰ খবৰ ,'নিৰ্বাচনৰ বাতৰি' আদি প্ৰচাৰ কৰি যিকোনো ঠাইতে থকা লোকক একেসময়তে দেশবিদেশৰ নানা বাতৰি ৰেডিঅ'ৰ যোগেদি প্ৰদান কৰা হয় । মোৰ মতে , ৰেডিঅ'ৰ দ্বাৰা শিশুসকলৰ সৃজনীশক্তিৰ বিকাশ সম্ভৱপৰ ।
এইখিনিতে আৰু এটি কথা উল্লেখ কৰিব খোজো , ৰেডিঅ'ই কেৱল মাত্ৰ শ্ৰমজীৱী, বুদ্ধিজীৱী সকলৰ মাজত জ্ঞান প্ৰদান কৰিয়েই আৱদ্ধ থকা নাই । ৰেডিঅ'ই কৃষ্টিকৃষ্টি-সংস্কৃতি সংৰক্ষণ আৰু তাৰ আৱশ্যকীয় বিকাশ সাধনতো বিশেষ ভূমিকা গ্ৰহণ কৰিছে । ৰেডিঅ'ই দেশৰ বিভিন্ন অঞ্চলৰ লোকৰ মাজত সংস্কৃতিৰ আদান - প্ৰদানৰ যোগেদি জাতীয় সংহতি আৰু আৱেগিক ঐক্য ভাৱৰ গঢ় দি তুলিবলৈ সক্ষম হৈছে । গতিকে মই ইয়াক জনসাধাৰণৰ মাজত সংযোগ স্থাপন আৰু সংহতি স্থাপনৰ প্ৰধান মাধ্যম বুলি ক'ব খোজা ।
যিসকল শিক্ষাথীয়ে আনুষ্ঠানিক শিক্ষা গ্ৰহণ নকৰি দূৰত্ব শিক্ষাৰ দ্বাৰা শিক্ষা লাভ কৰে, তেওঁলোকৰ বাবেও ৰেডিঅ'ক মই উপযুক্ত মাধ্যম বুলি ক'ব খোজা । এইখিনিতে আৰু এটি কথা ক'ব লাগিব যে, বৰ্তমান জনসংখ্যা বৃদ্ধি ৰোধ কৰিবৰ বাবে পৰিয়াল কল্যাণ আঁচনি কাৰ্যকৰী কৰি তোলাত আৰু জনস্বাস্থ্য ৰক্ষা কৰাত ৰেডিঅ'ই যি সক্ৰিয় ভূমিকা গ্ৰহণ কৰিছে সি সচাকৈয়ে সলাগ ল'ব লগীয়া ।
গতিকে ক'ব পাৰি যে, আধুনিক শিক্ষাৰ ক্ষেত্ৰত ৰেডিঅ'ই যথেষ্ট গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াইছে । গতিকে শিক্ষাৰ ক্ষেত্ৰত ৰেডিঅ'ৰ ভূমিকাক মই অতি উৎকৃষ্ট আৰু উপযোগী মাধ্যম বুলি ক'ব খোজা।
Dimpol Pathak

1 comment:

Unemployment Woes in India: A Mass Communication Student’s Perspective

As a student diving into the intricate world of Mass Communication, we’re not just a spectator but a shaper of narratives, a voice amid the ...