Monday, 22 December 2025

গ্ৰন্থমেলা আৰু কিছু চিন্তা

সম্প্ৰতি অসমত গ্ৰন্থমেলাৰ বতৰ। নৱেম্বৰ -ডিচেম্বৰৰ পৰা জানুৱাৰী মাহ মানলৈ অসমৰ বিভিন্ন প্ৰান্তত সৰু-বৰ গ্ৰন্থমেলাসমূহ আয়োজন কৰা হ‍য়। গ্ৰন্থ অধ‍্যয়নে মানুহৰ বৌদ্ধিক, মানসিক, নৈতিক আৰু মননশীল বিকাশত গুৰুত্বপূৰ্ণ ভূমিকা আগবঢ়াই। পাচে, আপুনি যদি গ্ৰন্থমেলা সমূহলৈ যায়, লক্ষ‍্য কৰিব যে তাত যুৱক-যুৱতীসকলৰ উপস্থিতি তেনেই সেৰেঙা। বিশেষকৈ ক’ভিডোত্তৰ  সময়চোৱাত নতুন প্ৰজন্মই কিতাপ পঢ়াৰ প্ৰতি আগ্ৰহ হেৰুৱাইছে। ইতিমধ‍্যে সচেতন মহলে এইক্ষেত্ৰত যথেষ্ট আলোচনা কৰিছে যদিও প্ৰভাৱশালী সমাধান এটা দিব পৰা নাই। গুৱাহাটী মহানগৰীৰ মাজমজিয়াত আয়োজিত দুই এক সম্ভ্ৰান্ত গ্ৰন্থমেলাক বাদ দি বাকী মফচলীয় অঞ্চলসমূহত আয়োজিত গ্ৰন্থমেলাত কিন্তু কিতাপৰ বিক্ৰী যথেষ্ট কম। অত‍্যধিক মোবাইল, চচিয়েল মিডিয়া আৰু প্ৰযুক্তিগত আসক্তিৰ ফলত নতুন চামে কিতাপ পঢ়াৰ প্ৰতি অনীহা দেখুওৱাটো কিন্তু আমাৰ উত্তৰোত্তৰৰ বাবে শুভ সংকেট নহয়। বিদ‍্যালয়সমূহে পাঠ‍্যক্ৰমৰ বাহিৰৰ কিতাপ পঢ়াটো বাধ‍্যতামূলক কৰা আৰু পঢ়া উপযোগী সামাজিক পৰিৱেশ এটা গঢ়ি তোলাটোৱেই হ’ব এইক্ষেত্ৰত ফলপ্ৰসূ ব‍্যৱস্থা। জেষ্ঠসকলেও ল’ৰা ছোৱালীবোৰক কিতাপ পঢ়াৰ প্ৰতি ঢাল খুৱাবলৈ যত্ন কৰা উচিত।

 

মৈত্ৰেয়ী শইকীয়া
স্নাতকোত্তৰ তৃতীয় সম্মাখিক

No comments:

Post a Comment

গ্ৰন্থমেলা আৰু কিছু চিন্তা

সম্প্ৰতি অসমত গ্ৰন্থমেলাৰ বতৰ। নৱেম্বৰ -ডিচেম্বৰৰ পৰা জানুৱাৰী মাহ মানলৈ অসমৰ বিভিন্ন প্ৰান্তত সৰু-বৰ গ্ৰন্থমেলাসমূহ আয়োজন কৰা হ‍য়। গ্ৰন্থ অ...