অসমৰ বৰপেটা জিলাত অৱস্থিত কাপলা বিল বৈচিত্ৰময় উদ্ভিদ আৰু প্ৰাণীজগতৰ সৈতে জড়িত এক উল্লেখযোগ্য প্ৰাকৃতিক সম্পদ। বিলবোৰ সাধাৰণতে বৰষুণৰ পানী, মাটিৰ স্বাভাৱিক খাদৰ কাৰণে সৃষ্টি হয় । কাপলা বিলো তেনেকুৱা প্ৰাকৃতিকভাৱে গঠনযুক্ত এটা জলসম্ভাৰ। বিলটো মূলত স্থানীয় পৰিৱেশ, জলজ জীৱ-বৈচিত্র্য আৰু গাঁওবাসীৰ দৈনন্দিন জীৱনৰ সৈতে গভীৰভাৱে জড়িত। প্ৰায় ৯১ হেক্টৰ ভূমি সামৰি লোৱা ই এটা বহু বৰ্ষজীৱী জলাশয় । জলজ উদ্ভিদ আৰু চৰাইকে ধৰি চহকী জৈৱ বৈচিত্ৰ্যৰ বাবে জনাজাত এটা জলাশয়। বিলখনৰ নামাকৰণৰ ক্ষেত্ৰত কেইবাটাও প্ৰবাদ আছে । তাৰে ভিতৰত মূল প্ৰবাদটো হ'ল :- প্ৰাচীন এটা সময়ত মাধৱদেৱে গৌমুৰা সত্ৰত বাস কৰিছিল । আৰু ইয়াত থাকোতে মাধৱদেৱৰ মাতৃৰ বিয়োগ হৈছিল। মাধৱদেৱে মাতৃৰ বিয়োগৰ খবৰটো বিলত নাওত থাকোতে পাইছিল আৰু খবৰটো পাই তেখেতে কপালত থপৰীয়াই থপৰীয়াই কান্দিচিল বাবেই বিলখনৰ নাম কাপলা বিল হ'ল বুলি প্ৰবাদ আছে । এই বিলখনৰ লগত সংলগ্ন আৰু দুখন বিল আছে :- শালমৰা বিল , বৰকণা বিল । কাপলা বিলে স্থানীয় অৰ্থনীতি আৰু পৰিবেশৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে । বছৰৰ বিভিন্ন ঋতুত কাপলা বিলৰ পানীৰ পৰিমাণ সলনি হয় । গ্ৰীষ্ম কালত ইয়াত পানীৰ পৰিমাণ উল্লেখযোগ্যভাৱে বৃদ্ধি পায়। আনহাতে শীতকালত পানী অলপ কমি যায় যদিও ই জলজ উদ্ভিদ আৰু মাছৰ বাবে উপযুক্ত বাসস্থান হিচাপে কাৰ্যকৰী হৈ থাকে ।
বৰপেটা জিলাৰ সৰ্থেবাৰী ৰাজহ চক্ৰৰ অন্তৰ্গত বনিয়াকুছি-হালধিবাৰীৰ দক্ষিণ দিশত অৱস্থিত বিলখনত বিৰল কাঐ, মাগুৰ, চিংগী, সোল, পুঠি, খলিহানা, বৰালি আদি কেইবাটাও প্ৰজাতিৰ থলুৱা মাছৰ বাসস্থান। সমগ্ৰ অসমৰ বজাৰত এই মাছৰ চাহিদা ভাল। আৰু এই মাছবোৰ ৰাজ্যৰ অন্যান্য ঠাইলৈ প্ৰেৰণ কৰা হয়। । জানিব পৰা মতে বিলখনত বিভিন্ন ঠাইৰ পৰা পৰিভ্ৰমী চৰাইৰ আগমন হয়। সাধাৰণতে এই পৰিভ্ৰমী চৰাইবোৰ শীত কালত অহা দেখা যায়। ৰাছিয়া, অষ্ট্ৰেলিয়া , উত্তৰ আমেৰিকা আদি বিভিন্ন ঠাইৰ পৰা আহি চৰাইবোৰ বিলখনত থাকে । ইয়াৰ ওপৰি স্থানীয় চৰাইবোৰেও এই বিলখনতে বাস কৰে । চৰাইবোৰ যেনে:- পানী কাউৰী, শৰালি হাঁহ, শামুকভঙা , বগলী, ডাউক, দেও ৰাজহাঁহ , ঘিলা হাঁহ, কাকলা হাঁহ, বাদামী মুৰীয়া হাঁহ, কণামুছৰি , বৰঠুটিয়া মাছৰোকা , কুটুম চৰাই আদি বিভিন্ন চৰাইয়ে বাস কৰে । কৃষি আৰু পিতল ধাতু উদ্যোগৰ পিছত কাপলা বিল এই অঞ্চলৰ অৰ্থনীতিৰ এক প্ৰধান কাৰক আছিল । অর্থনৈতিকভাৱে কাপলা বিল স্থানীয় মানুহৰ জীৱিকাৰ সৈতে জড়িত। বহু পৰিয়াল মাছধৰা, জলজ উদ্ভিদ সংগ্ৰহ, পশুৰ বাবে খাদ্য , আৰু কৃষিকাৰ্য্যৰ বাবে এই বিলৰ ওপৰত নিৰ্ভৰশীল । কিন্তু সময়ৰ লগে লগে এই বিল বিশেষ হ'ব ধৰিছে । অবিৰত বেদখল, পানীৰ সোঁত বন্ধ হৈ পৰা, বছৰ বছৰ ধৰি একেলগে মাছৰ মাৰাত্মক ৰোগ আৰু উন্নয়নৰ নামত হোৱা আড়ম্বৰপূৰ্ণ কাৰ্য্যকলাপে বিলৰ অস্তিত্বৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে। ইয়াৰ ওপৰি আক্ৰমণাত্মক অপতৃণৰ বৃদ্ধিৰ বাবে বিলৰ নিৰ্গমন স্থান বন্ধ হ'ব ধৰিছে, যিয়ে পানীৰ প্ৰবাহ আৰু পৰিৱেশ তন্ত্ৰৰ স্বাস্থ্যত প্ৰভাৱ পেলাইছে । এই পৰিস্থিতিয়ে দেখুৱাই যে কাপলা বিল সংৰক্ষণ কৰা এতিয়া অত্যাৱশ্যক । স্থানীয় লোকে অভিযোগ উত্থাপন কৰিছে যে চোৰাং চিকাৰীৰ বাবেও বিলৰ মাছবোৰ নিশেষ হব ধৰিছে ।
কাপলা বিলৰ পৰিৱেশ তন্ত্ৰৰ বহনক্ষমতা আৰু স্থানীয় জনসাধাৰণৰ জীৱিকা নিশ্চিত কৰিবলৈ হ'লে ইয়াৰ ফলপ্ৰসূ ব্যৱস্থাপনা অতি গুৰুত্বপূৰ্ণ। সংৰক্ষণমূলক ব্যৱস্থা যেনে - অবৈধ দখলদাৰী ৰোধ, মাছৰ প্ৰজনন সংৰক্ষণ, আৰু স্থানীয় লোকসকলক সচেতন কৰা লগতে অপতৃণ বৃদ্ধিৰ সমস্যাটো সমাধান কৰি পানীৰ প্ৰবাহ উন্নত কৰিলে বিলৰ স্বাস্থ্য পুনৰ ঘূৰাই অনাত সহায়ক হ’ব । পৰিৱেশগত অখণ্ডতা বজাই ৰাখি বিলখনক পৰ্যটন স্থলী হিচাপে গঢ়ি তুলিলে অঞ্চলটোৰ বাবে অৰ্থনৈতিক লাভৰ সৃষ্টি হ'ব ।কাপলা বিল কেৱল এটা জলাশয় নহয়, ই হৈছে পৰিৱেশ, জনজীৱন, অৰ্থনীতি আৰু সাংস্কৃতিক সম্পদৰ এক গুৰুত্বপূর্ণ অংশ। এইধৰণৰ বিল সংৰক্ষণ কৰিলে ভৱিষ্যৎ প্ৰজন্মও প্ৰাকৃতিক সৌন্দৰ্যৰ লগতে সম্পদৰ সুবিধা ল'ব পাৰিব।
কুইন নাথ
যোগাযোগ আৰু সাংবাদিকতা বিভাগ
গুৱাহাটী বিশ্ববিদ্যালয়

No comments:
Post a Comment