জুবিন গাৰ্গ আছিল মানুহৰ মানুহ। গড অৱ দ্য গড্চ। আকাশৰ বিৰহী শূন্যতা। যিদৰে শূন্যতা নহ’লে আকাশৰ অস্তিত্ব নাই, জুবিন নহলেও প্রাণ নাই প্রাগজ্যোতিষপুৰৰ। পুৰণি ধ্ৰপদী বেলাড এটা আছিল তেওঁ, যাৰ ছাঁত আঁউজি জীয়াই আছিল তেওঁৰ দেশৰ মানুহ। জুবিন গাৰ্গৰ কণ্ঠ, সংগীত, সাংস্কৃতিক দক্ষতাক বাদ দি আজি আমাৰ আলোচ্য বিষয় হৈছে তেওঁৰ আন এক স্বভাৱসুলভ গুণ- মানৱতাবোধ।
নিজৰ জীৱনৰ সমস্ত আর্জন জুবিন গাৰ্গে মানুহক হিতৰ কাৰণে মুক্ত মনে খৰচ কৰিছিল। সময়ে সময়ে তেখেতে নিজৰ আর্থিক দুৰাৱস্থালৈও কেৰেপ নকৰাকৈ সমাজৰ বিভিন্ন ব্যক্তিক অনুদান-সাহায্য দি সাঁচতীয়া ধনকেইটা খৰচ কৰাৰ কথা আমি সময়ে সময়ে বাতৰিত পঢ়ি আহিছোঁ। আজিৰ পৰা প্রায় দুই দশক পূর্বে, বানে বিধ্বংস করা অসমৰ কেইবাটাও অঞ্চলৰ কেইবাহাজাৰ লোকক সহায় কৰাৰ অর্থে হাতত দানপাত্ৰ লৈ গুৱাহাটী মহানগৰীৰ অলিয়ে গলিয়ে তেওঁ ঘূৰি ফুৰি বাতৰিৰ শিৰোনাম দখল কৰিছিল।কেৱল সেয়াই নহয়, পাচলৈও জুবিনদাই এই কাৰ্য অব্যাহত ৰাখি অসমবাসীৰ বিপদৰ সময়ত প্ৰতি মুহূৰ্তত থিয় দি আহিছিল। পাছলৈ তেওঁৰ সদিচ্ছা আৰু নেতৃত্বতেই স্থাপন হৈছিল কলাগুৰু আর্টিস্ট ফাউণ্ডেশ্যন। তেওঁৰ আদর্শপুৰুষ বিষ্ণুপ্রসাদ ৰাভাৰ স্মৃতিত অসমক শিল্পীসমাজক লগত লৈ স্থাপন কৰা এই অনুষ্ঠানৰ উদ্দেশ্য আছিল অসুখত ভোগা শিল্পী, বানত আক্রান্ত লোক আৰু দুখীয়া শিক্ষার্থী সকলক সহায় কৰা। বিভিন্ন সময়ত বিভিন্ন সামাজিক মাধ্যমত জুবিন গাৰ্গক ওচৰৰ পৰা পোৱা ব্যক্তিসকলে আলচ কৰা মতে, মৃত্যুপর্যন্ত জুবিন গাৰ্গে কাহিলীপাৰাৰ যিটো বাসগৃহত আছিল, ৰাতিপুৱাৰ পৰাই তাত সহায় বিচাৰি যোৱা লোকসকলৰ ভিৰ লাগিছিল আৰু মানৱতাৰ আমঠু ঈশ্বৰ জুবিনেও কাকো নিৰাশ নকৰাকৈ পাৰ্যমানে আর্থিক সহায় আগবঢ়াইছিল।কেতিয়াবা বৃহৎ আৰ্থিক সহায়ৰ প্ৰয়োজ হোৱা ব্যক্তিক নিজে নোৱাৰিলেও তেনে ব্যক্তিৰ বাবে সামাজিক মাধ্যমযোগে সহায় ভিক্ষা কৰি কেইবাটাও ফেচবুক পোষ্ট দিয়া আমাৰ মনত পৰে। দুৰ্ঘটনাগ্রস্থ লোক, দৰিদ্ৰলোকশিল্পী, মাউৰা শিশু, প্রাকৃতিক দুর্যোগ আৰু মানৱসৃষ্ট দুর্যোগত সর্বস্বান্তলোক, কূটাঘাত আৰু সংঘৰ্ষত ক্ষতিগ্ৰস্থ লোক, সংস্থাপনহীন ব্যক্তি-কোনোৱেই তেওঁৰ স্বতঃস্ফূৰ্ত সহায়-বৰঙণিৰ পৰা বাদ পৰি যোৱা নাছিল। শেহতীয়াকৈ, তেওঁ ঘনিষ্ঠ ৰাহুল গৌতম শৰ্মাই এক অনুষ্ঠান এগৰাকী কাজলী নামৰ মাওঁৰা ছোৱালীক ৰাইজৰ আগত চিনাকী কৰাই দি কথা প্ৰসংগত কৈছিল যে তাই জুবিন গাৰ্গৰ তোলনীয়া জীয়ৰী, যাৰ মাক দেউতাক ঢুকোৱাৰ পাছত তাইৰ সমস্ত দায়িত্ব জুবিনে নিজেই লৈছিল। এই কথাবোৰেই তেওঁৰ মহানুভৱতাৰ পৰিচয় দিয়ে।
মন কৰিবলগীয়া এয়াই যে, তেওঁৰ এই সহায়ৰ হাত জাতি-ধর্ম, ভাষা-লিংগ নির্বিশেষে সমাজৰ প্রত্যেক প্রয়োজনীয় ব্যক্তিৰ কাৰণে আছিল। উল্লেখনীয় ভাৱে, তেওঁৰ এই মানৱতাবোধ, এই আপুৰুগীয়া ঐশ্বৰিক গুণটো কেৱল মানুহৰ মাজতেই সীমাবদ্ধ নাছিল। জুবিন গাৰ্গ পশু প্ৰেমৰ বাবেও যথেষ্ট যথেষ্ট চৰ্চা লাভ কৰিছিল। কাজিৰঙাৰ গঁড়ক নিজহাতে গাখীৰ খুওৱাৰ পৰা বগলী, কুকুৰ, কাছ, সাপ, মেকুৰী আদি সকলো জীৱকে তেওঁ নিজৰ বুকুৰ কলিজাটোৰ দৰেই মৰম কৰিছিল। বিভিন্ন জীৱ জন্তুৰ সৈতে তেওঁৰ বিনন্দীয়া সম্পর্কক বিষয়ে আমি মনোগ্ৰাহী আলোচনা সামাজিক মাধ্যমত দেখি আহিছোঁ। খোলা মন এটাৰ অধিকাৰী হোবাৰ বাবেই বহুসময়ত তেওঁ বহু শিল্পী, বহু চিনেমা, বহু অনুষ্ঠানৰ বাবে কোনো মাননি নোলোৱাকৈ গীত গাইছিল। অসমৰ কেইবা গৰাকীও লোকসংগীতৰ সাধকক তেওঁ মুক্তমনে সহায় কৰিছিল। বহু ল’ৰা ছোৱালীৰ শিক্ষাৰ দায়িত্ব লৈছিল। লিখি-কৈ শেষ কৰিব নোৱাৰা বহু মানুহপ বাবে বহুধৰণে ভগৱানৰ মানৱৰূপী অৱতাৰ হৈ সহায় কৰি অহা এক জ্যোতিস্মান ব্যক্তিত্বৰ নাম আছিল জুবিন গাৰ্গ।
যদি তেখেতৰ গানৰ ভাষাকো আমি বিচাৰ্য বিষয় হিচাপে আলোচনা কৰোঁ, তেন্তে দেখা পাম যে বহুকেইটা গীতৰ মাধ্যমৰে তেওঁ শোষণ-অন্যায়ৰ বলি হোৱা বহু মানুহৰ কাৰণে তেওঁ সহানুভূতি প্ৰকাশ কৰিছে। ৰাজনীতিৰ চল-চাতুৰি, হত্যা-হিংসা-লুণ্ঠন আদিৰে ভাৰাক্ৰান্ত পৃথিৱীখনৰ পৰা আঁতৰি তেওঁ মানুহক সমন্বয় আৰু প্ৰজ্ঞাৰ বাণীৰে আগুৱাবলৈ আহ্বান কৰিছে। গুৰুত্বপুৰ্ণ এয়াই যে ভেদাভেদৰ নিয়তি জাল আঁতৰাই একতাৰ মহামন্ত্ৰৰে মানুহৰ পৃথিৱীখন গঢ় দিয়াৰ বাবে তেওঁ যিদৰে অহোপুৰুষাৰ্থ সপোন দেখিছিল, সেই বাবেই আজি তেওঁৰ সৎকাৰ স্থাপন কৰা ঠাইডোখৰ ‘সমন্বয় ক্ষেত্ৰ’লৈ পৰ্যবেশিত হৈছে।
আজিষ তাৰিখত স্বার্থহীনভাৱে সহায় কৰাটো বিৰল। তাতোকৈ বিৰল সামাজিক প্রশংসা বুটলিবলৈ কেমেৰাৰ আগত মানুহক সহায় কৰাটো। আৰু সেইখিনিতেই জুবিন গাৰ্গ অইনৰ পৰা পৃথক। আমৃত্যু কোনো প্ৰচাৰ অথবা প্ৰশংসাৰ আশা নকৰাকৈয়ে তেওঁ মানুহৰ বাবে সেৱা আগবঢ়াইছিল। সেই কাৰণেই তেওঁ চিৰউপাস্য আদর্শ পুৰুষ।
মানুহৰ মানুহ জুবিন গার্গ ভালে থাকক।
কুশলে থাকক জুবিন দেশৰ মানুহ।
বিতোপন ৰাজবংশী
স্নাতকোত্তৰ তৃতীয় ষাণ্মাসিক
যোগাযোগ আৰু সাংবাদিকতা বিভাগ
গুৱাহাটী বিশ্ববিদ্যালয়
No comments:
Post a Comment