শিৱসাগৰ চহৰৰ পৰা মাত্ৰ প্ৰায় পাঁচ কিলোমিটাৰ দূৰৈত, ঐতিহাসিক জেৰেঙা পথাৰৰ মাজত আছে এছিয়াৰ প্ৰথম প্ৰাকৃতিক চিৰিয়াখানা হিচাপে পৰিচিত পহুগড় ।
১৬৯৬ চনৰ পৰা ১৭১৪ চনলৈ ৰাজত্ব কৰা আহোম স্বৰ্গদেউ ৰুদ্ৰ সিংহৰ শাসনকালত পহুগড় নিৰ্মাণ কৰা হৈছিল।
এইখন প্ৰাকৃতিক চিৰিয়াখানা সৃষ্টি কৰা হৈছিল বন্যপ্ৰাণীৰ নিজ প্ৰাকৃতিক পৰিবেশত মুক্ত বসবাসৰ বাবে। প্ৰায় ১১০ একৰ মাটিত বিস্তৃত এই অঞ্চলটো খাৱৈ আৰু মাটিৰ গড়েৰে নিৰ্মান কৰা হৈছিল। গঁড়, হাতী, হৰিণ, বাঘৰ দৰে বণ্যপ্ৰাণীয়ে এসময়ত ইয়াত পিঞ্জৰাবিহীনভাৱে বাস কৰিছিল।
সময়ৰ গতিত পহুগড়ৰ পৰা বন্যপ্ৰাণীবোৰ লুপ্ত হৈ পৰিল আৰু ঠাইখন লাহে লাহে জলাশয় এলেকালৈ পৰিৱৰ্তিত হৈছে। বৰ্তমানে পৰিভ্ৰমী চৰাইৰ বাবে এই ঠাইখন সুপৰিচিত। শীতকালত সুদূৰ অঞ্চলৰ পৰা হাজাৰ হাজাৰ পৰিভ্ৰমী চৰাই পহুগড়লৈ আহে, ফলত প্ৰকৃতিপ্ৰেমীৰ বাবে ই এক প্ৰিয় ঠাই হৈ পৰিছে। শীতকালত পৰিভ্ৰমী চৰাইৰ আগমনে ঠাইখনক জীৱন্ত আৰু সুন্দৰ কৰি তোলে। বহু দৰ্শকে শিৱসাগৰ আৰু ইয়াৰ আশে-পাশে থকা অন্যান্য ঐতিহাসিক স্থানসমূহৰ লগতে ভ্ৰমণ পৰিকল্পনাত পহুগড়কো অন্তৰ্ভুক্ত কৰে।
কিন্তু পহুগড়ৰ ঐতিহাসিক আৰু পৰিৱেশগত মূল্য এতিয়া ভাবুকিৰ সন্মুখীন হৈছে। বেদখল, উপযুক্ত যত্নৰ অভাৱ, অৱহেলাৰ দৰে সমস্যা আদিৰ পৰা পহুগড়ক মুক্ত কৰি ইয়াৰ সুৰক্ষা, সংৰক্ষণ, আৰু পুনৰুজ্জীৱনৰ বাবে পদক্ষেপ ল’বলৈ স্থানীয় লোক আৰু গোটসমূহে চৰকাৰক আহ্বান জনাইছে।
অসমৰ ইতিহাসত পহুগড় লোহাৰ দণ্ডৰ আঁৰৰ চিৰিয়াখানা হিচাপে নহয়, এসময়ত জীৱ-জন্তুক মুক্তভাৱে জীয়াই থাকিবলৈ দিয়া ঠাই হিচাপে আজিও থিয় দি আছে আৰু সেই সুন্দৰ দৃষ্টিভংগীক নীৰৱ সোঁৱৰণী জনাই আহিছে।
-দেৱদৰ্শনা দেউৰী
যোগাযোগ আৰু সাংবাদিকতা বিভাগ
গুৱাহাটী বিশ্ববিদ্যালয়

No comments:
Post a Comment