Saturday, 20 December 2025

প্ৰকৃতিপ্ৰেমী জুবিন গাৰ্গ

"মোৰ উদং পথাৰত তোৰ বৰ উৎপাত 

মই গছৰ সন্তান 

মই পাহাৰৰ সন্তান 

মই নদীৰ সন্তান 

মই চুই দিলেই জ্বলি যায় এবুকু বহ্নিমান।" - জুবিন গাৰ্গ

 

গীত- কবিতাৰ মাজেৰে  শব্দৰে প্ৰকৃতিৰ কথা কোৱা  জুবিন গাৰ্গে বাস্তৱ জীৱনত ,সঁচা অৰ্থত প্ৰকৃতিৰ সৈতে এটা নিবিড় সম্পৰ্ক  গঢ়ি তুলিছিল ।

জুবিন গাৰ্গে অদ্বিতীয় আৰু স্বকীয় প্ৰতিভাৰে ৫২ বছৰীয়া জীৱন কালত অসমৰ সংগীত -সংস্কৃতিৰ ক্ষেত্ৰ খন সমৃদ্ধ কৰি তুলিলে। তাৰ মাজতো তেওঁৰ এটা সুকীয়া পৰিচয় আছে, সেইয়া হৈছে তেঁও এজন প্ৰকৃতি প্ৰেমিও। সৰুৰে পৰা জুবিন গাৰ্গে জীৱ - জন্তু, গছ - গছনি, চৰাই - চিৰিকটি আদিৰ সৈতে অন্তৰংগতা স্থাপন কৰি সিবিলাকৰ সহজ - সৰল জীৱনৰ পৰা জীৱন- উৎযাপনৰ নতুন নতুন পাঠ আহৰণ কৰি ভাল পাইছিল ।

শৈশৱতে জুবিন গাৰ্গে নানা জীৱ - জন্তু, চৰাই - চিৰিকটিৰ সৈতে আত্মীয়তা গঢ়ি তুলিছিল।কাকো আমনি নকৰাকৈয়ে সুখী আৰু শান্ত জীৱন অতিবাহিত কৰা জীৱ - জন্তুবোৰ, সেউজীয়া সুষমাৰে সমৃদ্ধ নিৰ্বাক আৰু উদাৰ গছবোৰ, ৰঙীন সুকোমল ফুলবোৰ নানা প্ৰকাৰে জুবিন গাৰ্গৰ জীৱনৰ সমল।

জীৱ - জন্তুৰ প্ৰতি থকা তেওঁৰ সহানুভূতি তেওঁৰ জীৱন কালত আমি সকলোৱে দেখিছোঁ। ৰাস্তাত কেতিয়াবা কুকুৰৰ পোৱালী দেখিলে ঘৰলৈ লৈ আনে, জীৱ - জন্তুক খোৱাৰ যোগান ধৰে, চিকিৎসা কৰে। জীৱ - জন্তুবোৰেও হয়টো কেনেবাকৈ বুজি পায়। জুবিন গাৰ্গক কৰবাত দেখিলেই আলিয়ে - গলিয়ে থকা জীৱ - জন্তু কাষ চাপি আহে। কেতিয়াবা আকৌ ক'ৰ'বাৰ পৰা চৰাই উৰি আহি জুবিনৰ গাতে পৰেহি।জীৱনকালত তেওঁ জীৱ - জন্তু হত্যা কৰা তথা প্ৰকৃতি ধ্বংস কৰাৰ তীব্ৰ বিৰোধিতা কৰিছিল ।

মানুহৰ প্ৰতি, জীৱ - জন্তুৰ প্ৰতি তেওঁ যিমান সহানুভূতিশীল আছিল গছ- গছনিৰ প্ৰতিও সিমানেই দৰদী আছিল। তেওঁ নিজৰ ঘৰখন গছ - গছনিৰে ভৰাই ৰাখিছিল । সেউজীয় পৰিৱেশ তেওঁ সদায় ভাল পাইছিল । নাহৰ গছৰ প্ৰতি থকা তেওঁৰ  ভালপোৱা প্ৰকৃতিপ্ৰেমী হিচাপে তেঁওৰ এটি পৰিচায়ক ।

 প্ৰকৃতিপ্ৰেমী জুবিনৰ গীত সাহিত্যতো প্ৰকৃতিৰ সৌন্দৰ্য সুষমা,সুপৰিলক্ষিত। অসমৰ মাটি, পানী , বৈচিত্ৰ্যপূৰ্ণ প্ৰাকৃতিক পৰিৱেশৰ সুন্দৰ উপস্থাপনে তেওঁ গীতক এক সুকীয়া মাত্ৰা প্ৰদান কৰিছে। তেওঁ বহুকেইটা গীতৰ মাজেৰে লুইত তথা ব্ৰহ্মপুত্ৰ নদীৰ কথা সুন্দৰকৈ বৰ্ণনা কৰিছে, ব্ৰহ্মপুত্ৰক প্ৰতীক হিচাপে ব্যৱহাৰ কৰিছে । ই, অসমৰ প্ৰাকৃতিক জগতৰ প্ৰতি থকা তেওঁৰ ভাল পোৱাৰ উজ্জ্বল নিদৰ্শন।

বহু সময়ত তেওঁৰ গীতত প্ৰাকৃতিক চিত্ৰকল্প তথা প্ৰকৃতিৰ ৰূপকাত্মক উপস্থাপন প্ৰস্ফুতিত হৈছে। যেনে- ধুমুহাৰ দৰে শক্তিশালী, গছৰ দৰে সেউজীয়া আৰু সহনশীল, নদীৰ দৰে উদাৰ আৰু আকাশৰ দৰে মুক্ত চিন্তা কৰাৰ কথা কৈছে।

 তাৰোপৰি বিভিন্ন সময়ত তেওঁ নিৰ্বনানীকৰণ তথা গছ কটা কাৰ্য আৰু প্ৰকৃতি ধ্বংসৰ বিভিন্ন কাৰ্যৰ বিৰুদ্ধে এক শক্তিশালী কন্ঠ হিচাপে ঠিয় দি আছিল। প্ৰকৃতিৰ সৈতে মানুহৰ সম্পৰ্ক বিচ্ছিন্ন হ'লে সমাজৰো অন্ধকাৰ হ'ব - এই কথা তেওঁৰ শিল্প কৰ্মত বাৰে বাৰে প্ৰতিফলিত হৈছে।


Source: https://mahabahu.com

এতিয়া প্ৰশ্ন হৈছে জুবিন গাৰ্গৰ অৱৰ্তমানত তেওঁৰ আদৰ্শ আমি কিমান দূৰলৈ অনুকৰণ কৰিব পাৰিম।এটাই বাৰ্তা আগবঢ়াব বিচাৰিম যে কেৱল আমি  জুবিন গাৰ্গৰ সংগীত চৰ্চা কৰিলেই নহ'ব , তাৰ সমান্তৰালকৈ সমাজ বাদী, মানৱতাবাদী আৰু প্ৰকৃতি প্ৰেমী জুবিন গাৰ্গৰ পদাংক অনুসৰণ  কৰি আগবঢ়াটো সমিচিন হ'ব। জুবিন গাৰ্গে কোৱাৰ দৰেই প্ৰকৃতি জগত আৰু মানৱ জাতিৰ পাৰস্পৰিক সম্বন্ধ উপলদ্ধি কৰি এটি সুস্থ বাতাবৰণ গঢ়ি তোলাৰ প্ৰতি মনোনিবেশ  কৰিব লাগে । জীৱন কালত প্ৰকৃতিপ্ৰেমী হিচাপে তেঁও এষাৰ মহান বাণী সদায় অনুসৰণ কৰিছিল, সেইষাৰ বাণীৰে আমিও উদ্বুদ্ধ হোৱা উচিত- think twice before you kill an animal , think twice before you catch a butterfly , think twice before you cut tree , because it may be the last species of the world .

............

শোভিতকমল বৰা

স্নাতকোত্তৰ প্ৰথম ষান্মাসিক

No comments:

Post a Comment

পহুগড়: এখন প্ৰাকৃতিক চিৰিয়াখানা

শিৱসাগৰ চহৰৰ পৰা মাত্ৰ প্ৰায় পাঁচ কিলোমিটাৰ দূৰৈত, ঐতিহাসিক জেৰেঙা পথাৰৰ মাজত আছে এছিয়াৰ প্ৰথম প্ৰাকৃতিক চিৰিয়াখানা হিচাপে পৰিচিত পহুগড় ...