Thursday, 4 December 2025

চাহ জনগোষ্ঠী আৰু কৰম পূজা


এটা জাতি যিয়ে আমাক অৰ্থনৈতিক দিশৰ লগতে সাংস্কৃতিক দিশত আগ ধৰি আহিছে । সেই চাহ জনগোষ্ঠীৰ এক পৰম্পৰাগত তথা জনপ্ৰিয় উৎসৱ-কৰম পূজা ইতিমধ্যেই আমি সকলোৱেই পৰিচিত। এই পূজা সমগ্ৰ ভাৰতবৰ্ষত বিভিন্ন অঞ্চলত ভিন্ন নামেৰে উদযাপন কৰা হয়, তাৰে ভিতৰত কেইখনমান হ'ল-বিহাৰ, ঝাৰখণ্ড, উৰিষ্যা, চত্তিশগড়, পশ্চিম বংগ, বাংলাদেশ। 

আমি সকলোৱেই অবগত যে "কৰম পূজা" মুখ্যতঃ কৃষিভিত্তিক পূজা  ইয়াৰ লগত চাহ জনগোষ্ঠীৰ লোক-বিশ্বাস -"কৰ্মই ধৰ্ম" জড়িত হৈ আছে। এই লোক-বিশাসৰ এক উল্লেখযোগ্য উদাহৰণ হিচাপে আমি উক্ত জনগোষ্ঠীটোৰ কথা আঁওৰাব পাৰো, কিয়নো এই জনগোষ্ঠীটোক যিদৰে বিভিন্ন অঞ্চলৰ পৰা বনোৱা হিচাপে অসমলৈ অনা হৈছিল সেই দিনাৰে পৰা এওঁলোকে নিঃস্বার্থ ভাৱে নিজৰ কৰ্তব্য পালন কৰি আহিছে। কৰম পূজাৰ আন এক বিশেষত্ব হৈছে- ই নাৰীকেন্দ্ৰিক  উৎসৱ । 

PC: Priya Orang

অসমত এই পূজা বছৰত তিনিবাৰ অৰ্থাৎ ভাদ মাহত "ৰাজ কৰম", আহিন মাহত "বুড়ী কৰম" আৰু  আঘোণ মাহত "জিতিয়া কৰম"  হিচাপে পালন কৰা হয়। ঠাই ভেদে এই পূজা তিনিদিন, পাচঁ দিন আৰু সাত দিন কৈ আয়োজন কৰা হয়, এই তিনিয়োটা পূজাৰ ভিতৰত "ৰাজ কৰম"  অন্যতম , এই পূজা অসমীয়া পবিত্ৰ ভাদ মাহৰ শুক্লা-একাদশী তিথিত উদযাপন কৰা হয়। ইতিমধ্যেই আমি অৱগত হ'লো ই নাৰীকেন্দ্ৰিক উৎসৱ গতিকে পুজাৰ প্ৰথম দিনৰে পৰা কুমাৰী ছোৱালীৰ (কৰমতী) দ্বাৰা বাহঁৰ পাচিত ওচৰৰ নৈ বা পুখুৰীৰ পাৰৰ পৰা বালি লৈ সেই বালিৰে ভৰা পাচিত বিভিন্ন প্ৰকাৰৰ মাহ জাতীয় শষ্য যেনে- বুট মাহ, মগু মাহ, মাটি মাহ, ধান, বজৰা , সৰিয়হ আদি শষ্য সিচাঁ দিয়া হয়। নিৰ্দিষ্ট দিনলৈ এই শষ্যই গজালি মেলে এই অৱস্থাটোক "জাৱা" বোলা হয়।



 পূজাৰ সেই উক্ত দিনকেইটাত যিহেতুকে কুমাৰী ছোৱালী (কৰমতী)সকলে গোটেই পুজাখন চলাই সেই গতিকে অতি নিয়ম নীতিৰ মাজেৰে তেওঁলোকে পুজাৰ কৰনীয় কাম সমুহ কৰিব লগা হয়, পূজাৰ প্ৰথম দিনৰ পৰা আৰম্ভ কৰি শেষটো দিনলৈ কুমাৰী ছোৱালী (কৰমতী) সকলে নদীত গা ধুৱে ,উপবাসে, খালি ভৰিৰে তথা চুলি মেলি থাকি তেওঁলোকে নিজৰ নিজৰ গজালি মেলা শষ্য (জাৱা) ৰ পতিপালন কৰে । এই গোটেই পুজাৰ প্ৰক্ৰিয়াটো সুকলমে সম্পন্ন হবলৈ গাঁৱৰ বয়োজেষ্ঠ মহিলা (কৰমতী মাই)এগৰাকীক নেতৃত্ব বহন কৰিব দিয়া হয়। এই পূজাখন সকলোৱেই অতি ওলহ- মালহৰে উদযাপন কৰে , সন্ধিয়া ডেকাসবে ঢোল , তাল, মাদল, বাহীৰ চেওৱে চেওৱে ঝুমুৰ গীত গাই আৰু গাভৰুৱে সেই গীতৰ তালে তালে ঝুমুৰ নৃত্য কৰে , এই নৃত্যগীতৰ মাজেৰে ডেকা-গাভৰুৰ মনত প্ৰেম ভাৱ প্ৰকাশ পাই লগতে গাঁৱৰ বয়োজ্যেষ্ঠ লোক এজনে উৰে নিশা সকলোৰে আৰাধ্য দেৱতা কৰম দেৱতা (কৰ্মৰ দেৱতা)ৰ  মাহাত্ম্য তথা গুনানুকীৰ্তন ৰাইজক কাহিনী  ৰূপে বিভিন্ন অংগী-ভংগীৰে প্ৰদৰ্শন কৰে। 



এই পূজাৰ দ্বাৰা  শষ্যৰ উবৰ্ৰতা শক্তি বৃদ্ধিৰ লগতে সমাজৰ উৎকৰ্ষ সাধনৰ কামনা কৰা হয়। যিটো জাতিয়ে সম্পত্তি বুলিবলৈ কেৱল মাত্ৰ নিজৰ সংস্কৃতি বুকুত বান্ধি অসমলৈ আহিছিল সেই সংস্কৃতিয়ে আজি বিশ্ব দৰবাৰত নিজকে এক উল্লেখযোগ্য স্থান লাভ কৰিব লৈ সক্ষম হৈছে।


------------------x-------------------

 নাম - পূৰবী কোঁৱৰ, গুৱাহাটী বিশ্ববিদ্যালয়

যোগাযোগ আৰু সাংবাদিকতা বিভাগ

No comments:

Post a Comment

ছাত্ৰ ৰাজনীতিত ব্যক্তিত্বৰ প্ৰমূল্যবোধ

  ছাত্ৰ ৰাজনীতি এক বিশেষ সুঁতি, যি ভৱিষ্যতে মিলিত হয় ৰাজনীতিৰ বিশাল সাগৰত তেনে ক্ষেত্ৰত এই সুঁতিত ভালদৰে সাঁতুৰিব শিকিলেহে অশান্ত সাগৰৰ ঢৌৰ...