Tuesday 30 March 2021

Are Introverts Antisocial?

There has always been a debate whether Introverts and Antisocial people can be the same set of people. Understanding Behavioural Communication, though Introverism can be a prevailing characteristic of Antisocial personalities, an introvert is not an Antisocial being in the simplest words. The puzzlet arises as people having similar traits often react differently in isolation. But if we look deep into their behavioural patterns, we see the difference in their perceptions. Antisocials overall do not like people in all senses and show hatred towards being associated with others simultaneously. They might tend to avoid social interactions, stay put in with themselves due to social anxiety and completely unwilling to communicate with the society; while also can be outgoing and good at conversing with people but being deceitful, aggressive and showing very less concern towards others. Often seen as rebels also sometimes with criminal behaviour, Antisocial personality has been referred as a personality disorder in communicative behaviour. On the other hand, introverts simply enjoy their 'me' time and prefer it as so in tranquility unless there is a need to move out. They prefer small groups of people with quality communication rather than quantity. That being said, introverts are comparatively fine interacting with people outside for a specific period of time depending on their deep conversational needs along with socializing energy level, as they drain energy from socializing and often require solitude to recharge themselves up inorder to function their thoughts properly. Though both Antisocials and Introverts are reserved and cope up with their needs to be with oneself in similar ways of withdrawing themselves from society, their outlook towards people and the need for communication contrasts. Recognising myself as an introvert for years now, it has been a tricky journey in a society where many people around never stop talking 'the small talk'. I realize my personality craving for deep meaningful conversations inorder to communicate efficiently on personal level. But with the lack of urge to understand and accept the existence of different communication-based personality traits among different individuals in the society, the struggle of being misinterpreted continues. Very often the meaning of both Introverism and Antisocial are used equivalently by most people. Though they have an identical aspect somewhere, it is important to understand that they have very different significance. Sanyukta Senapati 1st Semester Department of Communication and Journalism

সৌন্দর্যৰ লগত শাৰীৰিক ৰঙৰ তুলনা কিমান নেতিবাচক?

আমি এনে এখন সমাজত বসবাস কৰি আছো য'ত সুন্দৰ বুলি ক'লে বগা ৰঙৰ লোকক প্রাধান্য দিয়া হয়। কিন্তু শাৰীৰিক ৰঙ ক'লা হ'লে বিশেষ ভাবে নাৰীক সুন্দৰ হয়নে ? সৌন্দর্যৰ লগত শৰীৰৰ ৰঙৰ সম্পর্ক কি?
হয়, মই শ্যামবৰণীয়া সেইবুলি কি মই সৌন্দর্যৰ সীমাৰেখাৰ ভিতৰত নপৰোনে? মই সৰুৰে পৰা এই ৰঙৰ বাবে বহু সময়ত তাচ্ছিল্যৰ স্বীকাৰ হৈছো। সৰুৰ এটা কথাই শুনি ডাঙৰ -দীঘল হৈছো যে "মই শ্যামবৰণীয়া, মোক কোনে বিয়া কৰাব! " মোৰ মেয়ের মোক লৈ বহুবাৰ সমালোচনা স্বীকাৰ হৈছে । ঘৰত আত্মীয়স্বজন আহিলে কিছুয়ে প্ৰায়ে এই মন্তব্য কৰে যে, "আপোনাৰ ছোৱালীজনীয়ে শাৰীৰিক ৰঙ পোৱা নাই , আপোনাৰ ল'ৰাচোন দেখাত বগা কিন্তু ছোৱালীজনী কিয় শ্যামবৰণীয়া হ'ল বাৰু? এইবোৰ শুনি মাই বৰ কষ্ট পাইছিল। কেতিয়াবাতো এই প্রশ্নৰ উত্তৰত কৈ দিছিল যে, " চাওক মোৰ ছোৱালী বগা বা ক'লা এইটো চোৱাৰ দৰকাৰ নাই মোৰ বাবে তাই অমূল্য ৰতন, সেইশুনি বৰ আনন্দ পাই ছিলো। ডিগ্রী পাছা কৰি গুৱাহাটী বিশ্ববিদ্যালয়ত যোগাযোগ তথা সাংবাদিকতা বিভাগত পাঠদান কৰি থকাৰ সত্ত্বেও মোৰ বিদ্যাৰ তাচ্ছিল্য কৰি এতিয়াও এচাম লোকে দৈহিক ৰঙকলৈ সমালোচনা কৰে। তেওঁলোকে মোৰ দৈহিক গঠন লৈ সমালোচনা কৰাৰ অধিকাৰ পায় ক'ত? এই একৈশ শতিকাত বাস কৰিও এনেধৰণৰ মনোভাৱ পুহি ৰখাটো স কিমান যুক্তিসংগত? আজিৰ দিনত কৃষ্ণাংগ লোকেও "Miss Universe " খিতাপ পাবলৈ সক্ষম হৈছে। তথাপিও আমাৰ দক্ষিণ এছিয়াৰ লোকে আদিম কালৰ দৰে চিন্তাধাৰাৰ অধীনস্থ হৈ আছে। এয়া উচিত নে? শাশ্বতী বনিক যোগাযোগ আৰু সাংবাদিকতা বিভাগ , গুৱাহাটী বিশ্ববিদ্যালয় ।

ঘৰুৱা কন্দল: সন্তানৰ ওপৰত ইয়াৰ প্ৰভাৱ

সন্তানক গড় দিয়া মানুহবোৰেই হৈছে পিতৃ আৰু মাতৃ। যি পৰিয়ালত পিতৃ - মাতৃৰ মাজত মিলা- প্ৰীতি নাথাকে, সেই পৰিয়ালৰ লৰা - ছোৱালী মানসিক ভাৱে বহু পৰিমাণে দূৰ্বল হৈ পৰে। ঘৰুৱা কন্দলে শিশুৰ বৌদ্ধিক বিকাশ, শাৰীৰিক, মানসিকভাৱে কোঙা কৰি পেলায়।
যি পৰিয়ালত মা- দেউতাৰ লগত মিলা - প্ৰীতি নাথাকে সেই পৰিয়ালৰ সন্তানবোৰ হিংশ্ৰ নহলে মানসিক ৰোগত ভুগি থাকে। কোনো লৰা - ছোৱালীয়ে এটা বস্তু সহ্য কৰিব নোৱাৰে সেয়া হৈছে পিতৃ - মাতৃৰ উপৰত অত্যাচাৰ। সমাজত আজিও দেখা যায় মদ্য পান কৰি আহি ঘৈনিয়েকৰ ওপৰত অত্যাচাৰ কৰা দৃশ্য। আৰু ঘৈনিয়েকে সেয়া সদায় মানি নিব লগীয়া হয়, নিজৰ মান - সন্মানৰ ভয়ত, এই অত্যাচাৰ বিলাক সহ্য কৰি লয়। যাৰ সন্তান আছে তেখেত সকলে সহ্য কৰে সন্তানৰ ভবিষ্যতৰ কথা ভাবি। আৰু যেতিয়া সন্তানে এইবোৰ নিজ চকুৰে দেখে তেতিয়া সেইজন পিতৃৰ প্ৰতি বহু পৰিমাণে শ্ৰদ্ধা কমি যায়। সন্তানে সদায় নিজৰ পিতৃ আৰু মাতৃক অনুকৰণ কৰে। তেওঁলোকে দেখুওৱা ৰাস্তাত যোৱাত কৈ তেওঁলোকে যিটো ৰাস্তাত যায়, সেইটো বাটেৰে খোজ দিয়ে। উপদেশ মানে কিন্তু আৰ্হিটোহে মনত বেছিকৈ থাকে। শিশুৰ প্ৰথম আৰু প্ৰধান শিক্ষক মা হয় লগতে পিতৃ ও অন্যতম হয়। যিখন ঘৰত লৰা - ছোৱালী জন্ম লৈয়ে অলপ বুজিব পৰা হোৱাৰ পৰা নিজৰ মাকক - দেউতাকৰ দ্বাৰা অত্যাচাৰ হোৱা দেখিব, সেইজন বা সেইজনী লৰা বা ছোৱালীৰ ওপৰত কি প্ৰভাৱ পৰিব?? একেবাৰে মানসিক ভাৱে ভাগি পৰাৰ বাবে নিজক পৃথিৱীৰ সকলোৰে পৰা অকশৰীয়াকৈ ৰাখে। সম্পৰ্কত বিশ্বাসী নহয়। পিতৃ - মাতৃয়েও নিজৰ সন্তানৰ বাবে, ভাল মানুহ হিচাপে গঢ় দিবলৈ , আগতে নিজৰ মাজৰ কন্দল আঁতৰাব লাগে। আৰু ইয়াতকৈ ডাঙৰ উপহাৰ সন্তানৰ বাবে বেলেগ একো হব নোৱাৰে। সন্তানে তেতিয়াই সকলোতকৈ বেছি সুখী হয় যেতিয়া পৰিয়ালত হাই- কাজিয়া নাথাকে, যেতিয়া নিজ ঘৰখনত শান্তি থাকে। জীৱনত অহা বহুত ডাঙৰ সমস্যাবোৰ সমাধান কৰা যায়, কিন্তু যিখন ঘৰত এনেকুৱা সমস্যা থাকে সেই ঘৰৰ সন্তান কেতিয়াও সুখী হব নোৱাৰে। ৰেহেনা পাৰবীন যোগাযোগ আৰু সাংবাদিকতা বিভাগ, গুৱাহাটী বিশ্ববিদ্যালয়।

নাৰীকেন্দ্ৰিক দৃষ্টিৰে 'কথানদী'

'কথানদী' অসমৰ প্ৰাচীন লোক-সাহিত্যৰ সাধুকথাক মূল সমলহিচাপে লৈ নিৰ্মিত অসমীয়া চলচ্চিত্ৰৰ এখন অগতানুগতিক ছবি | ছবিখনৰ মূখ্য চৰিত্ৰবোৰ নাৰীকেন্দ্ৰিক | 'কথানদী'ত মুঠতে চাৰিটা সাধুৰ সমাহাৰ দেখা যায় | সাধুকেইটা লক্ষ্মীনাথ বেজবৰুৱাই সংকলন কৰা 'বুঢ়ী আইৰ সাধু'ৰ অন্তৰ্গত তেজীমলা, ঔ-কুঁৱৰী, চম্পাৱতী আৰু তাৱৈৱেকৰ সাধু | ছবিখনত পৰিচালক ভাস্কৰ বৰুৱাই এই চাৰিওটা কাহিনীৰ মাজত আন্তঃসম্পৰ্ক দেখুৱাই চিত্ৰায়ন কৰিছে | এইক্ষেত্ৰত নিশ্চিতভাৱে অসমীয়া দৰ্শকক আচ্ছন্ন কৰিবলৈ সক্ষম হৈছে বুলি ক'লেও ভুল কোৱা নহ'ব |
'কথানদী'ত নাৰী সমাজৰ ঈৰ্ষা, আক্ৰোশ, মমতা, কপটতা, লালসা, ব্যৰ্থতা, বিষাদ, ত্যাগ আদি দিশবোৰ প্ৰতিফলিত হৈছে | ছবিখনত তেজীমলাৰ কষ্টসহিষ্ণুতাৰ উপস্থাপন সুন্দৰকৈ প্ৰকাশ পাইছে | ইয়াৰ বিপৰীতে মাহীমাকৰ চৰিত্ৰটিৰ কপটতা স্বভাৱ আৰু বন্য আচৰণে দৰ্শকৰ মনত বিশেষভাৱে ক্ৰিয়া কৰিবলৈ সক্ষম হৈছে | আনপিনে মাতৃত্বৰ বিভিন্ন দিশ চিত্ৰিত হৈছে ছবিখনত | 'তাৱৈৱেকৰ সাধু'ৰ আলমত ছবিখনৰ প্ৰথম দৃশ্যতেই 'পোনা'ই সদ্যোজাত সন্তানক হাবিৰ মাজত জীৱিত অৱস্থাতে পুতি থৈ আহিছে | তাৱৈৱেকৰ কথামতে, পেটৰ সন্তানক মাৰি পেলোৱাত মাতৃৰ যি চৰম হতাশা আৰু উদাসীনতা সেয়া সুন্দৰকৈ প্ৰতিফলিত হৈছে | নাৰীৰ ভোগ আৰু লালসাৰ চৰম পৰিণতি চিত্ৰায়ন হৈছে 'চম্পাৱতী সাধু'ৰ অংশৰ বনলতিকাৰ বিয়াৰ সময়ত | ধনেশ্বৰীৰ সতিনীৰ জীয়েক চম্পাৱতীৰ প্ৰতি থকা ঈৰ্ষা মনোভাৱ আৰু আ-অলংকাৰৰ লোভত পৰি কিদৰে নিজ সন্তানক মৃত্যুৰ মূখলৈ ঠেলি দিব পাৰে, কলাত্মকভাৱে তাৰেই অতি চমকপ্ৰদ বৰ্ণনা দেখুওৱা হৈছে | 'কথানদী'ত 'ঔ-কুঁৱৰী' সাধুটোৰ মাজেৰে মাতৃৰ ত্যাগ আৰু মমতাৰ কৰুণ জীৱনগাথাৰ প্ৰতিফলন কৰা দেখা গৈছে | কেতেকীয়ে সন্তান বুলি ঔ-টেঙা এটা জন্ম দিয়া বাবে স্বামীৰ পৰা পোৱা ককৰ্থনা আৰু সমাজৰ পৰা ডাইনী পৰিচয় পোৱাৰ পাছতো জীৱনসংগ্ৰামত নিজকে সংযত কৰাৰ সাৱলীল প্ৰদৰ্শন 'কথানদী'ত চিত্ৰিত হৈছে | এইদৰেই ছবিখনত উপৰোক্ত সাধুকেইটাৰ আলমত নাৰী সমাজৰ নানান দিশক সুন্দৰ ৰূপত উপস্থাপন কৰাইছে | বিভিন্ন ক্ষেত্ৰত সাধুবোৰৰ অধিবাস্তৱতাক পৰিচালকে কলাত্মক আৰু নিটোল ৰূপত কৰা উপস্থাপনে ছবিখনক আন্তঃৰাষ্ট্ৰীয় গুণ প্ৰদানত যথেষ্ট পৰিমাণে অৰিহণা যোগাইছে | ই নিশ্চয়কৈ শলাগ ল'বলগীয়া | নয়না কলিতা প্ৰথম ষান্মাষিক যোগাযোগ আৰু সাংবাদিকতা বিভাগ, গুৱাহাটী বিশ্ববিদ্যালয় |

Clean eating

The latest buzz word "clean eating" has become a trend among the health conscious consumers nowadays. If we check out our Instagram handles alone, the "#cleaneating" has around 48 million posts.
Talking about it, we shouldn't misunderstand the term with dieting, it's actually eating better and focusing on nutrition and nourishment. Ofcourse eating clean means different things to different people based on their climate and region they live in, but the common concept that prevails irrespectively of everything is it primarily stresses on eating healthy, organic, wholesome, unprocessed foods, nuts, seeds. Salt, sugar and fats should be in check, with the inclusion of protein, carbohydrates and good fats in our diet. Avoiding refined carbs and including more and more fruits and vegetables as they are loaded with fiber, vitamins, minerals and plant based compounds. Now plant based compound doesn't necessarily has to be an insta-worthy bowl of salad all the time, it could be pestering isn't it? So the target should be choosing the healthy food which you already love. Furthermore, it shouldn't be adapted for a specific time or to reach a certain goal like weight loss etc rather it should be taken as a lifestyle to lead a healthy life. Now the term healthy is subjective, it is inclusive of emotional, mental and physical well being so sacrificing one of those and prioritising the other can be deteriorating, hence once in a while It's okay to binge over something you love to eat and treat yourself. One of the most important factors we need to consider is about the packaged food which are available in the market, we shouldn't forget to check the ingredients thoroughly as many products claim themselves to be healthy but in reality it's the opposite, as for example, an apple is always better than the packaged apple juice which contains added sugar and remains fresh because of the processing and preservatives added to that, some other similar examples are an airtight tuna fish, ready to eat boiled eggs, frozen meats and veggies. Apart from all these, it's just like a cherry on the cake to merge exercise or yoga with eating clean, which would beautify both internally as well as externally with following a good sleep schedule and not obliterate to discard alcoholic drinks and smoking. By - Ritushree R. Singh 1st semester Department of Communication and Journalism.

কলিয়াবৰীয়া হোষ্টেল লাইফ:

সময় কেতিয়াও ঘূৰি নাহে কিন্তু এসময়ত পাৰ কৰা কিছু স্মৃতিয়ে পাহৰিব নোৱাৰা ছাপ পেলাই যায়। ২০১৭ চনৰ আগষ্ট মাহৰ ১ তাৰিখে মনত বহু আশা লৈ ডিগ্রী পঢ়াৰ সূত্রে কলিয়াবৰৰ কোঁৱৰীটোললৈ ঢপলিয়াইছিলো। সেইদিনা ঘৰৰপৰা হোষ্টেলত থাকিবলৈ যাওতে মনত বৰ বিষাদ জন্মিছিল, এয়া মোৰ প্ৰথম বাৰৰ বাবে নাছিল ইয়াৰ পূর্বেও "Higher secondary " পঢ়িবলৈ মঙলদৈৰ কাকলি হোষ্টেলত থকাৰ কিছু অভিজ্ঞতা আছিল যদিও ঘৰৰপৰা দূৰত যোৱাৰ বেদনাই মোক জুৰুলা কৰি পেলাইছিল। দেউতাৰ সৈতে ব্যক্তিগত বাহনেৰে নিজৰ বয় বস্তুৰ সৈতে ৰাতিপুৱা ৯ বজাত কলিয়াবৰ কলেজেৰ ছোৱালী হোষ্টেললৈ উপস্থিত হৈছিলোহি। নিজৰ ৰুম বিচাৰি বয় বস্তুবোৰ পৰিপাটি কৰি লওঁতে মোৰ ৰুমমেট হিচাপে এজনী ছোৱালী মোৰ ৰুমত উপস্থিত হৈছিলহি। আমি দুয়ো বয় বস্তুবোৰ পৰিপাটি কৰি প্রথম বাৰৰ বাবেকলিয়াবৰ কলেজেত ক্লাছ কৰিবলৈ ঢাপলি মাৰিছিলো। যিহেতু আমি দুয়ো একে বিভাগৰ ছাত্রী আছিলো, সেয়েহে একেলগে ক্লাছৰ শেষত হোষ্টেললৈ আহি ভাত কেইটামান খাই জিৰণি লৈছিলো । জিৰণি লোৱাৰ সময়তে নতুন ৰুমমেটৰ সৈতে অলপ কথা পতাত ব্যস্ত হৈ পৰিছিলো। এনেদৰে কেতিয়াবা সন্ধিয়া ৬ টা বাজি যায় গমেই নাপালো । হোষ্টেলৰ আন্টিহতে দিয়া চাহ খোৱাৰ পিছতে ৰুমত এজনী বায়ে চিনাকি হ'বলৈ ওপৰলৈ মাতি পঠিয়াইছিল। মনত আতংক মনোভাব লৈ " ১১১ " ৰুমত উপস্থিত হৈছিলো। সেই ৰুমটো হোষ্টেলৰ সকলো বা-হঁত উপস্থিত আছিল। তাকে দেখি মই অলপ " nervous " হৈছিলো আৰু ভয়তে কান্দি দিছিলো। এনেদৰে মোৰ নাম কান্দুৰি পৰিছিল। প্রথম বা-হঁত অলপ "strict " আছিল কিন্তু কিছু সময়ৰ পাছত সকলোৱে মাজত এক বন্ধুত্বপূর্ণ সম্পর্ক গঢ়ি উঠিছিল। তেজৰ সম্পৰ্ক নথকাৰ সত্ত্বেও নেৰা -নেপেৰা বান্ধোনে হোষ্টেলত থকা সময়খিনিত এক স্বৰ্গীয় সুখ প্ৰদান কৰিছিল। লাহে লাহে বা -হঁতে পাঠদান সম্পূর্ণ কৰি নিজৰ জীৱনলৈ গতি কৰিছিল। তাৰ পিছত আৰু ভন্টিসকলৰ আগমনে হোষ্টেলৰ অন্য মাদকতা প্ৰদান কৰিলে। মাজৰাতি "birthday celebration ", "New year party ", হলি তথা বিভিন্ন অনুষ্ঠানে আমিবোৰৰ মাজত এক উৎসৱ মূখৰ পৰিৱেশৰ গঢ়ি এটা বান্ধোনৰ সৃষ্টি কৰিছিল। এইঠাইত পঢ়ি থকাৰ সময়তে মোৰ লগৰ বন্ধু -বান্ধৱী সকলৰ মৰম তথা শাসনে মোক প্রতিটো সময়তে উৎসাহ তথা সাহস প্ৰেৰণ কৰিছিল। প্ৰতিদিনে মাৰ দৰে মৰম আৰু ভালপোৱা বিলোৱা হোষ্টেলৰ warden ma'am তথা ৰান্ধনী আন্টি -হঁতৰ কথা বৰকৈ মনত পৰে। এইফালে নিজৰো হোষ্টেল এৰাৰ দিন চমু চাপি আহিছিল, তাৰোপৰি কৰ'না মহামাৰীৰ বাবে আমি ৯ মাহৰ পৰা বঞ্চিত হৈছিলো , মনত বৰ হেপাহ আছিল হোষ্টেলখনক লৈ। কিন্তু কেনেদৰে যে তিনিটা বছৰ পাৰ হ'ল গমেই নাপালো। এতিয়া সকলোবোৰ সপোন যেন লাগিছে। সময় সলনি হ'ল, এতিয়া সকলোৰে ঠিকানা সলনি হ'ল, বিচাৰিলেই কাষত পোৱা মানুহবোৰ ম'বাইলৰ স্ক্ৰীণত বন্দী হ'ল। তুমিৰ পৰা তই হোৱা বিভাগটোৱে দিয়া মৰমবোৰ বৰকৈ মনত পৰে। আকৌ অচিন পখি হৈ সেইঠাইখনলৈ তথা মানুহবোৰৰ ওচৰলৈ যেন ঘূৰিহে যাম। শাশ্বতী বনিক যোগাযোগ আৰু সাংবাদিকতা বিভাগ , গুৱাহাটী বিশ্ববিদ্যালয়

দীপৰ বিলৰ দুখ

দীপৰ বিল হৈছে গুৱাহাটী মহানগৰীৰ দক্ষিণ পশ্চিম দিশত অৱস্থিত এক বিস্তৃত জলাহভূমি। ই পৌৰাণিক কামপীঠৰ অন্তৰ্গত আছিল। ই ১৯৫০ চনৰ এক ভূমিকম্পত সম্পূৰ্ণ পাহাৰ তল গৈ সৃষ্টি হৈছিল। ২০০২ চনৰ নৱেম্বৰ মাহত দীপৰ বিলক অসমৰ একমাত্ৰ ৰামচাৰ ক্ষেত্ৰ বুলি ঘোষণা কৰা হয়।দীপৰ বিলৰ জলাহভূমি ৪.১৪ বৰ্গ কিঃমিঃ এলেকা বিস্তৃত। ইয়াৰ গভীৰতা প্ৰায় ৬ মিটাৰ আৰু খৰালি ইয়াৰ গভীৰতা ১.৫ মিটাৰলৈ হ্ৰাস পায়। দীপৰ বিল জৈৱিক আৰু প্ৰাকৃতিক দুয়ো ফালৰ পৰা অতি গুৰুত্বপূৰ্ণ। কাৰণ, ই হ’ল প্ৰাকৃতিকভাৱে পানী সংৰক্ষিত এলেকা। তদুপৰি জৈৱিক জীৱ, প্ৰব্ৰজনকাৰী চৰাইৰ লগতে কিছুমান প্ৰজাতিৰ চৰাই দীপৰ বিললৈ অহা দেখা যায়। বাৰ্ড লাইফ ইণ্টাৰনেচনেল (Bird Life International)-এ দীপৰ বিলক অতি গুৰুত্বপূৰ্ণ চৰাই সংৰক্ষিত এলেকা বুলি চিহ্নিত কৰিছ। কিন্তু অসমৰ পৰ্যটনৰ ক্ষেত্ৰত অতি গুৰুত্বপূৰ্ণ এই দীপৰবিল এতিয়া ধ্বংশৰ গৰাহত পৰিছে।বিদ্যালয়ত পঢ়ি থকা সময়ত দীপৰ বিলৰ শিক্ষামূলক ভ্ৰমণ সচাকৈয়ে চিৰস্মৰণীয়। ব্যস্ত মহানগৰীৰ দাঁতি-কাষৰীয়া প্ৰকৃতিৰ বিনন্দীয়া পৰিৱেশৰ মাজৰ দীপৰ বিলৰ ভ্ৰমণৰ মাদকতাই সুকীয়া আছিল। জাক-জাক বনৰীয়া চৰাই,‌পানী- কাউৰী,হাঁহৰ উপৰিও বিভিন্ন পৰিভ্ৰমী চৰাইৰ মাতত দীপৰবিল ৰজন- জনাই আছিল। এতিয়া কিন্তু সেই আগৰ পৰিৱেশ নাই। ৰাজনৈতিক আশিষধন্য কিছু উদ্যোগপতি আৰু ব্যৱসায়ীৰ হাতোৰাৰ কোবত আজি দীপৰবিল ক্ষত-বিক্ষত। ইয়াৰ বুকুত পোৱা জলজ সম্পদসমূহ লাহে-লাহে নোহোৱা হোৱা পৰিলক্ষিত হৈছে। দীপৰবিল হ'ল ইয়াৰ আশে-পাশে থকা লোকসকলৰ জীৱিকাৰো এক আহিলা স্বৰূপ। দীপৰবিলত থকা মৎস্যৰ জৰিয়তে বিভিন্নজনে পৰিয়াল পোহপাল দি আছে। কিন্তু বৰ্তমান উদ্যোগীকৰণে ইয়াৰ বুকুত কুথাৰঘাত কৰিছে।দীপৰবিলৰ আশে-পাশে গঢ় লৈ উঠা বিভিন্ন উদ্যোগে ইয়াৰ পানী প্ৰদূষিত কৰি তুলিছে।যাৰ ফলত বিভিন্ন পৰিভ্ৰমী চৰাইৰ ৰম্যভূমি দীপৰ বিলত এতিয়া পক্ষীৰ কোলাহ'ল শুনিবলৈ পোৱা নাযায়। ইয়াৰোপৰি দীপৰ বিলৰ অধিকাংশ ভূমি ভূ-মাফিয়াৰ কবলত পৰাৰ লগতে ইয়াৰ আশে-পাশে বিভিন্ন‌ ধৰণৰ বিলাসী হোটেল গঢ়ি উঠিছে। দীপৰবিলৰ এই দুখ দেখিও ৰাজনৈতিক নেতা তথা প্ৰশাসন নিমাত। ৰাজ্য চৰকাৰৰ চৰম দায়িত্বহীনতা,দূৰ্নীতি আৰু অবহেলাৰ বাবে আজি দীপৰবিল ধ্বংশৰ গৰাহত পৰিছে। ব্যক্তিগত স্বাৰ্থ পূৰণ কৰিবলৈ গৈ প্ৰকৃতিক কুথাৰাঘাত কৰাটো সচাকৈয়ে চিন্তনীয় বিষয়। গতিকে, চৰকাৰখনে দীপৰ বিলৰ সংৰক্ষণ তথা ইয়াৰ উন্নয়ণৰ বাবে বিভিন্ন আঁচনি গ্ৰহণ কৰিব লাগে যাতে দীপৰবিলে আগৰ পৰিৱেশ ঘূৰাই পাবলৈ সক্ষম হয়।‌আনহাতে সাধাৰণ জনতাৰ ওপৰতো ইয়াৰ পৰিস্কাৰ পৰিচ্ছন্নতাৰ দিশটো নিৰ্ভৰ কৰে। ইয়াক পৰিস্কাৰ কৰি ৰখাটো সকলোৰে দায়িত্ব আৰু কৰ্তব্য। -নিতুমনি কুমাৰ প্ৰথম ষান্মাষিক যোগাযোগ আৰু সাংবাদিকতা বিভাগ গুৱাহাটী বিশ্ববিদ্যালয় ।

Monday 29 March 2021

Lockdown lessons

2020 taught me many things, but the most important lessons have come out of being in lockdown . I've always been extroverted and indulged in socialising, but during lockdown, I was forced to be solitary. This allowed me to deepen my relationship with myself and I’ve come to understand my own needs more clearly. I have set better boundaries with others and started socialising more selectively. In February of 2020, I had just returned home after representing my Club in the All Assam Football championship. Everything was normal. A notification came that the Inter College football tournament will be held in the month of March and we need to make our college team ready. I was totally excited about it and began practicing in full swing. But Everything came to a halt on 24th March of 2020 when Prime Minister, Narendra Modi announced the lockdown for 21 days Restaurants, malls, movie theatres and gyms were all closed indefinitely. Under no circumstances we were allowed to leave our house without a permit and a valid reason. 2020 taught me countless lessons. If it was not for this unfortunate and unforeseen virus, I would never have stopped to think about the things around us that are not essential and in no way more important than the people I love. It taught me to be thankful for everything that I was fortunate enough to have been given. I am thankful for where I am, for the people that surround me and encourage me to be the best I can be every day. During lockdown, I had to learn that patience is a very important skill that one needs to practice, it is something that is taken lightly but when mastered can make all the difference in one’s life. Another lesson I learnt is to cherish everything. Nothing in life is forever, and nothing is promised either. It's important to reflect on these lessons. We should never take anything for granted and always spend our time usefully. We should always treat people in the manner as we wish to be treated. Life is precious, we should take advantage and develop successful habits. Blessings can come from the most unlikely places. Also being good to everyone is important ; as we don't always have the chance to say goodbye to someone we love. Pratyush daas 1st semester

Sunday 28 March 2021

আখলৰ ইটো-সিটো

মানুহৰ মন হেনো পেটৰ পৰাই জয় কৰিব পাৰি। সেয়েহে মই ৰান্ধি খুব ভাল পাওঁ। অকল ৰান্ধিয়েই নহয়, আনক খুৱাই লগতে নিজে খাইও খুব ভাল পাওঁ।আজিকালি অৱশ্যে বনাবলৈ মাত্র যা-যোগাৰখিনি থাকিলেই হ'ল - ইউটিউবত বিভিন্নধৰণৰ ৰন্ধন প্ৰণালী অতি নিখুঁতকৈ দেখুওৱা হয় আৰু বিভিন্নধৰণৰ ফুড ব্লগবোৰো পোৱা যায়।ইয়াৰ জৰিয়তে আমি বিভিন্ন ঠাইৰ বিভিন্ন খাদ্যসম্ভাৰৰ বিষয়ে জনাৰ লগতে আমি আমাৰ থলুৱা খাদ্যসমূহৰ ৰন্ধন প্রণালী অৰ্থাৎ এই খাদ্যসমূহত কি ধৰণে নতুনত্ব আনিব পাৰি সেই বিষয়েও জানিব পাৰোঁ।সেয়েহে খাবলৈ মন গ'লে অকণমান কষ্ট কৰি বনাই লৈ ঘৰতে খাব পাৰি।বাহিৰলৈ যোৱাৰ প্ৰয়োজন নাই।অনলাইন অৰ্ডাৰ কৰি খোৱাৰ প্ৰয়োজনীয়তাও নাই।লকডাউনৰ সময়ছোৱাত যেতিয়া আমি সকলোৱে গৃহবন্দী হৈ আছিলোঁ,তেতিয়া ৰন্ধাৰ প্রতি আমাৰ আকৰ্ষন বাঢ়িছিল।এই সময়ত পানীপুৰি,ডালগোনা কফি, গোলাব জামুন আদি মানুহৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছিল।FMCG gurusৰ মূল্যাংকণ মতে এনেধৰণৰ খাদ্য বস্তুসমূহৰ প্ৰস্তুতকৰণ এপ্ৰিল মাহতকৈ মে মাহত ১৮ খন দেশত ৩৮% বৃদ্ধি পাইছিল।লকডাউনৰ সময়ছোৱাত যিহেতু সকলো দোকান-পোহাৰ বন্ধ আছিল আমি নিত্য প্ৰয়োজনীয় সামগ্ৰীসমূহ সহজে পোৱা নাছিলোঁ আৰু এই সময়ছোৱাত সাধাৰণ খাটি খোৱা লোকসকলৰ জীৱন নিৰ্বাহত কষ্টও হৈছিল।এই লোকসকলে শাক-পাচলিৰ লগতে চাহৰ লগত খোৱা বিভিন্ন বস্তু যেনে- কাটা নিমকী,খোৰ্মা আদি ঘৰতে বনাই গাঁৱে-ভূঞে বিক্ৰী কৰা আমি দেখিবলৈ পাইছিলোঁ। দশমমান শ্ৰেণীৰ পৰাই ৰন্ধা-বঢ়াৰ প্রতি মোৰ ধাউতি আছিল।সেই সময়ত 'ষ্টাৰ প্লাচ' নামৰ চেনেলত 'Master Chef India' নামৰ এটা ৰিয়েলিটি শ্ব' প্রচাৰিত হৈছিল।অনুষ্ঠানটোত দেখুওৱা প্রত্যেকবিধ খাদ্য-প্ৰণালী মই বহীত টুকি ৰাখিছিলোঁ আৰু মনতে এগৰাকী ভাল ৰান্ধনী হৈ এখন আটকধুনীয়া হোটেল খুলিম বুলি ভাবিছিলোঁ।উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ পাছৰে পৰাই মা-হতেঁ ৰন্ধা-বঢ়া কৰিবলৈ দিছিল।তেতিয়া মোৰ নিজাকৈ আৰু ঘৰৰ আন পৰিয়ালৰ ম'বাইল ফোন নাছিল বা ইউটিউবৰ প্ৰচলন হোৱা নাছিল সেয়েহে মই নিজাকৈ খাদ্য প্ৰণালী প্রস্তুত কৰিছিলোঁ।যেনেধৰক-বেঙেনাৰ সৈতে বিলাহী,ৰঙালাওঁৰ সৈতে পাৰ মাংস ইত্যাদি।এইবোৰ খাদ্য মোৰ বাবে নতুন আছিল যদিও আইতাই কৈছিল তাহানি আমি এইবোৰ বহুত বনাইছিলোঁ, এতিয়া বয়স হ'ল বাবেহে!মই কিবা এটা বনালে দেউতাই হেঁপাহেৰে খাইছিল। সেয়েহে হয়তো ৰন্ধা-বঢ়াৰ প্রতি মোৰ নিচা অধিক হৈছিল।ক'ৰণাকালীন সময়ছোৱাত এই সুযোগ বেছিকৈ পাইছিলোঁ।ৰাতিপুৱা শুই উঠিয়েই ভাবিছিলোঁ আজি কি বনাম?ইউটিউবটো খুলি লৈ সেইমতে বনাবলৈ চেষ্টা কৰিছিলোঁ।মই বনোৱা বস্তুসমূহৰ ভিতৰত আছিলে-কোমোৰাৰে হাঁহৰ মাংস,মাটিমাঁহেৰে হাঁহৰ মাংস, খৰিচাৰে কুকুৰাৰ মাংস,মূলাৰে মাছ,সৰু মাছৰ চৰচৰি,বেচনৰ চবজি আৰু বিস্কুট,কেক,গজা,পোলাওঁ,বিৰিয়ানী।এইখিনিতে এটা কথা মনত পৰিছে কেক ভালকৈ বনাবলৈ মোৰ প্রায় এবছৰ সময় লাগিছিল।ফাঁচী বজাৰৰ পৰা প্ৰয়োজনীয় সকলো বস্তু গোটাই লৈ এতিয়া মই ঘৰত খাবলৈ কেকটো নিজে প্ৰস্তুত কৰিব পাৰোঁ।বৰ্তমান সময়ত পাশ্চাত্যৰ খাদ্য প্রণালীয়ে আমাৰ মনত স্থান অধিকাৰ কৰিছে যদিও মোৰ নিচিনাকৈ বহুতো যুৱক-যুৱতী থলুৱা খাদ্যৰ প্রতি অতিকৈ আসক্ত।ইয়াৰ উদাহৰণ আমি সামাজিক মাধ্যমৰ জৰিয়তে পাওঁ।ৰন্ধা-বঢ়া মোৰ নিচা যদিও ভৱিষ্যতলৈ আৰু ভালকৈ শিকি এখন উন্নতমানৰ থলুৱা খাদ্যৰ হোটেল খুলিবলৈ ইচ্ছা আছে।আমি নৱপ্রজন্মই এনেকুৱা ধৰণৰ কিছুমান পদক্ষেপ গ্ৰহণ কৰিব লাগিব যিসমূহৰ জৰিয়তে আমি আমাৰ থলুৱা খাদ্যক বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হওঁ লগতে ইয়াৰ জৰিয়তে অসমীয়া গৃহিনীসকলেওঁ তেওঁলোকৰ নিজস্ব পৰিচয় লাভ কৰিব পাৰে। দিশা শৰ্মা যোগাযোগ আৰু সাংবাদিকতা বিভাগ, গুৱাহাটী বিশ্ববিদ্যালয়।

SAY NO TO HOLI HOOLIGANISM

Holi is a famous Hindu festival coming up and is celebrated in every part of India with utmost joy and enthusiasm; it’s a festival of colors. The vibrancy of colors brings in a lot of positivity in our lives. The tradition of throwing brightly colored powder and water is said to come from the love story between Radha and Krishna. The festival begins on the night of full moon; fires are lit on every corner of our city to cleanse the air of evil spirits and bad vibes and to symbolize the destruction of the wicked Holika, after whom the festival is named. Followed to the morning, the streets fill with people coloring each other, sharing the sweets, hugging each other with love and brotherhood. But in between celebrating holi the number of hooliganism cases increases every year, we have has seen cases of like of a lady shri ram college for women, posted an account of semen flinging on her instagram, giving an another side of holi which is not bright and the oratory line bura na mano holi hai phrase that covers up the sexual harassment under the façade of celebrations. Another case of knigtengle sahaji , a BA student, JNU too had shared her bad experience of holi by saying people have forcefully put colors on her while trying to grope her. This type of incidents happens in every holi, some are outspoken while many a girls choose to keep quite because of our patriarchal society that will blame the girl by saying, holi me ye chalta hai . Muck, grease , rotten tomatoes, eggs , cow dung, semen, urine are now more popular than pure colors of holi. There have been protests marches in many cities against these repulsive acts of sexual harassments which increase more in holi celebration. Holi has become a struggle for every woman who wants to play holi. The videos of hooliganism prevails in the time of holi, harassing girls is being normalized in the time of celebration, for example last year a video which gone viral in twitter that shows a crowd of men openly harassing women on the road who were managing to find their way amid the traffic as colors were forcibly splashed on them and hence they kept fighting for the freedom we talked about women. Last year 879 cases at Rohtak PGIMS have been reported of injuries in road accidents, clashes with other medical urgencies in the time of holi. Drunk and drive are in the hikes, violence in the streets raise most in the holi. The issue needs to be raised rather than swept under the blanket of traditions. Its high time to stand against and raise our voices otherwise a time will come when there will be no girl in the street playing holi, if the actions are not taken, every girl will live in a fear of getting harassed in the time of holi. It’s been 74th Independence Day and still women lives in fear of going outside and feel the air of freedom. This holi lets come all together, play holi with pure intensions and let the love prevails the world and makes a better place for women. Julie Kakoty 3rd semester Mass communication and journalism Gauhati university

Saturday 27 March 2021

মহানগৰ, মহানগৰ

মহানগৰ, মহানগৰ “মাঁ বৰ মন যায় জানা মহানগৰী লৈ যাবলৈ নিজৰ সপোনবোৰ বাস্তৱত পৰিণত কৰিবলৈ” মই কিন্তু গুৱাহাটী বিশ্ববিদ্যালয়তে পঢ়িম দেই মাঁ ! এনেদৰেই মাঁ ক মই সদায়ে কৈ আহিছিলো যে মই মহানগৰী গুৱাহাটীত পঢ়িবলৈ যাম। মই আৰু তেজপুৰত নাথাকো। সচাঁই ডিগ্রীটো পাছ কৰি উঠি মই অলপ বেলেগকৈ নিজৰ জীৱনটো উপভোগ কৰিব বিচাৰিছিলো মোৰ দৰে চাগে বহুত ছাএ- ছাএী হ'ব যিসকলে মোৰ দৰেই বুকুত অদম্য হেঁপাহ বান্ধি ৰাখে মহানগৰীত পঢ়িবলৈ। কিন্তু মাঁয়ে মোক সদায়ে বাধা দিছিল “মাজনি তই ইয়াতেই থাকি পঢ়া-শুনা কৰিবি বাহিৰৰ জগতখন তই ভাৱাৰ দৰে নহয় বুজিছ”। কিন্তু নিজৰ আশাবোৰ, সপোনবোৰ যে নিজৰ বুকুৰ পৰা গুচাই দিব নোৱাৰি সেই কথাটো মাঁহতক মই বুজালো। মোৰ সৰুৰে পৰা সাংবাদিক আৰু যোগাযোগ বিভাগটোৰ প্রতি এটা অদম্য হেঁপাহ আছিল, মই মাঁক মাজে মাজে কৈও থাকো! “ মাঁ মই কেতিয়া মাইকটো লৈ টিভিত বাতৰি পৰিৱেশন কৰিম”? এনেবোৰ কথাৰ মাজেৰেই মোৰ সপোনবোৰ আৰু প্রাণ পাই উঠিছিল। আৰু এতিয়া সময় হৈ আহিছিল মোৰ সপোনবোৰ বাস্তৱত পৰিণত হোৱাৰ। যদিও মই তেজপুৰ বিশ্ববিদ্যালয়ত সাংবাদিকতা বিভাগত চিট পাইছিলো কিন্তু মই তাত নামভৰ্তি নকৰিলো । যদিও মাঁহতে এই ক্ষেত্ৰত মোক সহযোগ কৰা নাছিল আৰু মোৰ কথা মানি ল'বলৈ মান্তি হোৱা নাছিল কিন্তু মই মাঁহতক লাহে লাহে বুজাবলৈ সক্ষম হ'লো আৰু পাছত মাঁহতেও বুজি পালে। তাৰপাছত মই নিজৰ সপোনবোৰৰ আৰু কাষ চাপিলো। ২০২০ চনৰ ডিচেম্বৰ মাহৰ শেষৰ ফালত যেতিয়া মোৰ নাম গুৱাহাটী বিশ্ববিদ্যালয়ৰ সাংবাদিকতা বিভাগত আহিছিল মই ফূর্তিত আত্মহাৰা হৈ পৰিছিলো। মই “PI” অথাৎ “Personal Interview ”ৰ কাৰণে গুৱাহাটী বিশ্ববিদ্যালয়ত যেতিয়া গ'লো এনে লাগিছিল যেন মই মোৰ সপোনৰ আৰু এখোজ কাষ চাপি আহিলো। কৃষ্ণ চূড়াৰ দেশ গুৱাহাটী বিশ্ববিদ্যালয়ত প্রথম খোজ ৰাখিয়েই মোৰ এনে অনুভৱ হৈছিল যেন মই মোৰ জীৱনৰ বিচৰা খিনি পাইগ'লো! মই PI ত select হ'লো আৰু বৰ্তমান মই গুৱাহাটী বিশ্ববিদ্যালয়ৰ সাংবাদিকতা বিভাগত অধ্যয়নৰত৷ কিন্তু সকলোবোৰ সপোন মই ভাৱাৰ দৰেই পূর্ণ হ'ল যদিও মই যে ক'ৰবাত হেৰাই গ'লো, হেৰাই গ'লো এই মহানগৰীৰ ব্যস্ততাৰ মাজত! সচাঁই মাঁয়ে থিকেই কৈছিল মহানগৰী খন মই ভৱাৰ দৰে নহয়, মই ভৱাৰ দৰে এই মহানগৰী খন সৰল নহয় , বৰ বেছি জটিলহে। এই জটিলতাপূর্ণ মহানগৰী খনৰ মাজত মই নিজকে কেতিয়াবা বৰ অকলশৰীয়া আৰু শূন্য অনুভৱ কৰো! এই মহানগৰী খন মোৰ আপোন ঠাই খনৰ দৰে , সেই ঠাইৰ মানুহৰ দৰে, সৰল নহয় কিন্তু এই জটিল মহানগৰীৰ যান্ত্রিকতা আৰু ব্যস্ততাই মোক নিজৰ জীৱনটোত কিবা এটা কৰাৰ হেপাহঁ দিছে । মোৰ বিশ্বাস আছে যে এদিন মই ব্যস্ততা আৰু যান্ত্রিকতাৰ আঁৰত লুকাই থকা মহানগৰীৰ সৌন্দৰ্য্যতাক আলোৰণিত কৰি, মহানগৰীৰ প্রত্যাহাবান মূলক জীৱনৰ সৈতে যুজিঁ’ মই আগুৱাই যাম আৰু সফলতাৰ পোহৰৰে নিজৰ জীৱনটোক পোহৰাই তুলিম। নাম-পম্পী দাস ৰোল নং-১৩ যোগাযোগ আৰু সাংবাদিকতা বিভাগ গুৱাহাটী বিশ্ববিদ্যালয়।

Wednesday 24 March 2021

The road not taken

When I made up my mind to get into this course, I had to be prepared for the shaming that the society will put upon me and some of it on my family as well. After all taking up journalism after engineering is seen as a downgrade. It’s the doctors and the engineers who take all the respect, even though there’s an abundance of both in the country. So much so that engineering is now seen as a stepping stone while making a career. Everyone gets into engineering and then decides what to make of their lives. It’s funny how that has come to be and on one hand while every nook and corner of this country probably has an engineer, there is in fact a dearth of qualified ones. While if that same logic is applied on doctors, it becomes a frightening scenario. Do we entrust our lives in the hands of someone who might not be qualified enough. This is in fact the doings of a tunnel-visioned society that places more respect on certain career options than others, feeding the upcoming generations the falsehood of the relation between garnering respect in society and certain occupational choices. While getting into the course itself wasn’t very easy, my first myth about it was busted pretty soon into the first semester. The notion that the course is easier compared to other career options that one can take is laughable. Now three semesters into it, I have also come to understand that the pay scale is not as good as in some other career options. This is probably another reason why some jobs are “respectable” in the society, as they pay more. While it shouldn’t be the case, unfortunately it is. The concept of dignity of labour in our country and in the society is somewhat absent. Even after knowing that journalism is not as easy as it first seemed, and the pay scale is also not great when compared to others, what makes me stick to it is my desire to present the society with the truth. Perhaps such sentences draw a good hard laughter nowadays considering how murkier this profession gets with each passing day. While the respect has definitely decreased now in my life, compared to the days when I could say, “Yes I study engineering in Hyderabad” and the awes that it would draw, I am a much satisfied and happier person now. And knowing that the same people are glued to their televisions at prime time watching this one person who we call a journalist, gives me a wicked sense of satisfaction and a renewed hope to succeed. Soumyadeep Das 3rd semester

Tuesday 23 March 2021

পুৰী ভ্ৰমন

আমি প্ৰতিজন মানুহেই ভ্ৰমণপ্ৰিয় | ওচৰে পাজৰে থকা বিভিন্ন প্ৰাকৃতিক দৃশ্যাৱলীৰে ভৰা সুন্দৰ সুন্দৰ ঠাইবোৰ পৰিভ্ৰমন কৰিলে আমাৰ ন ন অভিজ্ঞতা হয় লগতে মানসিক অৱসাদ দূৰ হৈ মন প্ৰাণ জুৰ পৰি যায় |
২০১৭ চনৰ এটা নতুন অভিজ্ঞতা। অক্টোবৰ মাহত অৰ্থাৎ ২০/১০/২০১৭ ত মা,আৰু মামা হতৰ পৰিয়ালৰ লগত ৰঙিয়াৰ পৰা গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ বিমান বন্দৰত উপস্থিত হৈ কলিকতা লৈ বুলি ৰাতিপুৱা ১১তা মান বজাত আমি ৰাওনা হ'লো। মায়ে কোৱা মতে প্ৰয়োজনীয় আধাৰ কাৰ্ডখন হাতত উলিয়াই লৈছো ,মোৰহে অকণ মান মনৰ উদ্বেগ আছে, কাৰণ মই প্ৰথম। প্ৰায় ১ টা মান বজাত উৰাজাহাজত বহিলো ।মই নতুন বাবে মোক খিৰিকীৰ কাষত বহুৱালে। নিদিষ্ট সময়ত আমি কলিকতা এয়াৰপৰ্ত পালোঁ। ৰাস্তাটোত দেশ বিদেশৰ অগণন মানুহৰ ভিৰ, চাৰিওফালে উৎসৱমুখৰ পৰিবেশ ।এয়াৰপৰ্তৰ পৰা নামিয়ে আমি কেবত বহি হোটেল পালোগৈ। Reception ত থকা হাঁহিমূখীয়া ল’ৰাজনে লাগতিয়াল formalities খিনি সম্পুুৰ্ণ কৰি আমাক দুটা কোঠা দিয়ে। যথেষ্ট চাফ চিকুণ, চকুত লগা,সুন্দৰ এটা পৰিৱেশ।ৰাতিপুৱা ১০ তা মান বজাত আমি কলিকতাৰ mother's wax museum, victoria memorial ,nicco park ইয়াৰ লগতে কলিকতাৰ বিভিন্ন বজাৰ, আদি বোৰ চাই হোটেল পালোঁগৈ। এইখিনিতে কলিকতাৰ যাত্ৰা শেষ কৰি পিছদিনা ৰাতিপুৱা আমি শতাব্দী ৰেলত উঠি ভুৱনেশ্বৰ পালোঁ। এৰাতি হোটেলত থাকি গড়ী এখন ভাড়া কৰি পৰিয়ালৰ সৈতে কোণাৰ্ক সূৰ্য্য মন্দিৰ পালোঁ। কোণাৰ্ক সূৰ্য্য মন্দিৰ যাৰ আন এটি নাম হ'ল "Black pagoda"। পুৰী ভ্ৰমণত কোণাৰ্ক সূৰ্য্য মন্দিৰ হ'ল এটি উল্লেযোগ্য গন্তব্য স্থান। সূৰ্য্য মন্দিৰ প্ৰাচীন ভাৰতৰ সভ্যতা, সংস্কৃতি আৰু বিজ্ঞানৰ মিশ্ৰণ। মন্দিৰ দৰ্শন কৰি একেখন গাড়ীৰে পুৰী পালোঁ।ভূৱনেশ্বৰৰ পৰা কিছু সোমাই গৈ সমুদ্ৰ তীৰত পুৰী অৱস্থিত। পুৰীত আমি তিনিদিন আছিলোঁ।পুৰীলৈ যোৱাৰ আগতে তাৰ পাণ্ডা, অটোৱালা আদিৰ বিষয়ে অনেকে অনেক কথা কয়, একপ্ৰকাৰৰ ভয়ো খুৱায়। পাণ্ডাই ডকা-হকা দি পইছা লয়, গাড়ী বা অটোচালকে অত্যধিক ভাড়া লয়। অৱশ্যে আমি তেনেকুৱা অভিজ্ঞতাৰ সন্মুখীন হোৱা নাছিলোঁ। মূল কথা হৈছে সচেতনতা। পুৰীত সৰু-বৰ প্ৰায় দেৰ হাজাৰখন হোটেল আছে। প্ৰায়বোৰেই সাগৰৰ পাৰত অৱস্থিত। এফালে পাৰাপাৰহীন সাগৰ¸ আনফালে হোটেল। ইয়াৰে এখন হোটেলত থাকি পিছদিনা জগন্নাথ মন্দিৰলৈ বুলি উলালোঁ। এদিন তীৰ্থ ভ্ৰমন কৰি পিছদিনা ৰাতিপুৱা সমুদ্ৰ তীৰ পালোঁ।দেশী বিদেশী পৰ্য্যটকেৰে ভৰি থকা সমুদ্ৰ তীৰৰ সৌন্দৰ্য্য অতি মনোমোহা।।সাগৰৰ ঢৌবোৰ চাই চাই আপোনপাহৰা হয়।সমুদ্ৰ তীৰত গোটেই দিনটো পাৰ হৈ গ'ল। পুৰীত তিনিটা দিন থাকিলেই যথেষ্ট। ইয়াৰে এটা দিন জগন্নাথ মন্দিৰ দৰ্শন, এটা দিন কাষৰীয়া ঠাই দৰ্শন আৰু এটা দিন সাগৰ তীৰত স্নান কৰি কটাব পাৰি। গধুলি হ'লে সাগৰ তীৰত সময় কটোৱা আৱেগেই সুকীয়া। ইয়াৰ পিছত তৃতীয় দিনা আমি ৰাতি আমি ৰেলত উঠি কলিকতা আৰু পুৰী ভ্ৰমন সমাপ্ত কৰি গুৱাহাটীলৈ বুলি ৰাওনা হলোঁ। এটি অত্যন্ত ব্যস্ততাময় মনোৰম সপ্তাহৰ ইয়াতেই সামৰণি পৰিল। ত্ৰিনয়না ভট্টাচাৰ্য যোগাযোগ আৰু সাংবাদিকতা বিভাগ।,গুৱাহাটী বিশ্ববিদ্যালয়

কোভিড,সংগ্ৰামৰ অন্য এক যাত্ৰা

কোভিড-১৯ মহামাৰীয়ে সমগ্ৰ বিশ্বৰ লগতে ভাৰতবৰ্ষকো চুই গ'ল। এই কোভিড মহামাৰীৰ ফলত বিভিন্নজনে প্ৰাণ হেৰুৱাব লগা হ'ল। কোভিডৰ ভয়াবহতাৰপৰা পৰিত্ৰাণ পাবলৈ চৰকাৰে লকডাউনৰ ঘোষণা কৰিলে। এই লকডাউনৰ ফলত সকলোতকৈ বেছি ক্ষতিগ্ৰস্ত হ'ল সাধাৰণ শ্ৰেণীৰ লোকসকল। যিসকল লোকে দিন হাজিৰা কৰি পৰিয়াল পোহপাল দিছিল সেই লোকসকল লকডাউনৰ সময়ত খাদ্য সংকটত ভোগিলে।মইয়ো তেনেকুৱা এটি সাধাৰণ পৰিয়ালৰ ব্যক্তি হোৱা হেতুকে পৰিয়ালৰ কথাই ব্যথিত কৰি তুলিলে। দেউতাৰ সাধাৰণ পাচলি ব্যৱসায়ো লকডাউনৰ সময়ত বন্ধ হৈ গ'ল। এটা পৰিয়াল চলাই নিয়াতো আমাৰদৰে সাধাৰণ মানুহৰ বাবে সচাকৈয়ে চিন্তনীয় বিষয়। এফালে খোৱাৰ সমস্যা আনফালে ওলাই গ'লে পুলিচৰ কোব খোৱাৰ ভয়। কিন্তু কিমানদিননো এনেদৰে থাকিব পাৰিম। বহু কথা চিন্তা কৰি দেউতাৰ পাচলি দোকানখন আকৌ আৰম্ভ কৰিলো। বিভিন্ন বাধাৰ মাজত সকলো নীতি-নিয়ম মানি খোলা দোকানখনত লাহে-লাহে ময়ো সহায়ৰ হাত আগবঢ়াবলৈ ললো। বিভিন্ন সময়ত পুলিচৰ ভয় -ভাবুকিৰো‌ সন্মুখীন হ'লো। এদিনাখন ৰাতি ৭ মান বজাত দিয়া এক ঘোষণাই আমাৰ হৃদয় কম্পিত কৰিলে‌। আমাৰ দোকানৰ ওচৰতে কোভিড আক্ৰান্ত ৰোগী এজন পোৱা গৈছিল। লগে-লগেই চাৰিওফালে হাহাকাৰ পৰিৱেশৰ সৃষ্টি হ'ল। স্বাস্থ্য বিভাগৰ লোক আহি প্ৰতিজন ব্যৱসায়ীৰ কোভিড পৰীক্ষা কৰিলে। এই পৰীক্ষা কৰাৰ সময়ত দেউতাৰ মনত এটাই চিন্তা যদি কেনেবাকৈ তেও এই ৰোগত আক্ৰান্ত হয় ,ঘৰখন‌কেনেকৈ চলিব? ফলাফল নিদিয়া সময়লৈকে হৃদয়ৰ ধপধপনি বাঢ়ি গৈছিল। কোভিডৰ ৰিজাল্টৰ বাবে আমি অপেক্ষাৰত,ভগবানৰ ওচৰত এটাই প্ৰাৰ্থনা কেনেবাকে যেন ৰিজাল্ট নিগেটিভ ওলায়। দেউতাৰ ৰিজাল্ট নিগেটিভ আহিল ,সেই সময়ত কি যে এক সকাহ অনুভৱ‌ কৰিছিলো সেয়া এক বুজাব নোৱাৰা অনুভূতি। মই আমাৰ মহাবিদ্যালয় ৰাষ্ট্ৰীয় সেৱা আঁচনি গোটৰ এজন স্বেচ্ছাসেৱক হোৱা হেতুকে মোৰ মনত এটা কথাই বৰকৈ আমনি কৰিছিল,মোৰ নিজৰ পৰিয়ালৰ সুৰক্ষা যেনেদৰে গুৰুত্বপূৰ্ণ ঠিক তেনেদৰে এই অঞ্চলৰ জনসাধাৰণৰ বাবে মই কি কৰিব পাৰো? কিন্তু এই প্ৰশ্নৰ সমাধান কম সময়ৰ ভিতৰতে লাভ কৰিবলৈ সক্ষম হ'লো। মহাবিদ্যালয়ৰ তৰফৰপৰা কোভিডৰ ভয়াবহতা আৰু ইয়াৰ পৰিত্ৰাণৰ বাবে সজাগতামূলক অনুষ্ঠানৰ আয়োজন কৰিলো। গাঁৱে-গাঁৱে গৈ মাইক্ৰ'ফোনযোগে ইয়াৰ সাৱধানতাৰ বিষয়ে জনসাধাৰণক জনাব চেষ্টা কৰিলো। স্থানীয় প্ৰশাসনকো এই ক্ষেত্ৰত সহায়ৰ হাত আগবঢ়াবলৈ ‌ প্ৰচেষ্টা হাতত ল'লো। গাঁৱৰ কিছুসংখ্যক ৰোগীয়া ব্যক্তিৰ মেডিচিনৰ প্ৰয়োজনীয়তা অনুভৱ কৰি মেডিচিন যোগান ধৰিবলৈ চেষ্টা কৰিলো। যিহেতু আজিকালি সকলো সামাজিক মাধ্যমত জড়িত হৈ থাকে,গতিকে সকলোকে কোভিডৰ ভয়াৱহতা আৰু ইয়াৰ পৰিত্ৰাণৰ বিষয়ে সামাজিক মাধ্যমতো অৱগত কৰিলো। সকলো বেয়া দিশৰ ভিতৰত এই সময়ছোৱাত দেখিবলৈ পোৱা এটা ভাল দিশ হ'ল যে গাঁৱৰ নিবনুৱা যুৱকসকলে সংস্থাপনৰ বাবে বাবে ক্ষুদ্ৰ ক্ষুদ্ৰ দোকান -পোহাৰ আৰম্ভ কৰিলে। লকডাউনে আগৰ গাঁৱৰ পৰিৱেশ সম্পূৰ্ণ সলনি কৰি পেলালে। জীৱিকাৰ সন্ধানত হাবাথুৰি খাই ফুৰা ,আদ্দা দি ফুৰা দাদাঁহতে আজিকালি পাচলি,মাছ-মাংস,ফল-মূলৰ দোকান আৰম্ভ কৰিলে।এই কোভিডেই হয়তো দুখৰ মাজতো কিছু সুখৰ সন্ধান দিছে । জীৱন সংগ্ৰামৰ এই যাত্ৰাত এতিয়া দাদাহতৰ দৰে সেই নিৱনুৱাসমূহেও একো একোজন যোদ্ধা হিচাপে থিয় দিছে। Nitumoni Kumar Ist Semester

Monday 22 March 2021

আধুনিকতাৰ ব্যস্ততাৰ মাজত আত্মীয়তাবোধৰ অভাৱ লগতে ম'বাইল ব্যৱহাৰ!

জীৱন আৰু ব্যস্ততা ইটোৰ লগত সিটো এৰাব নোৱাৰা সম্পৰ্ক। সময়ৰ গতিৰ লগে লগে ব্যস্ততাৰ সূত্ৰও সলনি হৈছে। আজিৰ আধুনিক পৃথিৱীত সকলো ব্যস্ত নিজৰ কেৰিয়াৰ অথবা নিজৰ আকাংক্ষা পূৰণ কৰাৰ স্বাৰ্থত‌। কাৰো কথা ভাবিবলৈ অথবা আনক সহায় কৰিবলৈও যেন কাৰো আহৰি নাই। আনকি পৰিয়ালৰ সতে আত্মীয়ৰ সতে, ওচৰ চুবুৰীয়াৰ সতে দুটা মনৰ কথা পাতিবলৈ সময়ৰ অভাৱ‌। তাহানি উৎসব-পাৰ্বন, বিয়া-সবাহ বুলি ক'লে আত্মীয়, কুটুম, ওচৰ চুবুৰীয়াই ঘৰ উদুলী মুদুলী কিন্তু বৰ্তমান সময়ত তেনে এক পৰিৱেশ পাবলৈ নাই। সৰুতে আমিও দেখিছিলো উৎসৱ বুলি কলে আলহী অতিথিয়ে ঘৰ ভৰি পৰে কিন্তু বৰ্তমান সময়ত সকলো ব্যস্ত নিজক লৈ‌। ওচৰ চুবুৰীয়াৰ ঘৰত বিয়া বা সকাম থাকিলে আৰম্ভণিৰে পৰা শেষলৈ সকলো কাম ওচৰ চুবুৰীয়া তথা আত্মীয়ই চলাই নিয়া আমি দেখিছিলো কিন্তু বৰ্তমান সময়ত সৰুতকৈও সৰু কাম কৰিবলৈ পইচাৰ বিনিময়ত মানুহ বিচাৰিব লগা হয়। ইয়াৰ একমাত্ৰ কাৰণ মানুহৰ মনত আত্মীয়তাৰ অভাব ঘটিছে। মানুহবোৰে ব্যস্ত পৃথিৱীত উচ্চকাংক্ষাৰ পিছত দৌৰি পাহৰি গৈছে আত্মীয়তাবোধৰ কথা। সৰুতে দেখিছিলো ওচৰ চুবুৰীয়া কাৰোবাৰ অসুখ হ'লে চিকিৎসালয়লৈ নিয়া বা চিকিৎসালয়ত ৰোগীৰ সতে থাকা মানুহৰ অভাৱ নাছিল কিন্তু আজিৰ সময়ত ৰোগীৰ সতে থকা মানুহৰ বাবদ পইচা দিব লগা হয়। এতিয়া ভাবিলে ভাৱ হয় অতি কম সময়ৰ ভিতৰতে মানুহৰ মনবোৰ সলনি হৈছে।আচৰিত ভাৱে মানুহবোৰ আত্মকেন্দ্ৰীক হৈ পৰিছে। আজিৰ সময় সচাকৈয়ে সলনি হৈছে। আজিৰ সময়ত ওচৰৰ ঘৰৰ কাৰোবাক মাতিব লগা হ'লে ৰিঙিয়াই মাতাৰ বিপৰীতে ফোন এটা কৰি মাতাটো ভাল বুলি বিবেচনা কৰে।সময় সচাকৈয়ে সলনি হৈছে আৰু তাৰ লগতে সলনি হৈছে মানুহৰ মন আৰু ইয়াৰ মাজতে যেন হেৰাই যাব লৈছে আত্মীয়তা, আন্তৰিকতা এইবোৰ।মানুহ বোৰ ব্যস্ত হৈ পৰিছে ম'বাইলক লৈ। ম’বাইল ফোনটোতে গোটেই পৃথিৱীখন পোৱা যায়,অথচ পৃথিৱীখনৰ ভাল দিশটো চাবলৈ আমি যিমান উদগ্ৰীৱ হৈ থাকো,তাতোকৈ বেছি বেয়া দিশটো চাবলৈ উদগ্ৰীৱ হওঁ। সেয়েহে চাগৈ সমাজৰ বহু লোকৰ মানসিকতা অৱনমিত হৈছে,বহু লোকৰ মানসিকতা অৱনমিত হৈছে,বহু অসামাজিক ঘটনাই সমাজখনক চুই গৈছে।আকৌ ম’বাইল ফোনটো কাণত লৈ বাৰ্তালাপত ব্যস্ত থকাৰ পৰিণতিত বহু দুৰ্ঘটনাও সংঘটিত হৈছে। বহুতেই জীৱন পৰ্যন্ত হেৰুৱাবলগীয়া হৈছে।এক তথ্য মতে,ম’বাইল ফোন কাণত লৈ অত্যধিক কথোপকথনত লিপ্ত হ’লে মানুহে শ্ৰৱণশক্তি হেৰুৱাব পাৰে,মগজুত কু-প্ৰ্ভাৱ পৰিব পাৰে।তদুপৰি ম’বাইল ফোনৰ মাত্ৰাধিক ব্যৱহাৰে নাৰী আৰু শিশুৰ আচৰণত পৰিৰ্ৱতন আনিব পাৰে।গৰ্ভস্থ সন্তানৰ বিকাশত বাধা আহিব পাৰে,যৌন জীৱনত কু-প্ৰভাৱ পৰে।আনহাতে ম’বাইল ফোনেই আমাৰ মনোযোগহীনতা,স্মৃতিশক্তি হ্ৰাস,উদ্বিগ্নতা আদিৰ কাৰণ হ’ব পাৰে।ম’বাইল ফোনৰ পৰা নিৰ্গত বিকীৰণে ডি এন এ-ত প্ৰভাৱ পেলোৱাৰ লগতে আমাৰ স্বাস্থ্যৰ আন বহুতো ক্ষতিসাধন কৰে। ইয়াৰ মাত্ৰাধিক ব্যৱহাৰৰ ফলত আমাৰ মাজৰ আন্তৰিকতাখিনিও হ্ৰাস পাইছে। সামাজিক মাধ্যমৰ মাজত থাকি মানুহ বোৰে পাহৰি গৈছে বাস্তৱ পৃথিৱীক। উচ্চকাংক্ষা প্ৰত্যেকৰে থাকে তাহানিতো আছিল আজিও আছে। কিন্তু পৰিয়ালক পাহৰি আত্মীয়ক পাহৰি নহয়। উন্নতিৰ শিখৰ জখলা আৰোহণ কৰিবলৈ' নিজৰ কৰ্মৰ লগতে পৰিয়ালৰ সহায়, সহযোগ গুৰুত্বপূৰ্ণ। সময় গতিশীল। ই কাৰোবাবে নৰয় তথাপিও মই আশা কৰোঁ মানুহৰ মনত পুনৰ সেই আত্মীয়তাবোধ গঢ়ি উঠক। আনৰ সুখত সুখী বা আনৰ দুখত দুখী হব পৰাকৈ মানুহৰ হাতত যেন কিছু সময় ৰৈ যায় তাকেই বিচাৰোঁ।আধুনিকতাৰ ব্যস্ততাত আত্মীয়তা, আন্তৰিকতা এই শব্দ বোৰ যেন হেৰাই নাযায়। এই শব্দ বোৰৰ অৰ্থ যেন আমি সৰুতে পাই অহাৰ দৰে মধুৰ হৈয়ে ৰয়! ✒️ ভাস্বতী দেৱী যোগাযোগ আৰু সাংবাদিকতা বিভাগ, গুৱাহাটী বিশ্ববিদ্যালয়।

Is Celebrating Women's Day Enough?




8th March is round the corner. The BIG DAY , when all of us flaunt our pride in being a woman. But does that pride sustain? Being a girl, at one point or the other , I regret being so. I am pretty sure every female for once in their life time has undergone through that. The concerning issue is 'Why?' . Women are respected, given equal rights and opportunities. Not only these, a special day is reserved to honour their achievements and glorify them. Despite all these, why is it that at some point we regret being a female? 8th March, is celebrated as International Women's Day in order to highlight the economic, social, political achievements of women and reflect on their progress. International Women's Day has enlightened the issues effecting women all over the world and this day belongs to every individual irrespective of their gender who believes in equal status for women. The growing trend of celebrating Women's Day will never cover up the injustice faced by a certain class of women. Undoubtedly, women have proved their capabilities and strengths in every sphere, taken up leadership in different fields, sacrificed but we can't deny the fact that the least paid jobs are also done by women. The difference in pay between a male and a female is called the Gender Pay Gap. This gap is worsening for young women in many places including Britain and America . According to the Gender Pay Gap Index of 2020 , India has slipped to the 112th position from 108th position in 2018. This depicts the reality of women's condition in India. Even we in a way unknowingly contribute towards this gap when we tend to pay less or bargain with our maid or the woman selling vegetables. But the class of women who feel inferior to another quietly tolerate thinking that it's the dominant class speaking.Somewhere I feel , the tolerating capacity of a woman, her fear that things might fall apart, her struggle to hold on to responsibilities till the last breathe are some of the reasons which make them vulnerable. At this point of time when we are celebrating 46th International Women's Day, we know how strong we are ,we know how sufficient we are. Thus quoting Madeleine Albright " It took me quite long to develop a voice, and now that I have it, I am not going to be silent ", I would urge to celebrate our entire lives as a woman , as a life giver. Ananya Mahanta 1st semester Department of Communication and Journalism

Sunday 21 March 2021

চিটিবাছৰ সংৰক্ষিত আসন, যুৱ প্ৰজন্মৰ চেতনা, ফেচবুকমুখী এখন সমাজ ই‍ত‍্যাদি।

দৃশ‍্য ক- উজানবজাৰৰ পৰা আদাবাৰীলৈ চিটিবাছত গৈ আছোঁ। মোৰ সমুখৰ চিটটোত এজন আদবয়সীয়া মানুহ। তাৰ আগৰ চিটটোত দুজন প্ৰায় ওঠৰ বছৰীয়া যুৱক যুৱতী। আদবয়সীয়া মানুহজনে স্মাৰ্টফোনত কিবা টাইপ কৰি আছে। দেখিলো সেয়া ফেচবুক, তাত মানুহজনে কিবা এটা পোষ্ট লিখি আছে। লিখাৰ মাজে মাজে সমুখৰ চিটটোত বহা যুৱক যুৱতীহালৰ ফালে দেখুৱাই বাছৰ কণ্ডাক্টৰজনক কিবা কিবি কৈ আছে। মাজে মাজে কথা কওতে মানুহজনৰ উষ্মা প্ৰকাশ পাইছে। পিছে কণ্ডাক্টৰজনৰ মুখমণ্ডলত 'মই কি কৰিব পাৰো' ধৰণৰ ভংগীমা। মানুহজনে আকৌ মোবাইলত টাইপ কৰাত লাগিল। তেওঁলোকৰ প্ৰজন্মটোৱে কি কি ভাৱে, সামাজিক মাধ‍্যমক কেনেধৰণে ব‍্যৱহাৰ কৰে জানিবলৈ মোৰ সদায়ে এক আগ্ৰহ আছে। কৌতুহলবশতঃ মোৰ মানুহজনৰ মোবাইলৰ স্ক্ৰীণখনত চকু গ'ল। আদবয়সীয়া মানুহজনে লিখি থকা পোষ্টটো এনেধৰণৰ আছিল, "চিটিবাছত মোৰ সমুখৰ চিটটোত দুজন ওঠৰৰ পৰা বিশ বছৰীয়া যুৱক যুৱতী। নিজৰ মাজত কথাত মচগুল। পিছে চিটটো জ‍্যেষ্ঠ নাগৰিকৰ বাবেহে সংৰক্ষিত, কাষত থিয় দি আছে এগৰাকী ষাঠিৰ ঊৰ্ধ্বৰ ব‍্যক্তি। কিন্তু যুৱক যুৱতী হালৰ চিটটো এৰি দিব লাগে বুলি কোনো কাণষাৰ নাই। কণ্ডাক্টৰৰো দায়িত্ববোধৰ অভাৱ।" পিছে মানুহজনে কথাষাৰ ল'ৰা ছোৱালী হালক প্ৰত‍্যক্ষভাৱে কোৱা নাই, ইচ্ছা কৰিলে তেওঁ কব পাৰে। স্বাভাৱিকভাৱেই তেওঁতকৈ প্ৰায় একুৰি বছৰ সৰু যুৱক যুৱতী হালক নজনাটো শিকাই দিব পাৰে। নাইবা তেওঁ নিজৰ চিটটো তেওঁতকৈ বয়স্ক ব‍্যক্তিজনক এৰি দি যুৱক যুৱতীহালৰ ওচৰত উদাহৰণ হৈ থিয় দিব পাৰে। পিছে তেওঁৰ প্ৰতিবাদ ফেচবুকমুখী হ'ল। দৃশ‍্য খ- ভাগৰুৱা দেহাৰে, আবেলি ৰুমত সোমাই বিচনাখনতে এনেই বাগৰি ফেচবুক স্ক্ৰ'লিং কৰিছো। সেই একেই যান্ত্ৰিকতাৰ মাজতে পোষ্টবোৰত দি গৈছোঁ একোটা লাইক। হঠাৎ এটা পোষ্টত ৰৈ গলো। এই পোষ্টটোও লিখিছে এজন আদবয়সীয়া মানুহে, "যুৱক জনৰ নাম আইজুল হক। ছিপাঝাৰত ঘৰ। পেচাত গাড়ী চালক। গুৱাহাটীত মেজিক চলায়, আদাবাৰীৰ পৰা নাৰেংগীলৈ। সোমবাৰে এই আইজুল হকৰ মেজিকখনতেই মই আমবাৰীৰ পৰা আদাবাৰীলৈ আহিছিলো ধাৰাসাৰ বৰষুণৰ মাজত‌। আজি এইজন আইজুলৰ বিষয়ে দুআষাৰ কব বিচাৰিছোঁ। যিটো সময়ত বহুতো গাড়ীৰ চালক কৰ্মচাৰীৰ অভব্য আচৰণত মানুহ বিৰক্ত হয়, এনে সময়তো আইজুল হকৰ দৰে চালক আছে বুলি ভাবিবলৈ টান। আইজুলৰ ব্যৱহাৰ অতি মাৰ্জিত, অতুলনীয়। যাত্ৰীৰ প্ৰতি অতি সহানুভূতিশীল। যান বাহন আইন অমান্য নকৰে, যাত্ৰীৰ পৰা এটকাও বেছিকৈ নলয় তেওঁ। ক'ভিড প্ৰট'কলৰ নিয়ম মানিহে তেওঁ গাড়ীত মানুহ উঠায়। মই আইজুলৰ ব্যক্তিত্বক সঁচাকৈ সন্মান জনাইছোঁ। ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ, সুস্থ শৰীৰেৰে আইজুল হক যুৱপ্ৰজন্মৰ আদৰ্শ হৈ থাকক।" এই মানুহজনে গাড়ীৰ চালকজনক দিয়া স্বীকৃতিখিনিও পিছে ফেচবুকৰ চাৰিবেৰৰ মাজত আবদ্ধ। তাৰ পিছতো এই প্ৰচেষ্টা ধুনীয়া। সমাজৰ বাবে আদৰণীয়। জ্ঞানপ্ৰতীম দেৱ শৰ্মা যোগাযোগ আৰু সাংবাদিকতা বিভাগ, গুৱাহাটী বিশ্ববিদ্যালয়।

Web series: New found flavor of youth

There was actually a time when people of India, especially the women, would discuss about the Saas - Bahu melodrama series of Ekta Kapoor as if it was an integral part of their lives. Television was dominated by such content and besides films there was little variety available for the viewers. But today things are different where we are exposed to web series which have fast replaced television and movie theatres. Now we hear the young generation narrating stories of web series which has become the staple for the new generation. Web series are now gaining popularity in India as the young generation could relate to the content unlike the homogeneous stereotypical melodrama of 90’s. Today's youth talk about the content like- horror series, stand-up comedies, love stories, sci-fi thrillers, crime thrillers, modern relationships among others. Emergence of fast telecom and wire services put an end to the internet crisis in India to a certain extent and for these internet web series platforms like- Netflix, Amazon Prime, ALT Balaji, Hotstar have given a big push among the audience of India, especially the youth. Now a day’s people find it comfortable to sit in their respective places and watch things that are available online. The percentage of people going to the cinema hall for movies has drastically dropped during Covid 19 period and also the price of the tickets are so high that people could easily take subscription on web series platforms for a month with the same amount. The flexibility of viewing the available content as well as the wide variety of content in pocket friendly prices has led its popularity. As the nature of the content of the web series is bold and it does not try to hide the real image of the society and this idea somewhere working in attracting the young generation towards web series. Game of Thrones, Breaking Bad, The Crown, Money Heist, Dark among othres are some of the most popular English web series in the world. People watch episode after episode on one go. Indian content creators are also doing great in the field of web series. There are so many Indian web series (Hindi) popular among the audience. Sacred Games, Panchayat, Mirzapur, Kota factory, Special Ops, Patal lok, The family man among others are so creatively drafted that it feels like consuming a slice of life. Nepotism and favouritism are now very common in the film industry and for this fresh and new talents are being neglected. So many talented actors have been shifting to web series that we could easily find out many versatile actors from web series. As an audience I am also fond of web series. I have been watching web series since long and during this lockdown due to corona I could really get the time to watch many English and Hindi web series. I always try to find motivation through the character and I was positively influenced by some characters of a web series. There are also ways people could negatively influence. Web series have adult content –so keeping it child safe is very essential. Biki Sarmah 1st Smester

নৃত্য, অৱসাদ, লকডাউন, ইত্যাদি

"কিমান নো আৰু নাচি-বাগি থাকিবি পঢ়া- শুনাতো অলপমান মন দে" কিন্তু কি কৰো ভাল লগাবোৰ যে এৰিদিব নোৱাৰি। সৰুৰে পৰাই নাচি-বাগি মই বৰ আনন্দ পাইছিলো। মাঁয়ে সদায় কৈছিল "কিমান নো আৰু নাচি-বাগি থাকিবি পঢ়া-শুনাতো অলপমান মন দে" কিন্তু নাই নৃত্য আৰু মই যে এডাল সূতাৰেই পাগ খাই আছো। সেয়েহে সৰুৰে পৰা পঢ়াৰ লগতে নৃত্যও কৰিছিলো। সৰুতে স্কুলত, তাৰপাছত কলেজত আৰু এতিয়া বিশ্ববিদ্যালয়ত এনেদৰেই নাচি আহিছিলো আৰু বিভিন্ন ধৰণৰ নৃত্য প্ৰতিযোগিতাতো আগভাগ লৈছিলো। মাঁহতে দুই এটা গালি পাৰিছিল কিন্তু হ'লেও নেনাচি কেনেকৈ নো থাকো , এনেদৰেই জীৱন চলি আছিল এনেতে হঠাৎ আহিল এদিন কৰুনা মহামাৰী অথাৎ COVID 19 এই মহামাৰীৰ বিষয়ে আমি সকলোৱে জ্ঞাত ইয়াৰ লগে লগে প্রায় ৯ মাহ কাল দীঘলীয়া তলাবন্ধৰ বাবে ঘৰতে থাকিব লগা হৈছিল। ইমান দীঘলীয়া বন্ধত বৰ আমনিও পাইছিলো মাজে মাজে ভাৱো কিনো কৰো? কিমান নো আৰু ঘৰতে এনেকৈ বহি থাকিম? এদিন ভাবিলো, " যিহেতু, আজিকালি সকলোৱে YouTube ত ভিডিও বনাই আছে মইয়ো এটি YouTube channel খুলি তাতেই Dance ৰ ভিডিও আপলোড কৰো। এনেদৰেই YouTube ত পোনপ্ৰথমবাৰৰ বাবে এটা channel খুলিলো তাৰ পিছত মই ২০২০ চনৰ জুলাই মাহৰ ২৮ তাৰিখে YouTube ত মোৰ প্ৰথমটো ভিডিও আপলোড দিলো। তাৰপাছতে মই মোৰ প্ৰথমটো নাচৰ ভিডিও আপলোড কৰিলো ২০২০ চনৰ আগষ্ট মাহত আৰু অধিক বেছি নহ'লেও সকলোৰে ফালৰ পৰা খুবেই বেছি প্রশংসা লাভ কৰিছিলো। মোৰ নৃত্যত বিভিন্ন জনে বিভিন্ন ধৰণৰে প্রশংসাৰ শৰাই দিছিল আৰু বেছি subscribers তথা like পোৱা নাছিলো যদিও ওচৰ-চুবুৰী, বন্ধু- বান্ধৱী, পৰিয়ালৰ লোক সকলৰ পৰা যি প্রশংসা লাভ কৰিছিলো সেইয়া সচাঁই মোৰ বাবে যথেষ্ট আছিল। এনেদৰেই YouTube ৰ দৰে এখন মুকলি মঞ্চত মোৰ বহু কেইটা ভিডিও ৰ ভালেমান views আহিছিল। মই বিখ্যাত নহ'লেও দুই এজন লোকে যি মোৰ প্ৰশংসা কৰিছিল সেয়াই মোৰ বাবে যথেষ্ট আছিল। "আগতে মাঁয়ে যে কৈছিল সেই কথাষাৰ কিমান নো আৰু নাচি-বাগি থাকিবি পঢ়া-শুনাতো অলপমান মন দে" এতিয়া মাঁ ৰ এই কথাষাৰ শুনিও বৰ আমেজ লাগে কিয়নো মাঁ ৰ এই গালি পৰাৰ আঁৰতো যে লোকাই আছে অলেখ প্রশংসা, মোৰ নৃত্যৰ প্রশংসা। কিন্তু লক'ডাউনৰ সেই সময়খিনিত নৃত্যই সঁচাই মোক বহুত খিনি ক্ষেত্ৰতে সহায় কৰিছিল। নৃত্যই মানুহক আনন্দ দিয়ে আমি সকলোৱে জানো যে নৃত্যই মানৱ শৰীৰৰ ভাগৰুৱা মনক সজীৱ কৰি তোলাত সহায় কৰে। লক'ডাউনৰ সেই সময়খিনিত আমি সকলোৱে মানসিক ভাৱে ভাঙি পৰিছিলো, আমি সকলোৱে অৱসাদ অনুভৱ কৰিছিলো। কিন্তু সেই সময়ত মোক নৃত্যই ব্যক্তিগতভাবে নিজৰ মনটিক সৱল কৰি ৰখাত সহায় কৰিছিল। লক'ডাউনৰ সেই সময়খিনিত যেতিয়া মই স্নাতক মহলাৰ তৃতীয় বর্ষৰ ছাত্রী আছিলো আৰু আমাৰ সেইসময়ত স্নাতক ডিগ্রি লাভ কৰাৰ ক্ষেত্ৰতো বহুত পলম হৈ পৰিছিল তেতিয়া আমি বহুতো চৰকাৰী চাকৰীত আবেদন পএ দিয়াৰ পৰা বঞ্চিত হ'লো তথা স্নাতক মহলাৰ চূড়ান্ত পৰীক্ষাৰ ক্ষেত্রতো বহু ধৰনৰ অসুবিধাৰ সম্মুখীন হ'বলগা হৈছিল। ফলত আমাৰ চূড়ান্ত পৰীক্ষা আয়োজন কৰাৰ ক্ষেত্রতো অধিক বেছি বেমাজালীৰ সৃষ্টি হৈছিল যাৰ ফলত মোৰ দৰে সকলো ছাত্র-ছাএী অলপ হ'লেও অৱসাদ অনুভৱ কৰিছিল৷ এনেবোৰ কাৰণত মইয়ো মাজে মাজে অধিক বেছি হতাশা অনুভৱ কৰিছিলো। কিন্তু নৃত্যই মোক সহায় কৰিছিল এনেবোৰ হতাশা, অৱসাদক সামকাটি সজীৱ আৰু সতেজ হৈ থকাত। যিহেতু লক'ডাউনত অধিক সময় ঘৰতে শুই বহি কটাব লগা হৈছিল সেইবাবে মোৰ স্বাস্থ্যটো কু- প্রভাৱ পেলাইছিল কিন্তু নৃত্যই মোৰ স্বাস্থ্যটো ভালে ৰখাত যথেষ্ট সহায় কৰিছিল। এনেদৰেই নৃত্য মোৰ এক সুমধুৰ আভাসৰ লগে লগে বিশাদৰ ঔষধ হিচাপেও কাম কৰিছিল আৰু মোক প্রেৰণা দিয়াত সহায় কৰিছিল। যিকি নহওঁক সঁচাই বৰ ভাল লাগিছিল। বিখ্যাত youTuber হ'বপৰা নাই যদিও তথাপিও ভাল লাগে যেতিয়া কোনোবাই কয় "খুৱ ভাল লাগিলে ভিডিও টি চাই তুমি সুন্দৰ নৃত্য কৰিছা" এইয়াই এক সুমধুৰ আভাস নিহয়নে বাৰু? বেছি নহ'লেও অকণমান খুনিকে যেন বুকুত সামৰি এদিন আগুৱাই যোৱাৰ আছে অদম্য হেঁপাহ। নাম- পম্পী দাস ৰোল নং-১৩ যোগাযোগ আৰু সাংবাদিকতা বিভাগ

যাত্ৰী সকল ডেকা হোৱাটো বাধ্যতামূলক নে ! গোলপীয়া বাছে কিদৰে সহায় কৰিব?

বিশ্ববিদ্যালয় জীৱনৰ প্ৰথমদিনটোৰ পৰা প্ৰায় এটা সপ্তাহ চিটি বাছত অহা যোৱা কৰি এষাৰ বাক্যৰ মুখামুখি প্ৰায় সদায়েই হৈছিলো। "এই বুঢ়া সোপাক উঠাব‌ই নালাগে উঠোটেও সময় নষ্ট নামোটেও সময় নষ্ট" এই কথাষাৰৰ মুখামুখি দুদিনো হৈছিলোঁ। যেনেদৰে আমি আমাৰ নিজৰ পিতৃ মাতৃক ভাল পাওঁ, শ্ৰদ্ধা কৰোঁ ঠিক তেনেদৰে প্ৰতিজন বৃদ্ধ বা বৃদ্ধাই কাৰোবাৰ নহয় কাৰোবাৰ পিতৃ অথবা মাতৃ সেই কথাটো আমি প্ৰত্যেকেই বুজাটো উচিত। এক চেকেণ্ড সময় মানুহৰ বাবে খুব গুৰুত্বপূৰ্ণ, কিন্তু সময়ৰ পিছত দৌৰি মানৱতাক গ'লে নহয়। বাছ এখনত উঠা প্ৰত্যেকজন যাত্ৰীয়ে সমান। প্ৰত্যেকজন যাত্ৰীয়ে বাছত উঠাৰ বিনিময়ত উচিত মূল্য দিয়ে। বয়সৰ গ‌ইনা লৈ বাছত উঠা যাত্ৰী বাছনি কৰাটো উচিত নহয়। এই কথা প্ৰায়ে লক্ষ্য কৰিছিলোঁ চিটি বাছবোৰে এখনৰ আগত আনখন যোৱাৰ প্ৰতিযোগিতাত যাত্ৰী সকল উঠোতে বা নামোতে অধিক সময় ল'লে কেটেৰা জেঙেৰা কৰা কথাবোৰে মোক অতিষ্ঠ কৰি তুলিছিল। এজন বৃদ্ধ লোকে হাতত বেগ এটা লৈ বাছৰ পৰা নামিবলৈ লৈছিল। হেণ্ডিমেন জনৰ কৰ্কষ মাতত সকলোৱে মূৰ তুলি চাইছিল, 'এনেকুৱা বুঢ়া মানুহক গাড়ীত উঠাব‌ই নালাগে'। বৃদ্ধ মানুহজনৰ মুখলৈ চাই এনে লাগিছিল মানুহজনে খুব লাজ পাইছিল।সেইখিনি সময়ত তেখেতৰ বাবে হয়তো বৃদ্ধ হোৱাটোৱেই অপৰাধ যেন লাগিছিল। ঘটনাটোৱে মনত খুব কষ্ট দিছিল। এক মূহুৰ্তৰ বাবে এনেকুৱা লাগিছিল আজি যদি ম‌ইও বৃদ্ধ হ'লো হয় মইও হয়তো এনেকুৱা ব্যৱহাৰে পালোঁ হয়। সকলো চালক ,হেণ্ডিমেন একে নহয় তাৰ মাজতে এনেকুৱাও বহুতো আছে যিয়ে বৃদ্ধ লোকক হাতত ধৰিও নমাই দিয়ে।মুদ্ৰাৰ যেনেদৰে দূয়োপিঠি একে নহয় , ঠিক তেনেদৰে মানুহৰো প্ৰত্যেকৰে স্বভাৱ একে নহয়। ঠাই ভেদে, পৰিৱেশ ভেদে প্ৰত্যেকৰে ব্যৱহাৰ, আচাৰ, আচৰণ ভিন্ন। আজিৰ ডেকা কালিলৈ বুঢ়া হব সেই বাবে বয়সৰ গ‌ইনা লৈ কাৰোবাক আঘাত কৰাটো উচিত নহয় । প্ৰত্যেককে সন্মান কৰাটো আমাৰ দায়িত্ব তথা কৰ্তব্য। অসম ৰাজ্যকি পৰিবহন বিভাগে গ্ৰহণ কৰা বিশেষ প্ৰদক্ষেপ পোন প্ৰথমে মই শলাগ জনাইছো । অসমৰ মাননীয় মুখ্যমন্ত্রী সৰ্বানন্দ সোণোৱালৰ নেতৃত্বত আৰম্ভ হোৱা বিশেষ বাছ সেৱা "ভ্ৰমণ সাৰথি" নামেৰে বিনামূলীয়া বাছ সেৱাই জনসাধাৰণক যথেষ্ট পৰিমাণে উপকৃত কৰিছে । বিশেষ মহিলা আৰু বয়োজেষ্ঠ্য সকলক বহু পৰিমাণে সকাহ দিছে ।বিভিন্ন সময়ত আমি দেখিবলৈ পাঁও যান-বাহনত মহিলা সকলে যথেষ্ট অসুবিধাৰ সন্মুখীন হ'ব লগীয়া হয় । শেহতীয়াকৈ অসম চৰকাৰে বিনামূলীয়াকৈ ২৫ খন কৈ গোলপীয়া বাছৰ জৰিয়তে এই সমস্যা সামাধানৰ ব্যবস্হা গ্ৰহণ কৰিছে । মই ব্যক্তিগত ভাবে অনুভব কৰো এই বাছ সেৱাই মহিলা সকলে দীৰ্ঘদিন ধৰি সম্মুখীন হৈ অহা সমস্যা সমূহ কিছু পৰিমানে হলেও সকাহ পাব লগতে বয়োজেষ্ঠ সকলেও বহু পৰিমাণে উপকৃত হব। ✒️ ভাস্বতী দেৱী যোগাযোগ আৰু সাংবাদিকতা বিভাগ, গুৱাহাটী বিশ্ববিদ্যালয়।

"মই চোৰ নহয়। এয়া মই কাপোৰ আনিছোঁ , মোৰ পিন্ধা কাপোৰ ।" " এনেকে ক'লে কেনেকৈ হʼব , চোৰ বুলি কৈছে তোমাক, গতিকে অকনমান ভয় খোৱা আকৌ।"

জীৱনৰ পঞ্চম খন নাটক। নাম আছিল "অম্ৰাৱতীৰ অতিথি"।চৰিত্ৰ আছিল ৰীতা। বুকুত বহুত সপোন বান্ধি অম্ৰাৱতীৰ অতিথি নাট খন কলিয়াবৰ মহাবিদ্যালয়ৰ মঞ্চত উপস্থাপন কৰিবলৈ আগবাঢ়িছিলো। সৰুৰে পৰাই যে নাটক , নৃত্যৰ লগত নিজকে ব্যস্ত ৰাখি খুব ভাল পাইছিলোঁ। পঢ়া শুনাৰ প্ৰতি যে নিচাটো সৰুৰে পৰাই নাছিলে । কেতিয়াবা আইনাৰ সন্মুখত নিজকে অসমীয়া চলচ্চিত্ৰ জগতৰ নায়িকা বুলি ভাবি কৈ থকা সংলাপ বোৰৰ মাজত যে মাৰ মাতটোত উচপ খাই উঠিছিলোঁ " ঐ পঢ়া টেবুললৈ গ'লি নে ? খালি আইনাৰ সন্মুখত নাচ, গান এইবোৰেই "।তথাপি যে সৰুৰে পৰাই ভাল লগা বোৰৰ মাজত সদায় নিজকে বিলীন কৰি ৰাখিছিলোঁ।।। পঞ্চম খন নাটক , কিন্তু মোৰ দায়িত্ব গধুৰ। সপোন কলিয়াবৰ মহাবিদ্যালয়ৰৰ আলোচনী খনত শ্ৰেষ্ঠ অভিনেত্ৰীত নিজৰ ফটো খন উজ্বলাই ৰখা। তাতোকৈ ডাঙৰ কথা আছিল মোৰ চৰিত্ৰতো আগৰ চাৰিখন নাটকত কৈ বেলেগ আছিল। মোক বোলে হেনো ঋণাত্মক চৰিত্ৰত হে ভাল লাগে। আৰু মিছাও নাছিল এইখন নাটক কৰাৰ আগলৈকে মই অকল ঋণাত্মক চৰিত্ৰ কৰিছিলো।" চকু দুটা ডাঙৰ কৰি, ডাঙৰ ডাঙৰ মাতেৰে , এটা শব্দত কব গলে "দাংকাটি" চৰিত্ৰ বৰ ভাল পাইছিলোঁ। কিন্তু এইখন নাটকত চৰিত্ৰতো মোৰ একেবাৰে বেলেগ আছিল। ফটা পেনি, দুফালে দুডাল বেণু, এজনী অজলা , সহজ সৰল গাওঁৰ ছোৱালী। ঘৰত মাক আৰু ভায়েক। এনেকুৱা এটা চৰিত্ৰৰ বাবে মই সঁচাই বৰ কষ্ট কৰিব লগা হৈছিল। কিন্তু কৰবাত নহয় কৰবাত বহুত ভাল লাগিছিল। আমাৰ পৰিচালক দাদা জনৰ পৰা প্ৰায়েই গালি নোখোৱাও নহয়,।আকৌ সময়ে‌ সময়ে, "এইছ বঢ়িয়া ,এনেকেই দিবা নিজৰ পাৰ্ফমেঞ্চ,শ্ৰেষ্ঠ অভিনেত্ৰী খাটাং"বুলি সাহস নিদিয়াও নহয়। নাটকৰ আগ ৰাতি সপোনটোত যে সংলাপেই মাতি আছিলোঁ। নাটকৰ মঞ্চত উঠাৰ আগত ভয়ে খুন্দা মাৰি ধৰিছিল। আৰু লগৰ তোৰ সাহস "কিবা হলে মই মিলাই লৈ যাম, মুঠতে আজি মঞ্চ কঁপাই দিম" আৰু এই সাহস গোটাই নিজৰ সৰ্বোচ্চ দিছিলোঁ। লগৰ চৰিত্ৰত থকা কেইটাও বৰ ভাল আছিল। সকলোৰে সহায় সহযোগিতাৰ মাজত যে নাটক খন ভাল দৰে কৰিলোঁ। দৰ্শকৰো আশা কৰা ধৰণে সঁহাৰি দেখি মনৰ ভিতৰতে খুব ফুৰ্টি পাইছিলোঁ।
এফালে শ্ৰেষ্ঠ অভিনেত্ৰী হোৱাৰ সপোন আন ফালে ভয়। এইটো কলেজৰ শেষ বছৰ,যদি শ্ৰেষ্ঠ হ'ব নোৱাৰো ,সপোনবোৰ চোন সপোনে হৈয়েই থাকিব।ইমানবোৰ চিন্তাই আউল লগাই থাকোতেই যেতিয়া শ্ৰেষ্ঠ অভিনেত্ৰীত মোৰ নামটো মহাবিদ্যালয়ৰৰ মঞ্চত উচ্চাৰিত হৈছিল, ফুৰ্টিত দুচকুৰে চকুপানী বৈছিল। শ্ৰেষ্ঠ নাটক, শ্ৰেষ্ঠ অভিনেতা, শ্ৰেষ্ঠ কৌতুক অভিনেতা, শ্ৰেষ্ঠ পৰিচালক সকলোবোৰ খিতাপ আমি পাবলৈ সক্ষম হৈছিলোঁ।। "ছোৱালী জীৱনটো এখন বগা চাদৰৰ দৰে , এবাৰ দাগ্ লাগিলে এৰুৱাবলৈ বৰ টান"ৰ দৰে মজবুত সংলাপবোৰ বুকুত দকৈ বহি গৈছিল। আজি অতীতলৈ ঘুৰি চালে সেই বিশেষ দিনবোৰলৈ বৰকৈ মনত পৰে।মনত প্ৰায়েই ভুমুকি মাৰে সেই বিশেষ শাৰীটো-"এইবছৰৰ শ্ৰেষ্ঠ অভিনেত্ৰী হিমানী কলিতা"। নাম :- হিমানী কলিতা যোগাযোগ আৰু সাংবাদিকতা বিভাগ গুৱাহাটীৰ বিশ্ববিদ্যালয়

Saturday 20 March 2021

THE WHITE TIGER' REVIEW: A TASTE OF REALITY

Ramin Bahrani is back with another hit "The White Tiger" which has been adopted from the 2008 Booker Prize Winner novel of the same name, "The White Tiger". "The White Tiger" is a satirical depiction of independent India which sets light on the caste system, feudalism, corruption, patriarchy, and poverty prevalent in the country. Balram Halwai (Adarsh Gourav), the main character of the movie,belongs to a caste of 'sweet makers.' As a young boy Balram is considered to be a bright student by his teachers and impressed by his performance, a teacher even promises to send him to the country's glorious capital, Delhi. However,fate had something else in store for this yung boy filled with dreams. The movie is a roller-coaster ride of emotions that takes one back to the innocence of childhood and abruptly brings back the harsh reality of adulthood. It mocks the 'socialist' government and their empty promises with the punch line 'Election promises had taught me how important it is not to be a poor man in a free democracy.' Balram's voice speaks volumes for the 0.01% of the population whodare to question the system and escape the 'rooster-coop.' The rooster-coop is a symbolic representation of the condition of depressed classes in India. The servants in India are raised and brought up to be servants as their dreams are shattered in the game of politics, casteism, feudalism, and corruption. The only way of escaping is to either commit a crime or join politics. In the film, despite, being a bright student as a kid, Balram has to quit his schooling to support his family financially. Fast forward, he starts to work in a tea-stall. However, unlike his brother, he's unable to accept his reality and still aspires to rise above his social status. Finally, Balram gets his final chance as he's appointed as the zamindar's son's chauffeur. He's a loyal servant but he's also often drawn towards the glamour of 'freedom'. The first half of the movie portrays Balram's inner struggle between servitude and the want of freedom. In the second half, Balram finally decides to liberate himself from the rooster-coop. But, what will he choose, crime or politics? The film is filled with symbolism. In recent years, there has been a rise in the use of symbols in movies. In this movie, 'basement for drivers' can closely be associated with the devastating living conditions of the poor who are devoid of the light of hope. In a scene, Balram is mesmerized by the city lights but as he decides to convey his joy to his master, he was pushed aside and shown the way to the basement, which symbolizes the shattering of dreams of the poor by the people born with a silver spoon. The movie also questions the meaning of 'educated', in one of the scenes, Balram can be seen making up stories for his masters while driving them through the countryside, the masters don't question him and blindly follows whatever is stated by him, this scene points towards the clear ignorance of countryside by people living in the urban area and thus the term 'educated fools'. The characters in the movie have justified their roles. It was interesting to see Adarsh Gourav in his first leading role. The movie also stars Priyanka Chopra as Pinky and Rajkumar Rao as Ashok. The ending of the movie leaves the audience in a state of confusion regarding the morality and righteousness of Balram, the protagonist of the movie, and the future of a country with socialism, secularism, and democracy ingrained in its constitution. -Seema Daimary PG 1st Semester Department of Communication and Journalism Gauhati University

GANGUBAI KATHIAWADI : POWERFUL, BOLD & KIND

‘Strength. Power. Fear.’ is what director Sanjay Leela Bhansali had described about Gangubai portrayed by Alia Bhatt. With the teaser release of the much awaited movie ‘Gangubai Kathiawadi’ last week, the teaser received numerous positive reviews from the audience and Alia Bhatt’s portrayal of the title character of the movie was much appreciated. The movie is a biopic of Gangu who was a lady mafia, pimp and politician of the 60’s era. Another Biopic from Bollywood? Will it really worth investing our time after the Lockdown Vacation? The movie has taken references from Hussain Zaidi’s book “Mafia Queens of Mumbai”. According to the book, Ganga was born in Gujarat’s Kathiawar in the 40’s. From her childhood, Ganga always dreamt of being a Bollywood actress. She fled away from home with her father’s clerk, Ramnik Lal to Bombay and got married. But, she was sold off for prostitution by her husband in Bombay’s red light area of Kamathipura. During her days in the brothel, she was brutally raped twice by one of the men of Karim Lala, the then famous Mafia of Bombay. In order to seek justice, she went to Karim Lala after which Karim Lala punished the man severely for his crime. Gangu tied a ‘rakhi’ to Karim Lala showing gratitude towards him. Later, she became powerful having strong political connections. She was said to be the only lady to own a Bentley then. She also ran a sex racket in the red light area of Heera Mandi, Lahore. Although she ran illegal business, she was much respected by the society since she never forced a lady into prostitution without consent. She dedicated her life for the welfare of the sex workers and orphans in the society. In her remembrance, her statue still stands tall in Kamathipura, Mumbai. It will be quite interesting to watch all the phases of Gangubai’s life in the movie. Alia Bhatt shines out throughout the whole teaser justifying Gangubai from her walking style to the accent. It is for the first time that Sanjay Leela Bhansali is working with Alia Bhatt. SLB’s past report cards guarantees that he will impress the audience making it another ‘Bhansalian Epic’. Starting with Khamoshi (1996) to Hum Dil De Chuke Sanam (1999) & Devdas (2002) to Black (2005) and the recent ‘Ramleela’ (2013), Bajirao Mastani (2015) & Padmaavat (2018), Bhansali shines still among the audience’s hearts. The movie also has supporting casts of Shantanu Maheshwari, Vijay Raaz, Indira Tiwari & Seema Pahwa with Ajay Devgn, Emraan Hashmi & Huma Qureshi in cameo appearances. Gangubai Kathiawadi releases on 30th July, 2021. By N Rohit Kumar Ist Semester Ningthoujam Rohit Kumar Singh 1st Semester

Tuesday 16 March 2021

Survival of a mental disorder person

People with mental health disorder are surviving every day through their daily struggles but we have rarely discussed it on any platforms. Starting from children to teenagers to adults to people of old age, one in every household we can find a person suffering from mental health issues if we think of doing a survey.
Earlier many people believe that mental disorder is a stigma and it cannot be talked about publicly. Even in the society in which I am living today, I can still see people hesitate to talk about mental health problems and some even make fun of them such as mad, moron etc. Not per se, everybody thinks mental health is a stigma, but what I have gone through in my life people take it quite casually. The most common advice I get from people is "chill"," everyone face this", "even I have anxiety". The main reason behind this is maybe due to lack of communication and trust and the final option left for a person is to feel lonely and ultimately opt for suicide.Necessary steps are taken today for mental health and the school curriculum also includes how to deal with mental illness. In the year 2018 UK appoints the first-ever minister in charge of tackling loneliness and combating social isolation. According to research, more than 9 million people always or often feel lonely, around 200,000 older people have not had a conversation with a friend or relative in more than a month, and up to 85 per cent of young disabled adults? 18-34-year-olds feel lonely. (a statement is taken from the article written by Aditi Khanna). This year Japan has also appointed Minister for Loneliness to check rising suicide cases in wake of coronavirus, as per reports. Japan has recorded more than 426,000 Covid-19 cases and 7,577 deaths, according to data from John Hopkins University and most of the cases involve suicidal cases.

ভাল লাগে নিজৰ গাঁওখন

গাঁওখনৰ সৌন্ধৰ্য , বায়ু- পানীৰ সঁচাকৈয়ে মাদকতাই বেলেগ। চহৰত থাকিও প্ৰতিদিনে মনটো মোৰ নিজৰ গাঁওখনলৈ ঢাপলি মেলে। যান্ত্ৰিকতা আৰু আধুনিকতাই জীৱনৰ প্ৰকৃত আমেজ কাঢ়ি লৈছে। শেষ ৰাতি কুকুৰাৰ কুকৰু কু শব্দত প্ৰায়ে মোৰ টোপনি ভাঙি যায়। ঘৰত থাকিলে প্ৰাৰ্থনা কৰাটোও বাধ্যতামূলক হয় পৰে । প্ৰাৰ্থনা কৰাৰ পাছত অৱশ্য দেহ- মন পাতল হৈ পৰে। জাৰকালি মাৰ হাতৰ টেকেলি পিঠা আৰু গাখীৰ চাহৰ সোৱাদ, এই চহৰৰ কফি, স্পেচিয়েল চাহেও পুৰাব নোৱাৰে। জাৰৰ দিনত গা ধুই স্কুললৈ যোৱাৰ আগত গৰম ভাত আৰু গৰম লাওঁ শাকৰ পিটিকা, ৰাতিয়ে ৰান্ধি ৰখা বৰালি মাছ আৰু লাওৰ আঞ্জাৰ তুলনা আজিৰ বিলাসী হোটেলৰ বিৰীয়ানি, ফ্ৰাইড ৰাইচে মোক দিব নোৱাৰে। মাৰ হাতৰ তিল , ধনীয়া আদিৰ চাটনিৰ সোৱাদ জিভাত যেন আজিও লাগিয়ে আছে। গৰমৰ দিনত ৰাতিপুৱা আমি ঘৰৰ ধানৰ চাউলৰ পইতা ভাত, পিয়াজ আৰু কেঁচা জলকীয়াৰে বোৰ তৃপ্তিৰে খাইছিলো। দিনটোৰ বাবে শৰীৰটোও সবল হৈ থাকিছিল। আজি চহৰৰ আধুনিকতাত যেন সকলো হেৰাই গৈছে। মনত পৰে সৰু থাকোঁতে মাৰ লগত বাৰীত শাক - পাচলি ৰুইছিলো । মায়ে এতিয়াও কৰে কাম বোৰ। সেইবিলাকৰ সোৱাদ আজিৰ বজাৰৰ শাক- পাচলিত নাইকীয়া হল, আজি মানুহৰ চাহিদা আৰু অধিক উপাৰ্জনৰ কাৰণেই ৰাসায়নিক সাৰ মিহলাই প্ৰকৃত সোৱাদেই নাইকীয়া কৰি দিলে। আজিও ঘৰত গৈ সেই সোৱাদ লব পাৰো। এই চহৰবোৰত, যান- বাহনৰ অতিমাত্ৰা চলাচলে শব্দ - বায়ু আদিৰ প্ৰদূষণ কৰিছে যাৰ বাবে আমি উশাহত পৰিষ্কাৰ অক্সিজেনও গ্ৰহণ কৰিব পৰা নাই। এতিয়াও আবেলি সময়ত যেতিয়া খেলপথাৰলৈ লক্ষ্য কৰোঁ সৰু লৰা- ছোৱালীবোৰে খেলি থাকে যিটো কাম আমাৰ এসময়ত , আমাৰ অভ্যাসত পৰিণত হৈছিল। গাওঁৰ কিমান গাওঁৰ লৰা - ছোৱালীয়ে দৌৰিবলে আহিছে, সেনা বাহিনী, পুলিচত যোগদানৰ বাবে প্ৰয়াস অব্যাহত ৰাখিছে, বহুতৰে ইতিমধ্যে চাকৰিও হৈ গৈছে। মোৰ গাঁৱৰ প্ৰতিটো দৃশ্যই মোক কবিতা লিখিবলৈ অনুপ্ৰেৰণা যোগায়। পথাৰৰ ধাননি, জাৰকালিৰ কুঁৱলী সনা ৰাতিপুৱা, ফাগুনৰ নিৰস দিন , প্ৰাকৃতিক সৌন্ধৰ্যৰে ভৰা পৰিৱেশ আৰু আপোন মানুহবোৰৰ মৰমে হৃদয়ত চিৰদিনৰ বাবে ঘৰ বান্ধি ৰাখিছে। সেইবাবেই গাঁওখন খুব বেছি ভাল লাগে । যতেই থাকোঁ মনটো গাঁৱলৈহে উৰা মাৰে। ৰেহেনা পাৰবীন, যোগাযোগ আৰু সাংবাদিকতা বিভাগ, গুৱাহাটী বিশ্ববিদ্যালয়

সপোনৰ নগৰী গেংটকলৈ


            ভ্ৰমণ কৰি বহুতেই ভালপাওঁ।নাজানো কিয় সৰুৰে পৰা ই এক অনন্য অভিজ্ঞতা।এক প্ৰকাৰ কবলৈ গলে ভ্ৰমণ মোৰ অভিৰুচি । নেদেখা ঠাই উপভোগ কৰি,বিভিন্ন ঠাইৰ বিষয়ে অজ্ঞাত অজস্ৰ কথা জানি,বিভিন্ন জনজাতিৰ লোকৰ সৈতে যোগাযোগ স্থাপন কৰি,কথোপকথন কৰি পোৱাৰ মাদকতাই সুকীয়া ।বহু দিনৰ পৰাই ভাৰতবৰ্ষৰ স্বচ্ছ ৰাজ্য ছিক্কিমৰ গেংটক চহৰলৈ যোৱাৰ হেঁপাহ মনত পুহি ৰাখিছিলোঁ।সেই হেঁপাহ বাস্তৱত পৰিণত হৈছিল ২০১৯ বৰ্ষৰ ১১ জানুৱাৰী তাৰিখে।মই মোৰ পৰিয়ালৰ সৈতে ১১জানুৱাৰী তাৰিখে গহপুৰৰ পৰা গেংটক অভিমুখে সন্ধিয়া ৩ বজাত "বাছৰে যাত্ৰা আৰম্ভ কৰিছিলোঁ,সেইদিনা যেন মোৰ আনন্দৰ সীমা নাছিল।কিয়নো বহুদিন ধৰি সাঁচি ৰখা এটি সপোন বাস্তৱত পৰিণত হ'বলৈ মাজত মাথো কিছু ক্ষণ।প্ৰায় ১৫ঘণ্টা সময় যাত্ৰাৰ পাছত অৱশেষত ১২/০১/২০১৯তাৰিখ পুৱা ৬ মান বজাত আমি শিলিগুৰিত উপস্থিত হৈছিলোঁ । শিলিগুৰিৰে এখন হোটেলত মুখ হাত ধুই খন্তেক জিৰাই ৰাতিপুৱাৰ চাহ কাপ খাই আমি Sikkim transport corporationৰ গাড়ীত গেংটকলৈ বুলি পুনৰ যাত্ৰা আৰম্ভ কৰিছিলোঁ।ৰাস্তাৰে গৈ থাকোঁতে প্ৰকৃতিৰ সুন্দৰ পৰিৱেশ উপভোগ কৰিছিলোঁ।অন্তৰত স্ফুৰ্তিৰ সীমাহীন জোৱাৰ উঠিছিল । গেংটক গৈ পাওঁতে সেইদিনা আমাৰ সন্ধিয়া হৈ গৈছিল বাবেই গেংটক চহৰ অলপ- চলপ ফুৰি আমি তাৰেই হোটেল এখনত নিশাটো কটাইছিলোঁ।সঁচাকৈ অতি মনোমোহা পৰিবেশ, কিতাপ বা ইণ্টাৰনেটৰ জৰিয়তে ছিক্কিমৰ বিষয়ে যি শুনিছিলো তথা পঢ়িছিলোঁ সকলো যেন প্ৰত্যক্ষ ৰূপত দেখিবলৈ পাইছিলোঁ। ভবাতকৈ বহুগুনেই গেংটক চহৰখন সুন্দৰ আছিল। সেইদিনা গেংটকৰ ঠাণ্ডা আছিল মাত্ৰ 1° C । ইমান ঠাণ্ডা মই কেতিয়াও পোৱা নাছিলোঁ। বৰফৰ মাজৰ প্ৰাকৃতিক পৰিৱেশ উপভোগ কৰি মই স্বৰ্গত থকাৰ দৰে অনুভৱ কৰিছিলোঁ।পাছদিনাখন অৰ্থাৎ ১৩তাৰিখৰ দিনা আমি ৰাতিপুৱা ৮ টা বজাত tsongmo হ্ৰদ ফুৰিব গৈছিলোঁ।হ্ৰদটো সম্পূৰ্ণ বৰফেৰে পৰিপূৰ্ণ হৈ আছিল ।জানুৱাৰী মাহ হোৱাৰ কাৰণে হ্ৰদত তাপমান আছিল -6°C । Tap ৰ পৰা পানী ওলোৱা নাছিল, আমি ব্যৱহাৰ কৰা পানী বায়ুৰ সংস্পৰ্শত অহাৰ কিছু সময়ৰ ভিতৰতেই গোট মাৰিছিল । । হ্ৰদৰ কাষত আমি Yak ত উঠিছিলো, কেতিয়াও এনে অভিজ্ঞতা নাছিল বাবে ভয় লাগিছিল কিন্তু উপভোগও কৰিছিলো সেই ক্ষনটি, বহু আনন্দ কৰিছিলোঁ । Tsingmo হ্ৰদৰ পৰা আমি চীন ভাৰতৰ আন্তৰ্জাতিক সীমাৰ কাষে কাষে "Nathula pass" ৰ ফালে আগবাঢ়ি গৈছিলো।কিন্তু দুৰ্ভাগ্যবশত: বৰফ পৰি ঢাক খাই যোৱাৰ বাবে পথ বন্ধ আছিল আৰু সেইবাবেই আমি তালৈ গৈ পোৱা সম্ভৱ নহল। আমি ৰাস্তাৰ পৰা কাঞ্চনজংঘা পৰ্বত দেখিছিলো।খুবেই সুন্দৰ প্ৰাকৃতিক পৰিৱেশ। এবাৰ যোৱাৰ পিছত বাৰে বাৰে যোৱাৰ হেঁপাহ জাগে। ডাৱৰ বিলাক ৰাস্তাৰ মাজেদি পাৰ হৈ গৈছিল। ছিক্কিমৰ গেংটক সঁচাকৈয়ে স্বৰ্গ পুৰি বুলি কব পাৰি।ইয়াৰে প্ৰাকৃতিক দৃশ্য,বৰফেৰে আবৃত পাহাৰ, মানুহৰ ব্যৱহাৰ, চাফ চিকুনতা সকলোৱে মোৰ মনত বুজাব নোৱাৰা অনুভূতিৰ সৃষ্টি কৰিলে । আমি দুইদিন গেংটকত পাৰ কৰিছিলোঁ । সেই দুটা দিনত আমি গেংটক চহৰ সম্পূৰ্ণ ৰূপে ভ্ৰমণ কৰিব নোৱাৰিলোঁ যদিও বহুতো নেদেখা ঠাই চোৱাৰ অভিজ্ঞতা এটা হ'ল, পৰিয়ালবৰ্গই লগত এই দুইদিন কিমান সোনকালে পাৰ হৈ গল গমেই নাপালোঁ । এই দুইদিনত অজস্ৰ স্মৃতি বুকুত বান্ধি ঘৰমুৱা হলো আৰু গেংটকৰ প্ৰাকৃতিক পৰিৱেশ আৰু ছিক্কিমৰ সৌন্দৰ্যৰ এবুকু পাহৰিব নোৱাৰা স্মৃতি ৰূপে হৃদয়ত সজাই থলোঁ।।

কৰিস্মিতা দেৱী, প্ৰথম ষান্মাষিক
ৰোল নং-২২

দেৱাল শিল্পৰ প্ৰচাৰ আৰু প্ৰসাৰ

 সাম্প্ৰতিক কালত দেৱাল শিল্প হৈ পৰিছে জনসাধাৰণৰ মাজত তাৎক্ষণিক বাৰ্তা প্ৰেৰণৰ এটি অন্যতম মাধ্যম | জনমানসত সৃষ্টি কৰা প্ৰতিক্ৰিয়াৰ প্ৰতি লক্ষ্য কৰি পৰম্পৰাগত শিল্প কলাৰ ধাৰাসমূহৰ উৰ্দ্ধত দেৱাল শিল্পৰ স্থান বুলিব  পাৰি | বৰ্তমান সমাজত এই শিল্পৰ জনপ্ৰিয়তা আৰু সাফল্য বাৰুকৈয়ে লক্ষ্যনীয় | এইখিনিতে সৰ্বে চৰ্চিত কেইটামান উদাহৰণ দাঙি ধৰা হ'ল - 

  প্ৰথমতে,  জনপ্ৰিয় অথচ লোকচক্ষুত অপৰিচিত হৈ থকা শিল্পী ইংলেণ্ডৰ বেংকছীৰ কথাকে উল্লেখ কৰিব পাৰি | প্ৰতিবাদী ভাষা আৰু ৰাজনৈতিক নেৰেটিভৰ প্ৰকাশৰ বাবে এইগৰাকী শিল্পীৰ শিল্পকৰ্মৰ জনপ্ৰিয়তা তুংগত বিৰাজ কৰিছে | সামাজিক বিষয়ভিত্তিত বিশেষভাৱে উল্লেখযোগ্য তেখেতৰ শেহতীয়া দুটা শিল্পকৰ্ম হ'ল "ভেলেন্টাইন ডে' (ফেব্ৰুৱাৰী,  ২০২০)" আৰু "গেম চেণ্জাৰ (মে',  ২০২০) " |
  শেহতীয়াভাৱে, দেৱাল শিল্পই অসমৰ সামাজিক তথা ৰাজনৈতিক প্ৰেক্ষাপটতো সাধাৰণ জনতাৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈ আহিছে | বিগত বৰ্ষৰ নৱেম্বৰ মাহত চাৰিগৰাকী স্থানীয় শিল্পীৰ দ্বাৰা কাৰাৰুদ্ধ কৃষক নেতা অখিল গগৈৰ চিত্ৰসম্বলিত এখন দেৱাল চিত্ৰৰ বিষয়টো উল্লেখনীয় | তেওঁলোকে অখিল গগৈৰ মুক্তিৰ দাবীত দেৱাল চিত্ৰ অংকনৰ জৰিয়তে  প্ৰতিবাদী ভাষা জনতাৰ মাজলৈ আগবঢ়োৱাৰ এক প্ৰচেষ্টা চলাইছিল | কিন্তু অনুমতিবিহিন এই দেৱাল-চিত্ৰ অংকনৰ বাবে প্ৰশাসনে তেওঁলোকক  অংকিত চিত্ৰ দেৱালৰ পৰা আঁতৰ কৰিবলৈ বাধ্য কৰায় যদিও ই ৰাইজৰ মাজত বিশেষ আলোড়নৰ সৃষ্টি কৰিবলৈ সক্ষম হৈছিল | 

  উল্লেখনীয় যে, অতি প্ৰাচীন কালৰে পৰাই আমাৰ সমাজত দেৱাল-শিল্পকৰ্ম প্ৰচলিত হৈ আহিছে | আদি মানৱ সভ্যতাৰ বিকাশৰ সময়তে অংকিত গুহাচিত্ৰ দেৱাল শিল্পৰে নিদৰ্শন বুলিব পাৰি | ইতিহাসৰ পাত লুটিয়াই চালে ফ্ৰান্স, প্ৰাচীন গ্ৰীচ , ৰোমান,  ইজিপ্ত,  ইটালী আদি চহৰৰ বিভিন্ন শিলত 'গ্ৰাফিট' শিল্প কলাৰ ব্যৱহাৰৰ বিষয়ে জনা যায় | ইটালীয়ান ভাষাৰ 'graffiare' শব্দৰ পৰা ইংৰাজী 'গ্ৰাফিটী' শব্দটো আহিছে | এই গ্ৰাফিটী শব্দটোৰ অৰ্থ হৈছে আঁক মৰা,  আঁচ টনা আদি | সমান্তৰালভাৱে , খ্ৰীষ্টপূৰ্ব দ্বিতীয় শতিকাত নিৰ্মিত ভাৰতৰ অজন্তাৰ গুহাচিত্ৰই এই কলা পদ্ধতিৰ উৎকৃষ্ট নিদৰ্শন | সাধাৰণতে সেইসময়ত বিশেষকৈ   ধৰ্মীয় প্ৰচাৰ আৰু প্ৰেমৰ বিভিন্ন বাণীক এই চিত্ৰসমূহৰ জৰিয়তে প্ৰকাশ কৰা হৈছিল | ৬০ৰ ৰ পৰা ৯০ৰ দশকৰ সময়ছোৱাত দেৱাল শিল্প হৈ পৰিছিল , সহজতেই জনসাধাৰণক আকৰ্ষিত কৰিব পৰা এক প্ৰতিবাদী শিল্প মাধ্যম | এই শিল্পৰ মূল আধাৰ আছিল প্ৰতিবাদী ধাৰা আৰু দৈনন্দিন জীৱন যাপন কৰা সাধাৰণ মানুহক সামাজিক দায়িত্ব -বোধ সম্বন্ধে কলাত্মকভাৱে অৱগত কৰোৱা | 
 
শেহতীয়াকৈ, আমাৰ সমাজত এই শিল্পকৰ্মৰ প্ৰাধান্য যথেষ্ট বৃদ্ধি পাইছে | বিভিন্নজনে দেৱাল-চিত্ৰ অংকনৰ জৰিয়তে বিভিন্ন ঠাইত কোৰোনা মহামাৰীৰ বিৰুদ্ধে সাৱধানতা সম্পৰ্কে সজাগতাৰ প্ৰচাৰ কৰিছিল | সাম্প্ৰতিক সমাজত এইদৰেই দেৱাল-শিল্পই শক্তিশালী প্ৰতিবাদী বাৰ্তা প্ৰেৰণৰ অভিনৱ আৰু নব্য মাধ্যম হিচাপে বিশ্বৰ বিভিন্ন প্ৰান্তত দ্ৰুত জনপ্ৰিয়তা লাভ কৰিছে |


প্ৰেৰক: নয়না কলিতা 
           যোগাযোগ আৰু সাংবাদিকতা বিভাগ,               গুৱাহাটী বিশ্ববিদ্যালয় |

Monday 15 March 2021

লুইতৰ পাৰ জিলিকাই কৃষ্ণচূড়াৰ নগৰীৰ পৰা বিহাৰৰ মিথিলা বিশ্ববিদ্যালয়লৈ


২০১৯ চনৰ জানুৱাৰী মাহ। বছৰটোৰ পহিলা দিনকেইটাতে দাওঁ দাওঁ কৈ জ্বলিছে ৰাজ‍্য। প্ৰস্তাৱিত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধীতাৰে প্ৰতিটো দিনেই অসম বন্ধ। ৰাইজেও স্বতঃস্ফূৰ্ত  ভাৱে সহাৰি জনাইছে বন্ধৰ প্ৰতি। ৰাজ‍্যৰ চুকে কোনে ধৰ্ণা, অৱৰোধ। বিশ্ববিদ‍্যালয় মহাবিদ‍্যালয়ত অনিৰ্দিষ্টকালিন শ্ৰেণী বৰ্জন কাৰ্যসূচী। জাতি মাটি ভেটিৰ প্ৰশ্ন যেন ডেকা বুঢ়া সকলোৰে মুখে মুখে।

    তেনে এক সময়তে অসমৰ পৰা শ শ মাইল দূৰত সুদূৰ বিহাৰৰ দৰভংগা জিলাৰ মিথিলা বিশ্ববিদ‍্যালয়ৰ চৌহদত এজাৰ তৰুণ তৰুণীৰ মুখত গুৱাহাটী বিশ্ববিদ্যালয়ৰ জয়গান, সমস্বৰে দিয়া জয় আই অসম ধ্বনি। যেন সৰুকৈ হ'লেওঁ তাতো হৈছে এখন অসমীয়াৰ স্বভিমানৰ যুঁজ। ততো দেখুওৱা হৈছে অসমীয়াগিৰি- কিন্তু ধৰ্ণা, বন্ধৰে নহয় প্ৰতিভাৰে, দক্ষতাৰে, কামেৰে।
 

বিহাৰৰ মিথিলা বিশ্ববিদ্যালয়ত অনুস্থিত হ'ব লগা আন্তবিশ্ববিদ‍্যালয় পূৱমাণ্ডলিক ৰাষ্ট্ৰীয় যুৱ মহোৎসৱৰ বাবে সাজু হোৱা গুৱাহাটী বিশ্ববিদ্যালয়ৰ দলটোত সুকুমাৰ কলা শিতানৰ বাবে মোকো বাচনি কৰা হৈছিল। সেই উদ্দেশ‍্যে ২০১৯ চনৰ ১ জানুৱাৰীৰ দিনা দোকমোকালিতে আমি কামাখ্যা ষ্টেচনত ট্ৰেইনত উঠিছিলো। ট্ৰেইনৰ অভিজ্ঞতা বৰ বিচিত্ৰ আছিল। মই থকা কম্পাৰ্মেন্টটোত আমাৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ তিনিজনীয়া কুইজৰ দলটোৰ লগতে আমি সুকুমাৰ কলা শিতানৰ দলটো আছিলো। আমাৰ দবাটোৰ লগতে কাষৰ দবাটোৰ প্ৰায় আটাইকেইটা কম্পাৰমেন্ট আমাৰ দলৰ ল'ৰা ছোৱালীৰে ভৰি আছিল। লাহে লাহে সকলোৰে লগত চিনাকি হ'ব ল'লো। সেই যাত্ৰাত প্ৰতিজন সহযোগীয়ে আছিল একোটা অফুৰন্ত প্ৰতিভাৰ ভাণ্ডাৰ। সকলো বহুমুখী প্ৰতিভাধৰ। আমাৰ দলটোক নেতৃত্ব দিছিল অসমৰ বিশিষ্ট মুকাভিনয় শিল্পী তথা গুৱাহাটী বিশ্ববিদ্যালয়ৰ কৰ্মচাৰী কুলদীপ পাটগিৰি ডাঙৰীয়াই। উল্লেখ কৰিব লাগিব তেখেতে এইবাৰৰ সংগীত নাটক একাডেমীৰ যুৱ বঁটা লাভ কৰিছে। কুলদীপ দা মানুহজনৰ উৎসাহ, উদ‍্যম সকলো সময়তে আকাশলংঘী হৈ থাকে। ট্ৰেইনৰ ভিৰ অলপ কম হোৱা দেখিলেই আমি এটা চিঞৰ শুনো- " ৰিহাৰ্চল"। কুলদ্বীপ দাৰ সেই উৎসাহ আৰু আদেশৰ সুৰ থকা চিঞৰৰ লগে লগে আৰম্ভ হৈ যায় ভাৰতীয় সমবেত সংগীত, পাশ্চাত্য সমৱেত সংগীত অথবা ফ'ক অৰ্কেষ্ট্ৰাৰ আখৰা। আমিটো বাদেই ট্ৰেইনৰ আন মানুহৰো গা নাছি উঠে। ষ্টেছনত অলপ ৰ'ব লগা হ'লেই আৰম্ভ হৈ যায় নাটক, মাইম নাইবা স্কিটৰ আখৰা। অকল প্ৰতিযোগীতাৰ অভ‍্যাসেই নহয়, আৰম্ভ হৈ যায় আমাৰ নাগাৰা নাম, হ'লী গীত, নাওঁ খেলৰ গীত। সময় অসময় নাই, ট্ৰেইনৰ ডবাৰ ভিতৰতে হওঁক বা বিহাৰৰ কোনো জংচনৰ মাতিতে হওঁক বাজি উঠে আমাৰ অসমৰ সুৱদী সুৰীয়া লোক সংগীত। কোৰোবাৰ হাতত ঢোল, কোনোবাই ডবা, নাগাৰা, কোনোৱে লয় গীটাৰ, কোনোৱে বাঁহী, ম'হৰ শিঙৰ পেপা, টোকাৰী আৰু মই লওঁ হাৰমণীয়ামখন। আমাৰ চাৰিওঁফালে স্থানীয় মানুহেৰে ঠাহ খাই যায়। এবাৰটো পৰিস্থিতি এনে এটা পৰ্যায় পাইছিল, ৰেলৱে পুলিছ আহি আমাৰ চাৰিওফালে হোৱা ভিৰ ভাঙিব লগা হৈছিল, সেয়াওঁ দিনত নহয় ৰাতিৰ এঘাৰ বাৰ বজাত । ৰেলৰ ভিতৰতে হওঁক বাহিৰতে হওঁক মানুহে আমাক ভাল পাইছিল। আমি ক'ব লগা হোৱা নাছিল আমি অসমৰ বুলি, আমাৰ ঢোল, নাগাৰা দেখিয়ে বুজিছিল আমি অসমীয়া। বিহাৰৰ মানুহে আমাৰ সংস্কৃতিৰ প্ৰসংসা কৰিছিল। 
   
এনেকেই আমি বিহাৰৰ দৰভাংগা পাইছিলো। ঠাইবোৰ বৰ অপৰিস্কাৰ আছিল, ক'তো এটা ডাষ্টবিণ নেদেখিলো। বিশ্ববিদ‍্যালয়ৰ পৰিৱেশটো দেখি অলপ আশাহত হৈছিলো যদিওঁ আমি আমাৰ পৰিৱেশ নিজেই ভাল কৰি লৈছিলো। মিথিলা বিশ্ববিদ‍্যালয়ত ভাৰতৰ ভিন্ন বিশ্ববিদ‍্যালয়ৰ প্ৰতিভাশালী ছাত্ৰ ছাত্ৰীবোৰ আহিছিল। বেণাৰসৰ কাশী হিন্দু বিশ্ববিদ‍্যালয়, কলিকতাৰ শান্তি নিকেতন আদিকে ধৰি সমূহ লেখত ল'ব লগীয়া বিশ্ববিদ‍্যালয়ে তাত অংশগ্ৰহণ কৰিছিল। 
 
মিথিলা বিশ্ববিদ‍্যালয়ৰ বাবে যোৱা গুৱাহাটী বিশ্ববিদ‍্যালয়ৰ দলটোত ছাত্ৰছাত্ৰী আছিল প্ৰায় চল্লিছ জন। সমসংখ‍্যক ছাত্ৰ ছাত্ৰী আহিছিল কটন, তেজপুৰ আৰু ডিব্ৰুগড় বিশ্ববিদ‍্যালয়ৰ পৰাওঁ। তাত আমি সকলো অসমীয়া একেলগে আছিলো। সৃষ্টি হৈছিল এখন সৰুসুৰা অসম। অসমৰ বিশ্ববিদ‍্যালয় কেইখনে মিথিলা বিশ্ববিদ‍্যালয় চৌহদৰ ভিন্ন ঠাইত ৰিহাৰ্চলত ব্যস্ত আছিল। সেয়ে বিশ্ববিদ‍্যালয় খনৰ গোটেই চৌহদটো অনবৰতে ডোল, পেপা, নাগাৰাৰ শব্দৰে মুখৰিত হৈ আছিল। অসমীয়া অসমীয়া আবেগটো আমাৰ মনত তীব্ৰতৰ হৈছিল।


মই কাৰ্টুনিং প্ৰতিযোগীতাত অংশগ্ৰহণ কৰিলো। পাম বুলি বৰ এটা বিশ্বাস নাছিল। কিন্তু তাত থকা কেইদিন কষ্ট কৰিছিলো। অভ‍্যাস কৰিছিলো। সামৰণি অনুষ্ঠানৰ দিনা মঞ্চত মোৰ নাম ঘোষিত হোৱা শুনি স্বস্তিৰ নিশ্বাস এৰিছিলো। উক্ত যুৱমহোৎসৱত গুৱাহাটী বিশ্ববিদ্যালয়ে দ্বিতীয় শ্ৰেষ্ঠ বিশ্ববিদ‍্যালয়ৰ স্বীকৃতি লাভ কৰিছিল। সেইদিনা প্ৰায় ডেৰশ দুশ ল'ৰা ছোৱালীয়ে চিঞৰিছিল, "জয় আই অসম"। সামৰণী অনুষ্ঠানত সেই বিশ্ববিদ‍্যালয়ৰ উপাচাৰ্যই আনবোৰ ছাত্ৰ ছাত্ৰীক উত্তৰ পূৰ্বাঞ্চলৰ ছাত্ৰছাত্ৰীসকলৰ শৃংখলাবদ্ধতাক অনুসৰণ কৰিবলৈ উপদেশ দিছিল।  বিহাৰত আমি উত্তৰ পূৱৰ ছাত্ৰ ছাত্ৰী সকলে, পাৰদৰ্শীতাৰ লগতে শৃংখলাবদ্ধতাৰ এক নজিৰ স্থাপন কৰিছিলো। 


ইয়াৰ পিছত আমাৰ উভতনি যাত্ৰা আৰম্ভ হৈছিল। আহোতেওঁ নাচ গানৰ একেই পৰিৱেশ। কিন্তু এই উভতনি যাত্ৰাত আমি অকলে নাছিলো। আমাৰ লগত আছিল স্বীকৃতি, শ্ৰেষ্ঠত্বৰ স্বীকৃতি। লাহে লাহে আহি আমি অসমত সোমালো। তেতিয়া অসম অগ্নিগৰ্ভা। ধৰ্ণা অৱৰোধ বন্ধৰ মাজে মাজে শুনিছো জয় আই অসম ধ্বনি। মনত পৰিল বিহাৰৰ মাটিত আমাৰ চিঞৰ কেইটা। সগৌৰৱে চিঞৰা জয় আই অসম ধ্বনি কেইটা। আমিওঁ যুঁজ কৰি আহিছিলো। কিন্তু সেই যুঁজ নাছিল ধৰ্ণা, প্ৰতিবাদ, অৱৰোধৰ, বৰং সেইখন যুঁজ আছিল পাৰদৰ্শিতাৰ, শৃংখলাবদ্ধতাৰ, কৰ্মৰ।


               জ্ঞানপ্ৰতীম দেৱ শৰ্মা
               যোগাযোগ আৰু সাংবাদিকতা বিভাগ,
               গুৱাহাটী বিশ্ববিদ্যালয়।

স্মৃতিৰ পাতত আজি সেই সময়.....




 ২০১১ চনৰ ১১ জানুৱাৰীৰ কথা।গোৰেশ্বৰৰ 'গ্ৰীণ টেক এণ্ড এডভেঞ্চাৰ' নামৰ দু:সাহসিক ক্ৰীড়া প্রতিষ্ঠানটোৰ সৈতে আমি প্ৰায় ২০ জনীয়া দল এটিয়ে খালিংদুৱাৰ অভিমুখে যাত্ৰা আৰম্ভ কৰিছিলোঁ।খালিংদুৱাৰ নামৰ ঠাইখন চুবুৰীয়া ৰাষ্ট্ৰ ভূটানত অৱস্থিত।ৰাতিপুৱা প্রায় ৬.০০ বজাত কুঁৱলীৰ আচ্ছাদন ফালি আমাৰ বাছখনে গন্তব্য স্থানলৈ যাত্ৰা আৰম্ভ কৰিছিল।সৌভাগ্যক্রমে মই বহিছিলো খিড়িকীৰ কাষৰ চিটটোত। এতিয়া ভাবিছো ভাগ্যৰ বলতহে যেন মই সেইদিনা সেই চিটটোত বহিবলৈ পাইছিলোঁ।যিহেতু ঠাণ্ডাৰ দিন আছিল,সেইবাবে খিড়িকীখন খুলিব পৰা নাছিলো যদিও মাজে-মাজে জুমি-জুমি প্রকৃতিক উপভোগ কৰিছিলো।মনত পৰিছিল বিৰিঞ্চি কুমাৰ বৰুৱাদেৱৰ উপন্যাস "সেউজী পাতৰ কাহিনী"লৈ আৰু তেতিয়াই ভাঁহি আহিছিল এখন স্বচ্ছ, নিৰ্মল সেউজীয়া দলিচা, চামেলিহঁতৰ খাৰুৰ খম-খম শব্দ।প্ৰথমবাৰৰ বাবে সেই নৈসৰ্গিক দৃশ্য উপভোগ কৰিব পাই মনটো আনন্দত নাচি উঠিছিল।চাহবাগানৰ সেই লুংলুঙীয়া ৰাস্তাত আমাৰ গাড়ীখন ৰখোৱা হৈছিল।
প্রায় জপিয়াই দিয়াৰ দৰেই গাড়ীৰ পৰা নামি গৈ উপভোগ কৰিছিলো প্রকৃতিৰ সেই অপৰূপ সৌন্দৰ্য্যক।গাইছিলো-
এটি কলি দুটি পাত 

ভূটিয়াচাং বাগিচাত 
লহপহীয়া হাতেৰে
কোনেনো চিঙিলে

অ' কোনেনো চিঙিলে।গীত গাই গাই চামেলীহঁতৰ লগত চাহপাত তুলিছিলো,মনৰ কথা পাতিছিলোঁ।আমাৰ হাতত যিহেতু সময় কম আছিল,সেয়েহে বৰ বেছিকৈ কথা পাতিব নোৱাৰিলোঁ।চাহ বাগানৰ চিনস্বৰূপে চাহপাত কেইটামান ঘৰলৈ যে লৈ আহিছিলো সেই কথা এতিয়াওঁ মোৰ মনত আছে।গাড়ীত উঠি পুনৰ যাত্ৰা আৰম্ভ কৰিছিলো।খিড়িকীৰে চাওঁতে দেখিলো চাহঘৰ আৰু ঘৰচীয়া ম'হ।পুনৰ আমাৰ বাছখন ৰৈ গ'ল, সকলোবোৰ যাত্ৰী বাছৰ পৰা নামি গ'ল।যিহেতু সকলোবোৰ নামি গ'ল মই আৰু তাত ৰৈ থাকিমনে?ততাতৈয়াকৈ নামি আহি ভিৰৰ মাজতে মূৰটো উলিয়াই দেখিলো এটা ডাঙৰ শিল।তাৰ সোঁফালে লিখা আছিল ভাৰত আৰু বাওঁফালে ভূটান। লগে লগেই আমাৰ গাইডজনক সুধিছিলোঁ -চাৰ,এয়া কি?তেখেতে খুব সুন্দৰকৈ বুজাই ক'লে যে-এইটো স্তম্ভ।এই স্তম্ভটো পাৰ হৈ আমি বিদেশী ৰাষ্ট্র ভূটানত প্রৱেশ কৰিম।কিছুসময় পাছতেই আমি আমাৰ গন্তব্য স্থান খালিংদুৱাৰত উপস্থিত হ'লো। খন্তেক সময় জিৰণি লৈ আমি সকলোৱে ঠাইখন চাবলৈ ওলাই গৈছিলো। মূলত: খালিংদুৱাৰ ঠাইখন হ'ল কাঠনি।ঠাইখন জৈৱ- বৈচিত্ৰ্যত অতি চহকী।ইয়াত আমি হাতী, বনৰীয়া গৰু, বনৰীয়া গাহৰি, পহু, বনৰৌ আদি দেখিবলৈ পাইছিলো।আমাৰ গাইড চাৰজনে কৈছিল যে বিশেষকৈ এই অৰণ্যখনত দুবিধ বান্দৰ,যেনে- ৰেচাৰ্চ বান্দৰ আৰু টুপীমূৰীয়া বান্দৰ আৰু কিছুমান সৰীসৃপ প্রাণী পোৱা যায়।অৰণ্যখনৰ বিশেষত্ব এয়ে যে ইয়াত প্রায় ১১৮ বিধতকৈ অধিক চৰাই বাস কৰে।তাৰভিতৰত White Capped Water Rester, Mountain Howk Eagle,Red Vented Bul-Bul চৰাইৰ নাম মোৰ মনত আছে। আমি দূৰবীণৰ সহায়ত বিভিন্নধৰণৰ চৰাই চাইছিলোঁ, বিভিন্ন ৰংৰ পখিলাও দেখিছিলোঁ।এই সকলোবোৰ চাই আমি নলৈ নদীৰ ওচৰৰ এডোখৰ ঠাইত জিৰণি লৈছিলোঁ।স্মৃতি সজীৱ কৰি ৰাখিবলৈ লগৰীয়াৰ লগত ফটোও উঠিছিলোঁ।বেলি ভাঁটি দিয়াৰ সময় হৈছিল আৰু লঘু আহাৰ গ্ৰহণ কৰি আমাৰো পুনৰ ঘৰলৈ অহাৰ সময় হৈছিল। খালিংদুৱাৰ ঠাইখন এৰি আহিবৰ মন নাছিল যদিও ঘৰলৈ উভতিবই লাগিব।সেয়েহে দুখ মনেৰে বাছত উঠিছিলো।পুনৰ আমি ঘৰলৈ বুলি যাত্ৰা আৰম্ভ কৰিছিলোঁ।বহুতো মধুৰ অভিজ্ঞতা লৈ ঘৰ মুখে উভতাৰ সময়ত এটা কথাই মনত দোলা দি গৈছিল। প্ৰাকৃতিক পৰিৱেশেৰে চহকী এখন ঠাই যাক নেকি আৰু কিছু কিছু ক্ষেত্রত গুৰুত্ব দি উন্নত মানৰ কৰি গঢ়ি তুলিলে  হয়তো পৰ্যটনৰ বাবে খালিংদুৱাৰ সকলোৰে পৰিচিত এখন সুন্দৰ ঠাই হৈ পৰিব।
        


দিশা শৰ্মা 
যোগাযোগ আৰু সাংবাদিকতা বিভাগ।

আধুনিকতাই কাঢ়ি নিলে বিহুৰ প্ৰকৃত আমেজ:





ৰাতিপুৱাই এটি সুগন্ধিয়ে মোক বিছনা ত্যাগ কৰিবলৈ বাধ্য কৰিলে ।  উঠি আহি দেখিলো,  সেয়া হেনো মাহ-হালধিৰ সুগন্ধি ।  আইতায়ে চালনি এখনত বহুতো বস্তুৰ যো-যা কৰি আছিলে। সিদিনা আছিল,  আমাৰ অতিকৈ চেনেহৰ গৰু বিহু । সেয়েহে আইতায়ে মাহ-হালধিৰ পৰা দীঘলতি, মাখিলতিলৈ যোগাৰ কৰি ৰাখিছে। 
            

দেখিলো ককাই গৰুজাক গোহালিৰ পৰা ওলাই  আনি, পুখুৰীৰ ফালে লৈ গৈ আছে। মইও পিছে পিছে ল'ৰ মাৰিলো ।  প্ৰথমে, গৰুকেইটাক মাহ-হালধি গাত সানি ,পুখুৰীত নমাই দিছে ।  হা-হা, চাই ভাল লাগিছিল, গৰু পোৱালি কেইটায়ে যেতিয়া পানীত নমাৰ লগে লগে জপিয়াই উঠিছিলে । গোটেই কেইটা গৰুক গা ধুৱাই  উঠি, ককাৰ লগত থেকেৰা, বেঙেনা, লাউ,  দীঘলতি, মাখিলতিৰে গৰুকেইটাৰ গাত মাৰি মাৰি গাইছিলো -
                   
  লাউ খা,  বেঙেনা খা 
 বছৰে বছৰে বাঢ়ি যা 
 মাৰ সৰু, বাপেৰ সৰু 
 তই হ'বি বৰ গৰু ।  

সচাকৈয়ে, বিহুৰ বতৰত ককা-আইতাৰ ঘৰত থকাৰ এক সুকীয়াই অনুভৱ আছিলে । 

 কিন্তু, বৰ্তমান সময়ত সেইধৰণে বিহু  উদযাপন কৰা দেখা পোৱা নাযায় । ৰঙালী বিহুত গাঁওৰ ৰাইজৰ লগত একেলগে ৰাজহুৱা পুখুৰীত গৰুক গা ধোৱা, ভোগালী বিহুত মেজিৰ তলত ভোজ ভাত খোৱা, কঙালী বিহুত খেতি পথাৰত আকাশবন্তি জ্বলোৱা বৰ্তমানে পৰিলক্ষিত নহয় । সময়ৰ সোতৰ লগত সকলো সলনি হয় গৈছে ।  বৰ্তমানে মাহ-হালধিৰ পৰিৱৰ্তে চেম্পু, চাবোন আৰু পুখুৰীৰ পানীৰ পৰিৱৰ্তে মটৰৰ পানীৰেহে  গৰুক গা-ধোৱা দেখিবলৈ পোৱা যায় । মেজিৰ তলৰ সলনি , ডাঙৰ ডাঙৰ বিলাসী হোটেলত খোৱা,  চাকিৰ পৰিৱৰ্তে ভিন্ন ভিন্ন ৰঙৰ লাইট ব্যৱহাৰ কৰা দেখা যায়। হয়, সময়ে আৰু ন  ন প্ৰযুক্তি বিদ্যায়ে সমাজখন উন্নত কৰি তুলিছে কিন্তু মানুহক দিনক দিনে এলেহুৱা আৰু  পুৰণি  নীতি-নিয়মৰ পৰা আতৰ কৰিহে পেলাইছে ।  

জানমন‍ি কলিতা 
প্ৰথম ষান্মাষিক
যোগাযোগ আৰু সাংবাদিকতা বিভাগ
গুৱাহাটী বিশ্ববিদ্যালয় , গুৱাহাটী।

Menstrual Health and Hygiene






Menstruation is an integral part of the female human experience, without which life itself would have been impossible. Yet, menstruation has been surrounded with a cloak of stigma and superstition for generations. Menstrual hygiene is one of the most important, yet neglected issues in the developing world.

In India approximately seventy percent of all reproductive diseases are caused by poor menstrual hygiene. It is a taboo subject, surrounded by silence and shame, that also restricts women's access to normal activities and services. The women in rural areas are the worst affected by this. People in those areas donot even have access to sanitary napkins. They still use clothes and rag which is not always possible to keep bacteria free. 

Feminine hygiene is important to maintain overall health and should be part of one's everyday hygiene rituals. Non-governmental organisations can help at grassroot level; they can connect with female of all strata and organise informational as well as interactive workshops. Providing toilets and absorbents are not enough, rather proper hygiene habit formation is complimentary to such basic amenities. Many female in India still thinks themselves to be impure during menstruation, they need to be convinced about their purity. Similarly, a scientific outlook needs to be prevailed about it among those who are actually dealing menstruation too heavily in their life. We need a nationwide movement in respect of female hygiene; this will not only support heath and well-being of women but also give them a more dignified life. 

In today's world, two billion people live without access to basic sanitation. For women and girls, this challenge is disproportionately difficult, making it a significant hurdle for women in the world today. 

- Sagarika Dey
 Ist Semester

Unemployment Woes in India: A Mass Communication Student’s Perspective

As a student diving into the intricate world of Mass Communication, we’re not just a spectator but a shaper of narratives, a voice amid the ...