Tuesday, 23 December 2025

ছাত্ৰ ৰাজনীতিত ব্যক্তিত্বৰ প্ৰমূল্যবোধ

  ছাত্ৰ ৰাজনীতি এক বিশেষ সুঁতি, যি ভৱিষ্যতে মিলিত হয় ৰাজনীতিৰ বিশাল সাগৰত তেনে ক্ষেত্ৰত এই সুঁতিত ভালদৰে সাঁতুৰিব শিকিলেহে অশান্ত সাগৰৰ ঢৌৰ সৈতে মোকাবিলা কৰিব পৰা যায়, তেনে ক্ষেত্ৰত ছাত্ৰ ৰাজনীতিৰ পৰা মূলসুঁতিৰ ৰাজনীতিলৈ পদাৰ্পণ কৰিবলৈ যিখিনি সাম্যক জ্ঞানৰ প্ৰয়োজন সেইখিনি শিক্ষাৰ্থী জীৱনতে আহৰণ কৰাতো উচিত। ব্যক্তিত্ব অবিহনে ৰাজনীতিৰ পথাৰত উন্নয়নৰ বীজ সিচিব নোৱাৰি, সেয়েহে ব্যক্তিত্ব বিকাশ অতি প্ৰয়োজনীয়। সকলোৰে নিজ নিজ আদৰ্শ থাকে আৰু সময়ৰ পাকচক্রত আদৰ্শৰ জলাঞ্জলি দিয়া বহু ৰাজনৈতিক নেতাও দেখিবলৈ পোৱা যায় তেনে ক্ষেত্ৰত আদৰ্শগত দিশটো ভৱিষ্যতলৈ কাৰোবাৰ বিচাৰ বিবেচনাৰ কাৰক হ'ব সেইয়াও স্থিৰ নহয়।



  বৰ্তমান একবিংশ শতিকাৰ যুগ, কৃত্রিম বুদ্ধিমত্তাৰ এই আধুনিক যুগত প্ৰতিগৰাকী ছাত্র নেতা অথবা নেত্ৰীৰ জ্ঞানৰ পৰিসৰ যদি সঠিক নহয় তেন্তে ভৱিষ্যতৰ যান্ত্রিক যুগত উন্নয়ন আৰু প্ৰকৃতি ৰক্ষাৰ ভাৰসাম্য কেনেদৰে বৰ্তাই ৰাখিব সেইয়া উল্লেখযোগ্য।ভাৰতৰ বৰ্ষৰ দৰে উন্নয়নশীল ৰাষ্ট্ৰ এখনৰ বাবে ৰাজনৈতিক দিশটো অতি গুৰুত্বপূৰ্ণ সেয়েহে শিক্ষিত তথা প্ৰগতিকামী ৰাজনৈতিক নেতাৰ অতি প্ৰয়োজন তেনে ক্ষেত্ৰত ছাত্র ৰাজনীতি হ'ব লাগে মূলসুঁতিৰ ৰাজনীতিৰ প্ৰাথমিক জ্ঞান আহৰণ কৰা এখন মঞ্চ। 


এতিয়া যদি আমি ছাত্ৰ ৰাজনীতিৰ আদৰ্শগত দিশটো বিশ্লেষণ কৰি চাওঁ তেন্তে আদৰ্শহীন নেতা গুৰিয়ালহীন নাওৰ সৈতে তুলনা কৰিব পৰা যায়, ব্যক্তিত্বৰ সৈতে আদৰ্শ অতি প্ৰয়োজনীয়।পন্থাৰ অধীন নহ'লেওঁ ছাত্ৰ জীৱনত নিজস্ব আদৰ্শৰ সৈতেও আগুৱাই যোৱাতো বৰ্তমান সময়ত ভুল বুলি ক'ব নোৱাৰি। সমস্যাক সন্মুখৰ পৰা নেতৃত্ব দি, উপভোগত সকলোৰে পিছত থাকি সহায়ৰ হাত আগবঢ়োৱা গৰাকীহে প্ৰকৃত নেতা। বৰ্তমানৰ সমাজ প্ৰিয় মানুহতকৈ সামাজিক মাধ্যম প্ৰিয় মানুহৰ সংখ্যা বেছি, এই ঢৌত নিজকে এৰি দিয়া নেতা হোৱাতকৈ, সেই ঢৌৰ বিপৰীতে এক নিদৰ্শন দাঙি ধৰা নেতাৰ বৰ্তমান সমাজত অতি প্ৰয়োজন। 


ছাত্ৰ ৰাজনীতিক লেতেৰা নলাৰ সৈতে তুলনা কৰা মানুহ অলেখ। কিন্তু এই লেতেৰা নলাটি পৰিষ্কাৰ কৰিবলৈ উৎসাহ জনোৱা মানুহ অতি কম। জাতীয় জীৱনৰ সৈতে সংলগ্ন হৈ সমাজহিতৈষী মনোভাৱ গঢ়ি উঠা উদ্যমী যুৱ প্ৰজন্মৰ অভাৱ নাই। কিন্তু সেই যুৱ চামক সমাজৰ পৰা আতৰাই ৰাখি যান্ত্রিকতাৰ পৃথিৱী প্ৰদান কৰা অভিভাৱকত্বৰ ফলতো বহু উদ্যমীয়ে নিজৰ লক্ষ্যৰ পৰা বিচলিত হোৱা দেখিব পোৱা যায়। তাৰ উপৰিও বৰ্তমান সময়ত আদৰ্শৰ অভাৱ, অনুকৰণ কৰিবলগীয়া ব্যক্তিত্বৰ যাৰ বাবে তৈলমৰ্দনৰ মাজেৰেও বহু পাবত গজা নেতাৰ আবিৰ্ভাৱ দেখিবলৈ পোৱা যায়। তেনে ক্ষেত্ৰত দেশৰ এক অতি গুৰুত্বপূৰ্ণ দিশটিত বৌদ্ধিক বিশ্লেষণ অতিকৈ প্ৰয়োজনী হৈ পৰিছে। সেয়েহে ছাত্ৰ ৰাজনীতিৰ পথাৰত নামিব বিচৰা সকলে প্ৰথমে নিজকে পৰিপক্ক কৰি সমাজৰ হকে আগুৱাই যোৱাতো উচিত, কিয়নো কাঁইট কলি পুষ্প মাতৃ পূজনত আগবঢ়োৱা নহয়। 


দ্বীপ জ্যোতি শৰ্মা

যোগাযোগ আৰু সাংবাদিকতা বিভাগ

গুৱাহাটী বিশ্ববিদ্যালয়।

No comments:

Post a Comment

ছাত্ৰ ৰাজনীতিত ব্যক্তিত্বৰ প্ৰমূল্যবোধ

  ছাত্ৰ ৰাজনীতি এক বিশেষ সুঁতি, যি ভৱিষ্যতে মিলিত হয় ৰাজনীতিৰ বিশাল সাগৰত তেনে ক্ষেত্ৰত এই সুঁতিত ভালদৰে সাঁতুৰিব শিকিলেহে অশান্ত সাগৰৰ ঢৌৰ...