Tuesday 21 May 2024

War over water: Lessons from India

 

 


The recent water scarcity in the Garden city of Bengaluru raised serious concerns among the people for the looming water problems that are staring at the faces of the major cities as well as the change in climatic conditions and unplanned development that have triggered the entire process. Water today is the primary cause of dispute and one of the reasons parties come and go out of power.

 

Water scarcity poses a significant challenge particularly in arid regions worldwide, with communities facing decreasing water supplies and increasing demands.  Centre and state are looking for innovative measures to address this elephant in the room.

 

In India, where several regions grapple with aridity, innovative technologies have emerged as beacons of hope in the quest for sustainable water management. These solutions not only conserve precious water resources but also offer pathways to resilience in the face of climate change.

 

One such innovation gaining traction in India is drip irrigation. Unlike traditional flood irrigation methods that often result in water wastage, drip irrigation delivers water directly to the roots of plants, minimizing evaporation and optimizing water usage. This technique has been particularly transformative for farmers in arid regions like Gujarat and Rajasthan, where water scarcity is acute. By adopting drip irrigation, farmers can cultivate crops more efficiently, conserving water while improving yields.

 

Rainwater harvesting is another technology making waves in India's arid landscapes. With millions of Indians dependent on monsoon rains for their water supply, capturing and storing rainwater has become paramount. In Rajasthan's Thar Desert, traditional rainwater harvesting structures known as "talabs" have been revitalized and supplemented with modern techniques such as rooftop rainwater harvesting systems. These initiatives empower communities to harness every drop of rainfall, providing a lifeline during dry spells.

 

Innovations in desalination technology are promising for coastal arid regions facing saltwater intrusion. Chennai, a city prone to water scarcity, has invested in desalination plants to increase its water supply. By converting seawater into drinkable water, these plants mitigate the impacts of drought and overexploitation of freshwater resources, ensuring a reliable water source for residents even during periods of prolonged dryness.

 

Furthermore, smart water management systems equipped with sensors and data analytics are revolutionizing water conservation efforts in arid regions. Cities like Bengaluru are utilising these technologies to monitor water usage in real-time, identify leakages, and optimize distribution networks. By leveraging data-driven insights, municipalities can enhance water efficiency and resilience to climate variability.

 

The challenges of water scarcity in arid regions demand innovative solutions, and India is at the forefront of pioneering technologies for sustainable water management. Through a combination of drip irrigation, rainwater harvesting, desalination, and smart water management systems, India has become a prime example of how innovation can pave the way towards a water-secure future.

 

According to an article in Down to Earth, published in March 20240, At least 1,473 instances of violence, conflicts and water-related issues have been reported worldwide between 1990 and 2023. Perhaps a more water centric policy could help curtail the conflicts and bring out the best in the way forward

 

Ajanita Kalita, 4rth Semester

Department of Communication and Journalism

Gauhati University

Monday 25 December 2023

Unemployment Woes in India: A Mass Communication Student’s Perspective

As a student diving into the intricate world of Mass Communication, we’re not just a spectator but a shaper of narratives, a voice amid the bustling media landscape. Among the many issues that demand our attention, unemployment stands as a formidable challenge gripping India.

Unmasking the Crisis


India, a land of diverse cultures and vibrant opportunities, grapples with the shadow of unemployment. The paradox of a burgeoning young population against a limited job market paints a concerning picture. The pandemic only exacerbated the situation, further tightening the job market’s grip and testing the resilience of the workforce.

Insights from the Field


My  journey through Mass Communication equips me with unique insights. I understand the power of storytelling, the significance of media in shaping opinions, and the need to amplify unheard voices. Take this understanding into the realm of unemployment. Shed light on the untold stories of those affected, magnify their struggles, and champion the need for inclusive policies and platforms.


Media’s Role: A Catalyst for Change


our role extends beyond reporting facts; it’s about crafting narratives that provoke thought and ignite action. Utilize our skills to highlight success stories, innovative solutions, and initiatives that strive to bridge the gap between skills and opportunities. Be the bridge between policymakers, the society, and the youth, fostering conversations that propel change.

Challenges and Opportunities


Delve into the complexities. Explore the challenges posed by technological disruptions, changing job landscapes, and the pressing need for upskilling. Uncover the potential opportunities in emerging sectors, encouraging your peers to embrace adaptability and cultivate skills that align with the evolving market demands.

Conclusion: A Call to Action


My journey through the corridors of Mass Communication is more than just acquiring knowledge. It’s about using my acquired wisdom to advocate for change, to amplify the unheard, and to catalyse actions that can uplift society.


As you navigate your path in this domain, remember, your words hold the power to inspire, inform, and influence. Use them wisely to address the issue of unemployment, making a meaningful impact in the realm of Mass Communication.


Thus, the issue of unemployment in India gains depth and meaning, waiting to be articulated, understood, and addressed. As a Mass Communication student, I stand at the intersection of storytelling and societal change. Embrace this opportunity, for my words might just be the catalyst that fuels a brighter future for the workforce of India.


Author

Parag Shankar Hazarika
1st Semester, M.A
Dept. Of Communication and Journalism
Gauhati University

কোলাহলৰ পৰা নিলগত টুমজাঙত এটা দিন


      বহুতৰ মুখত শুনাৰ লগতে সামাজিক মাধ্যমত ৰীলচতেই হওঁক কিম্বা ফ'টোতেই হওঁক, দেখি দেখি মোৰ আৰু মোৰ লগৰ কেইজনীৰো মন গৈছিল ডিমা হাছাওত অৱস্থিত টুমজাঙ পিকৰ শীৰ্ষত যাবলৈ। ইন্টাৰনেটত অসমৰ আটাইতকৈ ওখ শৃংগ বুলি উল্লেখ থকা (হয়নে নহয় তাক লৈ বহুতো মতামত ভিন্নজনে দিছে) টুমজাঙ পিকলৈ ট্ৰেকিং কৰি যাব লাগে। আগতেও ১-২ বাৰ যোৱাৰ কথা ভাবি সফল নোহোৱাৰ পিছত এইবাৰ ২০২৩ ৰ দিপাৱলীৰ বন্ধত যাম বুলি ১১-১১-২০২৩ ৰ ৰাতিপুৱা পৰিকল্পনা কৰাত বহিলো। অৱশেষত ৮ জনীয়া ছোৱালীৰ দল এটা ৰাতিৰ সময়ত সাধাৰণ শ্ৰেণীৰ টিকট কাটি যাম বুলি গুৱাহাটী ষ্টেচনলৈ গ'লো। কাৰণ শেষ সময়ত কৰা পৰিকল্পনাত আমি শ্লীপাৰ শ্ৰেণীৰ টিকেট পোৱাটো সম্ভৱ নাছিল।

      অৱশেষত আমাৰ যাত্ৰা আৰম্ভ হ'ল। ৰাতিটোৰ যাত্ৰাৰ অন্তত ৰাতিপুৱা আমি মাহুৰ ষ্টেচনত নামিলো আৰু তাৰ পৰা মাহুৰ টাউনলৈ খোজকাঢ়ি গৈ তাত কিছু খোৱা বস্তু কিনি অ'টো দুখন ভাড়া কৰি আমি আমাৰ লক্ষ্যস্হানলৈ যাত্ৰা আৰম্ভ কৰিলোঁ। যি স্থানৰ পৰা খোজ কাঢ়ি যাত্ৰা আৰম্ভ হয় সেই গাওঁখনত আমি নামিলো আৰু খোজকাঢ়ি ওপৰলৈ উঠিব ল'লো। প্ৰত্যেকেই একোডালকৈ লাঠি ল'লো যাতে পাহাৰীয়া ৰাস্তাত গতি নিপিছলে। কিছু দূৰ যোৱাৰ পিছতে দুৰ্গম ৰাস্তা দেখি মোৰ নাযাওঁ নাযাওঁ লাগিছিল আৰু বহি পৰিছিলো। যি দুজনী মোৰ লগত আছিল তেওঁলোকে কিন্তু মোক এৰি নিদিলে আৰু এই ক্ষেত্ৰত মই কৃতজ্ঞ। কাৰণ ওপৰলৈ নগলে হয়তো মই সেই মনোমোহা দৃশ্য দেখিবলৈ নাপালোহেতেন যি দৃশ্য মোৰ বাবে সপোন যেন আছিল। বহু বাট যোৱাৰ পিছত আমি সেই ঠাই পালো য'ৰ পৰা ট্ৰেকিংৰ আৰম্ভণি হয়। আমি উৱাদিহ হেৰুৱালো---- ইমান দূৰ যে আহিলো বগাই ঘামি-যামি সেয়া তেন্তে কি আছিল?

      বাৰু যা হওঁক নাম ৰেজিষ্টাৰ কৰি আকৌ আমি যাত্ৰা আৰম্ভ কৰিলোঁ। আমি যোৱা দিনটো ৰবিবাৰ আছিল বাবে আমি গাইড নোহোৱাকৈ ট্ৰেকিং কৰিছিলোঁ। কাৰণ ৰবিবাৰে সকলো গীৰ্জাত যায়। আমি যাত্ৰাপথত দুজন যোৰহাটৰ পৰা অহা যুৱকক বন্ধু হিচাপে পাইছিলো, যিয়ে আমাক সময়ে সময়ে বাট দেখুৱাই দিয়াৰ লগতে থকাৰ বাবে হোমষ্টে বিচৰাতো সহায় কৰি দিছিল। অৱশেষত আমি পাহাৰীয়া দুৰ্গম বাটেৰে বগাই বগাই শীৰ্ষত উপনীত হৈছিলো। গোটেই পথচোৱাত সকলোবোৰ বহুত বেছি ধুনীয়া আছিল। ইপিনৰ পৰা সিপিনলৈ দৌৰি থকা মেঘবোৰ যেন হাতেৰে স্পৰ্শ কৰিব পাৰিছিলো। সৰগপুৰীতহে যেন আছিলোঁ। কিন্তু ইমান ধুনীয়া প্ৰাকৃতিক দৃশ্য কিছুমান মানুহে যেন সহিবহে নোৱাৰে। প্লাষ্টিকৰ পলিথিন, পেকেট ইত্যাদি সিচঁৰিত হৈ আছিল চাৰিওপিনে, যিয়ে সৌন্দৰ্যত আঘাত সানিছিল। সৌন্দৰ্যপ্ৰেমী পৰ্যটকসকল এই ক্ষেত্ৰত সাৱধান হোৱা উচিত। উভতনি যাত্ৰাত আমি টুমজাঙ গাওঁখনলৈ বেলেগ এটা পথেদি নামিলো। শিল-মাটি-গছৰ শিপাৰে তৈয়াৰী পাহাৰীয়া দুৰ্গম বাটেৰে আকৌ এবাৰ যাত্ৰা আৰম্ভ হ'ল। গাওঁখন পোৱাৰ পিছত আমি থকা ঘৰটোলৈ গৈ সকলোৱে ভালদৰে মুখ-হাত ধুই ল'লো। পাহাৰীয়া নদীৰ একদম চেঁচা পানী। ভোকো লাগিছিল যথেষ্ট। সেয়ে সোনকালে আহাৰ গ্ৰহণ কৰিলোঁ সকলোৱে। ইমান সোৱাদৰ ভাত আৰু শাক মিহলি দাইলৰ সৈতে আছাৰ সকলোৱে বেছ তৃপ্তিৰে খালো। মানুহঘৰৰ আতিথ্য বহুত ভাল লাগিল। ৰাতিপুৱাই উঠি চাহৰ লগত ফ্ৰাইড ৰাইচ আৰু বইল কণী একোটাকৈ


খাই আকৌ তললৈ যাত্ৰা কৰিলোঁ। আমি থকা গাঁওখনৰ মানুহে ১-২ ঘন্টাৰ পথ খোজকাঢ়িহে তললৈ নামিব লাগে। তেওঁলোকৰ গাঁওত চাইকেল - গাড়ী একোৰে প্ৰচলন নাই। গাড়ী-মটৰৰ হৈ-হাল্লা নোহোৱা গাঁওখন যথেষ্ট শান্তিপূৰ্ণ। কিন্তু পঢ়া - শুনাৰ বাবে সৰুৰে পৰাই ল'ৰা - ছোৱালী ঘৰৰ পৰা দূৰৈত বৰ্ডিং স্কুলত থাকিবলগীয়া হয়; যি হয়তো প্ৰথমাৱস্থাত পৰিয়ালৰ বাবে অত্যন্ত দুখজনক।


     ট্ৰেকিঙৰ সময়চোৱাত যদিও ভয়তে বাৰে বাৰে ভাবিছিলো -- এইবাৰ ভালকৈ গৈ পালে আৰু নাহো এনেকুৱা ৰাস্তাৰে, কিন্তু পিছত আমি প্ৰত্যেকেই আকৌ সেই গাঁওখনলৈ যোৱাৰ কথা মনতে ভাবিছিলো। যেন আকৌ যাম, যান্ত্ৰিকতাৰ পৰা দূৰত, কোলাহলৰ পৰা আঁতৰত গাঁওখনৰ মৰমিয়াল মানুহবোৰৰ লগত থাকিবলৈ; উৰি ফুৰা মেঘবোৰৰ লগত খেলিবলৈ !!




          - তৃষানীলা ডেকা

          - প্ৰথম ষাণ্মাসিক

স্মৃতিৰ জীয়া‌ দলিল - কলং


আমাৰ গাত নৈৰ ঘোলা পানীৰ গোন্ধ

উচপিচ বোৱতী নৈৰ সোঁত ।

মই গৈ আছিলোঁ

হঠাতে 

মেল চিঙি গুচি গ'ল মোৰ নৈ দুখন, কপিলী - কলং।

                --- হীৰু দা

ঘৰৰ পাছফালে বৈ আছে হীৰু দাৰ কবিতাৰ অন্যতম প্ৰাণকেন্দ্ৰ কলং । পেহীদেউৰ সৈতে গা-ধুবলৈ যোৱা , ভাইটিৰ লগত সাতুৰি-নাদুৰি কলঙৰ বুকুত পানীৰ সৈতে খেলা, ভুৰ চলোৱা ইত্যাদি নানা স্মৃতিৰে ভৰপুৰ আমাৰ শৈশৱ। কিন্তু এতিয়া যেন সেইবোৰ অতীত।‌ শনিবাৰে স্কুল ছুটিৰ লগে লগে মই আৰু ভাইটিয়ে গা ধুবলৈ‌ লৌৰ দিওঁ, মায়ে পাছফালৰ বাৰান্দাৰ পৰা চিঞৰি থাকে " উঠিলিনে সোনকালে নহ'লে বৰপিতাইক মাতি আনিম ।" আমাক পানীৰ পৰা উঠাই‌ আনাৰ একমাত্ৰ অস্ত্ৰ হৈছে বৰপিতাই। এদিন দেওবাৰে বহু সময় কলঙৰ বুকুত দুয়ো গা-ধুই আছিলো , বৰপিতায়ে আহি তাতে লিচিকনি লৈ দৌৰালে ।মুঠৰ ওপৰত কলঙত দেৰিলৈকে গা-ধুৱা আছিল দুঃসাহসিক কাৰ্য। প্ৰাথমিক বিদ্যালয়ত পঢ়ি থাকোঁতে আমাৰ স্কুল‌খন কলঙৰ পাৰতেই আছিল , মাজে মাজে খৰালি দিনত আমি স্কুললৈ কলং পাৰহৈয়ে গৈছিলো। কলঙৰ মিহি বালিৰে দাঁত মাজা ,টঙি‌ জাল পাতি মাছ মৰা আছিল আমাৰ শৈশৱৰ দৈনিক ৰুটিনৰ দৰে। বাৰিষা যেতিয়া কলঙখন ফেনে ফুটুকাৰে বাঢ়ি আহে তেতিয়া পানী আহি আমাৰ ঘৰৰ আগচোতাললৈকে উঠে । বাৰান্দাতে দেউতাই টঙিজাল পাতে আৰু ৰাতি টৰ্চৰ পোহৰত আমি মাছ ধৰো । এদিন মোৰ জালত প্ৰায় ৩ কিলো মান ওজনৰ বৰালি মাছ এটা উঠিল , পিছদিনা দুপৰীয়া বৰপিতাইহতঁৰ লগত বৰালি মাছ আৰু ঔ-টেঙাৰে বৰভোজ।তেতিয়া মই চতুৰ্থমান শ্ৰেণী‍ৰ ছাত্ৰ ,‌ সেইবাৰ কলঙত বাঢ়নি পানীৰ পাৰভঙা অৱস্থা।‌ পানী আহি আমাৰ পাকঘৰলৈকে সোমাইছিল। সেইটো বছৰতে জীৱনত প্ৰথমবাৰৰ বাবে কলঙত শিহু দেখাৰ সৌভাগ্য হৈছিল। শীতৰ দিনত কলঙৰ পাৰত দেউতাই কৰা আলু-পিঁয়াজৰ খেতিয়ে আমাৰ বছৰটো জুৰাইছিল। মাঘৰ বিহুত কলঙৰ পাৰতেই সজা মেজি ঘৰ ৰাতিপুৱা কলঙত গা ধুই জ্বলাই সেৱা লওঁ। বৰপিতায়ে কয় কলঙত মাঘ বিহুৰ দিনা গংগাৰ পানী বয় , সেইবাবে আমি পৱিত্ৰ হৈ থাকিবলৈ প্ৰত্যক বিহুৰ দিনা গা ধুই সেৱা - প্ৰাৰ্থনা কৰো। এতিয়া আৰু কলঙত গা ধুৱা, মাছ মৰাৰ পূৰ্বৰ মাদকতা নাই।‌‌ সময়ৰ লগে লগে কলঙখনো প্ৰদূষিত হ'ল। চহৰৰ নলাবোৰৰ আৱৰ্জনাই কলঙৰ বুকুখন কলুষিত কৰিলে। কলঙো আজি ভৰলু হোৱাৰ দিশত ধাৱমান।

             শেখৰ জ্যোতি কলিতা

            স্নাতকোত্তৰ প্ৰথম ষন্মাষিক

          যোগাযোগ আৰু সাংবাদিকতা বিভাগ

            গুৱাহাটী বিশ্ববিদ্যালয়

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ পৱিত্ৰ জন্মস্থান বৰদোৱা



বটদ্ৰৱা থান বা বৰদোৱা থান অসমৰ এখন পৱিত্ৰ তীৰ্থস্থান। নগাঁও মূল চহৰৰ পৰা প্ৰায় ১৮ কিলোমিটাৰ নিলগত বৰদোৱা অৱস্থিত। মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ শৈশৱ, কৈশোৰ আৰু কৰ্মজীৱনৰ স্থল হিচাপে অসমৰ লোকসকলৰ বাবে বৰদোৱাৰ এক বিশেষ মৰ্য্যদা আছে। এই বৰদোৱা তথা আলিপুখুৰীতে শ্ৰীমন্ত শংকৰদেৱৰ জন্ম হৈছিল।১৯ বছৰ বয়সতে ১৪৬৮ খ্ৰীষ্টাব্দত শ্ৰীমন্ত শংকৰদেৱে বৰদোৱাতে শ্ৰী শ্ৰী বটদ্ৰৱা থানখনৰ স্থাপন কৰিছিল।বটদ্ৰৱা থানখনৰ এক বিশেষত্ব হৈছে যে এইখন গুৰুজনাই প্ৰতিষ্ঠা কৰা সৰ্বপ্ৰথম থান আৰু ইয়াত তেওঁ আৰম্ভ কৰা একশৰণ নাম ধৰ্মৰ প্ৰচাৰ কৰা হৈছিল। এই থানখনে ২৮৬ বিঘা মাটিকালি আগুৰি আছে।

           

           অতীজতে ব্ৰহ্মপুত্ৰৰ পাৰৰ এই অঞ্চল বৰ দ - বৰডোবা বা ডোভাৰে পৰিপূৰ্ণ জলময় ঠাই আছিল বুলি জনা যায়। শ্ৰীমন্ত শংকৰদেৱৰ উপৰিপুৰুষ ভূঞাসকলে তাত আলি বান্ধি পুখুৰী খান্দি গাঁও পাতি বাস কৰিছিল। বৰ দ বা বৰডোবাৰে পৰিপূৰ্ণ কাৰণে মানুহৰ মুখত পৰি এই অঞ্চলটোৰ নাম বৰদোৱা হ'ল বুলি কোৱা হৈছিল। 


        আনহাতে এসময়ত হেনো প্ৰচণ্ড খৰাং হৈছিল। খৰাঙত মানুহৰ বিলাই নোহোৱা হোৱাত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে ইয়াৰ পৰা পৰিত্ৰাণ পাবলৈ এজোপা বটবৃক্ষৰ তলত ৰাতি নাম-কীৰ্তনৰ আয়োজন কৰিছিল। এই বটবৃক্ষজোপা আকৌ বিষ্ণুৰ গাৰ এডাল নোমৰ পৰা সৃষ্টি হোৱা বুলি কোৱা হয়। সময়ত নাম-কীৰ্তন শেষ হ'ল আৰু সকলো ঘৰাঘৰি গ'ল। ইয়াৰ পাছত মাজৰাতি শংকৰদেৱে তেওঁৰ দুজন শিষ্য সৰ্বজয় আৰু বলোৰামক লগত লৈ বটবৃক্ষজোপাৰ তললৈ আহি যোগবলেৰে গংগাক আহ্বন কৰিবলৈ ধৰিলে। শংকৰৰ যোগবলত গংগা ধৰালৈ নামি আহে আৰু সেই জলধাৰাত বটবৃক্ষ দ্ৰৱিত হৈ সেই ঠাইতে এক মনোৰম সৰোবৰৰ সৃষ্টি হয়। আকাশৰ পৰা গংগা নমাই অনা বাবে এই সৰোবৰ আকাশীগংগা নামেৰে জনাজাত। 'বট দ্ৰৱ' হোৱা বাবে এই ঠাই বটদ্ৰৱা নামেৰেও  প্ৰসিদ্ধ। বৰ্তমান বৰদোৱা আৰু বটদ্ৰৱা দুয়োটা নাম সম অৰ্থত প্ৰয়োগ কৰা হয়।


       বৰদোৱাতে শংকৰদেৱে প্ৰথম কীৰ্তন ঘৰ  সজাইছিল বুলি জনা যায়। ইয়াতেই শংকৰদেৱে প্ৰথম চিহ্নযাত্ৰা ভাওনা কৰি দেখুৱাই। ১৪৭০ চনত ২১ বছৰ বয়সত শংকৰদেৱে বৰদোৱাত ফাকুৱা আৰু দৌল উৎসৱৰ সূচনা কৰে। ১৫১৬-১৭ চন মানত শংকৰদেৱে নিৰাপত্তাজনিত কাৰণত বৰদোৱা ত্যাগ কৰে। শংকৰদেৱৰ পিছত ১৬৫৬ চনত শংকৰদেৱৰ পুত্ৰ হৰিচৰণ ঠাকুৰ, নাতিবোৱাৰী কনকলতা আৰু ভাগিন দামোদৰ আতাৰ উদ্যোগত বৰদোৱাক পুনৰুদ্ধাৰ কৰা হয়। ফলত সত্ৰখন পুনৰ উজ্জীৱিত হৈ উঠে।

    বৰদোৱা সত্ৰৰ ভিতৰত থকা পৱিত্ৰ আকাশীগংগা, দৌল মন্দিৰ, পাদশিলা গৃহ (ইয়াতে শিলত গুৰুজনাৰ ভৰিৰ পতাৰ চিহ্ন আছে বুলি জনবিশ্বাস আছে), মণিকূটসহ কীৰ্তন ঘৰ (নামঘৰ), সাঁচি গছ, টেম্বুৱানী জান, শংকৰদেৱ গৱেষণা কেন্দ্ৰ, মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱে শিলিখা গছৰ তলত বহি পঢ়া -শুনা কৰা শ শ  পুৰণি সেই শিলিখা জোপা আজিও দেখা পোৱা যায়। এইবোৰে সত্ৰখনৰ ঐতিহ্য বহন কৰিছে। ১৯৮৫ চনতে অসম চৰকাৰে ইয়াত এটি ক্ষুদ্ৰ সংগ্ৰহালয় স্থাপন কৰিছিল। শংকৰদেৱৰ সময়ৰ বহুতো সামগ্ৰী ইয়াত সংৰক্ষিত হৈ আছে। তাৰ ভিতৰত প্ৰাচীন বটদ্ৰৱা থানৰ মুখ্য দ্বাৰ, গুৰু আসনৰ ভগ্নাংশ, ৰাধা-কৃষ্ণৰ কাঠৰ যুগল মূৰ্তি, সেই সময়ৰ কাঠৰ শৰাই, কাঠৰ বাটি, চৰিয়া ইত্যাদি অন্যতম।

             আজিকালি বটদ্ৰৱা থানত দৈনন্দিন নাম-কীৰ্তনৰ উপৰিও কেইবাটাও উৎসৱ উলহ-মালহেৰে পালন কৰা হয়। শংকৰদেৱ - মাধৱদেৱ আৰু আন আন বৈষ্ণৱ গুৰুসকলৰ জন্ম-মৃত্যু তিথি, ফাকুৱা বা দৌল উৎসৱ, শ্ৰীকৃষ্ণৰ জন্মাষ্টমী, নন্দোৎসৱ, ভাদ মাহৰ গুৰু কীৰ্তন, ভাওনা, অংকীয়া নাট আদি উদ্‌যাপন কৰা হয়। বিশেষকৈ ফাকুৱাত দুৰ দূৰণিৰ পৰা অহা অগণন ভক্তগণৰ ভিৰ পৰিলক্ষিত হয়। ফাকুৱা উপলক্ষে বৰদোৱাত তিনিদিনীয়া কৈ এখন বিশাল মেলাও অনুষ্ঠিত হয়। সৌভাগ্যক্ৰমে মোৰ ঘৰ বৰদোৱাৰ একেবাৰে ওচৰ অঞ্চল ৰাইডঙীয়াত হোৱাৰ বাৱে ফাকুৱাৰ সময়ৰ এই সুন্দৰ পৰিবেশ উপভোগ কৰিবলৈ সুযোগ পাওঁ।

-দৰ্শনা বৰুৱা

"দাই"


আমাৰ সমাজ জীৱনত এনেকুৱা কিছুমান ব্যক্তিত্ব থাকে, যাৰ অনুপস্থিতিয়ে সমাজ খন উকা আৰু তেওঁৰ উপস্থিতিতেই সমাজ খনে নতুন ৰূপ ল'বলৈ সাহ‌ পাই। এ‌ই সকল ব্যক্তি এনে এচাম লোক, যি সমাজৰ তথাকথিত আগশাৰীৰ শ্ৰেণীটোৰ আওঁতাত সাধাৰণতে নপৰে তথা সমাজ খনৰ মানুহৰ মনতো নিৰৱে এটা ঘৰ সাজে যাৰ বিষয়ে লোকসকলো সচেতন নহয়। কি নাথাকে এই সকল ব্যক্তিৰ ওচৰত! এখন উদাৰ তথা বহল মন, সকলোকে আকোঁৱালি ল'ব পৰা এখন পবিত্ৰ হৃদয়, সমাজৰ সহায় হ'ব পৰাকৈ দুখন হাত আৰু বিবিধ প্ৰতিভা যিয়ে সমাজ খন জিলিকাই ৰাখে। অথচ এওঁলোক উপেক্ষিত। 


এনে এক ব্যক্তিত্বৰ পৰিচায়ক হোৱাকৈয়ে নিৰ্মিত হোৱা এখন চুটি ছবি "দাই"।  অসমৰ সুযোগ্য অভিনেতা তথা পৰিচালক মনোজ বৰকটকীৰ পৰিচালনাৰে এখন সুন্দৰ চুটি ছবি "দাই"। পূৰ্ব উল্লেখিত শ্ৰেনীটোৰ ব্যক্তি এজনৰ চৰিত্ৰ ছবি খনৰ জড়িয়তে প্ৰকাশ কৰি সাৱলীলভাৱে উপস্থাপন কৰাৰ ফলতেই ছবি খনে এক সুকীয়া মাদকতা লাভ কৰিবলৈ সক্ষম হৈছে। "দাই" । এই শব্দটো অসমীয়া সমাজত খুৰাকক বুজাবলৈ ব্যৱহাৰ কৰা হয় আৰু ছবি খনত অভিনেতা দেৱী বৰকটকীয়ে চৰিত্ৰটোৰ সুন্দৰ তথা সফল ৰূপায়ন কৰিবলৈ সক্ষম হৈছে। ছবি খনৰ আৰম্ভণিতেই কিদৰে এজন ব্যক্তিয়ে নিজা অভাৱ -অসুবিধাকো আওকাণ কৰি সমাজৰ বিভিন্ন লোকৰ হিতৰ বাবে কাম কৰে তাকেই স্পষ্টকৈ দেখুওৱা হৈছে। গাঁৱলীয়া সমাজ এখনত এখন কৰ্মোদ্যমী তথা শিল্পানুৰাগী চৰিত্ৰ "দাই"ৰ যোগেদি গাঁৱলীয়া পৰিৱেশটোৰো সুন্দৰ উপস্থাপন কৰা পৰিলক্ষিত হৈছে। ইয়াৰোপৰি সদা উপেক্ষিত এজন ব্যক্তিৰ সাংস্কৃতিক মন এটাৰো চাৰিত্ৰিক প্ৰকাশ পাই যেতিয়াই ভাওনা সংস্কৃতিৰ লগত এই বিশেষ চৰিত্ৰটিৰ সুন্দৰ সম্পৰ্কৰ বিষয়ে বিৱৰণ দিয়া হয়। উল্লেখযোগ্য যে উচ্চ শিক্ষিত হৈও নিজৰ গাঁও খন এৰি নাযাও বুলি পণ লোৱাৰ বাবেই এটি পৰিচয় নোপোৱা ব্যক্তিজনৰ কিমান উদাৰবাদী চিন্তাৰ সেইয়া প্ৰকাশ পাই ভাওনাত নাৰীক অভিনয়ৰ সুযোগ প্ৰদানৰ সপক্ষে তেওঁ দিয়া যুক্তিৰ পৰা। ইফালে অবিবাহিত চৰিত্ৰটোৰ বিৰুদ্ধে চলি থকা সমাজৰ ভেঙুচালিও স্পষ্টকৈ প্ৰকাশ পাইছে। ইয়াৰোপৰি কেৱল কিছুমান নেতিবাচক কথাৰ বাবেই বহু দিনৰ পিছত বিয়াখন পাতো বুলি থিৰাং কৰিও শেষত সেই সিদ্ধান্ত বাতিল কৰিবলগীয়া হোৱা চৰিত্ৰটোৰ হতাশা, হুমুনিয়াহো ছবিখনত প্ৰকাশ পাইছে। উল্লেখ্য যে যদিও সমাজৰ আগশাৰীৰ শ্ৰেণীটোৰ পৰা উপেক্ষিত এই চৰিত্ৰটি, তথাপিও যে তেওঁৰ প্ৰতিভাৰ আদৰ কৰা ব্যক্তিও সমাজত আছে তাৰ প্ৰমাণো মহাবিদ্যালয়ত আবৃত্তি প্ৰতিযোগিতাৰ বিচাৰ কৰিবলৈ দিয়া নিমন্ত্ৰণী পত্ৰৰ যোগেদি আমি গম পালো।

শেষত নিজকে ভূপেনদাৰ গীতেৰেই নিজকে মদাৰৰ ফুলৰ স'তে ৰিজাই তেওঁ কৈ গ'ল সমাজত তেওঁৰ প্ৰয়োজনীয়তা। বুজাই গ'ল তেওঁৰ গুৰুত্ব। 


চিত্ৰনাট্যকাৰ, পৰিচালক হিচাপে মনোজ বৰকটকীৰ এটি সুকীয়া নাম আছে। সেই ধাৰাই অব্যাহত ৰাখি এখন সামাজিক ভাৱে সুন্দৰ চুটি ছবি নিৰ্মাণ কৰি সমাজলৈ এক বাৰ্তা প্ৰদান কৰাত তেওঁৰ এইখন ছবিও সফল হৈছে। এখন সৰ্বাংগ সুন্দৰ ছবিৰে অসমীয়া চলচ্চিত্ৰ উদ্যোগটোও অধিক মেটমৰা সম্ভাৰেৰে সম্ভৱা হ'ব বুলি আমি আশাবাদী।

-হিমাঞ্চল দত্ত।

যোগাযোগ আৰু সাংবাদিকতা বিভাগ, 

গুৱাহাটী বিশ্ববিদ্যালয়।


ইতিহাস প্রসিদ্ধ চান্দৰডিঙা পাহাৰ




চান্দৰডিঙাৰ পাহাৰৰ সৈতে যি নাম জৰিত হৈ আছে সেই অনুসৰি ইয়াতে আহি ডুবিছিল চান্দসদাগৰৰ ডিঙা । এই ইতিহাস প্রসিদ্ধ ঠাইখন অসমৰ ধুবুৰী জিলাৰ বিলাসীপাৰা মহকুমাৰ চাপৰৰ শালকোচা অঞ্চলৰ নিলগতে মহাবাহু ব্ৰহ্মপুত্ৰৰ পাৰত এক মনোমোহা পৰিবেশত অৱস্থিত । চান্দসদাগৰ আছিলে এজন বিখ্যাত ব্যবসায়ী । তেখেতে বাণিজ্য কৰাৰ বাবে  বিভিন্ন ঠাইলৈ তেখেতৰ সপ্তডিঙা তথা প্ৰকাণ্ড নাৱেৰে জলপথেৰে গৈছিলে । তেখেত আছিলে শিৱভক্ত আৰু সদায়েই বাণিজ্যত যোৱাৰ আগত শিৱৰ আৰাধনা কৰিছিলে বেলেগ দেৱ দেৱীৰ আৰাধনা তেখেত কৰা নাছিলে আনকি তেখেতক মনসাদেৱীৰ পূজা কৰাৰ বাবে বহুবাৰ কোৱাৰ পিছত তেখেত মনসাদেৱী পূজা নকৰে বুলি কৈছিলে । তাহানি বৰ্তমানৰ চান্দৰডিঙা ঠাই আছিলে কালিদহ সাগৰ । চান্দসদাগৰৰ পুত্ৰ লক্ষীন্দৰ আৰু পুত্ৰবধু বেহুলা মনসাদেৱীৰ ক্ষোভত লক্ষীন্দৰৰ সৰ্পদংশনত মৃত্যু হৈছিল, মৃতস্বামীক বেহুলাই ভেলাত লৈ নদীপথেৰে যাত্ৰা কৰিছিলে স্বামীক পুনৰ্জীৱিত কৰাৰ উদ্দেশ্যেৰে । যাত্ৰাপথত লগ পাইছিলে স্বৰ্গৰ দেৱতা সকলৰ ধুবুনী, নেতাই ধুবুনীক । নেতাই ধুবুনীয়ে যাদুকৰী বিদ্যাৰে লক্ষীন্দৰক পুনৰ্জীৱিত কৰিছিলে এই নামৰ পৰাই ধুবুৰী নামৰ সৃষ্টি হৈছিল। 

চান্দসদাগৰে যেতিয়া বাণিজ্যৰ পৰা উভতি আহি আছিলে সপ্তডিঙালৈ কালিদহ সাগৰৰে তেতিয়াও মনসাদেৱীৰ পূজাত অনিচ্ছুক আছিলে সেইবাবেই প্ৰবল ধুমুহাৰ কবলত পৰি তেখেতৰ পৰিপূৰ্ণ সপ্তডিঙাখন বৰ্তমানৰ চান্দৰডিঙা নামক ঠাইত আহি ডুবিছিলে আৰু তেতিয়াৰে পৰা তাতে বৃহৎ ডিঙা সদৃশ পাহাৰৰ সৃষ্টি হৈছে যি আজিও বিদ্যমান ৰাষ্ট্ৰীয় ঘাইপথৰ পৰাও দেখা যায় । এই পাহাৰৰ নাম চান্দৰডিঙা পাহাৰ একেবাৰে ব্ৰহ্মপুত্ৰৰ পাৰতে অবস্থিত আৰু সেইখিনি ঠাইত সুন্দৰ এক মন্দিৰ আছে পাগলাবাবা মন্দিৰ অৰ্থাৎ শিব মন্দিৰ পাহাৰৰ পৰা বৃহৎ শিল নিজে নামি আহিছিল বৰ্তমানৰ মন্দিৰৰ তাতে যি সেই ঠাইত থকা বয়োজেষ্ঠ মানুহৰ পৰা জানিবলৈ পোৱা যায় আৰু এই বৃহৎ কলা বৰণৰ শিলখনকে শিৱ ৰূপে পূজাৰ্চনা কৰা হয় এইখন বহু জাগ্ৰত এক শিৱ মন্দিৰ । শাওণ মাহত এই মন্দিৰত বহুত ভক্তৰ ভীৰ হয় আৰু প্ৰতিবছৰে অশোকাষ্টমীৰ দিনা ইয়াত লক্ষাধিক লোকৰ আগমন হয় স্নানৰ বাবে আৰু অস্থিদান হয় লগতে মেলাও হয় । শিব মন্দিৰৰ লগতে ইয়াত আছে মনসাদেৱীৰ মন্দিৰ, বাথৌ মন্দিৰ । ভক্তৰ বাবে আছে থকাৰ সুব্যৱস্থা আছে অতিথিগৃহ । যাতায়ত ব্যৱস্থাও এতিয়া সুগম । লগতে এই চান্দৰডিঙা এখন বনভোজস্থলীও বিভিন্ন ঠাইৰ পৰা মানুহ আহে ব্ৰহ্মপুত্ৰৰ এই মনোৰম প্ৰাকৃতিক পৰিবেশ উপভোগ কৰিব । শুনিবলৈ পোৱা যায় যে এই পাহাৰত বহুত মূল্যবান ধাতু পোৱা যায় । 

চান্দৰডিঙা পৰ্য্যটনৰ বাবে এক মনোমহা ঠাই তথাপিও বহু সংখ্যক মানুহে এই ঠাইৰ বিষয়ে নাজানে অসমতে থকা এই ইতিহাস প্রসিদ্ধ স্থান সমূহ আমি ভ্ৰমণ কৰিব লাগে আৰু পৰ্য্যটন ক্ষেত্ৰখন আগুৱাই লৈ যাব লাগে। অসম চৰকাৰে চান্দৰডিঙাতো ভালেখিনি উন্নয়ন কৰিছে ৰাস্তা আৰু মন্দিৰ প্ৰাঙ্গণত অতিথিগৃহ তৈয়াৰ কৰিছে । আপোনালোকেও এই ঠাইলৈ আহিব পাৰে ইয়াৰ পৰা সূৰ্য্যাস্তৰ খুব সুন্দৰ মুহূৰ্ত উপভোগ কৰা যায় ।

- ৰামকৃষ্ণ সৰকাৰ (১ম সান্মাষিক, যোগাযোগ আৰু সাংবাদিকতা বিভাগ, গুৱাহাটী বিশ্ববিদ্যালয়)

নলবাৰী ৰাস মহোৎসৱ

অসমৰ এখন বিশিষ্ট চহৰৰ ভিতৰত এখন উল্লেখযোগ্য চহৰ হ'ল নলবাৰী। গুৱাহাটী চহৰৰ পৰা প্ৰায় ৬০ কিলোমিটাৰ দূৰত্বত নলবাৰী চহৰ অবস্থিত। সমগ্ৰ অসমতে এই চহৰ খন ৰাস মহোৎসৱ উদযাপনৰ বাবে জনপ্ৰিয়ভাৱে পৰিচিত। সাধাৰণতে চহৰ খনৰ মাজভাগত অৱস্থিত ঐতিহাসিক মন্দিৰ শ্ৰী শ্ৰী হৰি মন্দিৰত ৰাস মহোৎসৱ উদযাপন কৰা হয়। নলবাৰী হৰি মন্দিৰৰ ইতিহাস বিগত শতিকাৰ পৰা নলবাৰী জিলাত আয়োজিত হৈ থকা ৰাস মহোৎসৱৰ সৈতে সম্পৰ্কিত। হৰি মন্দিৰৰ বিৱৰ্তন দশক দশক যোৰা এক কাহিনী। ১৯৩৩ চনত প্ৰথম বাৰৰ বাবে ৰাস পূজাৰ আয়োজন কৰিবলৈ ৰাস পূজা সমিতি গঠন কৰা হয়। সেই বছৰত ৰাজহুৱা অনুদানৰ সহায়ত নলবাৰীৰ হাটখোলা (পুৰণি)ত ৰাজহুৱাভাৱে ৰাস পূজাৰ আয়োজন কৰা হয়। সেই সময়ত ৰাস পূজা ৩ দিনৰ বাবে ধৰ্মীয়ভাৱে আৰম্ভ কৰা হৈছিল ।কিছু বছৰৰ পাছত  ৰাস পূজা জনপ্ৰিয় হৈ উঠে আৰু আয়োজকসকলে পূজাৰ বাবে নতুন ঠাইৰ কথা চিন্তা কৰিবলগীয়া হ’ল, কিয়নো বহল ঠাইৰ প্ৰয়োজনীয়তা আহি পৰে ৷ ১৯৩৯ চনত আয়োজক সকলো শালগছৰ  ৪ টা কাঠৰ খুঁটাৰে মন্দিৰৰ (বৰ্তমান পুৰণি মন্দিৰ) ভেটি আৰোপ কৰা হয়। আৰু আয়োজক সকলৰ অনুদানৰ সহায়ত ১৯৬৮ চনত পূজা মণ্ডপ নিৰ্মাণ কৰা হয়।


 প্ৰাৰম্ভিক সময়ত ৰাস মহোৎসৱ ৩ দিনৰ অনুষ্ঠান আছিল, কিন্তু এতিয়া ৰাস মহোৎসৱ ১১ৰ পৰা ১৫ দিনৰ উৎসৱ হিচাপে আয়োজন কৰা হৈছে ৷যুগৰ পৰিৱৰ্তনৰ লগে লগে বছৰৰ পিছত বছৰ ধৰি ৰাস পূজাৰ জনপ্ৰিয়তা বৃদ্ধি পালে, গতিকে ৰাস মহোৎসৱ ১১ৰ পৰা ১৫ দিনৰ উৎসৱ হিচাপে আয়োজন কৰা হৈছে ৷  অতি সোনকালে জনসাধাৰণ ৰ সহায়- সহযোগিতা আৰু অনুদানৰ ধাৰাবাহিকতাৰে ৰাস পূজা উৎসৱ উৎসৱৰ পৰা মহোৎসৱলৈ পৰিণত হয়। প্ৰতি বছৰে এই হৰি মন্দিৰত ৰাস পূজা উদযাপন কৰা হয়। এই বছৰ ইয়াক ২৭ নৱেম্বৰৰ পৰা ৮ ডিচেম্বৰ লৈ মুঠ ১২ দিন উদযাপন কৰা হ'ব।

এই সময়ছোৱাত শ্ৰী শ্ৰী হৰিমন্দিৰত হাজাৰ হাজাৰ লোকৰ সমাগম হোৱা দেখা যায়। প্ৰতিদিনে হাজাৰ হাজাৰ মানুহৰ ভ্ৰমণে সৰু চহৰখনক মানৱতাৰ সাগৰলৈ ৰূপান্তৰিত কৰে।

মৃন্ময় মূৰ্তিৰ ব্যবহাৰে নলবাৰী ৰাস মহোৎসৱক এক বিশেষ বৈশিষ্ট প্ৰদান কৰে। প্ৰতিবছৰে প্ৰায় ৬০০মাটিৰ মূৰ্তিয়ে দৰ্শনাৰ্থীক বিশেষ ভাৱে আকৰ্ষিত কৰে।বিভিন্ন ঠাইৰ পৰা বিভিন্ন মানুহে এই মূৰ্তিসমূহ দান কৰে । মূৰ্তি সমূহত শ্ৰী কৃষ্ণৰ শিশু লীলাৰ পৰা আৰম্ভ কৰি গোপীসকলৰ লগত কৰা ধেমালিৰ মূহুৰ্তবোৰ দেখুওৱা হয়।নিশাৰ বৰ্ণিল সাংস্কৃতিক অনুষ্ঠানেও দৰ্শনাৰ্থীক মোহিত কৰে। ৰাস উদযাপন সমিতিৰ উদ্যোগত নাগাৰা নাম আৰু কামৰূপীয়া ধুলীয়া প্ৰতিযোগিতাৰো আয়োজন কৰা হয়। তদুপৰি ৯টা ভ্ৰাম্যমাণ থিয়েটাৰ গ্ৰুপে প্ৰতি নিশা দুটাকৈ শ্ব’ প্ৰদৰ্শন কৰি আহিছে।

       উদযাপনৰ সময়ত শান্তিপূৰ্ণ পৰিৱেশ বজাই ৰাখিবলৈ নলবাৰী জিলা প্ৰশাসনে কঠোৰ সতৰ্কতা অৱলম্বন কৰি আহিছে।ব্যক্তিগতভাৱে মই তেওঁলোকৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰিছো।সঁচাকৈয়ে নলবাৰী বাসীৰ বাবে ৰাস মহোৎসৱৰ দিনবোৰে চহৰ খনত এক অতুলনীয় পৰিৱেশৰ সৃষ্টি কৰি তোলে। আৰু প্ৰতিজন নলবাৰীবাসীয়ে ৰাস মহোৎসৱৰ দিনটোলৈ প্ৰতি বছৰে আগ্ৰহেৰে অপেক্ষা কৰি থাকে।

     যুগস্মিতা দাস ;    প্ৰথম সাম্মাষিক, যোগাযোগ আৰু  সাংবাদিকতা  বিভাগ, গুৱাহাটী বিশ্ববিদ্যালয় ।

'অস্তৰাগ'




  যোৱাতো শতিকাৰে পৰা সমগ্র বিশ্বত মানুহৰ গড় আয়ুস বাঢ়িবলৈ লৈছে।সমীক্ষামতে বর্তমান আমাৰ দেশতো ষাঠিৰ উর্ধৰ জ্যেষ্ঠ নাগৰিকৰ সংখ্যা প্রায় দহ কোটিৰো অধিক। ইয়াৰ লগে লগে বৃদ্ধসকলৰ মাজত দ্রুতগতিত বৃদ্ধি পাইছে 'স্মৃতি বিভ্রাট' বা 'ডিমেনচিয়া' নামৰ এবিধ মানসিক ৰোগৰ । আজিৰ তাৰিখত বিশ্বৰ ই এক উজ্জীৱিত সমস্যা। ইয়াৰ ফলত যান্ত্রিক জীৱনশৈলীৰে পৰিপূর্ণ মধ্যবিত্ত পৰিয়ালৰ বাবে হৈ পৰিছে এটা এৰাব নোৱাৰা পৰিয়ালকেন্দ্রীক সমস্যা।এনে এক সংবেদনশীল সমস্যাকে বিষয়বস্তুৰূপে লৈ সাহিত্যিক হোমেন বৰগোহাঞিদেৱে ৰচনা কৰিছিল এখন অনুপম উপন্যাস – 'অস্তৰাগ'।     
গুৱাহাটী মহানগৰৰ কোনো এখন মহাবিদ্যালয়ৰ ইংৰাজী বিষয়ৰ মুৰব্বী অধ্যাপক দিলীপ ফুকন, স্মৃতি বিভ্রাটত আক্রান্ত তেওঁৰ চৌৰাশী বছৰীয়া বৃদ্ধ পিতৃ আৰু ঘনিষ্ঠ বন্ধু অধিবক্তা কার্তিক বসুৰ মানসিক অন্তর্দ্বন্দেৰে ভৰা উপন্যাস 'অন্তৰাগ'ৰ কাহিনীৰ আলমত ডাঃ বিপুন বৰপূজাৰীয়ে লিখা নাট্যৰূপ সুন্দৰ উপস্থাপনাৰে উপস্থিত দর্শকক বান্ধি ৰাখিলে। 
  প্রথিতযশা সাহিত্যিক হোমেন বৰগোহাঞিদেৱৰ ৯২ সংখ্যক জন্ম দিৱস উপলক্ষে, কৰুণা ধাৰা হোজাই সহায়ক সমিতিৰ সহযোগত হোজাই সাহিত্য সভাই সাহিত্যৰথী বেজবৰুৱা ভৱনত মঞ্চস্থ কৰা নাট মঞ্চায়নত প্রতিকূল বতৰকো নেওচি অহা দর্শকৰ অভূতপূর্ব সমাৱেশক মুগ্ধ কৰি ৰাখে ।    
 নাটকখনৰ মূল বক্তব্য হৈছে এজন আঢ্যৱন্ত বৰ্ষীয়ানলোকৰ মনস্তাত্বিক দিশটো উন্মোচন কৰা। বিশেষকৈ গ্ৰামীণ অঞ্চলৰ পৰিৱেশ, ওচৰ চুবুৰীয়াৰ আব্দাৰ, আলপৈচান, শাস্ত্ৰপাঠকে ধৰি না না সহমৰ্মিতাৰে শান্তি প্ৰদান, গাঁৱলীয়া মানুহৰ অকৃত্ৰিম ভাল পোৱা, একোষাৰ সাদৰৰ মাত প্ৰদান আৰু চৰাই -চিৰিকতিৰ অমিয়া মাতৰ পৰা বিতাৰিত হ'লে সেই আঢ্যৱন্ত লোকজনৰ মানসিক অশান্তি আৰু স্মৃতি ভংগৰ দুখ প্ৰস্ফুটিত কৰাটোৱেই নাটকখনৰ মূল অভিপ্ৰায়; সেয়ে নাটকখনক উদ্দেশ্যধৰ্মীতাই মূল আধাৰ ৰূপে ক্ৰিয়া কৰাৰ লগতে সংস্কাৰকামীতায়ো সংগ দিছে।    
অসমৰ নাট্যজগতখনৰ সৈতে নিবিড়ভাৱে জড়িত তথা বহুকেইখন সফল নাটৰ পৰিচালক, চিৰ পৰিচিত নাট্যকর্মী মানিক আহমেদৰ  দ্বাৰা পৰিচালিত নাটক 'অস্তৰাগ'ৰ কেন্দ্রীয় চৰিত্ৰ বৃদ্ধ দেউতাকৰ জটিল চৰিত্ৰটিত যশস্বী অভিনেতা তথা প্রবীণ নাট্যকর্মী অনুপ কুমাৰ বৰঠাকুৰৰ বলিষ্ঠ অভিনয়ে নাটখনৰ গতি প্রদান কৰিছিল। উল্লেখ্য যে, নিয়মীয়া নাট চর্চাৰ বাবে আজি পর্যন্ত হোজাইত এটাও প্রেক্ষাগৃহ আৰু মঞ্চ গঢ়িব নোৱাৰাটো অতি পৰিতাপৰ বিষয়। তাহানিতে পৌৰসভাই সজা প্ৰেক্ষাগৃহ (নেহৰু হল) এতিয়া ব্যৱসায়িক মললৈ পৰিৱর্তন কৰা হ'ল।নানান প্ৰতিবন্ধকতাৰ মাজতো হোজাই সাহিত্য সভাৰ মুষ্টিমেয় এচাম নাট্যকৰ্মীয়ে অতি কম পৰিসৰৰ এটা আধাসজা মঞ্চ আৰু ক্ষুদ্ৰ ভগা ছিগা প্ৰেক্ষাগৃহকে আলম কৰি অনেক সীমাবদ্ধতাৰ মাজেদি অঞ্চলটোত নাট্য চৰ্চাৰ পৰিৱেশ সৃষ্টিৰ অক্লান্ত চেষ্টা অব্যাহত ৰাখিছে। 
 -নীলিম কাশ্যপ বৰঠাকুৰ

"অদূৰত অকৃতিম লাইচং আৰু ইয়াৰ বহুতো নজনা কথা"




ব্যস্ত হাফলং চহৰৰ পৰা মাত্ৰ ৬০ কিলোমিটাৰ দূৰত্বত অৱস্থিত লাইচং নামৰ পাহাৰীয়া গাঁওখনে পৰম্পৰা আৰু পৰিৱৰ্তনৰ‌ এক অনন্য মিশ্ৰণৰ ইংগিত দিয়ে।  ডিমা হাছাও জিলাৰ কেন্দ্ৰবিন্দু হিচাপে হাফলঙে এই লুকাই থকা ৰত্নৰ প্ৰৱেশদ্বাৰ হিচাপে কাম কৰে, য’ত ৰসাল প্ৰাকৃতিক পৰিৱেশ ৰ মাজত এক নগা বস্তিয়ে বসতি স্থাপন কৰি ঠাইখনক অধিক প্ৰস্ফুটিত কৰি ৰাখিছে ।

শেহতীয়াকৈ মোৰ লাইচঙৰ ভ্ৰমণ তথা অন্বেষণত স্পষ্ট হৈ পৰিল যে ঠাইখনত যাতায়তৰ ক্ষেত্ৰত এক উল্লেখযোগ্য পৰিৱৰ্তন হৈছে, যাৰ ফলত ইয়ালৈ যোৱাটো পূৰ্বতকৈ সহজ হৈ পৰিছে। কাৰণ এতিয়া লাইচংহৈ আপুনি কম সময়ৰ ভিতৰত মণিপুৰ যাব পাৰিব যাৰ কাৰণে চৰকাৰে মাহুৰ ৰ পৰা লাইচং হৈ মণিপুৰৰ তামিংলং লৈ ধুনীয়া যাতায়তৰ ব্যৱস্থা কৰি আছে ।পৰিৱৰ্তনৰ বতাহে লাইচঙক চুই গৈছে, বতাহত প্ৰগতিৰ আমল - মোল গোন্ধ বিৰাজমান হৈছে । 

প্ৰধানকৈ ঝুম খেতিত নিয়োজিত লাইচঙৰ স্থিতিস্থাপক জনসাধাৰণে সময়ৰ লগে লগে আধুনিক শিক্ষাৰ টিপটিপিয়া পোহৰক আকোৱালি লৈছে।  স্থানীয় লোকসকলৰ সৈতে হোৱা কথা-বতৰাত সূক্ষ্ম হ'লেও এক প্ৰভাৱশালী পৰিৱৰ্তনৰ ইংগিত পোৱা গৈছিল, যিয়ে পৰম্পৰাগত পদ্ধতিৰ বাহিৰেও নিয়োগৰ পথ মুকলি কৰিছিল।  এসময়ত কৃষি জীৱনৰ ছন্দত বান্ধ খাই থকা গাঁওখন এতিয়া নতুনকৈ পোৱা সুযোগৰ প্ৰতিধ্বনিৰে অনুৰণন ঘটিছে। শিক্ষাৰ ক্ষেত্ৰত ও নতুন দুৱাৰ মুকলি হৈছে । গাঁওখনৰ পাৰ্শ্বৱৰ্তী অঞ্চলৰ ছাত্ৰ ছাত্ৰীয়ে উচ্চ শিক্ষাৰ বাবে বাহিৰলৈ গৈ শিক্ষা লাভ কৰিবলৈ সুযোগ-সুবিধা লাভ কৰিছে ।

এই অগ্ৰগতিৰ পিছতো লাইচং সৰলতা আৰু প্ৰামাণ্যতাৰ আশ্ৰয়স্থল হৈয়েই আছে।  নিজৰ সাংস্কৃতিক ঐতিহ্যত গভীৰভাৱে বান্ধ খাই থকা জনসাধাৰণে এনে এক শৌৰ্য বিকিৰণ কৰে যিটো আমন্ত্ৰণমূলক আৰু নম্ৰ ।  যুগ যুগ ধৰি চলি অহা পৰম্পৰা ৰক্ষা কৰি আধুনিকতাক আকোৱালি লোৱাৰ দিশত তেওঁলোকৰ যাত্ৰা মানৱ মনোভাৱৰ স্থিতিস্থাপকতাৰ প্ৰমাণ।

গাঁৱৰ লেনবোৰেৰে মেৰিয়াই ফুৰাৰ লগে লগে লাইচঙৰ স্থাপত্য আৰু জীৱনশৈলীৰ সৰলতা মোৰ সন্মুখত উন্মোচিত হ’ল।  সমসাময়িক আকাংক্ষাৰ সৈতে প্ৰাচীন আচাৰ-ব্যৱহাৰৰ পাৰ্শ্বক্ৰিয়াই প্ৰগতি আৰু সংৰক্ষণৰ মাজৰ সুক্ষ্ম ভাৰসাম্যৰ সৈতে যুঁজি থকা পৰিৱৰ্তনশীল এটা সম্প্ৰদায়ৰ এক প্ৰাঞ্জল চিত্ৰ অংকন কৰিছিল।

লাইচাঙৰ সাৰমৰ্ম কেৱল ইয়াৰ বাহ্যিক সৌন্দৰ্য্যতেই  নহয়, ইয়াৰ জনসাধাৰণৰ মনোভাৱতো নিহিত হৈ আছে।  প্ৰতিখন মুখে সহনশীলতা, অভিযোজন আৰু উজ্জ্বল ভৱিষ্যতৰ এক আশাৰ কাহিনী বৰ্ণনা কৰে।  শৈক্ষিক উন্নতি সামান্য হ’লেও গাঁৱৰ মানুহৰ মাজত প্ৰতিধ্বনিত হোৱা আশাবাদৰ ভাৱ জগাই তুলিছে।


সামৰণিত ক’ব পাৰি যে পৰম্পৰা আৰু প্ৰগতিৰ সুসম সহাৱস্থানৰ জীৱন্ত প্ৰমাণ হিচাপে থিয় দিছে লাইচং।  এই নগা বস্তিৰ মাজেৰে পৰিৱৰ্তনৰ বতাহজাকে বৈ যোৱাৰ লগে লগে লাইচঙৰ কাহিনীটোত উন্মোচিত হয়— স্থিতিস্থাপকতা, শিক্ষা আৰু উন্নত ভৱিষ্যতৰ কালজয়ী সাধনাৰ কাহিনী।।
-Parthajit Sutradhar; First Semester; DCJ, GU

HERAKA RELIGION

Heraka is a religious reform movement derived from the ancestral practice known as Paupaise. It was taken up by the Zeme, among other Naga communities, during the period of British colonialism in Northeast India. From early descriptions of events in 1929and over the next 45 years, Heraka has been known by various names, for example, Kacha Naga Movement, Gaidinliu movement, Peresie (old practice), Kelumse (prayer practice) all representing a different point in the development of the movement which finally came to be known as Heraka in 1974.  

Among the Heraka, there are two important figures who are seen as prophets, leaders and reformers. Haipau Jadonang (1905-31) and Rani Gaidinliu (1915-93) are from the Tamenglong district of Manipur and are both Rongmei Nagas. Due to their alleged threat to the British and their hatred of the Kukis, a neighbouring tribe in Manipur, Jadonang and Gaidinliu were accused of stirring up trouble. The British eventually hanged Jadonang in 1931 for opposing colonial rule and human sacrifice, while Gaidinliu escaped to North Cachar Hills. Although Jadonang is often viewed as initiating the reform, for the Heraka it is Gaidinliu who is held in more esteem. The British captured Gaidinliu in 1932 after which she spent 18 years in prison. During this time Jawaharlal Nehru heard of her exploits and named her ‘Ranee’ (queen). Therefore, Gaidinliu is also known as Rani Gaidinliu, and Ranima (queen mother).  

Author

Heratateung Ngame  
1st Semester, M.A
Department of Communication and Journalism
Gauhati University 

War over water: Lessons from India

    The recent water scarcity in the Garden city of Bengaluru raised serious concerns among the people for the looming water problems th...