Tuesday 30 March 2021

কলিয়াবৰীয়া হোষ্টেল লাইফ:

সময় কেতিয়াও ঘূৰি নাহে কিন্তু এসময়ত পাৰ কৰা কিছু স্মৃতিয়ে পাহৰিব নোৱাৰা ছাপ পেলাই যায়। ২০১৭ চনৰ আগষ্ট মাহৰ ১ তাৰিখে মনত বহু আশা লৈ ডিগ্রী পঢ়াৰ সূত্রে কলিয়াবৰৰ কোঁৱৰীটোললৈ ঢপলিয়াইছিলো। সেইদিনা ঘৰৰপৰা হোষ্টেলত থাকিবলৈ যাওতে মনত বৰ বিষাদ জন্মিছিল, এয়া মোৰ প্ৰথম বাৰৰ বাবে নাছিল ইয়াৰ পূর্বেও "Higher secondary " পঢ়িবলৈ মঙলদৈৰ কাকলি হোষ্টেলত থকাৰ কিছু অভিজ্ঞতা আছিল যদিও ঘৰৰপৰা দূৰত যোৱাৰ বেদনাই মোক জুৰুলা কৰি পেলাইছিল। দেউতাৰ সৈতে ব্যক্তিগত বাহনেৰে নিজৰ বয় বস্তুৰ সৈতে ৰাতিপুৱা ৯ বজাত কলিয়াবৰ কলেজেৰ ছোৱালী হোষ্টেললৈ উপস্থিত হৈছিলোহি। নিজৰ ৰুম বিচাৰি বয় বস্তুবোৰ পৰিপাটি কৰি লওঁতে মোৰ ৰুমমেট হিচাপে এজনী ছোৱালী মোৰ ৰুমত উপস্থিত হৈছিলহি। আমি দুয়ো বয় বস্তুবোৰ পৰিপাটি কৰি প্রথম বাৰৰ বাবেকলিয়াবৰ কলেজেত ক্লাছ কৰিবলৈ ঢাপলি মাৰিছিলো। যিহেতু আমি দুয়ো একে বিভাগৰ ছাত্রী আছিলো, সেয়েহে একেলগে ক্লাছৰ শেষত হোষ্টেললৈ আহি ভাত কেইটামান খাই জিৰণি লৈছিলো । জিৰণি লোৱাৰ সময়তে নতুন ৰুমমেটৰ সৈতে অলপ কথা পতাত ব্যস্ত হৈ পৰিছিলো। এনেদৰে কেতিয়াবা সন্ধিয়া ৬ টা বাজি যায় গমেই নাপালো । হোষ্টেলৰ আন্টিহতে দিয়া চাহ খোৱাৰ পিছতে ৰুমত এজনী বায়ে চিনাকি হ'বলৈ ওপৰলৈ মাতি পঠিয়াইছিল। মনত আতংক মনোভাব লৈ " ১১১ " ৰুমত উপস্থিত হৈছিলো। সেই ৰুমটো হোষ্টেলৰ সকলো বা-হঁত উপস্থিত আছিল। তাকে দেখি মই অলপ " nervous " হৈছিলো আৰু ভয়তে কান্দি দিছিলো। এনেদৰে মোৰ নাম কান্দুৰি পৰিছিল। প্রথম বা-হঁত অলপ "strict " আছিল কিন্তু কিছু সময়ৰ পাছত সকলোৱে মাজত এক বন্ধুত্বপূর্ণ সম্পর্ক গঢ়ি উঠিছিল। তেজৰ সম্পৰ্ক নথকাৰ সত্ত্বেও নেৰা -নেপেৰা বান্ধোনে হোষ্টেলত থকা সময়খিনিত এক স্বৰ্গীয় সুখ প্ৰদান কৰিছিল। লাহে লাহে বা -হঁতে পাঠদান সম্পূর্ণ কৰি নিজৰ জীৱনলৈ গতি কৰিছিল। তাৰ পিছত আৰু ভন্টিসকলৰ আগমনে হোষ্টেলৰ অন্য মাদকতা প্ৰদান কৰিলে। মাজৰাতি "birthday celebration ", "New year party ", হলি তথা বিভিন্ন অনুষ্ঠানে আমিবোৰৰ মাজত এক উৎসৱ মূখৰ পৰিৱেশৰ গঢ়ি এটা বান্ধোনৰ সৃষ্টি কৰিছিল। এইঠাইত পঢ়ি থকাৰ সময়তে মোৰ লগৰ বন্ধু -বান্ধৱী সকলৰ মৰম তথা শাসনে মোক প্রতিটো সময়তে উৎসাহ তথা সাহস প্ৰেৰণ কৰিছিল। প্ৰতিদিনে মাৰ দৰে মৰম আৰু ভালপোৱা বিলোৱা হোষ্টেলৰ warden ma'am তথা ৰান্ধনী আন্টি -হঁতৰ কথা বৰকৈ মনত পৰে। এইফালে নিজৰো হোষ্টেল এৰাৰ দিন চমু চাপি আহিছিল, তাৰোপৰি কৰ'না মহামাৰীৰ বাবে আমি ৯ মাহৰ পৰা বঞ্চিত হৈছিলো , মনত বৰ হেপাহ আছিল হোষ্টেলখনক লৈ। কিন্তু কেনেদৰে যে তিনিটা বছৰ পাৰ হ'ল গমেই নাপালো। এতিয়া সকলোবোৰ সপোন যেন লাগিছে। সময় সলনি হ'ল, এতিয়া সকলোৰে ঠিকানা সলনি হ'ল, বিচাৰিলেই কাষত পোৱা মানুহবোৰ ম'বাইলৰ স্ক্ৰীণত বন্দী হ'ল। তুমিৰ পৰা তই হোৱা বিভাগটোৱে দিয়া মৰমবোৰ বৰকৈ মনত পৰে। আকৌ অচিন পখি হৈ সেইঠাইখনলৈ তথা মানুহবোৰৰ ওচৰলৈ যেন ঘূৰিহে যাম। শাশ্বতী বনিক যোগাযোগ আৰু সাংবাদিকতা বিভাগ , গুৱাহাটী বিশ্ববিদ্যালয়

1 comment:

Unemployment Woes in India: A Mass Communication Student’s Perspective

As a student diving into the intricate world of Mass Communication, we’re not just a spectator but a shaper of narratives, a voice amid the ...