Tuesday 16 March 2021

দেৱাল শিল্পৰ প্ৰচাৰ আৰু প্ৰসাৰ

 সাম্প্ৰতিক কালত দেৱাল শিল্প হৈ পৰিছে জনসাধাৰণৰ মাজত তাৎক্ষণিক বাৰ্তা প্ৰেৰণৰ এটি অন্যতম মাধ্যম | জনমানসত সৃষ্টি কৰা প্ৰতিক্ৰিয়াৰ প্ৰতি লক্ষ্য কৰি পৰম্পৰাগত শিল্প কলাৰ ধাৰাসমূহৰ উৰ্দ্ধত দেৱাল শিল্পৰ স্থান বুলিব  পাৰি | বৰ্তমান সমাজত এই শিল্পৰ জনপ্ৰিয়তা আৰু সাফল্য বাৰুকৈয়ে লক্ষ্যনীয় | এইখিনিতে সৰ্বে চৰ্চিত কেইটামান উদাহৰণ দাঙি ধৰা হ'ল - 

  প্ৰথমতে,  জনপ্ৰিয় অথচ লোকচক্ষুত অপৰিচিত হৈ থকা শিল্পী ইংলেণ্ডৰ বেংকছীৰ কথাকে উল্লেখ কৰিব পাৰি | প্ৰতিবাদী ভাষা আৰু ৰাজনৈতিক নেৰেটিভৰ প্ৰকাশৰ বাবে এইগৰাকী শিল্পীৰ শিল্পকৰ্মৰ জনপ্ৰিয়তা তুংগত বিৰাজ কৰিছে | সামাজিক বিষয়ভিত্তিত বিশেষভাৱে উল্লেখযোগ্য তেখেতৰ শেহতীয়া দুটা শিল্পকৰ্ম হ'ল "ভেলেন্টাইন ডে' (ফেব্ৰুৱাৰী,  ২০২০)" আৰু "গেম চেণ্জাৰ (মে',  ২০২০) " |
  শেহতীয়াভাৱে, দেৱাল শিল্পই অসমৰ সামাজিক তথা ৰাজনৈতিক প্ৰেক্ষাপটতো সাধাৰণ জনতাৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈ আহিছে | বিগত বৰ্ষৰ নৱেম্বৰ মাহত চাৰিগৰাকী স্থানীয় শিল্পীৰ দ্বাৰা কাৰাৰুদ্ধ কৃষক নেতা অখিল গগৈৰ চিত্ৰসম্বলিত এখন দেৱাল চিত্ৰৰ বিষয়টো উল্লেখনীয় | তেওঁলোকে অখিল গগৈৰ মুক্তিৰ দাবীত দেৱাল চিত্ৰ অংকনৰ জৰিয়তে  প্ৰতিবাদী ভাষা জনতাৰ মাজলৈ আগবঢ়োৱাৰ এক প্ৰচেষ্টা চলাইছিল | কিন্তু অনুমতিবিহিন এই দেৱাল-চিত্ৰ অংকনৰ বাবে প্ৰশাসনে তেওঁলোকক  অংকিত চিত্ৰ দেৱালৰ পৰা আঁতৰ কৰিবলৈ বাধ্য কৰায় যদিও ই ৰাইজৰ মাজত বিশেষ আলোড়নৰ সৃষ্টি কৰিবলৈ সক্ষম হৈছিল | 

  উল্লেখনীয় যে, অতি প্ৰাচীন কালৰে পৰাই আমাৰ সমাজত দেৱাল-শিল্পকৰ্ম প্ৰচলিত হৈ আহিছে | আদি মানৱ সভ্যতাৰ বিকাশৰ সময়তে অংকিত গুহাচিত্ৰ দেৱাল শিল্পৰে নিদৰ্শন বুলিব পাৰি | ইতিহাসৰ পাত লুটিয়াই চালে ফ্ৰান্স, প্ৰাচীন গ্ৰীচ , ৰোমান,  ইজিপ্ত,  ইটালী আদি চহৰৰ বিভিন্ন শিলত 'গ্ৰাফিট' শিল্প কলাৰ ব্যৱহাৰৰ বিষয়ে জনা যায় | ইটালীয়ান ভাষাৰ 'graffiare' শব্দৰ পৰা ইংৰাজী 'গ্ৰাফিটী' শব্দটো আহিছে | এই গ্ৰাফিটী শব্দটোৰ অৰ্থ হৈছে আঁক মৰা,  আঁচ টনা আদি | সমান্তৰালভাৱে , খ্ৰীষ্টপূৰ্ব দ্বিতীয় শতিকাত নিৰ্মিত ভাৰতৰ অজন্তাৰ গুহাচিত্ৰই এই কলা পদ্ধতিৰ উৎকৃষ্ট নিদৰ্শন | সাধাৰণতে সেইসময়ত বিশেষকৈ   ধৰ্মীয় প্ৰচাৰ আৰু প্ৰেমৰ বিভিন্ন বাণীক এই চিত্ৰসমূহৰ জৰিয়তে প্ৰকাশ কৰা হৈছিল | ৬০ৰ ৰ পৰা ৯০ৰ দশকৰ সময়ছোৱাত দেৱাল শিল্প হৈ পৰিছিল , সহজতেই জনসাধাৰণক আকৰ্ষিত কৰিব পৰা এক প্ৰতিবাদী শিল্প মাধ্যম | এই শিল্পৰ মূল আধাৰ আছিল প্ৰতিবাদী ধাৰা আৰু দৈনন্দিন জীৱন যাপন কৰা সাধাৰণ মানুহক সামাজিক দায়িত্ব -বোধ সম্বন্ধে কলাত্মকভাৱে অৱগত কৰোৱা | 
 
শেহতীয়াকৈ, আমাৰ সমাজত এই শিল্পকৰ্মৰ প্ৰাধান্য যথেষ্ট বৃদ্ধি পাইছে | বিভিন্নজনে দেৱাল-চিত্ৰ অংকনৰ জৰিয়তে বিভিন্ন ঠাইত কোৰোনা মহামাৰীৰ বিৰুদ্ধে সাৱধানতা সম্পৰ্কে সজাগতাৰ প্ৰচাৰ কৰিছিল | সাম্প্ৰতিক সমাজত এইদৰেই দেৱাল-শিল্পই শক্তিশালী প্ৰতিবাদী বাৰ্তা প্ৰেৰণৰ অভিনৱ আৰু নব্য মাধ্যম হিচাপে বিশ্বৰ বিভিন্ন প্ৰান্তত দ্ৰুত জনপ্ৰিয়তা লাভ কৰিছে |


প্ৰেৰক: নয়না কলিতা 
           যোগাযোগ আৰু সাংবাদিকতা বিভাগ,               গুৱাহাটী বিশ্ববিদ্যালয় |

No comments:

Post a Comment

Unemployment Woes in India: A Mass Communication Student’s Perspective

As a student diving into the intricate world of Mass Communication, we’re not just a spectator but a shaper of narratives, a voice amid the ...