Saturday 27 March 2021

মহানগৰ, মহানগৰ

মহানগৰ, মহানগৰ “মাঁ বৰ মন যায় জানা মহানগৰী লৈ যাবলৈ নিজৰ সপোনবোৰ বাস্তৱত পৰিণত কৰিবলৈ” মই কিন্তু গুৱাহাটী বিশ্ববিদ্যালয়তে পঢ়িম দেই মাঁ ! এনেদৰেই মাঁ ক মই সদায়ে কৈ আহিছিলো যে মই মহানগৰী গুৱাহাটীত পঢ়িবলৈ যাম। মই আৰু তেজপুৰত নাথাকো। সচাঁই ডিগ্রীটো পাছ কৰি উঠি মই অলপ বেলেগকৈ নিজৰ জীৱনটো উপভোগ কৰিব বিচাৰিছিলো মোৰ দৰে চাগে বহুত ছাএ- ছাএী হ'ব যিসকলে মোৰ দৰেই বুকুত অদম্য হেঁপাহ বান্ধি ৰাখে মহানগৰীত পঢ়িবলৈ। কিন্তু মাঁয়ে মোক সদায়ে বাধা দিছিল “মাজনি তই ইয়াতেই থাকি পঢ়া-শুনা কৰিবি বাহিৰৰ জগতখন তই ভাৱাৰ দৰে নহয় বুজিছ”। কিন্তু নিজৰ আশাবোৰ, সপোনবোৰ যে নিজৰ বুকুৰ পৰা গুচাই দিব নোৱাৰি সেই কথাটো মাঁহতক মই বুজালো। মোৰ সৰুৰে পৰা সাংবাদিক আৰু যোগাযোগ বিভাগটোৰ প্রতি এটা অদম্য হেঁপাহ আছিল, মই মাঁক মাজে মাজে কৈও থাকো! “ মাঁ মই কেতিয়া মাইকটো লৈ টিভিত বাতৰি পৰিৱেশন কৰিম”? এনেবোৰ কথাৰ মাজেৰেই মোৰ সপোনবোৰ আৰু প্রাণ পাই উঠিছিল। আৰু এতিয়া সময় হৈ আহিছিল মোৰ সপোনবোৰ বাস্তৱত পৰিণত হোৱাৰ। যদিও মই তেজপুৰ বিশ্ববিদ্যালয়ত সাংবাদিকতা বিভাগত চিট পাইছিলো কিন্তু মই তাত নামভৰ্তি নকৰিলো । যদিও মাঁহতে এই ক্ষেত্ৰত মোক সহযোগ কৰা নাছিল আৰু মোৰ কথা মানি ল'বলৈ মান্তি হোৱা নাছিল কিন্তু মই মাঁহতক লাহে লাহে বুজাবলৈ সক্ষম হ'লো আৰু পাছত মাঁহতেও বুজি পালে। তাৰপাছত মই নিজৰ সপোনবোৰৰ আৰু কাষ চাপিলো। ২০২০ চনৰ ডিচেম্বৰ মাহৰ শেষৰ ফালত যেতিয়া মোৰ নাম গুৱাহাটী বিশ্ববিদ্যালয়ৰ সাংবাদিকতা বিভাগত আহিছিল মই ফূর্তিত আত্মহাৰা হৈ পৰিছিলো। মই “PI” অথাৎ “Personal Interview ”ৰ কাৰণে গুৱাহাটী বিশ্ববিদ্যালয়ত যেতিয়া গ'লো এনে লাগিছিল যেন মই মোৰ সপোনৰ আৰু এখোজ কাষ চাপি আহিলো। কৃষ্ণ চূড়াৰ দেশ গুৱাহাটী বিশ্ববিদ্যালয়ত প্রথম খোজ ৰাখিয়েই মোৰ এনে অনুভৱ হৈছিল যেন মই মোৰ জীৱনৰ বিচৰা খিনি পাইগ'লো! মই PI ত select হ'লো আৰু বৰ্তমান মই গুৱাহাটী বিশ্ববিদ্যালয়ৰ সাংবাদিকতা বিভাগত অধ্যয়নৰত৷ কিন্তু সকলোবোৰ সপোন মই ভাৱাৰ দৰেই পূর্ণ হ'ল যদিও মই যে ক'ৰবাত হেৰাই গ'লো, হেৰাই গ'লো এই মহানগৰীৰ ব্যস্ততাৰ মাজত! সচাঁই মাঁয়ে থিকেই কৈছিল মহানগৰী খন মই ভৱাৰ দৰে নহয়, মই ভৱাৰ দৰে এই মহানগৰী খন সৰল নহয় , বৰ বেছি জটিলহে। এই জটিলতাপূর্ণ মহানগৰী খনৰ মাজত মই নিজকে কেতিয়াবা বৰ অকলশৰীয়া আৰু শূন্য অনুভৱ কৰো! এই মহানগৰী খন মোৰ আপোন ঠাই খনৰ দৰে , সেই ঠাইৰ মানুহৰ দৰে, সৰল নহয় কিন্তু এই জটিল মহানগৰীৰ যান্ত্রিকতা আৰু ব্যস্ততাই মোক নিজৰ জীৱনটোত কিবা এটা কৰাৰ হেপাহঁ দিছে । মোৰ বিশ্বাস আছে যে এদিন মই ব্যস্ততা আৰু যান্ত্রিকতাৰ আঁৰত লুকাই থকা মহানগৰীৰ সৌন্দৰ্য্যতাক আলোৰণিত কৰি, মহানগৰীৰ প্রত্যাহাবান মূলক জীৱনৰ সৈতে যুজিঁ’ মই আগুৱাই যাম আৰু সফলতাৰ পোহৰৰে নিজৰ জীৱনটোক পোহৰাই তুলিম। নাম-পম্পী দাস ৰোল নং-১৩ যোগাযোগ আৰু সাংবাদিকতা বিভাগ গুৱাহাটী বিশ্ববিদ্যালয়।

No comments:

Post a Comment

Unemployment Woes in India: A Mass Communication Student’s Perspective

As a student diving into the intricate world of Mass Communication, we’re not just a spectator but a shaper of narratives, a voice amid the ...