Tuesday 16 March 2021

সপোনৰ নগৰী গেংটকলৈ


            ভ্ৰমণ কৰি বহুতেই ভালপাওঁ।নাজানো কিয় সৰুৰে পৰা ই এক অনন্য অভিজ্ঞতা।এক প্ৰকাৰ কবলৈ গলে ভ্ৰমণ মোৰ অভিৰুচি । নেদেখা ঠাই উপভোগ কৰি,বিভিন্ন ঠাইৰ বিষয়ে অজ্ঞাত অজস্ৰ কথা জানি,বিভিন্ন জনজাতিৰ লোকৰ সৈতে যোগাযোগ স্থাপন কৰি,কথোপকথন কৰি পোৱাৰ মাদকতাই সুকীয়া ।বহু দিনৰ পৰাই ভাৰতবৰ্ষৰ স্বচ্ছ ৰাজ্য ছিক্কিমৰ গেংটক চহৰলৈ যোৱাৰ হেঁপাহ মনত পুহি ৰাখিছিলোঁ।সেই হেঁপাহ বাস্তৱত পৰিণত হৈছিল ২০১৯ বৰ্ষৰ ১১ জানুৱাৰী তাৰিখে।মই মোৰ পৰিয়ালৰ সৈতে ১১জানুৱাৰী তাৰিখে গহপুৰৰ পৰা গেংটক অভিমুখে সন্ধিয়া ৩ বজাত "বাছৰে যাত্ৰা আৰম্ভ কৰিছিলোঁ,সেইদিনা যেন মোৰ আনন্দৰ সীমা নাছিল।কিয়নো বহুদিন ধৰি সাঁচি ৰখা এটি সপোন বাস্তৱত পৰিণত হ'বলৈ মাজত মাথো কিছু ক্ষণ।প্ৰায় ১৫ঘণ্টা সময় যাত্ৰাৰ পাছত অৱশেষত ১২/০১/২০১৯তাৰিখ পুৱা ৬ মান বজাত আমি শিলিগুৰিত উপস্থিত হৈছিলোঁ । শিলিগুৰিৰে এখন হোটেলত মুখ হাত ধুই খন্তেক জিৰাই ৰাতিপুৱাৰ চাহ কাপ খাই আমি Sikkim transport corporationৰ গাড়ীত গেংটকলৈ বুলি পুনৰ যাত্ৰা আৰম্ভ কৰিছিলোঁ।ৰাস্তাৰে গৈ থাকোঁতে প্ৰকৃতিৰ সুন্দৰ পৰিৱেশ উপভোগ কৰিছিলোঁ।অন্তৰত স্ফুৰ্তিৰ সীমাহীন জোৱাৰ উঠিছিল । গেংটক গৈ পাওঁতে সেইদিনা আমাৰ সন্ধিয়া হৈ গৈছিল বাবেই গেংটক চহৰ অলপ- চলপ ফুৰি আমি তাৰেই হোটেল এখনত নিশাটো কটাইছিলোঁ।সঁচাকৈ অতি মনোমোহা পৰিবেশ, কিতাপ বা ইণ্টাৰনেটৰ জৰিয়তে ছিক্কিমৰ বিষয়ে যি শুনিছিলো তথা পঢ়িছিলোঁ সকলো যেন প্ৰত্যক্ষ ৰূপত দেখিবলৈ পাইছিলোঁ। ভবাতকৈ বহুগুনেই গেংটক চহৰখন সুন্দৰ আছিল। সেইদিনা গেংটকৰ ঠাণ্ডা আছিল মাত্ৰ 1° C । ইমান ঠাণ্ডা মই কেতিয়াও পোৱা নাছিলোঁ। বৰফৰ মাজৰ প্ৰাকৃতিক পৰিৱেশ উপভোগ কৰি মই স্বৰ্গত থকাৰ দৰে অনুভৱ কৰিছিলোঁ।পাছদিনাখন অৰ্থাৎ ১৩তাৰিখৰ দিনা আমি ৰাতিপুৱা ৮ টা বজাত tsongmo হ্ৰদ ফুৰিব গৈছিলোঁ।হ্ৰদটো সম্পূৰ্ণ বৰফেৰে পৰিপূৰ্ণ হৈ আছিল ।জানুৱাৰী মাহ হোৱাৰ কাৰণে হ্ৰদত তাপমান আছিল -6°C । Tap ৰ পৰা পানী ওলোৱা নাছিল, আমি ব্যৱহাৰ কৰা পানী বায়ুৰ সংস্পৰ্শত অহাৰ কিছু সময়ৰ ভিতৰতেই গোট মাৰিছিল । । হ্ৰদৰ কাষত আমি Yak ত উঠিছিলো, কেতিয়াও এনে অভিজ্ঞতা নাছিল বাবে ভয় লাগিছিল কিন্তু উপভোগও কৰিছিলো সেই ক্ষনটি, বহু আনন্দ কৰিছিলোঁ । Tsingmo হ্ৰদৰ পৰা আমি চীন ভাৰতৰ আন্তৰ্জাতিক সীমাৰ কাষে কাষে "Nathula pass" ৰ ফালে আগবাঢ়ি গৈছিলো।কিন্তু দুৰ্ভাগ্যবশত: বৰফ পৰি ঢাক খাই যোৱাৰ বাবে পথ বন্ধ আছিল আৰু সেইবাবেই আমি তালৈ গৈ পোৱা সম্ভৱ নহল। আমি ৰাস্তাৰ পৰা কাঞ্চনজংঘা পৰ্বত দেখিছিলো।খুবেই সুন্দৰ প্ৰাকৃতিক পৰিৱেশ। এবাৰ যোৱাৰ পিছত বাৰে বাৰে যোৱাৰ হেঁপাহ জাগে। ডাৱৰ বিলাক ৰাস্তাৰ মাজেদি পাৰ হৈ গৈছিল। ছিক্কিমৰ গেংটক সঁচাকৈয়ে স্বৰ্গ পুৰি বুলি কব পাৰি।ইয়াৰে প্ৰাকৃতিক দৃশ্য,বৰফেৰে আবৃত পাহাৰ, মানুহৰ ব্যৱহাৰ, চাফ চিকুনতা সকলোৱে মোৰ মনত বুজাব নোৱাৰা অনুভূতিৰ সৃষ্টি কৰিলে । আমি দুইদিন গেংটকত পাৰ কৰিছিলোঁ । সেই দুটা দিনত আমি গেংটক চহৰ সম্পূৰ্ণ ৰূপে ভ্ৰমণ কৰিব নোৱাৰিলোঁ যদিও বহুতো নেদেখা ঠাই চোৱাৰ অভিজ্ঞতা এটা হ'ল, পৰিয়ালবৰ্গই লগত এই দুইদিন কিমান সোনকালে পাৰ হৈ গল গমেই নাপালোঁ । এই দুইদিনত অজস্ৰ স্মৃতি বুকুত বান্ধি ঘৰমুৱা হলো আৰু গেংটকৰ প্ৰাকৃতিক পৰিৱেশ আৰু ছিক্কিমৰ সৌন্দৰ্যৰ এবুকু পাহৰিব নোৱাৰা স্মৃতি ৰূপে হৃদয়ত সজাই থলোঁ।।

কৰিস্মিতা দেৱী, প্ৰথম ষান্মাষিক
ৰোল নং-২২

No comments:

Post a Comment

Unemployment Woes in India: A Mass Communication Student’s Perspective

As a student diving into the intricate world of Mass Communication, we’re not just a spectator but a shaper of narratives, a voice amid the ...