Sunday 28 March 2021

আখলৰ ইটো-সিটো

মানুহৰ মন হেনো পেটৰ পৰাই জয় কৰিব পাৰি। সেয়েহে মই ৰান্ধি খুব ভাল পাওঁ। অকল ৰান্ধিয়েই নহয়, আনক খুৱাই লগতে নিজে খাইও খুব ভাল পাওঁ।আজিকালি অৱশ্যে বনাবলৈ মাত্র যা-যোগাৰখিনি থাকিলেই হ'ল - ইউটিউবত বিভিন্নধৰণৰ ৰন্ধন প্ৰণালী অতি নিখুঁতকৈ দেখুওৱা হয় আৰু বিভিন্নধৰণৰ ফুড ব্লগবোৰো পোৱা যায়।ইয়াৰ জৰিয়তে আমি বিভিন্ন ঠাইৰ বিভিন্ন খাদ্যসম্ভাৰৰ বিষয়ে জনাৰ লগতে আমি আমাৰ থলুৱা খাদ্যসমূহৰ ৰন্ধন প্রণালী অৰ্থাৎ এই খাদ্যসমূহত কি ধৰণে নতুনত্ব আনিব পাৰি সেই বিষয়েও জানিব পাৰোঁ।সেয়েহে খাবলৈ মন গ'লে অকণমান কষ্ট কৰি বনাই লৈ ঘৰতে খাব পাৰি।বাহিৰলৈ যোৱাৰ প্ৰয়োজন নাই।অনলাইন অৰ্ডাৰ কৰি খোৱাৰ প্ৰয়োজনীয়তাও নাই।লকডাউনৰ সময়ছোৱাত যেতিয়া আমি সকলোৱে গৃহবন্দী হৈ আছিলোঁ,তেতিয়া ৰন্ধাৰ প্রতি আমাৰ আকৰ্ষন বাঢ়িছিল।এই সময়ত পানীপুৰি,ডালগোনা কফি, গোলাব জামুন আদি মানুহৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছিল।FMCG gurusৰ মূল্যাংকণ মতে এনেধৰণৰ খাদ্য বস্তুসমূহৰ প্ৰস্তুতকৰণ এপ্ৰিল মাহতকৈ মে মাহত ১৮ খন দেশত ৩৮% বৃদ্ধি পাইছিল।লকডাউনৰ সময়ছোৱাত যিহেতু সকলো দোকান-পোহাৰ বন্ধ আছিল আমি নিত্য প্ৰয়োজনীয় সামগ্ৰীসমূহ সহজে পোৱা নাছিলোঁ আৰু এই সময়ছোৱাত সাধাৰণ খাটি খোৱা লোকসকলৰ জীৱন নিৰ্বাহত কষ্টও হৈছিল।এই লোকসকলে শাক-পাচলিৰ লগতে চাহৰ লগত খোৱা বিভিন্ন বস্তু যেনে- কাটা নিমকী,খোৰ্মা আদি ঘৰতে বনাই গাঁৱে-ভূঞে বিক্ৰী কৰা আমি দেখিবলৈ পাইছিলোঁ। দশমমান শ্ৰেণীৰ পৰাই ৰন্ধা-বঢ়াৰ প্রতি মোৰ ধাউতি আছিল।সেই সময়ত 'ষ্টাৰ প্লাচ' নামৰ চেনেলত 'Master Chef India' নামৰ এটা ৰিয়েলিটি শ্ব' প্রচাৰিত হৈছিল।অনুষ্ঠানটোত দেখুওৱা প্রত্যেকবিধ খাদ্য-প্ৰণালী মই বহীত টুকি ৰাখিছিলোঁ আৰু মনতে এগৰাকী ভাল ৰান্ধনী হৈ এখন আটকধুনীয়া হোটেল খুলিম বুলি ভাবিছিলোঁ।উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ পাছৰে পৰাই মা-হতেঁ ৰন্ধা-বঢ়া কৰিবলৈ দিছিল।তেতিয়া মোৰ নিজাকৈ আৰু ঘৰৰ আন পৰিয়ালৰ ম'বাইল ফোন নাছিল বা ইউটিউবৰ প্ৰচলন হোৱা নাছিল সেয়েহে মই নিজাকৈ খাদ্য প্ৰণালী প্রস্তুত কৰিছিলোঁ।যেনেধৰক-বেঙেনাৰ সৈতে বিলাহী,ৰঙালাওঁৰ সৈতে পাৰ মাংস ইত্যাদি।এইবোৰ খাদ্য মোৰ বাবে নতুন আছিল যদিও আইতাই কৈছিল তাহানি আমি এইবোৰ বহুত বনাইছিলোঁ, এতিয়া বয়স হ'ল বাবেহে!মই কিবা এটা বনালে দেউতাই হেঁপাহেৰে খাইছিল। সেয়েহে হয়তো ৰন্ধা-বঢ়াৰ প্রতি মোৰ নিচা অধিক হৈছিল।ক'ৰণাকালীন সময়ছোৱাত এই সুযোগ বেছিকৈ পাইছিলোঁ।ৰাতিপুৱা শুই উঠিয়েই ভাবিছিলোঁ আজি কি বনাম?ইউটিউবটো খুলি লৈ সেইমতে বনাবলৈ চেষ্টা কৰিছিলোঁ।মই বনোৱা বস্তুসমূহৰ ভিতৰত আছিলে-কোমোৰাৰে হাঁহৰ মাংস,মাটিমাঁহেৰে হাঁহৰ মাংস, খৰিচাৰে কুকুৰাৰ মাংস,মূলাৰে মাছ,সৰু মাছৰ চৰচৰি,বেচনৰ চবজি আৰু বিস্কুট,কেক,গজা,পোলাওঁ,বিৰিয়ানী।এইখিনিতে এটা কথা মনত পৰিছে কেক ভালকৈ বনাবলৈ মোৰ প্রায় এবছৰ সময় লাগিছিল।ফাঁচী বজাৰৰ পৰা প্ৰয়োজনীয় সকলো বস্তু গোটাই লৈ এতিয়া মই ঘৰত খাবলৈ কেকটো নিজে প্ৰস্তুত কৰিব পাৰোঁ।বৰ্তমান সময়ত পাশ্চাত্যৰ খাদ্য প্রণালীয়ে আমাৰ মনত স্থান অধিকাৰ কৰিছে যদিও মোৰ নিচিনাকৈ বহুতো যুৱক-যুৱতী থলুৱা খাদ্যৰ প্রতি অতিকৈ আসক্ত।ইয়াৰ উদাহৰণ আমি সামাজিক মাধ্যমৰ জৰিয়তে পাওঁ।ৰন্ধা-বঢ়া মোৰ নিচা যদিও ভৱিষ্যতলৈ আৰু ভালকৈ শিকি এখন উন্নতমানৰ থলুৱা খাদ্যৰ হোটেল খুলিবলৈ ইচ্ছা আছে।আমি নৱপ্রজন্মই এনেকুৱা ধৰণৰ কিছুমান পদক্ষেপ গ্ৰহণ কৰিব লাগিব যিসমূহৰ জৰিয়তে আমি আমাৰ থলুৱা খাদ্যক বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হওঁ লগতে ইয়াৰ জৰিয়তে অসমীয়া গৃহিনীসকলেওঁ তেওঁলোকৰ নিজস্ব পৰিচয় লাভ কৰিব পাৰে। দিশা শৰ্মা যোগাযোগ আৰু সাংবাদিকতা বিভাগ, গুৱাহাটী বিশ্ববিদ্যালয়।

No comments:

Post a Comment

Unemployment Woes in India: A Mass Communication Student’s Perspective

As a student diving into the intricate world of Mass Communication, we’re not just a spectator but a shaper of narratives, a voice amid the ...