Monday 15 March 2021

আধুনিকতাই কাঢ়ি নিলে বিহুৰ প্ৰকৃত আমেজ:





ৰাতিপুৱাই এটি সুগন্ধিয়ে মোক বিছনা ত্যাগ কৰিবলৈ বাধ্য কৰিলে ।  উঠি আহি দেখিলো,  সেয়া হেনো মাহ-হালধিৰ সুগন্ধি ।  আইতায়ে চালনি এখনত বহুতো বস্তুৰ যো-যা কৰি আছিলে। সিদিনা আছিল,  আমাৰ অতিকৈ চেনেহৰ গৰু বিহু । সেয়েহে আইতায়ে মাহ-হালধিৰ পৰা দীঘলতি, মাখিলতিলৈ যোগাৰ কৰি ৰাখিছে। 
            

দেখিলো ককাই গৰুজাক গোহালিৰ পৰা ওলাই  আনি, পুখুৰীৰ ফালে লৈ গৈ আছে। মইও পিছে পিছে ল'ৰ মাৰিলো ।  প্ৰথমে, গৰুকেইটাক মাহ-হালধি গাত সানি ,পুখুৰীত নমাই দিছে ।  হা-হা, চাই ভাল লাগিছিল, গৰু পোৱালি কেইটায়ে যেতিয়া পানীত নমাৰ লগে লগে জপিয়াই উঠিছিলে । গোটেই কেইটা গৰুক গা ধুৱাই  উঠি, ককাৰ লগত থেকেৰা, বেঙেনা, লাউ,  দীঘলতি, মাখিলতিৰে গৰুকেইটাৰ গাত মাৰি মাৰি গাইছিলো -
                   
  লাউ খা,  বেঙেনা খা 
 বছৰে বছৰে বাঢ়ি যা 
 মাৰ সৰু, বাপেৰ সৰু 
 তই হ'বি বৰ গৰু ।  

সচাকৈয়ে, বিহুৰ বতৰত ককা-আইতাৰ ঘৰত থকাৰ এক সুকীয়াই অনুভৱ আছিলে । 

 কিন্তু, বৰ্তমান সময়ত সেইধৰণে বিহু  উদযাপন কৰা দেখা পোৱা নাযায় । ৰঙালী বিহুত গাঁওৰ ৰাইজৰ লগত একেলগে ৰাজহুৱা পুখুৰীত গৰুক গা ধোৱা, ভোগালী বিহুত মেজিৰ তলত ভোজ ভাত খোৱা, কঙালী বিহুত খেতি পথাৰত আকাশবন্তি জ্বলোৱা বৰ্তমানে পৰিলক্ষিত নহয় । সময়ৰ সোতৰ লগত সকলো সলনি হয় গৈছে ।  বৰ্তমানে মাহ-হালধিৰ পৰিৱৰ্তে চেম্পু, চাবোন আৰু পুখুৰীৰ পানীৰ পৰিৱৰ্তে মটৰৰ পানীৰেহে  গৰুক গা-ধোৱা দেখিবলৈ পোৱা যায় । মেজিৰ তলৰ সলনি , ডাঙৰ ডাঙৰ বিলাসী হোটেলত খোৱা,  চাকিৰ পৰিৱৰ্তে ভিন্ন ভিন্ন ৰঙৰ লাইট ব্যৱহাৰ কৰা দেখা যায়। হয়, সময়ে আৰু ন  ন প্ৰযুক্তি বিদ্যায়ে সমাজখন উন্নত কৰি তুলিছে কিন্তু মানুহক দিনক দিনে এলেহুৱা আৰু  পুৰণি  নীতি-নিয়মৰ পৰা আতৰ কৰিহে পেলাইছে ।  

জানমন‍ি কলিতা 
প্ৰথম ষান্মাষিক
যোগাযোগ আৰু সাংবাদিকতা বিভাগ
গুৱাহাটী বিশ্ববিদ্যালয় , গুৱাহাটী।

13 comments:

Unemployment Woes in India: A Mass Communication Student’s Perspective

As a student diving into the intricate world of Mass Communication, we’re not just a spectator but a shaper of narratives, a voice amid the ...