Sunday, 21 March 2021

"মই চোৰ নহয়। এয়া মই কাপোৰ আনিছোঁ , মোৰ পিন্ধা কাপোৰ ।" " এনেকে ক'লে কেনেকৈ হʼব , চোৰ বুলি কৈছে তোমাক, গতিকে অকনমান ভয় খোৱা আকৌ।"

জীৱনৰ পঞ্চম খন নাটক। নাম আছিল "অম্ৰাৱতীৰ অতিথি"।চৰিত্ৰ আছিল ৰীতা। বুকুত বহুত সপোন বান্ধি অম্ৰাৱতীৰ অতিথি নাট খন কলিয়াবৰ মহাবিদ্যালয়ৰ মঞ্চত উপস্থাপন কৰিবলৈ আগবাঢ়িছিলো। সৰুৰে পৰাই যে নাটক , নৃত্যৰ লগত নিজকে ব্যস্ত ৰাখি খুব ভাল পাইছিলোঁ। পঢ়া শুনাৰ প্ৰতি যে নিচাটো সৰুৰে পৰাই নাছিলে । কেতিয়াবা আইনাৰ সন্মুখত নিজকে অসমীয়া চলচ্চিত্ৰ জগতৰ নায়িকা বুলি ভাবি কৈ থকা সংলাপ বোৰৰ মাজত যে মাৰ মাতটোত উচপ খাই উঠিছিলোঁ " ঐ পঢ়া টেবুললৈ গ'লি নে ? খালি আইনাৰ সন্মুখত নাচ, গান এইবোৰেই "।তথাপি যে সৰুৰে পৰাই ভাল লগা বোৰৰ মাজত সদায় নিজকে বিলীন কৰি ৰাখিছিলোঁ।।। পঞ্চম খন নাটক , কিন্তু মোৰ দায়িত্ব গধুৰ। সপোন কলিয়াবৰ মহাবিদ্যালয়ৰৰ আলোচনী খনত শ্ৰেষ্ঠ অভিনেত্ৰীত নিজৰ ফটো খন উজ্বলাই ৰখা। তাতোকৈ ডাঙৰ কথা আছিল মোৰ চৰিত্ৰতো আগৰ চাৰিখন নাটকত কৈ বেলেগ আছিল। মোক বোলে হেনো ঋণাত্মক চৰিত্ৰত হে ভাল লাগে। আৰু মিছাও নাছিল এইখন নাটক কৰাৰ আগলৈকে মই অকল ঋণাত্মক চৰিত্ৰ কৰিছিলো।" চকু দুটা ডাঙৰ কৰি, ডাঙৰ ডাঙৰ মাতেৰে , এটা শব্দত কব গলে "দাংকাটি" চৰিত্ৰ বৰ ভাল পাইছিলোঁ। কিন্তু এইখন নাটকত চৰিত্ৰতো মোৰ একেবাৰে বেলেগ আছিল। ফটা পেনি, দুফালে দুডাল বেণু, এজনী অজলা , সহজ সৰল গাওঁৰ ছোৱালী। ঘৰত মাক আৰু ভায়েক। এনেকুৱা এটা চৰিত্ৰৰ বাবে মই সঁচাই বৰ কষ্ট কৰিব লগা হৈছিল। কিন্তু কৰবাত নহয় কৰবাত বহুত ভাল লাগিছিল। আমাৰ পৰিচালক দাদা জনৰ পৰা প্ৰায়েই গালি নোখোৱাও নহয়,।আকৌ সময়ে‌ সময়ে, "এইছ বঢ়িয়া ,এনেকেই দিবা নিজৰ পাৰ্ফমেঞ্চ,শ্ৰেষ্ঠ অভিনেত্ৰী খাটাং"বুলি সাহস নিদিয়াও নহয়। নাটকৰ আগ ৰাতি সপোনটোত যে সংলাপেই মাতি আছিলোঁ। নাটকৰ মঞ্চত উঠাৰ আগত ভয়ে খুন্দা মাৰি ধৰিছিল। আৰু লগৰ তোৰ সাহস "কিবা হলে মই মিলাই লৈ যাম, মুঠতে আজি মঞ্চ কঁপাই দিম" আৰু এই সাহস গোটাই নিজৰ সৰ্বোচ্চ দিছিলোঁ। লগৰ চৰিত্ৰত থকা কেইটাও বৰ ভাল আছিল। সকলোৰে সহায় সহযোগিতাৰ মাজত যে নাটক খন ভাল দৰে কৰিলোঁ। দৰ্শকৰো আশা কৰা ধৰণে সঁহাৰি দেখি মনৰ ভিতৰতে খুব ফুৰ্টি পাইছিলোঁ।
এফালে শ্ৰেষ্ঠ অভিনেত্ৰী হোৱাৰ সপোন আন ফালে ভয়। এইটো কলেজৰ শেষ বছৰ,যদি শ্ৰেষ্ঠ হ'ব নোৱাৰো ,সপোনবোৰ চোন সপোনে হৈয়েই থাকিব।ইমানবোৰ চিন্তাই আউল লগাই থাকোতেই যেতিয়া শ্ৰেষ্ঠ অভিনেত্ৰীত মোৰ নামটো মহাবিদ্যালয়ৰৰ মঞ্চত উচ্চাৰিত হৈছিল, ফুৰ্টিত দুচকুৰে চকুপানী বৈছিল। শ্ৰেষ্ঠ নাটক, শ্ৰেষ্ঠ অভিনেতা, শ্ৰেষ্ঠ কৌতুক অভিনেতা, শ্ৰেষ্ঠ পৰিচালক সকলোবোৰ খিতাপ আমি পাবলৈ সক্ষম হৈছিলোঁ।। "ছোৱালী জীৱনটো এখন বগা চাদৰৰ দৰে , এবাৰ দাগ্ লাগিলে এৰুৱাবলৈ বৰ টান"ৰ দৰে মজবুত সংলাপবোৰ বুকুত দকৈ বহি গৈছিল। আজি অতীতলৈ ঘুৰি চালে সেই বিশেষ দিনবোৰলৈ বৰকৈ মনত পৰে।মনত প্ৰায়েই ভুমুকি মাৰে সেই বিশেষ শাৰীটো-"এইবছৰৰ শ্ৰেষ্ঠ অভিনেত্ৰী হিমানী কলিতা"। নাম :- হিমানী কলিতা যোগাযোগ আৰু সাংবাদিকতা বিভাগ গুৱাহাটীৰ বিশ্ববিদ্যালয়

No comments:

Post a Comment

ছাত্ৰ ৰাজনীতিত ব্যক্তিত্বৰ প্ৰমূল্যবোধ

  ছাত্ৰ ৰাজনীতি এক বিশেষ সুঁতি, যি ভৱিষ্যতে মিলিত হয় ৰাজনীতিৰ বিশাল সাগৰত তেনে ক্ষেত্ৰত এই সুঁতিত ভালদৰে সাঁতুৰিব শিকিলেহে অশান্ত সাগৰৰ ঢৌৰ...