Tuesday 30 March 2021

নাৰীকেন্দ্ৰিক দৃষ্টিৰে 'কথানদী'

'কথানদী' অসমৰ প্ৰাচীন লোক-সাহিত্যৰ সাধুকথাক মূল সমলহিচাপে লৈ নিৰ্মিত অসমীয়া চলচ্চিত্ৰৰ এখন অগতানুগতিক ছবি | ছবিখনৰ মূখ্য চৰিত্ৰবোৰ নাৰীকেন্দ্ৰিক | 'কথানদী'ত মুঠতে চাৰিটা সাধুৰ সমাহাৰ দেখা যায় | সাধুকেইটা লক্ষ্মীনাথ বেজবৰুৱাই সংকলন কৰা 'বুঢ়ী আইৰ সাধু'ৰ অন্তৰ্গত তেজীমলা, ঔ-কুঁৱৰী, চম্পাৱতী আৰু তাৱৈৱেকৰ সাধু | ছবিখনত পৰিচালক ভাস্কৰ বৰুৱাই এই চাৰিওটা কাহিনীৰ মাজত আন্তঃসম্পৰ্ক দেখুৱাই চিত্ৰায়ন কৰিছে | এইক্ষেত্ৰত নিশ্চিতভাৱে অসমীয়া দৰ্শকক আচ্ছন্ন কৰিবলৈ সক্ষম হৈছে বুলি ক'লেও ভুল কোৱা নহ'ব |
'কথানদী'ত নাৰী সমাজৰ ঈৰ্ষা, আক্ৰোশ, মমতা, কপটতা, লালসা, ব্যৰ্থতা, বিষাদ, ত্যাগ আদি দিশবোৰ প্ৰতিফলিত হৈছে | ছবিখনত তেজীমলাৰ কষ্টসহিষ্ণুতাৰ উপস্থাপন সুন্দৰকৈ প্ৰকাশ পাইছে | ইয়াৰ বিপৰীতে মাহীমাকৰ চৰিত্ৰটিৰ কপটতা স্বভাৱ আৰু বন্য আচৰণে দৰ্শকৰ মনত বিশেষভাৱে ক্ৰিয়া কৰিবলৈ সক্ষম হৈছে | আনপিনে মাতৃত্বৰ বিভিন্ন দিশ চিত্ৰিত হৈছে ছবিখনত | 'তাৱৈৱেকৰ সাধু'ৰ আলমত ছবিখনৰ প্ৰথম দৃশ্যতেই 'পোনা'ই সদ্যোজাত সন্তানক হাবিৰ মাজত জীৱিত অৱস্থাতে পুতি থৈ আহিছে | তাৱৈৱেকৰ কথামতে, পেটৰ সন্তানক মাৰি পেলোৱাত মাতৃৰ যি চৰম হতাশা আৰু উদাসীনতা সেয়া সুন্দৰকৈ প্ৰতিফলিত হৈছে | নাৰীৰ ভোগ আৰু লালসাৰ চৰম পৰিণতি চিত্ৰায়ন হৈছে 'চম্পাৱতী সাধু'ৰ অংশৰ বনলতিকাৰ বিয়াৰ সময়ত | ধনেশ্বৰীৰ সতিনীৰ জীয়েক চম্পাৱতীৰ প্ৰতি থকা ঈৰ্ষা মনোভাৱ আৰু আ-অলংকাৰৰ লোভত পৰি কিদৰে নিজ সন্তানক মৃত্যুৰ মূখলৈ ঠেলি দিব পাৰে, কলাত্মকভাৱে তাৰেই অতি চমকপ্ৰদ বৰ্ণনা দেখুওৱা হৈছে | 'কথানদী'ত 'ঔ-কুঁৱৰী' সাধুটোৰ মাজেৰে মাতৃৰ ত্যাগ আৰু মমতাৰ কৰুণ জীৱনগাথাৰ প্ৰতিফলন কৰা দেখা গৈছে | কেতেকীয়ে সন্তান বুলি ঔ-টেঙা এটা জন্ম দিয়া বাবে স্বামীৰ পৰা পোৱা ককৰ্থনা আৰু সমাজৰ পৰা ডাইনী পৰিচয় পোৱাৰ পাছতো জীৱনসংগ্ৰামত নিজকে সংযত কৰাৰ সাৱলীল প্ৰদৰ্শন 'কথানদী'ত চিত্ৰিত হৈছে | এইদৰেই ছবিখনত উপৰোক্ত সাধুকেইটাৰ আলমত নাৰী সমাজৰ নানান দিশক সুন্দৰ ৰূপত উপস্থাপন কৰাইছে | বিভিন্ন ক্ষেত্ৰত সাধুবোৰৰ অধিবাস্তৱতাক পৰিচালকে কলাত্মক আৰু নিটোল ৰূপত কৰা উপস্থাপনে ছবিখনক আন্তঃৰাষ্ট্ৰীয় গুণ প্ৰদানত যথেষ্ট পৰিমাণে অৰিহণা যোগাইছে | ই নিশ্চয়কৈ শলাগ ল'বলগীয়া | নয়না কলিতা প্ৰথম ষান্মাষিক যোগাযোগ আৰু সাংবাদিকতা বিভাগ, গুৱাহাটী বিশ্ববিদ্যালয় |

4 comments:

  1. সুন্দৰ লিখনি

    ReplyDelete
  2. This comment has been removed by the author.

    ReplyDelete
  3. লেখাটো ভাল লাগিল আৰু তাৰ পৰা উপকৃত হ'লোঁ। আগলৈও এনেকৈয়ে বহুতো লেখা পঢ়াৰ আশা থাকিল।💙

    ReplyDelete

Unemployment Woes in India: A Mass Communication Student’s Perspective

As a student diving into the intricate world of Mass Communication, we’re not just a spectator but a shaper of narratives, a voice amid the ...