Tuesday 23 March 2021

কোভিড,সংগ্ৰামৰ অন্য এক যাত্ৰা

কোভিড-১৯ মহামাৰীয়ে সমগ্ৰ বিশ্বৰ লগতে ভাৰতবৰ্ষকো চুই গ'ল। এই কোভিড মহামাৰীৰ ফলত বিভিন্নজনে প্ৰাণ হেৰুৱাব লগা হ'ল। কোভিডৰ ভয়াবহতাৰপৰা পৰিত্ৰাণ পাবলৈ চৰকাৰে লকডাউনৰ ঘোষণা কৰিলে। এই লকডাউনৰ ফলত সকলোতকৈ বেছি ক্ষতিগ্ৰস্ত হ'ল সাধাৰণ শ্ৰেণীৰ লোকসকল। যিসকল লোকে দিন হাজিৰা কৰি পৰিয়াল পোহপাল দিছিল সেই লোকসকল লকডাউনৰ সময়ত খাদ্য সংকটত ভোগিলে।মইয়ো তেনেকুৱা এটি সাধাৰণ পৰিয়ালৰ ব্যক্তি হোৱা হেতুকে পৰিয়ালৰ কথাই ব্যথিত কৰি তুলিলে। দেউতাৰ সাধাৰণ পাচলি ব্যৱসায়ো লকডাউনৰ সময়ত বন্ধ হৈ গ'ল। এটা পৰিয়াল চলাই নিয়াতো আমাৰদৰে সাধাৰণ মানুহৰ বাবে সচাকৈয়ে চিন্তনীয় বিষয়। এফালে খোৱাৰ সমস্যা আনফালে ওলাই গ'লে পুলিচৰ কোব খোৱাৰ ভয়। কিন্তু কিমানদিননো এনেদৰে থাকিব পাৰিম। বহু কথা চিন্তা কৰি দেউতাৰ পাচলি দোকানখন আকৌ আৰম্ভ কৰিলো। বিভিন্ন বাধাৰ মাজত সকলো নীতি-নিয়ম মানি খোলা দোকানখনত লাহে-লাহে ময়ো সহায়ৰ হাত আগবঢ়াবলৈ ললো। বিভিন্ন সময়ত পুলিচৰ ভয় -ভাবুকিৰো‌ সন্মুখীন হ'লো। এদিনাখন ৰাতি ৭ মান বজাত দিয়া এক ঘোষণাই আমাৰ হৃদয় কম্পিত কৰিলে‌। আমাৰ দোকানৰ ওচৰতে কোভিড আক্ৰান্ত ৰোগী এজন পোৱা গৈছিল। লগে-লগেই চাৰিওফালে হাহাকাৰ পৰিৱেশৰ সৃষ্টি হ'ল। স্বাস্থ্য বিভাগৰ লোক আহি প্ৰতিজন ব্যৱসায়ীৰ কোভিড পৰীক্ষা কৰিলে। এই পৰীক্ষা কৰাৰ সময়ত দেউতাৰ মনত এটাই চিন্তা যদি কেনেবাকৈ তেও এই ৰোগত আক্ৰান্ত হয় ,ঘৰখন‌কেনেকৈ চলিব? ফলাফল নিদিয়া সময়লৈকে হৃদয়ৰ ধপধপনি বাঢ়ি গৈছিল। কোভিডৰ ৰিজাল্টৰ বাবে আমি অপেক্ষাৰত,ভগবানৰ ওচৰত এটাই প্ৰাৰ্থনা কেনেবাকে যেন ৰিজাল্ট নিগেটিভ ওলায়। দেউতাৰ ৰিজাল্ট নিগেটিভ আহিল ,সেই সময়ত কি যে এক সকাহ অনুভৱ‌ কৰিছিলো সেয়া এক বুজাব নোৱাৰা অনুভূতি। মই আমাৰ মহাবিদ্যালয় ৰাষ্ট্ৰীয় সেৱা আঁচনি গোটৰ এজন স্বেচ্ছাসেৱক হোৱা হেতুকে মোৰ মনত এটা কথাই বৰকৈ আমনি কৰিছিল,মোৰ নিজৰ পৰিয়ালৰ সুৰক্ষা যেনেদৰে গুৰুত্বপূৰ্ণ ঠিক তেনেদৰে এই অঞ্চলৰ জনসাধাৰণৰ বাবে মই কি কৰিব পাৰো? কিন্তু এই প্ৰশ্নৰ সমাধান কম সময়ৰ ভিতৰতে লাভ কৰিবলৈ সক্ষম হ'লো। মহাবিদ্যালয়ৰ তৰফৰপৰা কোভিডৰ ভয়াবহতা আৰু ইয়াৰ পৰিত্ৰাণৰ বাবে সজাগতামূলক অনুষ্ঠানৰ আয়োজন কৰিলো। গাঁৱে-গাঁৱে গৈ মাইক্ৰ'ফোনযোগে ইয়াৰ সাৱধানতাৰ বিষয়ে জনসাধাৰণক জনাব চেষ্টা কৰিলো। স্থানীয় প্ৰশাসনকো এই ক্ষেত্ৰত সহায়ৰ হাত আগবঢ়াবলৈ ‌ প্ৰচেষ্টা হাতত ল'লো। গাঁৱৰ কিছুসংখ্যক ৰোগীয়া ব্যক্তিৰ মেডিচিনৰ প্ৰয়োজনীয়তা অনুভৱ কৰি মেডিচিন যোগান ধৰিবলৈ চেষ্টা কৰিলো। যিহেতু আজিকালি সকলো সামাজিক মাধ্যমত জড়িত হৈ থাকে,গতিকে সকলোকে কোভিডৰ ভয়াৱহতা আৰু ইয়াৰ পৰিত্ৰাণৰ বিষয়ে সামাজিক মাধ্যমতো অৱগত কৰিলো। সকলো বেয়া দিশৰ ভিতৰত এই সময়ছোৱাত দেখিবলৈ পোৱা এটা ভাল দিশ হ'ল যে গাঁৱৰ নিবনুৱা যুৱকসকলে সংস্থাপনৰ বাবে বাবে ক্ষুদ্ৰ ক্ষুদ্ৰ দোকান -পোহাৰ আৰম্ভ কৰিলে। লকডাউনে আগৰ গাঁৱৰ পৰিৱেশ সম্পূৰ্ণ সলনি কৰি পেলালে। জীৱিকাৰ সন্ধানত হাবাথুৰি খাই ফুৰা ,আদ্দা দি ফুৰা দাদাঁহতে আজিকালি পাচলি,মাছ-মাংস,ফল-মূলৰ দোকান আৰম্ভ কৰিলে।এই কোভিডেই হয়তো দুখৰ মাজতো কিছু সুখৰ সন্ধান দিছে । জীৱন সংগ্ৰামৰ এই যাত্ৰাত এতিয়া দাদাহতৰ দৰে সেই নিৱনুৱাসমূহেও একো একোজন যোদ্ধা হিচাপে থিয় দিছে। Nitumoni Kumar Ist Semester

No comments:

Post a Comment

Unemployment Woes in India: A Mass Communication Student’s Perspective

As a student diving into the intricate world of Mass Communication, we’re not just a spectator but a shaper of narratives, a voice amid the ...