Monday 15 March 2021

স্মৃতিৰ পাতত আজি সেই সময়.....




 ২০১১ চনৰ ১১ জানুৱাৰীৰ কথা।গোৰেশ্বৰৰ 'গ্ৰীণ টেক এণ্ড এডভেঞ্চাৰ' নামৰ দু:সাহসিক ক্ৰীড়া প্রতিষ্ঠানটোৰ সৈতে আমি প্ৰায় ২০ জনীয়া দল এটিয়ে খালিংদুৱাৰ অভিমুখে যাত্ৰা আৰম্ভ কৰিছিলোঁ।খালিংদুৱাৰ নামৰ ঠাইখন চুবুৰীয়া ৰাষ্ট্ৰ ভূটানত অৱস্থিত।ৰাতিপুৱা প্রায় ৬.০০ বজাত কুঁৱলীৰ আচ্ছাদন ফালি আমাৰ বাছখনে গন্তব্য স্থানলৈ যাত্ৰা আৰম্ভ কৰিছিল।সৌভাগ্যক্রমে মই বহিছিলো খিড়িকীৰ কাষৰ চিটটোত। এতিয়া ভাবিছো ভাগ্যৰ বলতহে যেন মই সেইদিনা সেই চিটটোত বহিবলৈ পাইছিলোঁ।যিহেতু ঠাণ্ডাৰ দিন আছিল,সেইবাবে খিড়িকীখন খুলিব পৰা নাছিলো যদিও মাজে-মাজে জুমি-জুমি প্রকৃতিক উপভোগ কৰিছিলো।মনত পৰিছিল বিৰিঞ্চি কুমাৰ বৰুৱাদেৱৰ উপন্যাস "সেউজী পাতৰ কাহিনী"লৈ আৰু তেতিয়াই ভাঁহি আহিছিল এখন স্বচ্ছ, নিৰ্মল সেউজীয়া দলিচা, চামেলিহঁতৰ খাৰুৰ খম-খম শব্দ।প্ৰথমবাৰৰ বাবে সেই নৈসৰ্গিক দৃশ্য উপভোগ কৰিব পাই মনটো আনন্দত নাচি উঠিছিল।চাহবাগানৰ সেই লুংলুঙীয়া ৰাস্তাত আমাৰ গাড়ীখন ৰখোৱা হৈছিল।
প্রায় জপিয়াই দিয়াৰ দৰেই গাড়ীৰ পৰা নামি গৈ উপভোগ কৰিছিলো প্রকৃতিৰ সেই অপৰূপ সৌন্দৰ্য্যক।গাইছিলো-
এটি কলি দুটি পাত 

ভূটিয়াচাং বাগিচাত 
লহপহীয়া হাতেৰে
কোনেনো চিঙিলে

অ' কোনেনো চিঙিলে।গীত গাই গাই চামেলীহঁতৰ লগত চাহপাত তুলিছিলো,মনৰ কথা পাতিছিলোঁ।আমাৰ হাতত যিহেতু সময় কম আছিল,সেয়েহে বৰ বেছিকৈ কথা পাতিব নোৱাৰিলোঁ।চাহ বাগানৰ চিনস্বৰূপে চাহপাত কেইটামান ঘৰলৈ যে লৈ আহিছিলো সেই কথা এতিয়াওঁ মোৰ মনত আছে।গাড়ীত উঠি পুনৰ যাত্ৰা আৰম্ভ কৰিছিলো।খিড়িকীৰে চাওঁতে দেখিলো চাহঘৰ আৰু ঘৰচীয়া ম'হ।পুনৰ আমাৰ বাছখন ৰৈ গ'ল, সকলোবোৰ যাত্ৰী বাছৰ পৰা নামি গ'ল।যিহেতু সকলোবোৰ নামি গ'ল মই আৰু তাত ৰৈ থাকিমনে?ততাতৈয়াকৈ নামি আহি ভিৰৰ মাজতে মূৰটো উলিয়াই দেখিলো এটা ডাঙৰ শিল।তাৰ সোঁফালে লিখা আছিল ভাৰত আৰু বাওঁফালে ভূটান। লগে লগেই আমাৰ গাইডজনক সুধিছিলোঁ -চাৰ,এয়া কি?তেখেতে খুব সুন্দৰকৈ বুজাই ক'লে যে-এইটো স্তম্ভ।এই স্তম্ভটো পাৰ হৈ আমি বিদেশী ৰাষ্ট্র ভূটানত প্রৱেশ কৰিম।কিছুসময় পাছতেই আমি আমাৰ গন্তব্য স্থান খালিংদুৱাৰত উপস্থিত হ'লো। খন্তেক সময় জিৰণি লৈ আমি সকলোৱে ঠাইখন চাবলৈ ওলাই গৈছিলো। মূলত: খালিংদুৱাৰ ঠাইখন হ'ল কাঠনি।ঠাইখন জৈৱ- বৈচিত্ৰ্যত অতি চহকী।ইয়াত আমি হাতী, বনৰীয়া গৰু, বনৰীয়া গাহৰি, পহু, বনৰৌ আদি দেখিবলৈ পাইছিলো।আমাৰ গাইড চাৰজনে কৈছিল যে বিশেষকৈ এই অৰণ্যখনত দুবিধ বান্দৰ,যেনে- ৰেচাৰ্চ বান্দৰ আৰু টুপীমূৰীয়া বান্দৰ আৰু কিছুমান সৰীসৃপ প্রাণী পোৱা যায়।অৰণ্যখনৰ বিশেষত্ব এয়ে যে ইয়াত প্রায় ১১৮ বিধতকৈ অধিক চৰাই বাস কৰে।তাৰভিতৰত White Capped Water Rester, Mountain Howk Eagle,Red Vented Bul-Bul চৰাইৰ নাম মোৰ মনত আছে। আমি দূৰবীণৰ সহায়ত বিভিন্নধৰণৰ চৰাই চাইছিলোঁ, বিভিন্ন ৰংৰ পখিলাও দেখিছিলোঁ।এই সকলোবোৰ চাই আমি নলৈ নদীৰ ওচৰৰ এডোখৰ ঠাইত জিৰণি লৈছিলোঁ।স্মৃতি সজীৱ কৰি ৰাখিবলৈ লগৰীয়াৰ লগত ফটোও উঠিছিলোঁ।বেলি ভাঁটি দিয়াৰ সময় হৈছিল আৰু লঘু আহাৰ গ্ৰহণ কৰি আমাৰো পুনৰ ঘৰলৈ অহাৰ সময় হৈছিল। খালিংদুৱাৰ ঠাইখন এৰি আহিবৰ মন নাছিল যদিও ঘৰলৈ উভতিবই লাগিব।সেয়েহে দুখ মনেৰে বাছত উঠিছিলো।পুনৰ আমি ঘৰলৈ বুলি যাত্ৰা আৰম্ভ কৰিছিলোঁ।বহুতো মধুৰ অভিজ্ঞতা লৈ ঘৰ মুখে উভতাৰ সময়ত এটা কথাই মনত দোলা দি গৈছিল। প্ৰাকৃতিক পৰিৱেশেৰে চহকী এখন ঠাই যাক নেকি আৰু কিছু কিছু ক্ষেত্রত গুৰুত্ব দি উন্নত মানৰ কৰি গঢ়ি তুলিলে  হয়তো পৰ্যটনৰ বাবে খালিংদুৱাৰ সকলোৰে পৰিচিত এখন সুন্দৰ ঠাই হৈ পৰিব।
        


দিশা শৰ্মা 
যোগাযোগ আৰু সাংবাদিকতা বিভাগ।

No comments:

Post a Comment

Unemployment Woes in India: A Mass Communication Student’s Perspective

As a student diving into the intricate world of Mass Communication, we’re not just a spectator but a shaper of narratives, a voice amid the ...