Tuesday, 23 March 2021

পুৰী ভ্ৰমন

আমি প্ৰতিজন মানুহেই ভ্ৰমণপ্ৰিয় | ওচৰে পাজৰে থকা বিভিন্ন প্ৰাকৃতিক দৃশ্যাৱলীৰে ভৰা সুন্দৰ সুন্দৰ ঠাইবোৰ পৰিভ্ৰমন কৰিলে আমাৰ ন ন অভিজ্ঞতা হয় লগতে মানসিক অৱসাদ দূৰ হৈ মন প্ৰাণ জুৰ পৰি যায় |
২০১৭ চনৰ এটা নতুন অভিজ্ঞতা। অক্টোবৰ মাহত অৰ্থাৎ ২০/১০/২০১৭ ত মা,আৰু মামা হতৰ পৰিয়ালৰ লগত ৰঙিয়াৰ পৰা গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ বিমান বন্দৰত উপস্থিত হৈ কলিকতা লৈ বুলি ৰাতিপুৱা ১১তা মান বজাত আমি ৰাওনা হ'লো। মায়ে কোৱা মতে প্ৰয়োজনীয় আধাৰ কাৰ্ডখন হাতত উলিয়াই লৈছো ,মোৰহে অকণ মান মনৰ উদ্বেগ আছে, কাৰণ মই প্ৰথম। প্ৰায় ১ টা মান বজাত উৰাজাহাজত বহিলো ।মই নতুন বাবে মোক খিৰিকীৰ কাষত বহুৱালে। নিদিষ্ট সময়ত আমি কলিকতা এয়াৰপৰ্ত পালোঁ। ৰাস্তাটোত দেশ বিদেশৰ অগণন মানুহৰ ভিৰ, চাৰিওফালে উৎসৱমুখৰ পৰিবেশ ।এয়াৰপৰ্তৰ পৰা নামিয়ে আমি কেবত বহি হোটেল পালোগৈ। Reception ত থকা হাঁহিমূখীয়া ল’ৰাজনে লাগতিয়াল formalities খিনি সম্পুুৰ্ণ কৰি আমাক দুটা কোঠা দিয়ে। যথেষ্ট চাফ চিকুণ, চকুত লগা,সুন্দৰ এটা পৰিৱেশ।ৰাতিপুৱা ১০ তা মান বজাত আমি কলিকতাৰ mother's wax museum, victoria memorial ,nicco park ইয়াৰ লগতে কলিকতাৰ বিভিন্ন বজাৰ, আদি বোৰ চাই হোটেল পালোঁগৈ। এইখিনিতে কলিকতাৰ যাত্ৰা শেষ কৰি পিছদিনা ৰাতিপুৱা আমি শতাব্দী ৰেলত উঠি ভুৱনেশ্বৰ পালোঁ। এৰাতি হোটেলত থাকি গড়ী এখন ভাড়া কৰি পৰিয়ালৰ সৈতে কোণাৰ্ক সূৰ্য্য মন্দিৰ পালোঁ। কোণাৰ্ক সূৰ্য্য মন্দিৰ যাৰ আন এটি নাম হ'ল "Black pagoda"। পুৰী ভ্ৰমণত কোণাৰ্ক সূৰ্য্য মন্দিৰ হ'ল এটি উল্লেযোগ্য গন্তব্য স্থান। সূৰ্য্য মন্দিৰ প্ৰাচীন ভাৰতৰ সভ্যতা, সংস্কৃতি আৰু বিজ্ঞানৰ মিশ্ৰণ। মন্দিৰ দৰ্শন কৰি একেখন গাড়ীৰে পুৰী পালোঁ।ভূৱনেশ্বৰৰ পৰা কিছু সোমাই গৈ সমুদ্ৰ তীৰত পুৰী অৱস্থিত। পুৰীত আমি তিনিদিন আছিলোঁ।পুৰীলৈ যোৱাৰ আগতে তাৰ পাণ্ডা, অটোৱালা আদিৰ বিষয়ে অনেকে অনেক কথা কয়, একপ্ৰকাৰৰ ভয়ো খুৱায়। পাণ্ডাই ডকা-হকা দি পইছা লয়, গাড়ী বা অটোচালকে অত্যধিক ভাড়া লয়। অৱশ্যে আমি তেনেকুৱা অভিজ্ঞতাৰ সন্মুখীন হোৱা নাছিলোঁ। মূল কথা হৈছে সচেতনতা। পুৰীত সৰু-বৰ প্ৰায় দেৰ হাজাৰখন হোটেল আছে। প্ৰায়বোৰেই সাগৰৰ পাৰত অৱস্থিত। এফালে পাৰাপাৰহীন সাগৰ¸ আনফালে হোটেল। ইয়াৰে এখন হোটেলত থাকি পিছদিনা জগন্নাথ মন্দিৰলৈ বুলি উলালোঁ। এদিন তীৰ্থ ভ্ৰমন কৰি পিছদিনা ৰাতিপুৱা সমুদ্ৰ তীৰ পালোঁ।দেশী বিদেশী পৰ্য্যটকেৰে ভৰি থকা সমুদ্ৰ তীৰৰ সৌন্দৰ্য্য অতি মনোমোহা।।সাগৰৰ ঢৌবোৰ চাই চাই আপোনপাহৰা হয়।সমুদ্ৰ তীৰত গোটেই দিনটো পাৰ হৈ গ'ল। পুৰীত তিনিটা দিন থাকিলেই যথেষ্ট। ইয়াৰে এটা দিন জগন্নাথ মন্দিৰ দৰ্শন, এটা দিন কাষৰীয়া ঠাই দৰ্শন আৰু এটা দিন সাগৰ তীৰত স্নান কৰি কটাব পাৰি। গধুলি হ'লে সাগৰ তীৰত সময় কটোৱা আৱেগেই সুকীয়া। ইয়াৰ পিছত তৃতীয় দিনা আমি ৰাতি আমি ৰেলত উঠি কলিকতা আৰু পুৰী ভ্ৰমন সমাপ্ত কৰি গুৱাহাটীলৈ বুলি ৰাওনা হলোঁ। এটি অত্যন্ত ব্যস্ততাময় মনোৰম সপ্তাহৰ ইয়াতেই সামৰণি পৰিল। ত্ৰিনয়না ভট্টাচাৰ্য যোগাযোগ আৰু সাংবাদিকতা বিভাগ।,গুৱাহাটী বিশ্ববিদ্যালয়

9 comments:

  1. পঢ়ি ভাল লাগিল❤️

    ReplyDelete
  2. ভাল লাগিল... জীৱনত বিভিন্ন অভিজ্ঞতাৰ পৰা বহু কথা শিকিব পাৰি আৰু তাৰ মাজত ভ্ৰমণ অভিজ্ঞতাৰ কথা সূকীয়া ....

    ReplyDelete
  3. ভাল লাগিল পঢ়ি কিছু কথা জানিবও পালো।।
    ভ্ৰমণ ৰ স্মৃতি বোৰে আনন্দ দিয়ে জীৱনত।।

    ReplyDelete

ছাত্ৰ ৰাজনীতিত ব্যক্তিত্বৰ প্ৰমূল্যবোধ

  ছাত্ৰ ৰাজনীতি এক বিশেষ সুঁতি, যি ভৱিষ্যতে মিলিত হয় ৰাজনীতিৰ বিশাল সাগৰত তেনে ক্ষেত্ৰত এই সুঁতিত ভালদৰে সাঁতুৰিব শিকিলেহে অশান্ত সাগৰৰ ঢৌৰ...