This blog is the contribution by the students, research scholars, resource persons, faculty members, media educators, journalists and alumni of the Department of Communication and Journalism, Gauhati University, Guwahati, Assam, India
Sunday 21 March 2021
চিটিবাছৰ সংৰক্ষিত আসন, যুৱ প্ৰজন্মৰ চেতনা, ফেচবুকমুখী এখন সমাজ ইত্যাদি।
দৃশ্য ক- উজানবজাৰৰ পৰা আদাবাৰীলৈ চিটিবাছত গৈ আছোঁ। মোৰ সমুখৰ চিটটোত এজন আদবয়সীয়া মানুহ। তাৰ আগৰ চিটটোত দুজন প্ৰায় ওঠৰ বছৰীয়া যুৱক যুৱতী। আদবয়সীয়া মানুহজনে স্মাৰ্টফোনত কিবা টাইপ কৰি আছে। দেখিলো সেয়া ফেচবুক, তাত মানুহজনে কিবা এটা পোষ্ট লিখি আছে। লিখাৰ মাজে মাজে সমুখৰ চিটটোত বহা যুৱক যুৱতীহালৰ ফালে দেখুৱাই বাছৰ কণ্ডাক্টৰজনক কিবা কিবি কৈ আছে। মাজে মাজে কথা কওতে মানুহজনৰ উষ্মা প্ৰকাশ পাইছে। পিছে কণ্ডাক্টৰজনৰ মুখমণ্ডলত 'মই কি কৰিব পাৰো' ধৰণৰ ভংগীমা। মানুহজনে আকৌ মোবাইলত টাইপ কৰাত লাগিল। তেওঁলোকৰ প্ৰজন্মটোৱে কি কি ভাৱে, সামাজিক মাধ্যমক কেনেধৰণে ব্যৱহাৰ কৰে জানিবলৈ মোৰ সদায়ে এক আগ্ৰহ আছে। কৌতুহলবশতঃ মোৰ মানুহজনৰ মোবাইলৰ স্ক্ৰীণখনত চকু গ'ল। আদবয়সীয়া মানুহজনে লিখি থকা পোষ্টটো এনেধৰণৰ আছিল, "চিটিবাছত মোৰ সমুখৰ চিটটোত দুজন ওঠৰৰ পৰা বিশ বছৰীয়া যুৱক যুৱতী। নিজৰ মাজত কথাত মচগুল। পিছে চিটটো জ্যেষ্ঠ নাগৰিকৰ বাবেহে সংৰক্ষিত, কাষত থিয় দি আছে এগৰাকী ষাঠিৰ ঊৰ্ধ্বৰ ব্যক্তি। কিন্তু যুৱক যুৱতী হালৰ চিটটো এৰি দিব লাগে বুলি কোনো কাণষাৰ নাই। কণ্ডাক্টৰৰো দায়িত্ববোধৰ অভাৱ।" পিছে মানুহজনে কথাষাৰ ল'ৰা ছোৱালী হালক প্ৰত্যক্ষভাৱে কোৱা নাই, ইচ্ছা কৰিলে তেওঁ কব পাৰে। স্বাভাৱিকভাৱেই তেওঁতকৈ প্ৰায় একুৰি বছৰ সৰু যুৱক যুৱতী হালক নজনাটো শিকাই দিব পাৰে। নাইবা তেওঁ নিজৰ চিটটো তেওঁতকৈ বয়স্ক ব্যক্তিজনক এৰি দি যুৱক যুৱতীহালৰ ওচৰত উদাহৰণ হৈ থিয় দিব পাৰে। পিছে তেওঁৰ প্ৰতিবাদ ফেচবুকমুখী হ'ল।
দৃশ্য খ- ভাগৰুৱা দেহাৰে, আবেলি ৰুমত সোমাই বিচনাখনতে এনেই বাগৰি ফেচবুক স্ক্ৰ'লিং কৰিছো। সেই একেই যান্ত্ৰিকতাৰ মাজতে পোষ্টবোৰত দি গৈছোঁ একোটা লাইক। হঠাৎ এটা পোষ্টত ৰৈ গলো। এই পোষ্টটোও লিখিছে এজন আদবয়সীয়া মানুহে, "যুৱক জনৰ নাম আইজুল হক। ছিপাঝাৰত ঘৰ। পেচাত গাড়ী চালক। গুৱাহাটীত মেজিক চলায়, আদাবাৰীৰ পৰা নাৰেংগীলৈ। সোমবাৰে এই আইজুল হকৰ মেজিকখনতেই মই আমবাৰীৰ পৰা আদাবাৰীলৈ আহিছিলো ধাৰাসাৰ বৰষুণৰ মাজত। আজি এইজন আইজুলৰ বিষয়ে দুআষাৰ কব বিচাৰিছোঁ। যিটো সময়ত বহুতো গাড়ীৰ চালক কৰ্মচাৰীৰ অভব্য আচৰণত মানুহ বিৰক্ত হয়, এনে সময়তো আইজুল হকৰ দৰে চালক আছে বুলি ভাবিবলৈ টান। আইজুলৰ ব্যৱহাৰ অতি মাৰ্জিত, অতুলনীয়। যাত্ৰীৰ প্ৰতি অতি সহানুভূতিশীল। যান বাহন আইন অমান্য নকৰে, যাত্ৰীৰ পৰা এটকাও বেছিকৈ নলয় তেওঁ। ক'ভিড প্ৰট'কলৰ নিয়ম মানিহে তেওঁ গাড়ীত মানুহ উঠায়। মই আইজুলৰ ব্যক্তিত্বক সঁচাকৈ সন্মান জনাইছোঁ। ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ, সুস্থ শৰীৰেৰে আইজুল হক যুৱপ্ৰজন্মৰ আদৰ্শ হৈ থাকক।" এই মানুহজনে গাড়ীৰ চালকজনক দিয়া স্বীকৃতিখিনিও পিছে ফেচবুকৰ চাৰিবেৰৰ মাজত আবদ্ধ। তাৰ পিছতো এই প্ৰচেষ্টা ধুনীয়া। সমাজৰ বাবে আদৰণীয়।
জ্ঞানপ্ৰতীম দেৱ শৰ্মা
যোগাযোগ আৰু সাংবাদিকতা বিভাগ,
গুৱাহাটী বিশ্ববিদ্যালয়।
Subscribe to:
Post Comments (Atom)
Unemployment Woes in India: A Mass Communication Student’s Perspective
As a student diving into the intricate world of Mass Communication, we’re not just a spectator but a shaper of narratives, a voice amid the ...
-
বৰ্তমান সময়ত ৰেডিঅ' দেখিলে ,পুৰণি দিনত সকলোৱে একগোট হৈ ৰেডিঅ' শুনা দৃশ্যটি মোৰ মানসপটত প্ৰায়ে ভাহি আহে । যিসময়ত 'দূৰদৰ্শন...
-
সুস্থ অসমীয়া চলচ্চিত্ৰ নিৰ্মাণৰ এক নতুন ধাৰাৰ সৃষ্টি কৰোঁতা ড° ভবেন্দ্ৰনাথ শইকীয়াই সূক্ষ্ম দৃষ্টিভংগী আৰু মানবীয় দৰ্শনেৰে সকলোৰে অন্ত...
এনেকুৱা সৰু সৰু ঘটনাবোৰে কব নোৱাৰাকৈ বহুত অভিজ্ঞতা দি থৈ যায়...
ReplyDeleteDhunia👍
ReplyDeleteসুন্দৰ লিখনি ভাতৃ। আগুৱাই যোৱা।।
ReplyDeleteৱাহিদ
DeleteBohut dhuniya.... Keep going
ReplyDeleteবৰ ধুনীয়া হৈছে💝
ReplyDeleteBohut dhuniya.... keep going keep writing ❣️ -Rahul nath
ReplyDeleteMoja likhisay dada .
ReplyDeleteBohut vl lgil pohi
ReplyDeleteধুনীয়া লিখনি।
ReplyDeleteধুনীয়া 🔥
ReplyDeleteKeep it up boy
ReplyDeleteNice 👍
ReplyDeleteচিন্তনীয় বিষয়, যদিওবা আমি বহু সময়ত গা-এৰা দি চলোঁ
ReplyDeleteধুনীয়া
ReplyDeleteসুন্দৰ লিখনি।
ReplyDeleteসুন্দৰ ভাতৃ
ReplyDeleteমজা লিখিছা জ্ঞান
ReplyDeleteExcellent gayan daa
ReplyDeleteDhunia likhisa Gnyan...👍
ReplyDeleteসুন্দৰ লিখনি
ReplyDeleteঅতি সুন্দৰ লিখনি
ReplyDeleteVal likhisa
ReplyDeleteGood one brother..
ReplyDeleteখুব সুন্দৰ দাদা ।👍ভাল লাগিল পঢ়ি ।
ReplyDeleteVal hoise Gnyan. Keep it up
ReplyDeleteEkkdom
ReplyDeleteতামাম । আগুৱাই যা তই সদায়
ReplyDeleteVl lagil...
ReplyDelete